একে সময়তে এয়া নতুন আৰু এয়া পুৰণি। এয়া প্ৰাচীন আৰু এয়া সমকালীন। ঐতিহাসিক তাত্পৰ্য আছে, কিন্তু আধুনিক যুগত প্ৰাসংগিকতা তেনেই কম। পুঢু মণ্ডপম হৈছে মাদুৰাইৰ ক্ষুদ্ৰ সংস্কৰণ। ৩৮৪ বছৰ পুৰণি এক ঐতিহাসিক স্মাৰক, যিটো এতিয়া এখন বজাৰগৃহলৈ পৰিণত হৈছে। প্ৰাচীন চহৰখনৰ সাঁচ ৰাখি থোৱা ইয়ে সেই চহৰখনক অদ্বিতীয়ভাৱে প্ৰতিনিধিত্ব কৰিছে। উজ্বল চিকমিকাই থকা কাপোৰৰ কাম কৰা বস্ত্ৰ নিৰ্মাতাৰ পৰা আৰম্ভ কৰি পাৰম্পৰিক বাচন-বৰ্তন বিক্ৰী কৰা দোকানলৈকে এই ঠাইখনত ৰঙৰ পয়োভৰ ঘটিছে।

এইখনেই ঠাই য’ত তামিলনাডুৰ হিন্দু ধৰ্মালম্বীৰ বিশাল ভক্তৰ সমাগম ঘটা আটাইতকৈ ডাঙৰ উৎসৱৰ কাৰণে ভক্তই কাপোৰ চিলাবলৈ আহে। চহৰখনৰ ১৫০ গৰাকী দৰ্জীৰ প্ৰায় এক তৃতীয়াংশই মুছলমান সম্প্ৰদায়ৰ। তেঁওলোকে যি ধৰ্মৰ মানুহৰ কাৰণে সাজ-পোচাক চিলায়, তাৰে বেছিভাগৰে ঘৰ মাদুৰাইৰ আশে-পাশে থকা গ্ৰামীণ অঞ্চলত।

দৰ্জীসকলক যদি আপুনি সোধে যে মুছলমান হৈও কিয় হিন্দু ধৰ্মৰ উৎসৱৰ কাৰণে পোচাক চিলাইছে, তেঁওলোকে সেই প্ৰশ্নৰ উত্তৰ নিদিয়ে। ‘এইখন উত্তৰ ভাৰত নহয় মহাশয়া,’ আমীৰ জানে কয়। ‘আমি যুগে যুগে একেলগে বাস কৰি আহিছো আৰু পৰস্পৰক কুটুমৰ দৰে সম্বোধন কৰোঁ। ইয়াতে ভূল কিহৰ?’

‘এই বিষয়ত আচৰিত হ’বলগীয়া কি কথা আছে?’ পুঢু মণ্ডপমৰ বস্ত্ৰ নিৰ্মাতা ৪২ বৰ্ষীয় মোবাৰক আলীয়ে উভতি ধৰে। ‘আমি আজোককাৰ দিন ধৰি এয়া কৰি আহিছো।’

Pudhu Mandapam entrance
PHOTO • People's Archive of Rural India
Pudhu Mandapam
PHOTO • People's Archive of Rural India

প্ৰায় চাৰিটা শতাব্দী পুৰণি পুঢু মণ্ডপম (বাওফালেঃ প্ৰৱেশদ্বাৰ, সোঁফালেঃ দীঘলীবাটবোৰৰ এটা) এতিয়া এক বজাৰগৃহ হৈ পৰিছে

মণ্ডপম, এই তামিল শব্দটোৰ অৰ্থ হৈছে মন্দিৰৰ মজিয়া, সাধাৰণতে বিবাহ ভৱন নাইবা সামাজিক-সাংস্কৃতিক বা ধৰ্মীয় কাম-কাজৰ কাৰণে স্তম্ভযুক্ত গাঁথনি বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়। এয়া মাদুৰাইৰ মাজমজিয়াতে থকা পৌৰাণিক মীনাক্ষী অম্মন মন্দিৰৰ পূৱদিশৰ স্তম্ভৰ সমুখত স্থিত।

এয়া আচৰিত যেন লাগিব পাৰে যে চাৰিটা শতাব্দী পুৰণি এই প্ৰাচীন কীৰ্তিস্তম্ভটোৰ নামটোত ‘পুঢু’ শব্দটো লাগি আছে, যাৰ তামিল অৰ্থ হৈছে নতুন। দৰাচলতে ১৬৩৫ত মাদুৰাইৰ ৰজা তিৰুমলাই নায়ক্কৰে বসন্ত উৎসৱ উদযাপন কৰিবলৈ এই ৰংঘৰ নিৰ্মাণ কৰিছিল।

ইয়াৰে ধৰ্মীয়-সাংস্কৃতিক চৰিত্ৰ দুই সহশ্ৰাব্দ পুৰণি গহন ৰাজনৈতিক পৰিৱেশৰ সৈতে খাপ খায়। আন কথাত মাদুৰাইৰ ওপৰত নিয়ন্ত্ৰণ মানে আছিল তামিল ভূমিৰ ওপৰত নিয়ন্ত্ৰণ। শেহতীয়াকৈ এসপ্তাহ আগতে এই ‘ৰাজনৈতিক’ পৰিৱেশ মাদুৰাই লোকসভা সমষ্টিৰ অল ইণ্ডিয়া দ্ৰাৱিড় মুনেত্ৰা কাজগাম (এআইএডিএমকে)ৰ ভি.ভি.আৰ. ৰাজ সথ্যা আৰু কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ সু ভেংকটেসেনৰ মাজত হোৱা যুঁজখনত প্ৰতিফলিত হৈছিল। ধৰ্মীয় তাৎপৰ্যৰ কাৰণেই মাদুৰাইৰ আসনখনত তিনিবাৰকৈ বাওপন্থী জয়ী হৈ আহিছে।    

আজি ২২ এপ্ৰিলৰ দিনা সাংস্কৃতিক কাৰ্যসুচীৰ অন্তিমটো দিন। এই দিনটোক অজগৰ উৎসৱ বুলি কোৱা হয় য’ত বস্ত্ৰ নিৰ্মাতাসকলে প্ৰমুখ ভূমিকা পালন কৰে। ৰাজনৈতিক মহোৎসৱস্বৰূপ ১৮ এপ্ৰিলৰ দিনা ভোটদান শেষ হোৱাৰ ১০০ ঘণ্টাৰ পিছত এই উৎসৱ উদযাপিত হৈছে।

Mubarak Ali at his shop
PHOTO • Kavitha Muralidharan
Amir John at his shop
PHOTO • Kavitha Muralidharan

পুঢু মণ্ডপমৰ ১৫০ গৰাকী বস্ত্ৰ নিৰ্মাতাৰ মাজৰ অতিকমেও ৬০ গৰাকী মুছলমান ধৰ্মালম্বী। বাওফালেঃ নিজৰ দোকানৰ কাষত মোবাৰক আলী। সোঁফালেঃ কামত ব্যস্ত আমীৰ জান

অজগৰ হৈছে কালাজগৰৰ ক্ষুদ্ৰ সংস্কৰণ, মাদুৰাই চহৰৰ পৰা কেৱল ২০ কিলোমিটাৰ দুৰত মেলুৰ খণ্ডত একে নামৰে এটা বস্তিত আছে অজগৰ কোবিল (মন্দিৰ)ৰ পীঠাসন দেৱতা। লোককথা অনুসৰি অজগৰে বেগঈ নদী পাৰ হৈ ভগ্নি মীনাক্ষীৰ বিয়া খাবলৈ আহিছিল, কিন্তু যেতিয়া তেঁও জানিবলৈ পালে যে বিয়া ইতিমধ্যে হৈ গ’ল, তেতিয়া অজগৰ খঙে-ৰাগে উভতি গ’ল।

মীনাক্ষী মন্দিৰ উৎসৱ এইবছৰ ৮ এপ্ৰিলত আৰম্ভ হৈছে আৰু প্ৰায় ১২ দিনলৈ চলিব। অজগৰ উৎসৱ ১৪ এপ্ৰিলৰ দিনা আৰম্ভ হৈছে, ৯ দিনলৈ চলিব। ২২ এপ্ৰিলৰ দিনা শেষ হ’ব। সমান্তৰালভাৱে আৰম্ভ হোৱা এই উৎসৱ দুটাক একেলগে চিঠিৰাই থীৰুভিজা বুলি কোৱা হয়। মীনাক্ষী থিৰু কল্যাণম (মীনাক্ষীৰ ঐশ্বৰিক বিবাহ)ৰে এয়া আৰম্ভ হয় আৰু থেৰোট্টম (ৰথ চলা)ৰে সমাপ্ত হয়।

পুঢু মণ্ডপম ৩৩৩ ফুট বহল আৰু ২৫ ফুট ওখ আৰু তাত ১২৫ টা স্তম্ভ আছে। প্ৰতিটো স্তম্ভতে নায়ক ৰজা আৰু দেৱ-দেৱীৰ মূৰ্ত্তি খোদিত কৰা আছে। তাৰে ভিতৰত থকা বজাৰগৃহখন বোধকৰো তামিলনাডুৰ আটাইতকৈ পুৰণি বজাৰ। তাতে কিতাপ, বাচন-বৰ্তন, কাপোৰ, খাৰু, কম দামৰ আ-অলংকাৰ, পুতলা আদিৰ ৩০০ খন দোকান আছে। ‘মই যিমানখিনি জানো, এই দোকানবোৰে শতিকাজুৰি এই ঠাই দখল কৰি আহিছে। আটাইতকৈ পুৰণি দোকানখন মই জনা মতে ছিকন্দৰ লোহাৰ বাচনৰ ষ্ট’ৰখন, এই দোকানখন কমেও ১৫০ বছৰ পুৰণি,’ জী মুথু পণ্ডীয়ে কয়। তেঁও এগৰাকী বস্ত্ৰ নিৰ্মাতা আৰু মাদুৰাইৰ পুঢু মণ্ডপম ট্ৰেডাৰ্ছ এণ্ড ড্ৰেচমেকাৰ্ছ এছচিয়েছনৰ অধ্যক্ষ।

G. Muthu Pandi at his shop
PHOTO • Kavitha Muralidharan
Festival paraphernalia
PHOTO • Kavitha Muralidharan

বাওফালেঃ মাদুৰাইৰ পুঢু মণ্ডপম ট্ৰেডাৰ্ছ এণ্ড ড্ৰেচমেকাৰ্ছ এছচিয়েছনৰ অধ্যক্ষ জী মুথু পণ্ডী। সোঁফালেঃ বস্ত্ৰ নিৰ্মাতাৰ দ্বাৰা প্ৰস্তুত কৰা উৎসৱৰ সা-সামগ্ৰী

প্ৰতিবছৰে চিঠিৰাইৰ তামিল মাহত অৰ্থাত ১৫ এপ্ৰিলৰ পৰা ১৫ মে’লৈ অইনৰ তুলনাত দৰ্জী আৰু বস্ত্ৰ নিৰ্মাতাসকলৰ ব্যস্ততা বাঢ়ে। এইখিনি সময়তে উৎসৱৰ অংশ হিচাপে আজগৰৰ বেশ পৰিধান কৰিবলৈ ওলোৱা হাজাৰ হাজাৰ ভক্তৰ কাৰণে কাপোৰ চিলাই কৰা হয়। হিন্দু ভক্তৰ কাৰণে ৰং-বিৰঙী কাপোৰ কাটি চিলাই কৰা কামত ব্যস্ত হৈ থকাসকলৰ মাজৰ এজন হৈছে আমীৰ জন। আমীৰ হৈছে এই ব্যৱসায়ত জৰিত পৰিয়ালটোৰ তৃতীয় প্ৰজন্ম। আমাক ধৈৰ্যসহকাৰে ভক্তই নিজ নিজ ভূমিকা অনুযায়ী পিন্ধিবলগীয়া কাপোৰবোৰ দেখুৱাই থকাৰ মাজতো তেঁও নিজৰ কামত যতি পৰিবলৈ দিয়া নাই। তেঁওৰ কৌশলী আঙুলিয়ে কাপোৰত কৰা কামবোৰ শিশুৰ খেলৰ দৰেই লাগিছে। ‘আমি প্ৰায় ৬০ বছৰ ধৰি এই দোকানখন চলাইছো আৰু মই মোৰ পিতৃ শ্বেইখ নবাব জনৰ পৰা এই কলা শিকিছো,’ আমীৰে কয়।        

কি ভূমিকা ল’ব তাৰ ওপৰত ভিত্তি কৰি ভক্তক চাল্লাদাম (পটলুং), কচাই (টঙালি), মাৰাদি মালাই (মালা), উৰুমা (পাগুৰি) অথবা চাট্টাই (চাবুক) আদি প্ৰয়োজন হয়। তাৰে কিছুমানে থপ্পাৰাই (কাপোৰেৰে তৈয়াৰী পানীৰ পাত্ৰ যিটোৰ ফুটাবোৰেৰে তৰল পদাৰ্থ নিয়ন্ত্ৰিত ধৰণে বাহিৰ কৰিব পাৰি), নাইবা কাপোৰৰ টুকুৰাৰে নিৰ্মিত ‘শিখা’ও কিনিব পাৰে।

তামিলনাডুৰ তিৰুনেলবেলীৰ মনোনমনিয়ম সুন্দৰনাৰ বিশ্ববিদ্যালয়ৰ তামিল বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক থৌ পাৰামাচিভানে ১৯৮৯ত লিখা গ্ৰন্থ অজগৰ কোবিলৰ মতে উৎসৱৰ সময়ত ভক্তই চাৰিটা ভিন ভিন ভূমিকা পালন কৰেঃ থিৰিয়েদুথাদুবৌৰ (জুই লৈ নৃত্য কৰা), থিৰিয়িন্দ্ৰী আদুবৌৰ (জুই অবিহনে নৃত্য কৰা), চাট্টাই অদিথাদুবৌৰ (যিয়ে নৃত্যৰ সময়ত নিজকে চাবুক মাৰে) আৰু থিৰুথী নীৰ থেলিপ্পোৰ (যিয়ে ভগৱান আৰু ভক্তৰ ওপৰত পানী ছটিয়ায়)।

‘তেঁওলোক (মুছলমান বস্ত্ৰ নিৰ্মাতা) আমাৰেই অংশ। আমি কুটুমৰ দৰে আৰু আৰু ইজনে সিজনক এনেদৰেই সম্বোধন কৰো। আমি ইজনে সিজনৰ হকে থিয় দিও, ইজনে সিজনৰ ৰক্ষা কৰো’

ভিডিঅ’ চাওকঃ ‘আপুনি এয়া কেৱল পুঢু মণ্ডপমতেই পাব...’

প্ৰথম তিনিটা গোটে সাধাৰণতে ৰঙা পটলুং পিন্ধে। আগত নাচি-বাগি থকাবোৰে ৰঙা টুপিও পিন্ধে। পানী ছটিওৱাসকলে যোদ্ধাৰ সাজ পিন্ধে আৰু উৰুমা আৰু মাৰজী মালাই পিন্ধে। পৰমাশিবনত কোৱা হৈছে যে সকলো জাতি-জনগোষ্ঠীয়ে, আনকি দলিত সম্প্ৰদায়ৰ লোকেও এই উৎসৱত ভাগ ল’ব পাৰে। তেঁওলোকে সাধাৰণতে অনুষ্ঠানৰ বিষয়ে আগতীয়াকৈ নীতি-নিয়ম নাজানে। ‘তেঁওলোকৰ প্ৰায়ভাগেই এয়া প্ৰতিজ্ঞা হিচাপে পালন কৰি আহিছে আৰু পাৰম্পৰিকভাবে এয়া কৰি আহিছে,’ তেঁও কয়। মহিলাই হয়তো কেতিয়াবাহে এনে ভুমিকাত অৱতীৰ্ণ হয়, কিন্তু তেঁওলোকে এনে কৰাত কোনো বাধা-নিষেধ নাই। পৰমাশিৱনত এয়া কোৱা হৈছে যে মীনাক্ষী উৎসৱ মাদুৰাইৰ চহা লোকৰ দ্বাৰা উদযাপন কৰা হয় বিপৰীতে অজগৰ উৎসৱ গঞাই উদযাপন কৰে।

নিজৰ বহুকেইজন সমকক্ষৰ দৰে ৫৩ বৰ্ষীয় আবু বেকাৰ ছিদ্দিকীয়ে ২০০৭ত অজগৰৰ এই পৃথিৱীত প্ৰৱেশ কৰিছিল। ‘প্ৰথমতে মই পুঢু মণ্ডপমত ফেন্সী বস্তুৰ (বিভিন্ন সৰু-সুৰা সামগ্ৰীৰ) দোকান দিছিলো। কিন্তু মই এই দিশলৈ আকৰ্ষিত হ’লো। ভাবক, এয়া কেৱল মাদুৰাইলৈকে সীমাবদ্ধ নহয়। পুঢু মণ্ডপম বস্ত্ৰ নিৰ্মাতাই ৰাজ্যখনৰ যিকোনো মন্দিৰৰ কাৰণে সা-সামগ্ৰী প্ৰস্তুত কৰে।’

তেঁওলোকৰ মাজৰে এজন হৈছে ৫৯ বৰ্ষীয় শ্বেইখ ডাউদ। ১৩ বছৰ বয়সত তেঁও অজগৰ উৎসৱৰ কাৰণে কামত ধৰিছিল। তেঁও কয়, ‘মই শিৱৰাত্ৰী, কণ্ডাস্বামী মন্দিৰ উৎসৱ আৰু অইন উৎসৱ-পাৰ্ৱণৰ কাৰণে(ও) কাপোৰ চিলাও।’

সাধাৰণতে অজগৰ উৎসৱ চাবলৈ এদিনত লাখ লাখ মানুহৰ সমাগম ঘটে আৰু বেগঈ নদীৰ পাৰত লগ লাগে। এই কাৰ্যসূচী অজগৰ উৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্ব। এই দিনটোতে ভক্তই বিভিন্ন বেশ-ভূষাৰে শোভাযাত্ৰা কৰে।

Sheikh Dawood at his shop
PHOTO • Kavitha Muralidharan
Siddique with his employee selvam who he refers to as nephew. Selvam is showing a sickle, various sizes of which can also be seen in the photo
PHOTO • Kavitha Muralidharan

শ্বেইখ ডাউদে (বাওফালে) কয়, ‘মই শিৱৰাত্ৰী, কণ্ডাস্বামী মন্দিৰ উৎসৱ আৰু অইন উৎসৱ-পাৰ্ৱণৰ কাৰণে(ও)কাপোৰ চিলাও।’ আবু বকৰ ছিদ্দীক (বাওফালে), কৰ্মচাৰী চেলভামৰ সৈতে, তেঁও হাতত ‘দৰান্তি’ লৈ আছে, হাতেৰে তৈয়াৰ কৰা সামগ্ৰীৰ ভিতৰত সেয়াও পৰে

অজগৰৰ এসাজ কাপোৰৰ দাম ৭৫০ টকাৰ পৰা ১৫০০ টকালৈ হয়। ক্ৰেতাই বিচৰা ধৰণৰ কাপোৰৰ ওপৰত সেয়া নিৰ্ভৰ কৰে। কেতিয়াবা গ্ৰাহকে অজগৰ কোবিলৰ পৰা সুৰক্ষাদাতা দেৱতা কৰুপ্পাস্বামীলৈ উৎসৰ্গিত কৰিবলৈ দৰান্তিও কিনে। বস্ত্ৰ নিৰ্মাতাই এদিনত প্ৰায় দুজোৰ পোচাক, খুব বেছি তিনিজোৰ চিলাব পাৰে। উৎসৱৰ সময়ত ৫০০ৰ পৰা ৬০০ টকাৰ তলত উপাৰ্জন নহয়, কোনদিনা কি পোচাক চিলাইছে তাৰে ওপৰত সেয়া নিৰ্ভৰ কৰে। সহায়ক বৰ্গৰ প্ৰাপ্যখিনি দিয়াৰ পিছত বাকী থকাখিনি উপাৰ্জন হিচাপে ধৰা হয়।

ছিদ্দিকীয়ে কয় যে তেঁওৰ তালৈ এনে কিছুমান গ্ৰাহকো আহে যিয়ে তেঁও মুছলমান বুলি জনাৰ পিছতো তেঁওক ‘অতিৰিক্ত টকা দিয়ে আৰু কয় যে তেঁও ভাগ্যশালী যে তাৰপৰা পোচাক কিনিব পাইছে।’

মাদুৰাইৰ পুঢু মণ্ডপম ট্ৰেডাৰ্ছ এণ্ড ড্ৰেছমেকাৰ্ছ এছচিয়েছনৰ অধ্যক্ষ জী মুথু পণ্ডীয়ে কৰা অনুমান মতে পুঢু মণ্ডপমত ১৫০ গৰাকী বস্ত্ৰ নিৰ্মাতা আছে আৰু তাৰে অতিকমেও ৬০ গৰাকী মুছলমান। তেঁও কয়, ‘তেঁওলোকৰ কোনোবাই ক্ষতি কৰিব বিচৰাটো’ অকল্পনীয়। ‘তেঁওলোক আমাৰেই অংশ। আমি কুটুমৰ দৰে আৰু আৰু ইজনে সিজনক এনেদৰেই সম্বোধন কৰো। আমি ইজনে সিজনৰ হকে থিয় দিও, ইজনে সিজনৰ ৰক্ষা কৰোঁ। দেশৰ আন প্ৰান্তত এয়া ভিন্ন হ’ব পাৰে, কিন্তু মাদুৰাইত আপুনি আমাক ইজনে সিজনৰ গলত নহয়, কান্ধত হাত থোৱা দেখা পাব।’

বস্ত্ৰ নিৰ্মাতাসকল এই কথা লৈ একমত যে তেঁওলোকৰ বেপাৰ কেতিয়াও মন্দা হোৱা নাই। ২০১৮ৰ ফেব্ৰুৱাৰীত মীনাক্ষী মন্দিৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত যেতিয়া ছমাহৰ কাৰণে পুঢু মণ্ডপম বন্ধ কৰি দিয়া হৈছিল, তেতিয়া লোকচান হৈছিল। তাৰ পিছত পুনৰাই খোলা হ’ল যদিও বিষয়া-বৰ্গই বেছি ভীৰ থকা দোকানবোৰ আন স্থানলৈ স্থানান্তৰিত কৰাৰ যোজা চলাই আছে। ইয়াৰদ্বাৰা ঐতিহাসিক স্থল হিচাপে পুঢু মণ্ডপম পুনৰ্নিমিত আৰু সংৰক্ষিত কৰা হ’ব। ‘আমিও পুঢু মণ্ডপমৰ ঐতিহ্য বুজি পাও আৰু সংৰক্ষণ হোৱাটো বিচাৰো,’ ছিদ্দিকীয়ে কয়। ‘প্ৰশাসনে আমাক মাত্ৰ দুটা অট্টালিকা পাৰ হৈ কুন্নথুৰ ছত্ৰমলৈ নিয়াৰ প্ৰতিশ্ৰুতি দিছে। উৎসৱ শেষ হোৱাৰ পিছত আমাক তালৈ স্থানান্তৰিত কৰা হ’ব।’ ঠাই সলনি হ’লেও বেপাৰৰ তাৰতম্য নঘটে বুলি তেঁওলোকৰ বিশ্বাস।

‘এযা হয়তো এনে ব্যৱসায় য’ত কেতিয়াও লোকচান হোৱা নাই,’ ছিদ্দিকীয়ে কয়। ‘এই ভীৰৰ মাজত চিঠিৰাইৰ দৰে উৎসৱে মানুহক উশাহ লোৱাৰ অৱকাশ দিয়ে। তেঁওলোক এটা স্থানত সমবেত হয়, ভালেকেইদিন একেলগে জীৱনৰ ভাল সময় কটায়। সেয়ে হয়তো তেঁওলোকে কোনো লোকচানৰ সমুখীন নহয়, মই ভাবো।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan