থানে জিলাৰ নিম্বাভালি গাঁৱৰ চাপ্ৰায়াৰ পাদদেশত মুম্বাইৰ পৰা ৯৫ কিলোমিটাৰ দুৰৈত আমাৰ গাৰেলপাৰা অৱস্থিত। ৱাৰ্লি আদিবাসীসকলৰ এই সৰু চুবুৰীটোত প্ৰায় ২০-২৫ ঘৰমান পৰিয়াল থাকে। 

প্ৰতিবছৰৰ দৰে এইবাৰো তেঁওলোকে নিজা পাৰম্পৰিক নীতি-নিয়মেৰে দিপাৱলী উৎসৱ উদযাপন কৰিছে। এই মাহটোৰ আৰম্ভণিৰ ভাগত উৎসৱৰ প্ৰস্তুতিত সকলো ব্যস্ত হৈ পৰিছে।     

ৱাঘবৰ্ষি, বাৰ্কি টিৱলি, মোথি টিৱলি আৰু বালিপ্ৰতিপাৰা- এই চাৰিটা আমাৰ জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ দিন। আমি এইবছৰ ৫ৰ পৰা ৮ নৱেম্বৰলৈ এই উৎসৱ উদযাপন কৰিছো।  

ৱাৰ্লিসকলে বাঘক ইশ্বৰ বুলি পুজা কৰে আৰু ৱাঘবৰ্ষিৰ দিনা আমি ব্যাঘ্ৰ পুজা কৰোঁ। আদিবাসীপাৰাবোৰ সাধাৰণতে বনাঞ্চলত অৱস্থিত। অতীতত ৱাৰ্লি জনগোষ্ঠীয়ে জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে বনৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেঁওলোকে গৰু-মহবোৰ হাবিত চৰাবলৈ লৈ গৈছিল আৰু বহুতে এতিয়াও নিয়ে। বাঘদেৱতাই আক্ৰমণ নকৰক, তাকে তেঁওলোকে প্ৰাৰ্থনা জনায়।

PHOTO • Mamata Pared

কেন্দ্ৰীয় মুম্বাইৰ পৰা ৯৫ কিলোমিটাৰ দুৰৈত থানে জিলাৰ নিম্বাভালি গাঁৱৰ চাপ্ৰায়া পাহাৰৰ দাঁতিত আমাৰ গাৰেলপাৰা চুবুৰী। এইবছৰো নিজা পৰম্পৰাৰে তেঁওলোকে দিপাৱলী উদযাপন কৰিছে 

গাঁওদেৱী মন্দিৰত কাঠ এছটাৰ সোঁমাজত বাঘৰ মূৰ্ত্তি খোদিত কৰা আছে। ইয়াতে ধুপকাঠি, চাকি-বন্তি জ্বলাই নাৰিকল ভাঙি সকলোৱে সেই মন্দিৰত পুজা কৰে। চুবুৰীটোৰ পৰা কিছু দুৰৈত থকা হাবিৰ কাষত এটা ডাঙৰ শিলত সেন্দুৰ সনা আছে, সেয়াই তেঁওলোকৰ ব্যাঘ্ৰ দেৱতাৰ মন্দিৰ। 

বাৰ্কি তিৱলি (সৰু চাকি)ৰ দিনা মোৰ মা প্ৰমিলাই বনৰ পৰা কিছুমান চিৰ’টি সংগ্ৰহ কৰে। মোৰ মাৰ বয়স ৪৬ বছৰ, ইটাৰ ভাঁটিত কাম কৰে ক’লা গুৰৰ পৰা মদ প্ৰস্তুত কৰি বিক্ৰী কৰে। এতিয়া মায়ে বনত থকা আমাৰ খেতিৰ মাটিডৰাত খেতি কৰে। তাই বনৰ ফল চিৰ’টি সংগ্ৰহ কৰে। চিৰ’টি তিয়ঁহৰ পৰিয়ালৰে, মাত্ৰ আকাৰত সৰু আৰু তিতা। তাৰেই ভিতৰখন চুৰুকী বাতি আকৃতিৰ চাকি জ্বলায়।   

গৰুৰ গোবৰসনা মাটিৰে ঘুৰণীয়া ফোপোলা চাকি ধৰি ৰাখিবপৰা বৱালা নামৰ এবিধ আহিলা সাজে। সেয়া বেৰত অলপ উচ্চতাত মাটি লেপি দি লগোৱা হয়। হ’ল্ডাৰটো নাৰ্জি ফুলেৰে সজোৱা হয়। সন্ধ্যা এই হ’ল্ডাৰত চাকি ৰাখি জ্বলোৱা হয়। অলপ ওখ ঠাইত এই চাকি জ্বলোৱা কাৰণে গোটেই ঠাইখন পোহৰ হৈ পৰে।

বাঁওফালেঃ বাৰ্কি তিৱলিৰ দিনা বনৰ ফলৰ বেটুৰে নিৰ্মিত চাকি গোবৰ-বোকাৰে নিৰ্মিত বৱালাত থৈ বেৰত লগোৱা হৈছে। সোঁফালেঃ আমাৰ খেতিৰ পৰা চপোৱা কাৰান্দে, সকলোৱে সোৱাদ ল'বলৈ আশাৰে ৰৈ থকা ব্যঞ্জন 

অতীতত, আমাৰ চুবুৰীটোৰ আটাইবোৰ ঘৰ কাৰাৱি কাঠি আৰু কাঠেৰে সজা হৈছিল। ছালিবোৰ আছিল খেৰ দিয়া। সেই সময়ত গোবৰসনা বৱালাই ঘৰবোৰ জুই লগাৰ পৰা বচাইছিল। (২০১০ মানৰপৰা আমাৰ চুবুৰীৰ কিছুমান পৰিয়ালে ইন্দিৰা আৱাস যোজনাৰ অধীনত পোৱা চিমেণ্ট-ইটাৰে ঘৰ বান্ধিছে।)

বাৰ্কি আৰু মোথি তিৱলি (ডাঙৰ বন্তি)ৰ দিনা ঘৰৰ সমুখৰ বেৰবোৰত চাকি-বন্তি জ্বলোৱা হয়। এই দুয়োটা ৰাতিতে চুবুৰীটোৰ পৰা আন্ধাৰ বিনাশ কৰি তিৱলিবোৰ জ্বলি উঠে। গোহালিৰ পৰা আৰম্ভ কৰি চেনকাই (গৰুৰ গোবৰ জমা কৰা ঠাই) আৰু সামূহিক কুঁৱাৰ পাৰ তিৱলিৰ শিখাৰ আলোকিত হয়।

বালিপ্ৰতিপাৰাৰ দিনা কাহিলীপুৱাতে উৎসৱ আৰম্ভ হয়। পৰিয়ালৰ সদস্যক বিড়ি জ্বলাই জগোৱা হয়। 'সিদিনা সকলোৱে সোনকালে উঠিব লাগিব, গা ধুই সাজু হ’ব লাগিব। শুই থকাবোৰক জগোৱাৰ বাবে এই 'ডাম্ব’ খেল খেলা হয়।' ৰাম পাৰেডে কয়। তেঁও মোৰ খুড়া, বয়স ৪২ বছৰ। তেঁওৰ পৰিয়ালে ইটাৰ ভাটিত কাম কৰিছিল। এতিয়া তেঁও এগৰাকী ঠিকাভিত্তিক শ্ৰমিক আৰু বাৰিষাকালত বনৰ খেতিমাটিত কাম কৰে।

বালিপ্ৰতিপাৰাত আমাৰ গৰু-মহবোৰ সজোৱা হয় আৰু প্ৰাৰ্থনা জনোৱা হয়। এয়া আদিবাসী পৰম্পৰা, ৭০ বৰ্ষীয় অশোকা কাকা গাৰেলে কয় (বাওফালে) 

বালিপ্ৰতিপাৰাৰ দিনা প্ৰত্যেকৰে চোতালবোৰ গোবৰ-পানী-মাটিৰ এটা পাতল প্ৰলেপ দি মচা হয় আৰু গোহালি পৰিস্কাৰ কৰা হয়। আমাৰ সকলো পশুধন সজাই পুজা কৰা হয়। 'এয়া আদিবাসী পৰম্পৰা,' ৭০ বৰ্ষীয় অশোকা কাকা গাৰেলে কয়। তেঁও গৰু চৰায়।  তেঁওৰ হাতত ৰঙচুৱা বোকামাটিৰ সৈতে চাউলৰ গুড়ি মিহলি কৰা মিশ্ৰণ, তাতে তেঁও হাত ডুবাইছে। এই ৰঙচুৱা-মুগা ৰঙেৰে পশুধনবোৰৰ গাত ৰং সনা হয়। একে ৰঙেৰে গৰুবোৰৰ শিংবোৰো ৰং কৰা হয়।  

চুবুৰীটোৰ পুৰুষবোৰ গৰু-মহক সজোৱাত ব্যস্ত থকাৰ সময়তে মহিলাবোৰে দিপাৱলীবিশেষ খাদ্যসম্ভাৰ প্ৰস্তুত কৰাৰ কামত নিমজ্জিত হৈ পৰিছে। পানমৰি, চাৱলি আৰু কাৰান্দে আদি হৈছে সকলোৱে আশাৰে ৰৈ থকা ব্যঞ্জন। আদিবাসীসকলে নিজাববীয়াকৈ কৰা খেতিৰ পৰা এইবোৰ ব্যঞ্জন তৈয়াৰ কৰা হয়।

নকৈ চপোৱা খেতিৰ চাউল মিহিকৈ খুন্দি কৰি লোৱা হয়। তাৰে লগত আমি তিঁয়হৰ আৰু গুড় যোগ দিয়া হয়। তাৰপিছত চাহপাতত সেয়া ভাঁজ কৰি দি ভাপত দিয়া হয়। মোৰ মা প্ৰমিলাই পানমৰিৰ ৰন্ধন প্ৰণালী বুজাই দিলে। 'এয়া প্ৰস্তুত হৈ থকাৰ সময়তে সাৰিব নালাগে, নহ’লে পানমৰি কেতিয়াও ৰন্ধা নহ’ব!' 
PHOTO • Mamata Pared

খেতিপথাৰৰ পৰা চপাই অনা ধানৰ চাউলৰ গুড়ি, তিঁয়হ খুন্দি লৈ তাৰ লগত গুড় মিহলি কৰি চাহপাতৰ মাজত ৰাখি ভাপত দিয়া হয় 

কাৰান্দে সিঁচাৰ কাৰণে বাৰিষাৰ বতৰত সৰু চেপেটা আকৃতিৰ মাটিৰ ভেঁটি সাজু কৰা হয়। দিপাৱলীৰ সময়লৈকে কাৰান্দে গছত ফল ধৰে। তাৰে কিছুমানৰ ৰং ক’লা, কিছুমানৰ বগা থাকে। কিছুমান গোলাকাৰ, আনবোৰ ভিন্ন আকাৰ লয়। কাৰান্দেৰ সোৱাদ আলুৰ দৰে। হাবিৰ কিছু অংশ কাটি শুকান পাত, গোবৰ আদি জ্বলাই ঠাই মুকলি কৰি লৈ চাৱলি (ক’লা বিন) খেতি কৰা হয়। খেতিৰ বাবে মাটিখিনি প্ৰথমতে চহাই লোৱা হয়। বালিপ্ৰতিপাৰাত কাৰান্দে আৰু চাৱলা নিমখ পানীত সিজোৱা হয়। 

ৰন্ধা-বঢ়া হোৱাৰ পিছত মহিলাবোৰ গোহালিৰ কামত লাগে। ধানখেৰ, এটা খুন্দনা লোৰ আহিলাৰে মাটিত পুতি লোৱা হয়। বাহিৰত নাৰ্জি ফুল ছটিয়াই দিয়া হয়। গৰু-মহবোৰ ওলাই অহাৰ লগে লগে চিৰ’টি ফলবোৰ ঠেঙৰ ফালে দলিওৱা হয়। গৰু-মহৰ খোজ পৰি ভাঙি যোৱা ফলৰ গুটিবোৰে মিঠা ফল পিছলৈ দিব বুলি ধৰি লোৱা হয়।   

গৰু-মহেই খেতিৰ বাবে অপৰিহাৰ্য। সোণগুটি ঘৰ চপাবৰ কাৰণে কৃষকে মুৰৰ ঘাম মাটিত পেলোৱাৰ দৰে গৰু-মহেও কষ্ট কৰে। ৱাৰ্লিসকলে বিশ্বাস কৰে যে অপশক্তিয়ে তেঁওলোকৰ গৰু-মহবোৰ মাৰি নিব খোজে। সেয়ে অপায়-অমংগল দুৰ কৰি অপশক্তিক দুৰতে ৰাখিবলৈ তেঁওলোকে অগ্নিপূজা কৰে। এনে পূজাত পথাৰৰ খেৰেৰ ধৰা জুইৰ লানি এটাৰ মাজেৰে গৰু-মহবোৰ তৎক্ষণাত পাৰ হৈ যাবলৈ দিয়া হয়।

দিপাৱলীৰ সময়ত ৱাৰ্লিসকলে অগ্নিপূজা কৰে য’ত পথাৰৰ খেৰেৰ ধৰা জুইৰ লানি এটাৰ মাজেৰে গৰু-মহবোৰ তৎক্ষণাত পাৰ হৈ যাবলৈ দিয়া হয় 

এই দিনটোত ৱাৰ্লিসকলে তেঁওলোকৰ দেৱতা বাঘ্যা (বাঘ), হিৰৱা (সেউজ অঞ্চল), হিমাই (পাহাৰ দেৱতা), কানচাৰি (শস্য), নৰনদেৱ (সুৰক্ষাদাতা) আৰু চেডোবা (অপশক্তিৰ পৰা সুৰক্ষা দিয়ে) পূজা কৰে। চাৱলা, কাৰান্দে আৰু পানমৰিৰ সৈতে নাৰ্জি ফুল অৰ্ঘ্য হিচাপে দেৱতাসকললৈ আগবঢ়োৱা হয়। দেৱতালৈ আগবঢ়োৱাৰ পিছত গোটেই বৰ্ষাকালটোৰ বাবে মহিলাই খোপাত নাৰ্জিফুল গুজিবপৰা হয়। সিদিনাৰ পিছত অহাবাৰৰ দিপাৱলীৰ বাদে আন কাৰণত অৰ্ঘ্যৰ বাবে নাৰ্জি ফুল ব্যৱহাৰ কৰা নহয়।

আদিবাসীসকলে বনৰ মাটিত খেতি কৰিবলৈ গোটেই বাৰিষাকালটো কঠোৰ পৰিশ্ৰম কৰে। পাহাৰৰ শিলাময় এলেকাতো তেঁওলোকে কষ্টৰে খেতি কৰে। দিপাৱলীৰ সময়ত ধান, মাহ, জোৱাৰ আৰু অইন খেতিবোৰ চপাবৰ হয়। প্ৰকৃতিৰ কৃপাত খেতি ভাল হ’লে অতিৰিক্তখিনি বিক্ৰী কৰি খেতিয়কৰ হাতলৈ অলপ ধনো আহে। এই আনন্দৰ মাজতে দিপাৱলী উৎসৱ উদযাপন কৰা হয়। চপোৱা খেতিখিনিৰ পূজা কৰাৰ পিছতহে তেঁওলোকে খাবলৈ আৰম্ভ কৰে।

বৰ্ষাকাল শেষ হোৱাৰ পিছত খেতিপথাৰত কৰিবলৈ কাম নাথাকে। সেয়ে জীৱিকা নিৰ্বাহৰ নতুন উপায় বিচাৰিবলগীয়া হয়। কিছুমানে ওচৰে-পাজৰে থকা ইটাৰ ভাঁটিলৈ যায়, কিছুমানে মুম্বাইৰ উত্তৰাঞ্চলৰ ফালে নিৰ্মাণ শ্ৰমিকৰ কামত সোমায়। কিছুমানে শিল কুৱেৰি আৰু কুঁহিয়াৰ কাৰখানাত হাড়ভঙা পৰিশ্ৰমৰ বাবে কেইমাহমানৰ বাবে ওলায় যায়।


অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Mamata Pared

মমতা পাৰেড পাৰিৰ এগৰাকী প্ৰশিক্ষু আৰু মুম্বাইস্থিত ৰামনিৰঞ্জন ঝুনঝুনৱালা কলেজ অৱ আৰ্টছ, চায়েন্স এণ্ড কমাৰ্চৰ গণসংযোগৰ স্নাতক পাঠ্যক্ৰমৰ এগৰাকী ছাত্ৰী।

Other stories by Mamata Pared