কেইমাহমান আগৰ কথা। ভাৰ্ছোৱা জেটিত এদিনাখন পুৱা ডোঁৱাৰৰ পাৰৰ শিল এচটাত বহি থকা ৰামজীভাইয়ে কি কৰি আছে সুধিছিলো। ‘টাইমপাছ,’ তেওঁ উত্তৰ দিছিল। ‘মই এইটো ঘৰলৈ লৈ গৈ খাম।’ অলপ আগতে ধৰা এটা সৰু টিঙৰাজাতীয় মাছলৈ আঙুলিয়াই তেওঁ কৈছিল। আগদিনা ৰাতি মৰা জালবোৰ মাছমৰীয়াবোৰে চাফা কৰি থকা দেখিছিলো। তেওঁলোকৰ জালবোৰত মাছ নাছিল, বোজাই বোজাই প্লাষ্টিকহে আছিল।
‘জান-জুৰিবোৰত মাছ ধৰিব পৰাটো কাচিৎহে সম্ভৱ,’ উত্তৰ মুম্বাইৰ কে-ৱেষ্ট ৱাৰ্ডৰ মাছমৰীয়াৰ গাওঁ ভাৰ্ছোৱা কলিৱাড়াত জীৱনৰ সত্তুৰৰো অধিক বয়স পাৰ কৰা ভগৱান নামদেৱ ভাঞ্জিয়ে কয়। ‘আমি ডেকা থাকোতে উপকূলটো মৰিছাচৰ উপকূলবোৰৰ দৰে আছিল। আপুনি মুদ্ৰা এটা পানীলৈ দলিয়াই দিলে সেইটো দেখা পোৱা গৈছিল...পানী ইমান চাফা আছিল।’
এতিয়া ভগৱানৰ চুবুৰীয়াৰ জালত মাছ নুঠে, সেয়ে সৰু সৰু জাল হ’লেও সেইবোৰ সাগৰৰ গভীৰতাত মাৰিব লগীয়া হয়। ‘আগতে আমি ডাঙৰ ডাঙৰ ৰূপচন্দা ধৰিব পাৰিছিলোঁ, কিন্তু এতিয়া সৰু সৰু ৰূপচন্দা পোৱাও দুৰূহ হৈ পৰিছে। আমাৰ ব্যৱসায়ত সাংঘাতিক লোকচান হৈছে,’ ভগৱানৰ বোৱাৰী ৪৮ বৰ্ষীয় প্ৰিয়া ভাঞ্জিয়ে কয়। তাই যোৱা ২৫ বছৰ ধৰি মাছ বিক্ৰী কৰি আহিছে।
কলিৱাড়াৰ ১০৭২ টা মাছমৰীয়া পৰিয়ালৰ (২০১০ৰ সামূদ্ৰিক মাছমৰীয়া লোকপিয়ল মতে) ৪,৯৪৩ জন লোকৰ প্ৰায় প্ৰতিজনেই মাছ কমি অহাৰ কথাকেই কয়। স্থানীয় পৰ্যায়ত হোৱা প্ৰদুষণৰ পৰা আৰম্ভ কৰি গোলকীয় উত্তাপলৈকে বিভিন্ন কাৰণত তেওঁলোকে এনে হোৱা বুলি কয়। এনেদৰেই নগৰখনৰ উপকূলীয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে।











