অনুবাদ: পংকজ দাস

SANGUR, PUNJAB
|FRI, OCT 21, 2022
জলবায়ু পৰিৱৰ্তনৰ ইতিবৃত্ত: সাধাৰণ জনতাৰ অসাধাৰণ কাহিনী
সৰ্বসাধাৰণ ভাৰতীয়ৰ জীৱন-অভিজ্ঞতা আৰু মাত-কথাৰ যোগেদি পাৰিয়ে দেশৰ বিভিন্ন জলবায়ু আৰু কৃষি-পৰিস্থিতিতান্ত্ৰিক মণ্ডলৰ পৰা জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰতিবেদন যুগুতাইছে
Author
Translator
23. অৰুণাচলৰ এধানি পখীয়ে দিছে জলবায়ু পৰিৱৰ্তনৰ সংকেত
অৰুণাচলৰ জৈৱবৈচিত্ৰৰে ভৰা মেঘাৰণ্যবোৰৰ পখীয়ে নিজৰ আবাস সলনি কৰি পৰ্বতৰ উপৰভাগত গৈ থিতাপি ল’ব ধৰিছে, যিটো পৰিস্থিতিতন্ত্ৰৰ এক গুৰুতৰ পৰিৱৰ্তনৰ সংকেত বহন কৰিছে। অৱশ্যে স্থানীয়ে লোকে জলবায়ু পৰিৱৰ্তন ৰোধত হাত উজান দিছে
22. 'অঁ, সেই ঘৰটো? সেইটো এতিয়া পানীৰ মাজত, সৌৱা!'
সাগৰখনে এইবাৰ কি গ্ৰাস কৰিব, সেয়া উত্তৰ প্ৰদেশৰ গোদাবৰী জিলাৰ উপ্পাড়া গাঁৱৰ বাসিন্দাসকলে এতিয়া পূৰ্বানুমান কৰিব পৰা হৈছে। দ্ৰুত আগ্ৰাসী সাগৰখনে তেওঁলোকৰ জীৱিকা, সামাজিক সম্পৰ্ক আৰু সামূহিক স্মৃতি সলনি কৰি পেলাইছে
21. জলবায়ু পৰিৱৰ্তনৰ গৰাহত পৰা কীট-পতংগৰ অস্তিত্বৰ যুঁজ
থলুৱা কীট-পতংগৰ বহুতো প্ৰজাতি ভাৰতত ক্ৰমাৎ বৃহৎ হাৰত নিঃশেষ হ’বলৈ ধৰিছে – আমাৰ খাদ্য সুৰক্ষাৰ লগত এনে বহু প্ৰজাতিৰ নিবিড় সম্পৰ্ক আছে। নোমাল স্তন্যপায়ী প্ৰাণীৰ বাবে মানুহৰ যি মৰম, সেই একেই উষ্ণ অনুভূতি কীট-পতংগৰ সংৰক্ষণৰ ক্ষেত্ৰত দেখা নাযায়
20. লক্ষদ্বীপৰ ভগ্ন প্ৰৱাল প্ৰাচীৰৰ কান্দোন
ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰশাসিত ৰাজ্য, যিখন সমূদ্ৰপৃষ্ঠৰ পৰা ১ কি ২ মিটাৰ ওপৰত আছে আৰু য’ত প্ৰতি সাতজনৰ মাজৰ এজন মৎস্যজীৱি, সেই অঞ্চলৰ প্ৰৱালৰ টিলা ক্ৰমশঃ নাইকিয়া হ’বলৈ ধৰিছে আৰু তাত বিভিন্ন স্তৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অনুভূত হ’বলৈ ধৰিছে
19. থানেত প্ৰৱঞ্চকৰ ৰূপ লৈছে বৰষুণে
মহাৰাষ্ট্ৰৰ সাহাপুৰ তালুকৰ আদিবাসী বস্তিৰ বাসিন্দা ধৰ্মা গাৰেল আৰু আন লোকে ‘জলবায়ু পৰিৱৰ্তন’ৰ কথা নাপাতিব পাৰে, কিন্তু তেওঁলোকে অনিয়মীয়া বৰষুণ আৰু কমি অহা উৎপাদনৰ ৰূপত ইয়াৰ পোনপটীয়া প্ৰভাৱৰ সন্মুখীন হৈ আহিছে
18. চুৰুঃ প্ৰৱাহিত তাপ আৰু শীত - ঘাইকৈ তাপ
গোলকীয়া উষ্ণতা ৫১ ডিগ্ৰী চেলছিয়াছৰ অভিলেখ ২০১৯ৰ জুনত ৰাজস্থানৰ চুৰুৱে সৃষ্টি কৰিছিল। সম্প্ৰসাৰিত গ্ৰীষ্মৰ বিভিন্ন পৰিৱৰ্তনৰ ভিতৰত এই সৰ্বোচ্চ তাপমাত্ৰা এক মাইলৰ খুটি যদিও গ্ৰীষ্মৰ বিৰূপ পৰিৱৰ্তনসমূহে নিৰ্দিষ্টকৈ বতৰৰ পৰিৱৰ্তনকে সূচাইছে
17. যেতিয়া যমুনাৰ ‘মৰা মাছবোৰ সতেজ হৈ পৰিব’
আৱৰ্জনা আৰু অনীহাই দিল্লীৰ জীৱনৰেখাস্বৰূপ নদীখনক নলালৈ ৰূপান্তৰ কৰিছে। নদীখনৰ প্ৰকৃত ৰখীয়া মাছবোৰ ক’লৈকো যাব নোৱাৰি প্ৰতি বছৰে লাখে লাখে কদৰ্য নলাতে মৃত্যুক আকোৱালি লৈছে। জলবায়ু সংকটত ইন্ধন যোগোৱা এনে দশাই সংকটৰ ডাঁৱৰ ঘনীভূত কৰি পেলাইছে
16. ডাঙৰ নগৰ, ক্ষুদ্ৰ খেতিয়ক আৰু এখন মৃতপ্ৰায় নৈ
নগৰীয়া খেতিয়ক? হয়, তেনেকুৱাই। দেশৰ ৰাজধানীত মৃতপ্ৰায় যমুনা নদী আৰু তাৰ অৱবাহিকাৰ ধ্বংসকাৰ্যই অঞ্চলটোৰ জলবায়ু সংকটত ইন্ধন যোগাইছে আৰু কৃষকৰ জীৱিকা বিধ্বস্ত কৰিছে
15. মুম্বাইৰ উপনগৰত সৰু হৈ অহা ৰূপচন্দা
স্থানীয় পৰ্যায়ত হোৱা প্ৰদূষণৰ পৰা আৰম্ভ কৰি গোলকীয়া উষ্ণতা বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত ডোঁৱাৰবোৰত টুটি অহা মাছৰ কথা ভাৰ্ছোৱা কলিৱাড়াৰ বহুতেই ক’ব খোজে। এনে বিভিন্ন কাৰকে নগৰখনৰ উপকূল অঞ্চললৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বোৱাই আনিছে
14. তামিলনাডুৰ অশান্ত সাগৰত সাগৰীয় বন সংগ্ৰহ
তামিলনাডুৰ ভাৰথীনগৰৰ মাছমৰীয়া মহিলাৰ কাম অলপ সুকীয়া। তেওঁলোকে নাৱতকৈ বেছি সময় পানীৰ তলতহে কটায়। জলবায়ু পৰিৱৰ্তন আৰু সাগৰীয় সম্পদৰ লুণ্ঠনে এই সুকীয়া জীৱিকাৰ মহিলাসকলৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে
13. ভাণ্ডাৰাত বিলম্বিত বৰষুণ, বিবুদ্ধিত কৃষক
দীৰ্ঘদিন ধৰি প্ৰচুৰ জলম্পদৰ প্ৰাচুৰ্যতাৰে ভৰা বিদৰ্ভৰ এই জিলাখনত এতিয়া বৰষুণৰ ৰেহৰূপ সলনি হৈছে। ‘জলবায়ু হটস্পট’ হিচাপে তালিকাভূক্ত ভাণ্ডাৰাত দেখা দিয়া পৰিৱৰ্তনে ধানখেতি কৰা কৃষকক লোকচান আৰু অনিশ্চয়তাৰ দিশে লৈ গৈছে
12. এতিয়া মূৰৰ কামোৰণীত পৰিণত হৈছে কঁপাহ
ওড়িশাৰ ৰায়গড়া জিলাত ৰাসায়নিক দ্ৰব্য নিহিত এক কৰ্ষিত বিটি কঁপাহ বিয়পি পৰিছে। এনে কঁপাহে স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ উপৰি কৃষকৰ ধাৰৰ বোজা বৃদ্ধি কৰিছে।একে সময়তে এনে কঁপাহে কৃষি কৰ্মৰ থলুৱা ধ্যান-ধাৰণাৰ ক্ষতি সাধন কৰিছে আৰু জলবায়ু সংকটৰ বীজ ৰোপণ কৰিছে
11. ওড়িশাত জলবায়ু সংকটৰ বীজ ৰোপন
ৰায়াগড়াত বিটি কপাহৰ খেতি ১৬ বছৰত ৫২০০ শতাংশ বাঢ়িছে। পৰিণামস্বৰূপে স্বদেশী বাজৰা, ধানৰ ভিন্ন প্ৰজাতি আৰু বন্য খাদ্যৰে ভৰপুৰ এই বৈচিত্ৰতা ভৰা অঞ্চলটোত চিন্তনীয় ৰূপত পাৰিৱেশিক পৰিৱৰ্তনে দেখা দিছে
10. গুজৰাটৰ সংকুচিত ঘাঁহনি পথাৰত ভেড়াৰ গন্তি
গুজৰাটত ভেড়াৰ কাৰণে চৰণীয়া পথাৰৰ সন্ধানত কচ্ছৰ গৰখীয়াই বহুদুৰ বাট ভ্ৰমিব লগীয়া হৈছে, ইফালে ইখনৰ পিছত সিখন চৰণীয়া পথাৰ নাইকিয়া হ’বলৈ ধৰিছে, দুৰ্গম হ’বলৈ ধৰিছে আৰু জলবায়ুৰ ৰেহৰূপ আগতকৈ বেছি অনিয়মীয়া হৈ পৰিছে
9. সুন্দৰবনঃ ‘এডালো ঘাঁহ-বন গজা নাছিল…’
বাৰম্বাৰ অহা ঘূৰ্ণীবতাহ, অনিয়মীয়া বৰষুণ, অত্যাধিক লৱণযুক্ত মাটি-পানী, বৰ্ধিত উষ্ণতা, অৱক্ষয়প্ৰাপ্ত মেনগ্ৰোভ আদি বিভিন্ন ৰূপত আত্মপ্ৰকাশ ঘটা জলবায়ু পৰিৱৰ্তনে পশ্চিমবংগৰ নদীৰে পৰিবেষ্টিত সুন্দৰবনৰ বাসিন্দাসকলক আঘাত হানিছে
8. ‘সুখৰ দিনবোৰ স্মৃতি হৈ ৰ’ল’
অৰুণাচল প্ৰদেশৰ হিমালয়ৰ পূৰ্বাঞ্চলৰ সুউচ্চ পৰ্বতাঞ্চলত যাযাবৰ জীৱন কটোৱা ব্ৰোকপা উপ-জনগোষ্ঠীয়ে জলবায়ু পৰিৱৰ্তনৰ অনুমান কৰিব পাৰিছে আৰু পৰম্পৰাগত জ্ঞানেৰে সেই পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ৰণনীতি প্ৰস্তুত কৰাত লাগিছে
7. লাটুৰত তাপমান ৪৩ ডিগ্ৰী, তথাপি ধাৰাসাৰ শিলাবৃষ্টিত বিধ্বস্ত কৃষি
মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ গঞাই যোৱা এটা দশক ধৰি গ্ৰীষ্মকালৰ তীব্ৰ তাপমান আৰু বিধ্বংসী শিলাবৃষ্টিৰ সমুখীন হৈ আহিছে। ফলত খেতিয়কে বাগিচাৰ খেতি এৰিবলৈ ধৰিছে
6. সাংগোলেত ‘সকলো উলট-পালট হৈ গৈছে’
মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ সাংগোলে তালুকৰ গাঁওবোৰত স্বাভাৱিক বাৰিষা আৰু খৰাং দিনৰ পুৰণি ঋতুচক্ৰ কেনেদৰে ভাঙি গৈছে, কিয় ভাঙিছে আৰু তাৰ পৰিণাম কি হ’ব সেই লৈ মানুহৰ গুণা-গঁথা চলিছে
5. ‘আজিকালি আমি সেই মাছবোৰ ডিছকভাৰি চেনেলত বিচাৰি ফুৰো’
তামিলনাডুৰ ৰামনাথপুৰ জিলাৰ নিকটৱৰ্তী পাম্বন দ্বীপৰ মৎস্যোপজীৱি সকলৰ বাবে প্ৰচাৰিত সামূহিক অনাতাঁৰ কেন্দ্ৰ কড়াল ওছাইৰ আজি তিনি বছৰীয়া বৰ্ষপূঁতি। জলবায়ু পৰিৱৰ্তনৰ ওপৰত আধাৰিত কেন্দ্ৰটোৰ নতুন কাৰ্যসূচীৱে চিন্তাৰ ঢৌ তুলিছে
4. ‘জলবায়ু কিয় এনেদৰে সলনি হ’বলৈ ধৰিছে?’
কেৰেলাৰ ৱায়ানাদ জিলাত কফি আৰু জালুকৰ খেতিয়কে উষ্ণতা বৃদ্ধি আৰু অনিয়মীয়া বৃষ্টিপাতৰ ফলত লোকচানৰ ভৰ সহিব নোৱাৰা হৈছে যিখন ঠাইৰ ‘শীত-তাপ নিয়ন্ত্ৰিত জলবায়ু’ক লৈ তেওঁলোকে এটা সময়ত গৌৰৱবোধ কৰিছিল
3. 'কিজানি আমি পাহাৰ দেৱতাক বিতুষ্ট কৰিলোঁ'
লাডাখৰ সুউচ্চ মালভূমি অঞ্চলৰ চৰণীয়া পথাৰৰ যাযাবৰ চাংপা গৰখীয়াসকলে মেথোনক লৈ দোমোজাত পৰিছে, দৰাচলতে সুউচ্চ পৰ্বতমালাৰ স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰত জলবায়ুৰ গুৰুতৰ তাৰতম্যই গো-অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে, তাৰ পৰাই খেলিমেলিবোৰ আৰম্ভ হৈছে
2. জলবায়ুৰ প্ৰভাৱত কোলহাপুৰত নগুৰ-নাগতি
কোলহাপুৰৰ ৰাধানগৰীত মানৱ-বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাইছে। হাবিৰ মেঠোন আহি খেতি পথাৰত সোমাইছে। নিৰ্বনানীকৰণ, খেতিৰ পৰিৱৰ্তিত ধাৰা, খৰাং বতৰ আৰু জলবায়ুৰ তাৰতম্যই এই সংঘাত তীব্ৰতৰ কৰিছে
1. ৰায়ালসীমাত বালিৰ বৰষুণ
ক্ৰমান্বয়ে টুটি অহা সেউজ প্ৰচ্ছদ, বতৰৰ খেতিৰ সলনি হৈ অহা সময়, শুকাই চিৰাল ফাঁট দিয়া কুঁৱাৰ তলি, এখন নৈৰ মৃত্যু আৰু বহুতো পৰিঘটনাই অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ বায়ু-পানী- মাটি, বন আৰু জলবায়ুৰ ওপৰত নাটকীয় প্ৰভাৱ পেলাইছে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/জলবায়ু-পৰিৱৰ্তনৰ-ইতিবৃত্ত-সাধাৰণ-জনতাৰ-অসাধাৰণ-কাহিনী























