‘এটি পৰুৱাৰ জীৱন। ১৯৯৮ৰ এইখন অতি সফল চলচ্চিত্ৰৰ ধাৰাবাহিক দ্বিতীয় খণ্ডৰ দৰে এই ঘটনা ঘটিছে। হলিউডত নিৰ্মিত মূল চলচ্চিত্ৰখনত ফ্লিক নামৰ পৰুৱাটোৱে শত্ৰু কাকতী ফৰিঙৰ ভাবুকিৰ পৰা নিজৰ পৰুৱাৰ দ্বীপৰ হাজাৰ হাজাৰ সতীৰ্থক ৰক্ষা কৰিবলৈ কঠোৰ যোদ্ধা নিযুক্ত কৰিবলৈ চেষ্টা কৰিছে।’
কিন্তু ভাৰতৰ বাস্তৱ জীৱনৰ ধাৰাবাহিকখনত নাম ভূমিকাত থকা ত্ৰিলিয়ন প্ৰাণীৰ ভিতৰত ১.৩ বিলিয়নেই অৰ্থাৎ ১৩০ কোটি মানুহ। ছুটি শিঙৰ আগ্ৰাসনকাৰী কাকতী ফৰিং চলিত বৰ্ষৰ মে’ মাহত ভাৰতত সোমাইছে। ইয়াৰ একোটা পংগপালত লাখ লাখ কাকতী ফৰিং থাকে। লাখ লাখ কাকতী ফৰিঙৰ একোটা পালে বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰপ্ৰদেশৰ কেইবালাখ একৰ ভূমিৰ শস্য অনিষ্ট কৰে বুলি কেন্দ্ৰীয় কৃষি আয়ুক্তই কয়।
এই উৰন্ত আগ্ৰাসনকাৰীৰ ওচৰত দেশৰ সীমা প্ৰতিবন্ধক নহয়। বিশ্বৰ প্ৰায় ৩০ খন দেশত কাকতী ফৰিং আছে আৰু পশ্চিম আফ্ৰিকাৰ পৰা ভাৰতলৈ ১৬০ লাখ বৰ্গ কিলোমিটাৰত ইয়াৰ অস্তিত্ব বিৰাজমান, এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ এ অ’)য়ে। ৪০ নিযুত সদস্যৰ কাকতী ফৰিঙৰ একোটা পালে এদিনত ৩৫,০০০ মানুহ, ২০ টা উট বা ৬ টা হাতীয়ে খাব পৰা পৰিমাণৰ খাদ্য খাব পাৰে।
চকিত হ’বলগীয়া নহয় যে ৰাষ্ট্ৰীয় কাকতী ফৰিং সতৰ্কীকৰণ সংস্থাত প্ৰতিৰক্ষা, কৃষি, গৃহ পৰিক্ৰমা, বিজ্ঞান আৰু প্ৰযুক্তি, অসামৰিক বিমান পৰিবহন আৰু যোগাযোগ মন্ত্ৰনালয়ৰ সদস্য অন্তৰ্ভূক্ত।
কোটি কোটি কীট-পতংগৰ মাজৰ সুষম সমতাক বিপদৰ মাজলৈ নিক্ষেপ কৰা এই কাহিনীভাগত কেৱল কাকতী ফৰিং একমাত্ৰ খলনায়ক নহয়। ভাৰতৰ পতংগতত্ববিদ আৰু আদিবাসী তথা আন কৃষকসকলে এনে বহু বেয়া পতংগ বা অচিন পতংগক ইতিমধ্যে চিনাক্ত কৰিছে। ভাল পতংগ হৈছে- ‘উপকাৰী কীট-পতংগ যিবিলাক খাদ্য উৎপাদনৰ মিত্ৰ- কিন্তু জলবায়ুৰ পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰতিকূলতাৰ বাবে সিহঁতৰ প্ৰাকৃতিক আবাস ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এনে বহু মিত্ৰ কীট-পতংগও শত্ৰুলৈ ৰূপান্তৰ হ’ব পাৰে।’










