‘বিশ বছৰ পূৰ্বে, নলাবোৰ চাফা আছিল আৰু পানী কাঁচৰ দৰে ফটফটীয়া আছিল। নদীত সিকি এটা পৰিলেও ওপৰৰ পৰা দেখা গৈছিল। আমি যমুনাৰ পৰা পোনে পোনে পানী খাব পাৰিছিলোঁ,’ মাছমৰীয়া ৰমন হালদাৰে কয়। কথাটোত জোৰ দিবলৈ নাটকীয় ভংগীত হাতৰ তলুৱাত পানী অলপ লৈ মুখৰ কাষলৈ আনে। আমি নাক কোঁচাই দিয়াত তেওঁ হাঁহি এটা মাৰি আঙুলিৰ ফাঁকেৰে সেয়া নিগৰি যাবলৈ দিয়ে।

প্লাষ্টিক, ফইল ৰেপাৰ, জাৱৰ-যোঁথৰ, বাতৰি কাকত, মৃত গছ-বন, কংক্ৰিটৰ টুকুৰা, বোকা, গেলা খাদ্য, অ’ত-ত’ত ভাঁহি ফুৰা নাৰিকল, ৰাসায়নিকৰ ফেন, মেটেকা আদিৰে ভৰা আজিৰ যমুনা নদীখনত এইখন মহানগৰৰ পাৰ্থিব পণ্য আৰু ভোগৰ এক ক’লা ছবি ফুটি উঠে।

যমুনাৰ মাত্ৰ ২২ কিলোমিটাৰ (কোনোমতে ১.৬ শতাংশ) অংশ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে। কিন্তু ইমান কম অংশতেই যিমানখিনি আৱৰ্জনা আৰু বিষ মিহলি হৈ পৰে যে ১,৩৭৬ কিলোমিটাৰ দীঘল নদীখনৰ মুঠ প্ৰদূষণৰ ৮০ শতাংশই তাতেই সংঘটিত হয়। এয়া স্বীকাৰ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ (এন.জি.টি.)ৰ নিৰীক্ষণ সমিতিৰ ২০১৮ৰ প্ৰতিবেদনত নদীখনত ‘চিৱৰ লাইন’ (মলপ্ৰৱাহ নলা) বুলি ঘোষণা কৰা হৈছিল। পানীত দ্ৰৱীভূত অম্লজানৰ গুৰুতৰ অভাৱত বৃহৎ হাৰত মাছৰ মৃত্যু ঘটে।

যোৱা বছৰ দিল্লীত নদীখনৰ দক্ষিণচোৱাৰ কালিন্দী কুঞ্জ ঘাটত হাজাৰ হাজাৰ মাছ মৰি ভেলপুঙা দিছিল। ইফালে নদীখনৰ দিল্লীৰ অংশত জলজ জীৱন এক বাৰ্ষিক ঘটনাৰ দৰে হৈ পৰিছিল।

‘নদীৰ পৰিস্থিতিতন্ত্ৰ জীৱিত কৰি ৰখাৰ কাৰণে দ্ৰৱীভূত অম্লজানৰ মাত্ৰা ৬ বা তাতোকৈ বেছি হ’ব লাগে। মাছ জীয়াই থাকিবলৈ দ্ৰৱীভূত অম্লজানৰ মাত্ৰা কমেও ৪ৰ পৰা ৫ হ’ব লাগে। যমুনাৰ দিল্লীস্থিত অংশত এই মাত্ৰা ০ৰ পৰা ০,৪ৰ ভিতৰত,’ চিকোগো বিশ্ববিদ্যালয়ৰ টাটা চেণ্টাৰ ফৰ ডেভলপমেণ্টৰ ৱাটাৰ-টু-ক্লাউড প্ৰকল্পৰ পৰিচালক প্ৰিয়ংকা হিৰানীয়ে কয়। এই প্ৰকল্পৰ অধীনত নদীৰ বাস্তৱিক প্ৰদূষণৰ ৰূপৰেখা তৈয়াৰ কৰা হয়। 

PHOTO • People's Archive of Rural India

তাতে একো মাছ-কাছ নাই (কালিন্দী কুঞ্জ ঘাটত), আগতে বহুত আছিল। এতিয়া দুই-চাৰিটা শিঙি-মাগুৰ ৰৈছেগৈ, ৰমন হালদাৰে (সোঁমাজৰজন) কয়

দিল্লীত নদীখনৰ উত্তৰ-পূৱস্থিত ৰাম ঘাটত ঘাঁহ থকা অংশত মাছ ধৰা জালৰ কাষতে বহি থকা ৫২ বৰ্ষীয় হালদাৰ আৰু তেওঁৰ দুই বন্ধুৱে ধুমপানৰ আমেজ লৈ আছে। ‘মই তিনি বছৰ পূৰ্বে কালিন্দী কুঞ্জ ঘাটৰ পৰা ইয়ালৈ আহিছো। তাতে মাছ-কাছ একো নাই, আগতে বহুত আছিল। এতিয়া দুই-চাৰিটা শিঙি-মাগুৰ ৰৈছেগৈ। তাৰে কিছুমান আকৌ পেটৰ বাবে অনিষ্টকাৰী। খালে এলাৰ্জি, জ্বৰ, ডায়েৰিয়া আদি হয়,’ তেওঁ হস্তনিৰ্মিত জাল এখন খুলিবলৈ ধৰিছে। সেইখন দেখাত দূৰণিৰ শুকুলা মেঘৰ দৰে।

পানীৰ গভীৰতাত থকা অইন প্ৰজাতিৰ তুলনাত মাগুৰ মাছে মাটিত থাকিও উশাহ ল’ব পাৰে। সেয়ে অইন প্ৰজাতিৰ তুলনাত ইহঁতে তেনে পৰিস্থিতিতো জীয়াই থাকিব পাৰে। এই পৰিস্থিতিতন্ত্ৰৰ খাদকে বিষাক্ত পানীৰ মাছ খাই নিজৰ দেহত বিষাক্ত পদাৰ্থ জমা কৰি লয়, দিল্লীস্থিত সামূদ্ৰিক সংৰক্ষণবিদ দিব্যা কাৰ্নাডে কয়। ‘তেন্তে এই কথা স্পষ্ট যে মৃতজীৱি-মাংসহাৰী মাগুৰ খোৱা মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে।’

*****

ভাৰতত প্ৰায় ৮৭ শতাংশ মাছ ধৰাৰ সম্ভাৱনা ১০০ মিটাৰ পানীৰ গভীৰতাতে থাকে। এই বিষয়বোৰত সক্ৰিয়ভাবে কাম কৰা জনসেৱামূলক সংস্থা ৰিচাৰ্ছ কালেক্টিভৰ দ্বাৰা দিল্লীৰ পৰা প্ৰকাশিত উপকূলীয়া জীৱিকাঃ ভাৰতৰ নীল অৰ্থনীতিত এই কথা কোৱা হৈছে। এই অংশটো দেশৰ অধিকাংশ মাছুৱৈয়ে ঢুকি পায়। ই কেৱল খাদ্যৰ ক্ষেত্ৰতেই নহয়, দৈনিক জীৱন যাপন আৰু সাংস্কৃতিক দিশতো অৰিহণা যোগায়।

‘এতিয়া আপোনালোকে মাছুৱৈৰ ক্ষুদ্ৰ অৰ্থব্যৱস্থা ভাঙিবলৈ লৈছে,’ নেশ্যনেল প্লেটফৰ্ম ফৰ স্মল-স্কেল ফিশ্ব ৱৰ্কাৰ্ছ (ইনলেণ্ড) (NPSSFWI)ৰ মুৰব্বী প্ৰদীপ চেটাৰ্জীয়ে কয়। ‘সিহঁতে স্থানীয় বজাৰত স্থানীয় মাছ যোগান ধৰে, আৰু আপুনি নাপালে দূৰৰ কোনোবা ঠাইৰ পৰা মাছ আনে। পুনৰাই পৰিবহনৰ ব্যৱহাৰ কৰে কাৰণে সংকট বাঢ়ে।’ ভূজলৰ স্থানান্তৰণ মানে ‘অধিক শক্তিৰ ব্যৱহাৰ, যিয়ে জলচক্ৰৰ পৰিৱৰ্তন সাধন কৰে।’

ফলত ‘জলাধাৰ প্ৰভাৱিত হয়, আৰু নদীৰ পানী দুনাইবাৰ পূৰ্তি নহ’ব, তেওঁ আঙুলিয়াই দি কয়। তথাপি এয়া শুধৰণি কৰিবলৈ আৰু নদীৰ পৰা স্বচ্ছ, খোৱাৰ যোগ্য পানী পাবলৈ, পাৰম্পৰিক উৎসৰ পৰা অধিক শক্তিৰ প্ৰয়োজন হ’ব। এনেদৰে আমি প্ৰকৃতি নিৰ্ভৰ অৰ্থব্যৱস্থাক বলপূৰ্বকভাবে ভাঙি পেলাইছো আৰু শ্ৰম, খাদ্য আৰু উৎপাদনৰ কৰ্প’ৰেট চক্ৰৰ সৃষ্টি কৰিছোঁ, যিটো শক্তি আৰু মূলধনকেন্দ্ৰীক...ইফালে নদীবোৰক আৱৰ্জনা নিক্ষেপস্থল হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।’

উদ্যোগেযেতিয়া নদীত বৰ্জ্য পদাৰ্থ এৰে, তেতিয়া সেই কথা প্ৰথমে মাছমৰীয়াই গম পায়। ‘আমি দুৰ্গন্ধৰ পৰা আৰু মাছ মৰিবলৈ ধৰিলে সেই কথা গম পাওঁ,’ ৪৫ বৰ্ষীয় মংগল সাহনীয়ে কয়। তেওঁ হাৰিয়ানা-দিল্লীৰ সীমামূৰীয়া পাল্লাত থাকে। তাৰ পৰাই যমুনাখন ৰাজধানীত সোমাইছে। সাহনী, বিহাৰৰ শিৱহৰ জিলাৰ নিজৰ ১৫ জনীয়া সদস্যৰ পৰিয়ালৰ পেট পোহাক লৈ চিন্তিত। ‘মানুহে আমাৰ বিষয়ে লিখিছে, কিন্তু আমাৰ জীৱনত কোনো শুধৰণি হোৱা নাই। বৰঞ্চ পৰিস্থিতিৰ অৱনতিহে ঘটিছে,’ তেওঁ এই কথা কৈ আমাক পোনচাটে নাকচ কৰিলে।

When industries release effluents into the river, fisherfolk are the first to know. 'We can tell from the stench, and when the fish start dying', remarks 45-year-old Mangal Sahni, who lives at Palla, on the Haryana-Delhi border, where the Yamuna enters the capital
PHOTO • Shalini Singh
Palla, on the Haryana-Delhi border, where the Yamuna enters the capital
PHOTO • Shalini Singh

উদ্যোগে যেতিয়া নদীত বৰ্জ্য পদাৰ্থ এৰে, তেতিয়া সেই কথা প্ৰথমে মাছমৰীয়াই গম পায়। ‘আমি দুৰ্গন্ধৰ পৰা আৰু মাছ মৰিবলৈ ধৰিলে গম পাওঁ,’ ৪৫ বৰ্ষীয় মংগল সাহনীয়ে (সোঁফালে) কয়। তেওঁ হাৰিয়ানা-দিল্লীৰ সীমামূৰীয়া পাল্লাত থাকে, তাৰ পৰাই যমুনাখন ৰাজধানীত সোমাইছে

চেন্ট্ৰেল মেৰিন ফিশ্বাৰিজ ৰিচাৰ্ছ ইনষ্টিটিউটৰ মতে পাৰম্পৰিকভাবে সমুদ্ৰত মাছ ধৰা সম্প্ৰদায়বোৰৰ ৮.৪ লাখ পৰিয়ালৰ ৪০ লাখ লোক ভাৰতৰ সমুদ্ৰতীৰত বিয়পি আছে। কিন্তু ইয়াতকৈ প্ৰায় ৭-৮ গুণ লোক মীন অৰ্থব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল। NPSSFWIৰ চেটাৰ্জীয়ে কয় যে অন্তৰ্দেশীয় মাছমৰীয়াৰ সংখ্যা ৪০ লাখ মান হ’ব পাৰে। দশকজুৰি, লাখ লাখ পুৰ্ণকালীন বা সংগঠিত গতিবিধি হিচাপে বহু মাছমৰীয়া সম্প্ৰাদায়ে মাছ মৰা জীৱিকা এৰিবলৈ ধৰিছে। ‘প্ৰায় ৬০-৭০ শতাংশ সামূদ্ৰিক মাছুৱৈয়ে আন জীৱিকালৈ মন মেলিছে, কিয়নো মৎস্যজীৱি সম্প্ৰদায়বোৰ টুটি আহিবলৈ ধৰিছে,’ চেটাৰ্জীয়ে কয়।

কিন্তু ৰাজধানীত মাছুৱৈৰ ধাৰণাটো তেনেই আচহুৱা। যমুনাৰ দিল্লীৰ ভিতৰত পৰা অংশত কিমান মাছমৰীয়া আছে, তাৰ কোনো তথ্যপাতি নাই, কোনো প্ৰকাশিত সংখ্যাও নাই। ইয়াৰোপৰি, সাহনীৰ দৰে ভালেমান প্ৰবাসী আছে, যিবোৰৰ গন্তি কৰাটো কঠিন কাম। লং লিভ যমুনা আন্দোলনৰ নেতৃত্বধাৰী অৱসৰপ্ৰাপ্ত বন বিষয়া মনোজ মিশ্ৰাই মন্তব্য কৰে যে স্বাধীনতাৰ পূৰ্বৰ হাজাৰ হাজাৰ পূৰ্ণকালীন মাছুৱৈৰ সংখ্যা কমি আহি এতিয়া এশৰো তল পাইছে।

‘যমুনাৰ পৰা মাছুৱৈ নাইকিয়া হোৱাটোৱে এই কথাৰ ইংগিত বহন কৰে যে নদীখন এতিয়া মৃত, বা মৃত্যুমুখী। ইয়ে বৰ্তমানৰ পৰিস্থিতিৰ ইংগিত দিয়ে,’ ৰিচাৰ্ছ কালেক্টিভৰ সিদ্ধাৰ্থ চক্ৰৱৰ্তীয়ে কয়। আৰু যি হ’বলৈ ধৰিছে, ‘সেয়া জলবায়ু সংকট আৰু তীব্ৰতৰ কৰি তুলিছে, তাতে মানৱ কাৰ্যকলাপৰ বৃহৎ অৰিহণা আছে। তাৰমানে পাৰিৱেশিক পুনৰুজ্জীৱিত কৰা জৈৱবৈচিত্ৰতাও উদ্ভৱ হোৱা নাই,’ চক্ৰৱৰ্তীয়ে কয়। ‘ই এনেদৰে জীৱন চক্ৰত প্ৰভাৱ পেলাইছে, তাতে এই কথাও মানিব লাগিব যে বিশ্বস্তৰত কাৰ্বন নিৰ্গমনৰ ৪০ শতাংশ মহাসাগৰে শোষণ কৰে।‘

*****

দিল্লীত ৪০ শতাংশ অঞ্চলত আৱৰ্জনা নিৰ্গমনৰ কাৰণে নলা নথকা হেতুকে টনে টনে মল-মূত্ৰ আৰু অৱশিষ্ট পদাৰ্থ চেপ্টিক টেংক আৰু অইন উৎসৰ পৰা পানীত আহি মিলিত হয়। এন.জি.টি.ৰ মতে ১,৭৯৭ টা (অনাধিকৃত) কলনিৰ ২০ শতাংশতকৈও কম অংশত মলপ্ৰৱাহৰ পাইপলাইন আছিল, ‘আবাসিক এলেকাৰ ৫১,৮৩৭ উদ্যোগ অবৈধভাবে চলি আছে, তাৰে মল-মূত্ৰ পোনে পোনে নলাত পৰে আৰু শেষত গৈ নদীত মিলিত হয়।’

বৰ্তমানৰ সংকটক এখন নদীৰ মৃত্যুৰ প্ৰসংগ লৈ তাতে মানৱ গতিবিধিৰ মাত্ৰা, আৰ্হি আৰু অৰ্থশাস্ত্ৰৰ সৈতে ইয়াৰ সম্পৰ্কৰ দিশৰ পৰাও বিচাৰ কৰিব পাৰি। 

ধৰা মাছৰ পৰিমাণ কম হোৱাৰ কাৰণে মাছুৱৈৰ আয়ো কমি আহিছে। আগতে মাছ ধৰিয়ে তেওঁলোকৰ পৰ্যাপ্ত উপাৰ্জন হৈছিল। পাকৈত মাছুৱৈৱে কেতিয়াবা মাহত ৫০ হাজাৰ পৰ্যন্ত টকা পাইছিল। 

ৰাম ঘাট নিবাসী ৪২ বৰ্ষীয় আনন্দ সাহনীয়ে বিহাৰৰ মতিহাৰি জিলাৰ পৰা দিল্লীলৈ কৈশোৰৱস্থাতে আহিছিল। ‘মোৰ উপাৰ্জন ২০ বছৰত আধা হৈ পৰিছে। এতিয়া মই দিনে ১০০-২০০ টকা পাও। পৰিয়ালৰ পেট পুহিবলৈ মই এতিয়া আন উপায় বিচাৰিবলগীয়া হৈছে, মাছ মৰা কাম এতিয়া স্থায়ী হৈ থকা নাই,’ তেওঁঁ দুখমনে কয়। 

মাছমৰীয়া আৰু নাৱৰীয়া সম্প্ৰদায়, যাক মল্লাহ বোলা হয়, তেনে প্ৰায় ৩০-৪০ টা পৰিয়ালে যমুনাৰ কম প্ৰদূষিত অংশ, ৰাম ঘাটত থাকে। তেওঁলোকে অলপ মাছ নিজে খাবলৈ বুলি ৰাখে, বাকীখিনি সোনিয়া বিহাৰ, গোপালপুৰ আৰু হনুমান চকৰ আশে-পাশে থকা বজাৰবোৰত (মাছৰ প্ৰজাতি লৈ) প্ৰতি কিলোগ্ৰামত ৫০ৰ পৰা ২০০ টকা পৰ্যন্ত দামত বিক্ৰী কৰে। 

PHOTO • People's Archive of Rural India

ৰাম ঘাটৰ বাসিন্দা আনন্দ সাহনীয়ে কয়, ‘মই পৰিয়াল চলাবলৈ আন উপায় বিচাৰিবলগীয়া হৈছে, মাছ মৰা কাম এতিয়া স্থায়ী হৈ থকা নাই’

*****

বৰষুণ আৰু তাপমানৰ কম-বেছ হৈ থকাৰ সৈতে জলবায়ু সংকটে যমুনাৰ সমস্যা তীব্ৰ কৰি তুলিছে। থিৰুবনন্তপুৰমস্থিত পৰিৱেশ পৰামৰ্শদাতা ড. ৰাধা গোপালনে কয়। পানীৰ মাত্ৰা আৰু গুণাগুণৰ সৈতে বুজাপৰা আৰু জলবায়ু পৰিৱৰ্তনৰ অনিশ্চয়তাৰ সমস্যাক আৰু জটিল কৰি তুলিছে, তাৰ ফলত ধৰা মাছৰ গুণাগুণ আৰু মাত্ৰা অৱনমিত হৈছে। 

‘প্ৰদূষিত পানীৰ কাৰণে মাছ মৰি যায়,’ ৩৫ বৰ্ষীয় সুনীতা দেৱীয়ে কয়। তেওঁৰ মাছুৱৈ গিৰীয়েক নৰেশ সাহনী দিনহাজিৰাৰ কাৰণে ওলাই গৈছে। ‘মানুহ আহে আৰু নানা তৰহৰ আৱৰ্জনা পেলাই থৈ যায়, আজিকালি বিশেষকৈ প্লাষ্টিক পেলায়।’ তেওঁ কয় যে ধৰ্মীয় অনুষ্ঠান আদিৰ সময়ত মানুহে ৰন্ধা খাদ্য-সামগ্ৰী যেনে জিলাপি, লাৰু আদি পেলায়, যাৰ ফলত নদীখন পচা সামগ্ৰীৰে ভৰি পৰে।

২০১৯ৰ অক্টোবৰত ১০০ৰো অধিক বছৰত প্ৰথমবাৰৰ বাবে দিল্লীৰ দুৰ্গা পূজাৰ সময়ত মূৰ্তি বিসৰ্জনত নিষেধাজ্ঞা জাৰি কৰা হ’ল, যেতিয়া এন.জি.টি.ৰ প্ৰতিবেদনত কোৱা হ’ল যে এনেদৰে কৰা মূৰ্তি বিসৰ্জনৰ ফলত নদীৰ বৃহৎ হাৰত ক্ষতি হৈ আহিছে।

মোগলে ১৬শ আৰু ১৭শ শতিকাত দিল্লীত সাম্ৰাজ্য স্থাপন কৰিছিল। তেওঁলোকে এই প্ৰবাদকে সঁচা প্ৰমাণিত কৰিছিল যে নগৰ স্থাপনৰ কাৰণে তিনিটা বস্তু প্ৰয়োজন- ‘দৰিয়া, বাদল, বাদশ্বাহ’ (নদী, মেঘ আৰু সম্ৰাট)। তেওঁলোকৰ জলপ্ৰণালী, যিটোক একধৰণৰ কলাৰ চকুৰে চোৱা হৈছিল, আজিৰ ঐতিহাসিক অৱশেষ তাৰেই নিদৰ্শন। ইংৰাজে ১৮ শতিকাত পানীক কেৱল সম্পদ হিচাপে ব্যৱহাৰ কৰিলে, আৰু যমুনাৰ পৰা দুৰত্ব বজাই ৰাখিবলৈ নতুন দিল্লীৰ নিৰ্মাণ কৰিলে। সময় বাগৰাৰ লগে লগে জনসংখ্যাৰ বিস্ফোৰণ ঘটিল আৰু নগৰীকৰণে ঠাই ল’লে।

দিল্লীৰ পৰিৱেশৰ বিৱৰণ (Narratives of the Environment of Delhi) শীৰ্ষক গ্ৰন্থখনত (ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ দ্বাৰা প্ৰকাশিত) কোৱা হৈছে কেনেদৰে পুৰণি দিনৰ মানুহে কয়, ১৯৪০ৰ পৰা ১৯৭০ৰ মাজৰ দশককেইটাত দিল্লীৰ ঔখলা এলেকাত মাছ ধৰা, নৌকা বিহাৰ, সাতোৰা আৰু বনভোজ আদি জীৱনৰ এক অংশস্বৰূপ আছিল। আনকি গংগা নদীৰ শিহু ঔখলা বেৰাজৰ নামনি অঞ্চলত দেখা গৈছিল। নদীৰ পানী কম হোৱাৰ কাৰণে কাছ নদীৰ পাৰত আহি ৰ’দ সেকিছিল। 

যমুনা নদীৰ ভয়াৱহ হাৰত অৱক্ষয় ঘটিছে, আগ্ৰাৰ পৰিৱেশবিদ ব্ৰীজ খণ্ডেলৱালে কয়। উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা গংগা আৰু যমুনা নদীক ২০১৭ত জীৱিত সত্বা বুলি ঘোষণা কৰাৰ পিছতে ততালিকে খণ্ডেলৱালে নিজ চহৰৰ চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে ‘হত্যাৰ প্ৰয়াস’ৰ গোচৰ তৰাৰ দাবী জনায়। তেওঁ এইবুলি অভিযোগ দাখিল কৰেঃ তেওঁলোকে যমুনা নদীক লেহেমীয়া বিহ দি মাৰিবলৈ ধৰিছে।

ইয়াৰে মাজতে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে জলপথবোৰক বন্দৰেৰে সংযোগ কৰাৰ বাবে সাগৰমালা পৰিকল্পনা আৰম্ভ কৰিছে। কিন্তু ‘ডাঙৰ মালবাহী জাহাজবোৰ নদীৰ তটীয় অঞ্চললৈ আনিলে নদীবোৰ পুনৰাই প্ৰদূষিত কৰিব,’ NPSSFWI-ৰ চেটাৰ্জীয়ে সতৰ্কবাণী শুনায়।

Pradip Chatterjee, head of the National Platform for Small Scale Fish Workers
PHOTO • Aikantik Bag
Siddharth Chakravarty, from the Delhi-based Research Collective, a non-profit group active on these issues
PHOTO • Aikantik Bag

বাওঁফালেঃ নেশ্বনেল প্লেটফৰ্ম ফৰ স্মল স্কেল ফিশ্ব ৱৰ্কাৰ্ছ (ইনলেণ্ড)ৰ মুৰব্বী প্ৰদীপ চেটাৰ্জী। সোঁফালেঃ এই বিষয়বোৰৰ ওপৰত সক্ৰিয় জনসেৱামূলক সন্থা, দিল্লীস্থিত ৰিচাৰ্ছ কালেক্টিভৰ সিদ্ধাৰ্থ চক্ৰৱৰ্তী

Last year, thousands of fish were found dead at the Kalindi Kunj Ghat on the southern stretch of the Yamuna in Delhi
PHOTO • Shalini Singh

যোৱা বছৰ দিল্লীত যমুনাৰ দক্ষিণ পাৰত অৱস্থিত কালিন্দী কুঞ্জ ঘাটত হাজাৰ হাজাৰ মাছ মৰিছিল

*****

হালদাৰ নিজৰ পৰিয়ালৰ মাছুৱৈৰ অন্তিম প্ৰজন্ম। তেওঁ পশ্চিমবংগৰ মালদাৰ নিবাসী। তেওঁ মাহটোত ১৫-২০ দিন ৰাম ঘাটত থাকে আৰু বাকীকেইটা দিন নয়ডাত নিজৰ ২৫ আৰু ২৭ বৰ্ষীয় দুই পুত্ৰৰ সৈতে গুজৰাটত কটায়। ‘মোৰ সৰু ভাইটোও মাছুৱৈ। এইটো এক পৰম্পৰা। বতাহেই দিয়ক বা বৰষুণ, আমি কেৱল এই কামটোৱেই জানো। আন কি উপায়ে জীয়াই থাকিব পাৰিম মই নাজানো...’

‘এতিয়া মাছ ধৰাৰ উৎস নাইকিয়া হৈ আহিছে, তেওঁ কৰিব কি?’ ডাক্তৰ গোপালনে প্ৰশ্ন কৰে। ‘তাৎপৰ্যপূৰ্ণ কথা যে মাছ তেওঁলোকৰ পুষ্টিৰ অন্যতম উৎস। আমি তেওঁলোকক সামাজিক-পাৰিৱেশিক দৃষ্টিৰে চাব লাগিব, তাতে অৰ্থনৈতিক দিশটোও সোমাই আছে। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এয়া ভিন্ন দিশ হিচাপে বিবেচনা কৰিব নোৱাৰি। আপোনাক আয় আৰু পৰিস্থিতিতন্ত্ৰ, দুয়োটাৰে ভিন্নতা লাগিব।’

ইয়াৰ মাজতে চৰকাৰে বিশ্বস্তৰত জলবায়ু সংকটৰ বিষয়ে আলোচনা চলাইছে, যাৰ অধীনত ৰপ্তানিৰ কাৰণে মীনপালনৰ নীতি নিৰ্ধাৰণৰ বাবে জোৰদাৰ প্ৰক্ৰিয়া চলিছে, ৰিচাৰ্ছ কালেক্টিভৰ চক্ৰৱৰ্তীয়ে কয়। 

ভাৰতে ২০১৭-১৮ত ৪.৮ বিলিয়ন ডলাৰ মূল্যৰ মিছামাছ ৰপ্তানি কৰিছিল। চক্ৰৱৰ্তীয়ে কয় যে এয়া এক বিদেশী প্ৰজাতিৰ মাছ আছিল, মেক্সিকোৰ জলৰাশিৰ মহাসাগৰীয় শুভ্ৰ মিছা। ভাৰতে এই একক কৃষিত চামিল হৈছে, কিয়নো ‘আমেৰিকাত মেক্সিকান মিছামাছৰ চাহিদা আছে।’ দেশীয় মিছামাছৰ ৰপ্তানিত কেৱল ১০ শতাংশ ব্লেক টাইগাৰ মিছা মাছৰ পৰা আহে, যিটো দেশীয় জলৰাশিৰ পৰা সহজেই ধৰিব পাৰি। ভাৰতে জৈৱ বৈচিত্ৰতাৰ অৱক্ষয়ৰ মাজেৰে পাৰ হ’বলৈ ধৰিছে, তাৰ প্ৰভাৱ জীৱিকাৰ ওপৰত পৰিছে। ‘যদি ৰপ্তানিমুখী নীতি প্ৰস্তুত কৰা হয়, তেন্তে এয়া মহঙা হৈ পৰিব আৰু স্থানীয় পুষ্টি তথা আৱশ্যকতা পুৰণ নহ’ব।’ 

ভৱিষ্যত অন্ধকাৰময় হোৱা স্বত্বেও হালদাৰে এতিয়াও নিজে পাকৈত মাছুৱৈ হোৱাক লৈ গৰ্ব কৰে। মাছ ধৰা নাৱৰ দাম ১০ হাজাৰ টকা আৰু জালৰ দাম ৩ৰ পৰা ৫ হাজাৰ টকাৰ ভিতৰত। কথা পাতি থকাৰ মাজতে তেওঁ আমাক মাছ ধৰাৰ কাৰণে পুঙা, মাটি আৰু ৰছী আদিৰে নিজে সজা জাল দেখালে। এইখন জালেৰে তেওঁ দিনত ৫০০ৰ পৰা ১০০ টকা মাছ ধৰিব পাৰে। 

৪৫ বৰ্ষীয় ৰাম পৰভেশে আজিকালি বাঁহ আৰু জালেৰে নিৰ্মিত এবিধ মাছ ধৰা সঁজুলি ব্যৱহাৰ কৰে। সেইটোৰে তেওঁ ১-২ কিলোগ্ৰাম মাছ ধৰিব পাৰে। ‘আমি গাঁৱতে এয়া সজা শিকিছোঁ। দুয়োফালে আটাৰ দানা ওলমাই সজাটো পানীত ডুবাই থ’ব লাগে। কেইঘণ্টামানতে সৰুমাছবোৰ তাতে লাগি ধৰে,’ তেওঁ কয়। চাউথ এছিয়া নেটৱৰ্ক অন ডেমচ্, ৰিৱাৰ্ডচ্ এণ্ড পিপলৰ সৈতে কাম কৰা এজন স্থানীয় কৰ্মী ভীম সিং ৰাৱতে কয় যে তাত পুঠিমাছ সাধাৰণতে পোৱা যায়। ‘চিলৱা আৰু বছুৱা মাছৰ সংখ্যা বহুত কমিছে, আকৌ বামি আৰু মল্লী মাছ প্ৰায় বিলুপ্ত হৈছে। মাগুৰ মাছ প্ৰদূষিত পানীত এতিয়াও পোৱা যায।’

'We are the protectors of Yamuna', declares Arun Sahni
PHOTO • Shalini Singh
Ram Parvesh with his wife and daughter at Ram Ghat, speaks of the many nearly extinct fish varieties
PHOTO • Shalini Singh

আমিয়েই যমুনা নদীৰ ৰক্ষক, অৰুণ সাহনীয়ে (বাওঁফালে) কয়। ৰাম ঘাটত নিজৰ পত্নি আৰু জীয়ৰীৰ সৈতে ৰাম পৰভেশে (সোঁফালে) ভালেমান বিলুপ্তপ্ৰায় মাছৰ বিষয়ে আমাক কয়

‘আমিয়েই যমুনাৰ ৰক্ষক,’ ৭৫ বৰ্ষীয় অৰুণ সাহনীয়ে হাঁহি মাৰি কয়। তেওঁ চাৰি দশক পূৰ্বে বিহাৰৰ বৈশালী জিলাত নিজৰ পৰিয়াল এৰি দিল্লীলৈ আহিছিল। তেওঁ দাবী কৰে যে ১৯৮০-৯০ৰ দশকত তেওঁ এদিনত ৫০ কিলোগ্ৰাম পৰ্যন্ত মাছ ধৰিছিল। ৰৌ, শিঙি, শ’ল আৰু মাল্লি আদি বিভিন্ন প্ৰজাতিৰ মাছ পোৱা গৈছিল। এতিয়া এদিনত খুব বেছি ১০ কিলোগ্ৰাম, নাইবা অতি বেছি ২০ কিলোগ্ৰামহে মাছ ধৰিব পৰা যায়।

তাৎপৰ্যপূৰ্ণ যে যমুনাৰ ঐতিহাসিক চিগনেচাৰ ব্ৰিজ, যিখন কুটুব মিনাৰতকৈও দুগুণ ওখ, ৰামঘাটৰ পৰা দেখা যায়, সেইখন নিৰ্মাণত প্ৰায় ১৫১৮ কোটি টকা ব্যয় হৈছিল। আনফালে ১৯৯৩ৰ পৰা যমুনাৰ ‘চাফাই’ৰ নামত, কোনোধৰণৰ সফলতা লাভ নকৰাকৈ, ১৫১৪ কোটিৰো অধিক টকা ব্যয় হৈছে।

এন.জি.টি.য়ে সতৰ্কতাবাণী শুনাইছে যে ‘...বিষয়াসকলৰ বিফলতাই নাগৰিকৰ জীৱন আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে আৰু নদীৰ অস্তিত্বক সংকটত পেলাইছে, আৰু গংগা নদীৰ ওপৰতো প্ৰভাৱ পেলাইছে।’

ডাক্তৰ গোপালনে কয়, ‘নীতিগত পৰ্যায়ত সমস্যা এইটোৱে যে যমুনা কাৰ্য পৰিকল্পনা (১৯৯৩ত প্ৰস্তুত কৰা)ক কেৱল কাৰিকৰী দিশতেই চাই অহা হৈছে।’ নদীখনক এক সত্বা নাইবা পৰিস্থিতিতন্ত্ৰ হিচাপে চোৱা হোৱা নাই। ‘অৱবাহিকাই নদীৰ ভিত্তি। আপুনি অৱবাহিকা চাফাই নকৰাকৈ নদীখন চাফা কৰিব নোৱাৰে।’

মাছুৱৈসকলেই আমাৰ বাবে কয়লা খনিলৈ নিয়া কেনেৰী চৰাইৰ দৰে, বিপদৰ সংকেতৰ বাহক, সামূদ্ৰিক সংৰক্ষণবিদ দিব্যা কানাৰ্ডে কয়। ‘আমি এয়া কেনেকৈ উপেক্ষা কৰি থাকিব পাৰো যে গধুৰ ধাতুৱে কেন্দ্ৰীয় স্নায়ু প্ৰণালী ভাঙি যোৱাৰ মূল কাৰণ হৈ পৰিব পাৰে?আৰু এয়া কিয় আমাৰ চকুত নপৰে যে আটাইতকৈ প্ৰদূষিত নদীৰ আশে-পাশে থকা অঞ্চলৰ পৰা ভূজল নিষ্কাশনৰ ফলত আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিছে? পাৰত থকা মাছুৱৈসকলে সেই সংযোগ উপলব্ধি কৰে, আৰু তৎকালীন প্ৰভাৱ স্বচক্ষে দেখিছে।’

‘এয়াই মোৰ শেষকণ শান্তিৰ সময়,’ সুৰ্যাস্তৰ পিছত মাছ মৰা জাল তৰিবলৈ সাজু হৈ থকা হালদাৰে হাঁহি মাৰি কয়। জাল তৰাৰ আটাইতকৈ ভাল সময় হৈছে ৰাতিৰ ৯ বজাত আৰু উঠোৱাৰ সঠিক সময় হৈছে সুৰ্যোদয়ৰ সময়, তেওঁ কয়। এনেদৰেই ‘মৰা মাছবোৰ সতেজ হৈ পৰিব।’

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected] 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Shalini Singh

Shalini Singh is a journalist based in Delhi, and a member of PARI's founding team.

Other stories by Shalini Singh