

Ramanathapuram district, Tamil Nadu
|MON, NOV 11, 2019
তামিলনাডুৰ অশান্ত সাগৰত সাগৰীয় বন সংগ্ৰহ
তামিলনাডুৰ ভাৰথীনগৰৰ মাছমৰীয়া মহিলাৰ কাম অলপ সুকীয়া। তেওঁলোকে নাৱতকৈ বেছি সময় পানীৰ তলতহে কটায়। জলবায়ু পৰিৱৰ্তন আৰু সাগৰীয় সম্পদৰ লুণ্ঠনে এই সুকীয়া জীৱিকাৰ মহিলাসকলৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে
Reporter
Editor
Series Editors
Translator
তেওঁলোক পুৱতি নিশা ৩ বজাতে শোৱাপাটি এৰে। ৫ বাজে মানে কামলৈ সাজু হয় আৰু তাৰে আগেয়ে ঘৰৰ সকলো কাম-বন সামৰি আজৰি হ’ব লাগে। অকণমান খোজকাঢ়ি গ’লেই তেওঁলোকৰ কৰ্মস্থলী পায়। কৰ্মস্থলী মানে তিতি থকা এখন বিস্তৰ উপকূল। তেওঁলোকে ঘৰৰ পৰা ওলাই আহিয়ে সাগৰৰ অন্তহীন জলৰাশিত ডুব মাৰে।
কেতিয়াবা তেওঁলোকে নাও লৈ ওচৰৰে দ্বীপবোৰলৈ যায় আৰু তাৰে পানীত নামে। এই কাম ৭ৰ পৰা ১০ ঘণ্টা পৰ্যন্ত চলে। প্ৰতিবাৰতে পানীৰ ওপৰলৈ আহোতে হাতত এমুঠিমান সাগৰীয় বন লৈ আহে। যেন তেওঁলোকৰ উশাহ তাতেই। আচলতে সেয়াই তেওঁলোকৰ জীৱন। পানীত ডুব মাৰি সেই সাগৰীয় উদ্ভিদ আৰু শেলুৱৈ সংগ্ৰহ কৰাই তামিলনাডুৰ ৰমনাথপুৰম জিলাৰ ভাৰথীনগৰ চুবুৰীৰ সেই সকল মহিলাৰ মূল জীৱিকা।
কামৰ সময়ত তেওঁলোকে কাপোৰ, জালৰ মোনাৰ লগতে ‘সুৰক্ষা সামগ্ৰী’ও আনে। নাৱৰীয়াই তেওঁলোকক সাগৰীয় বনেৰে ভৰা সেই দ্বীপবোৰলৈ লৈ যায় আৰু তাতেই মহিলাসকলে শাৰীবোৰ চুৰিয়াৰ লেখীয়াকৈ পোন্ধ মাৰি জালৰ মোনা কঁকালত বান্ধি টিচাৰ্ট পিন্ধি সাজু হয়। ‘ৰক্ষা’ কৱচ বুলিবলৈ তেওঁলোকে চকুৰ কাৰণে বিশেষ গাগলচ্ পিন্ধে আৰু হাতত অস্ত্ৰোপচাৰৰ সময়ত পিন্ধা গ্লোভচ্ বা কাপোৰ মেৰিয়াই লয় আৰু পানীৰ তলৰ চোকা শিলত লাগি ভৰিত আঘাত নাপাবলৈ ৰবৰৰ চেন্দেল পিন্ধে। এয়া তেওঁলোকে সাগৰ তীৰত নাইবা দ্বীপলৈ গ’লে পিন্ধে।
সাগৰীয় বন সংগ্ৰহ কৰাটো এই অঞ্চলৰ মহিলাৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এক পাৰম্পৰিক জীৱিকা। কিছুমান অকলশৰীয়া আৰু নিঃসহায় মহিলাৰ কাৰণে ইয়েই একমাত্ৰ জীৱিকাৰ উৎস।
সাগৰীয় বন কমি আহিবলৈ ধৰাৰ ফলত এই জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। এয়া বৰ্ধিত উষ্ণতা, সাগৰপৃষ্ঠৰ বৰ্ধিত উচ্চতা, পৰিৱৰ্তিত বতৰ আৰু জলবায়ু, আৰু সাগৰীয় সম্পদৰ অবাধ শোষণৰ ফলত হৈছে।
‘সাগৰীয় বনৰ বিকাশ দ্ৰুত গতিত স্খলন ঘটিছে,’ ৪২ বৰ্ষীয় পি. ৰাক্কাম্মাই কয়। অইন সংগ্ৰাহক মহিলাৰ দৰে একেই জীৱন-যাপন কৰা ৰাক্কাম্মাৰ ঘৰ থিৰুপ্পুল্লানি খণ্ডৰ মায়াকুলাম গাঁৱত। ‘এতিয়া আমি আগৰ দৰে কাম নোপোৱা হ’লো। কেতিয়াবা মাহটোত ১০ দিন মানহে কাম পাও।’ বছৰটোত পাঁচটা মাহ কাম থাকে, তাতে আকৌ মাহত ১০ দিন। এনেকৈ পেট পোহা টান হৈ পৰে। ‘২০০৪ৰ ছুনামিৰ পিছত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে আৰু ঢৌবোৰ আগতকৈ শক্তিশালী হৈ পৰিছে’, এয়া ৰাক্কাম্মাই অনুভৱ।

M. Palani Kumar
এনে পৰিৱৰ্তনে এ. মূকুপৰিৰ দৰে সংগ্ৰাহকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তেওঁ আঠ বছৰ বয়সৰ পৰা সাগৰীয় বন সংগ্ৰাহকৰ কাম কৰি আহিছে। শৈশৱতে মাক-দেউতাক ঢুকোৱাৰ পিছত মূকুপৰিক আত্মীয়ই এজন মদাহীৰ লগত বিয়া পাতি দিছিল। এতিয়া ৩৫ বছৰ বয়সত মূকুপৰিৰ তিনিজনী জীয়ৰী আছে আৰু তেওঁ এতিয়াও গিৰীয়েকৰ লগতে থাকে। কিন্তু ভগ্নস্বাস্থ্যৰ কাৰণে পৰিয়াল পোহাত গিৰীয়েক অক্ষম।
তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ উপায় ‘সাগৰীয় বন সংগ্ৰহ’। কিন্তু এতিয়া সেই উপাৰ্জনেৰে তিনিজনীকৈ ছোৱালীৰ পঢ়া-শুনাৰ খৰছ বহন কৰাটো সম্ভৱপৰ হৈ থকা নাই, মূকুপৰিয়ে কয়। তেওঁৰ ডাঙৰজনী কন্যাই বাণিজ্য বিভাগত স্নাতক পাঠ্যক্ৰম পঢ়ি আছে। মাজুজনীয়ে কলেজত নাম ভৰ্তি কৰিবলৈ ৰৈ আছে। সৰুজনীয়ে ষষ্ঠ মানত পঢ়ি আছে। এনেস্থলত ‘ভাল দিন নাহিব’ বুলি মূকুপৰি শংকাত ডুবিছে।
তাই আৰু তাইৰ সহকৰ্মী সংগ্ৰাহকসকল মুথুৰাইয়াৰ সম্প্ৰদায়ৰ। তামিলনাডুৰ আটাইতকৈ পিছপৰা সম্প্ৰদায় এই মুথুৰাইয়াৰসকল। ৰমনাথপুৰম মৎস্যকৰ্মী ইউনিয়নৰ সচিব এ. পালস্বামীয়ে অনুমান কৰা মতে তামিলনাডুৰ ৯৪০ কিলোমিটাৰ জুৰি বিস্তৃত উপকূল অঞ্চলত ৬০০ৰো অধিক সাগৰীয় বন সংগ্ৰাহক মহিলা আছে। কিন্তু তেওঁলোকে নিজৰ কামেৰে কেৱল তামিলনাডুৰে নহয়, বহিৰাজ্যৰো চাহিদা পুৰণ কৰে।
‘আমি সংগ্ৰহ কৰা সাগৰীয় বন অগৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়,’ ৪২ বৰ্ষীয় পি. ৰাণীয়াম্মাই কয়। অগৰ হৈছে খাদ্যবস্তু গাঢ় কৰিবলৈ ব্যৱহাৰ কৰা এবিধ লুথুৰীৰ দৰে সামগ্ৰী।
সাগৰীয় বন খাদ্য উদ্যোগৰ লগতে কিছুমান সাৰৰ উপাদান হিচাপে, ঔষধ কোম্পানীয়ে দৰৱ প্ৰস্তুতকৰণত, আৰু আন বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। মহিলাই সংগ্ৰহ কৰি শুকোৱা সাগৰীয় বন মাদুৰাই জিলাৰ কাৰখানালৈ প্ৰক্ৰিয়াকৰণৰ বাবে অনা হয়। এই অঞ্চলটোত দুই ধৰণৰ সাগৰীয় বন পোৱা যায়- মাট্টাকৰাই (gracilaria) আৰু মাৰিকঝুণ্ঠু (gelidium amansii)। গেলিডিয়াম কেতিয়াবা চালাদ, পুডিং আৰু জামৰ অংশ হিচাপেও পৰিৱেশন কৰা হয়। বিশেষকৈ সুষম আহাৰ গ্ৰহণ কৰা সকলৰ বাবে ই উপকাৰী বুলি বিশ্বাস কৰা হয় আৰু কোষ্ঠকাঠিন্যৰ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। মাট্টাকৰাই কাপোৰত ৰং বোলোৱা আৰু অনান্য ঔদ্যোগিক কামত ব্যৱহৃত হয়।
কিন্তু বিভিন্ন উদ্যোগত সাগৰীয় বনৰ চাহিদা আৰু জনপ্ৰিয়তাৰ ফলত ইয়াৰ লুণ্ঠনো চলিছে। কেন্দ্ৰীয় লৱণ আৰু সামূদ্ৰিক ৰসায়ন গৱেষণা প্ৰতিষ্ঠান (ৰমনাথপুৰমৰ মন্দপম শিবিৰ)য়ে এই কথা প্ৰকাশ কৰিছে যে অবাধ লুণ্ঠনৰ ফলত সাগৰীয় বনৰ দলিচা লক্ষণীয় হাৰত কমিছে।

M. Palani Kumar
সংগ্ৰহৰ পৰিমাণেই উপলব্ধতা হ্ৰাস হোৱা স্পষ্টতঃ দৰ্শায়। ‘পাঁচ বছৰ আগতে আমি অতিকমেও ১০ কিলোগ্ৰাম মাৰিকঝুণ্ঠু সাত ঘণ্টাত সংগ্ৰহ কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া দিনটোত ৩ বা ৪ কিলোতকৈ বেছি সংগ্ৰহ কৰিব নোৱাৰি। তদুপৰি সাগৰীয় বনৰ আকাৰো সৰু হৈ গৈছে।’
সাগৰীয় বনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা উদ্যোগো সংকুচিত হৈছে। ২০১৪ৰ শেষৰ ফালে মাদুৰাইত ৩৭ টা অগৰ প্ৰস্তুত কেন্দ্ৰ আছিল, এ. বসুৱে কয়। সেইখন জিলাতে এ. বসুৰো সাগৰীয় বন প্ৰক্ৰিয়াকৰণ কোম্পানী আছিল। এতিয়া তাতে মাত্ৰ ৭টা মানহে কেন্দ্ৰ আছে আৰু তেওঁলোকে উৎপাদন ক্ষমতাৰ ৪০ শতাংশহে উৎপাদন কৰি আছে। সদস্যৰ অভাৱত দুবছৰ ধৰি নিষ্ক্ৰিয় হৈ থকা অল ইণ্ডিয়া অগৰ এণ্ড এলজিনেট মেনুফেক্সাৰাৰ্ছ ৱেলফেয়াৰ এছ’ছিয়েচনৰ এ. বসু সভাপতি আছিল।
‘আমাৰ কৰ্মদিনৰ সংখ্যা কমিছে,’ সাগৰীয় বন সংগ্ৰহৰ কাৰণে যোৱা চাৰিটা দশক ধৰি সাগৰৰ ঢৌৰ সৈতে যুঁজ দি জীৱন সংগ্ৰাম চলাই অহা ৫৫ বৰ্ষীয় এম. মৰিয়াম্মাই কয়। ‘আমি অফ-চিজনত আন একো কামৰ সুবিধা নাপাওঁ।’
১৯৬৪ চনত, মৰিয়াম্মাৰ জন্মৰ সময়ত মায়াকুলাম গাঁৱত বছৰত ১৭৯ টা গ্ৰীষ্মদিন পৰিছিল, সৰ্বোচ্চ তাপমান আছিল ৩৮ ডিগ্ৰী চেলচিয়াছ বা ততোধিক। কিন্তু ২০১৯ত তেনে দিনৰ সংখ্যা ৫০ শতাংশ বাঢ়ি ২৭১ হৈছে। আগন্তুক ২৫ বছৰত অঞ্চলটোত ২৮৬ৰ পৰা ৩২৪ গ্ৰীষ্মদিন পৰিব পাৰে। এয়া নিউয়ৰ্ক টাইমচ্ কাকতত অনলাইন মাধ্যমত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত কোৱা হৈছে। সমূদ্ৰৰ পানীৰ উষ্ণতা বাঢ়িছে, তাত সন্দেহ নাই।
ইয়াৰ প্ৰভাৱ ভাৰথীনগৰৰ মৎস্যজীৱি বাসিন্দাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, প্ৰভাৱৰ প্ৰসাৰ ঘটিব। জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল(চমুকৈ আইপিচিচি)ৰ শেহতীয়া প্ৰতিবেদনত জলবায়ুৰ চাপ প্ৰশমনত সাগৰীয় বনে সাম্ভাব্য ৰূপত গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰে বুলি মত প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনৰ সামৰণিত ‘সাগৰীয় বনৰ জলজ উৎপাদনত গৱেষণা হোৱা উচিত’ বুলি কোৱা হৈছে।
কলকাতাস্থিত যাদবপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’চিয়েনোগ্ৰাফিক ষ্টাডিজৰ অধ্যাপক তুহিন ঘোষ সেই প্ৰতিবেদন প্ৰস্তুত কৰাসকলৰ মাজৰ এজন। উৎপাদন হ্ৰাস হোৱাৰ বিষয়ে মাছমৰীয়াসকলে কোৱা কথাৰ সৈতে তেওঁ একমত যেন লাগে। ‘কেৱল সাগৰীয় বনেই নহয়, আন ভালেমান প্ৰক্ৰিয়া খৰতকীয়া হৈছে (যেনে প্ৰব্ৰজন) নাইবা লেহেমীয়া হৈছে,’ পাৰিৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়। ‘মাছ, মিছামাছ আদিৰ উৎপাদন আৰু সমূদ্ৰ তথা উপকূলভাগৰ সৈতে জড়িত অনাান্য ভালেমান দিশত যেনে কেঁকোৰা সংগ্ৰহ, মৌ সংগ্ৰহ, প্ৰব্ৰজন (সুন্দৰবনত হোৱাৰ দৰে) আদিতো পৰিৱৰ্তনে দেখা দিছে।’

M. Palani Kumar
মাছমৰীয়াসকলে কোৱা কথা উলাই কৰিব নোৱাৰি, অধ্যাপক ঘোষে কয়। ‘কিন্তু মাছৰ ক্ষেত্ৰত পৰা প্ৰভাৱৰ বাবে জলবায়ু পৰিৱৰ্তনকেই কেৱল দায়ী বুলি ক’ব নোৱাৰি। মাছমৰীয়া জাহাজ (ট্ৰলাৰ) আৰু ঔদ্যোগিক পৰ্যায়ত মাছৰ লুণ্ঠনো ইয়াৰে বাবে দায়ী। এই লুণ্ঠনে পাৰম্পৰিক মাছমৰীয়াসকলৰ ভাগ লক্ষণীয় হাৰত কাঢ়ি নিছে।’
মাছমৰীয়া জাহাজে সাগৰীয় বনৰ ওপৰত প্ৰভাৱ নেপেলালেও ঔদ্যোগিক চাহিদাৰ বাবে কৰা অবাধ লুণ্ঠনে নিঃসন্দেহে প্ৰভাৱ পেলায়। ভাৰথীনগৰৰ মহিলা আৰু তেওঁলোকৰ সহকৰ্মীসকলে সেই প্ৰক্ৰিয়াত তেওঁলোকৰ নিজা ক্ষুদ্ৰ হ’লেও গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে চিন্তান্বিত যেন লাগে। তেওঁলোকৰ সৈতে কাম কৰা সংৰক্ষণ কৰ্মী আৰু গৱেষকসকলে কয় যে উৎপাদন হ্ৰাস পোৱাক লৈ চিন্তিত হৈ পৰা মহিলাসকলে তেওঁলোকৰ মাজতেই আলোচনা কৰি জুলাইৰ পৰা ধৰি পাঁচ মাহলৈ প্ৰণালীবদ্ধ সংগ্ৰহৰ কাম সীমাবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে যাতে সাগৰীয় বন পুনৰাই ভালদৰে গজিব পাৰে। মাৰ্চৰ পৰা জুন মাহলৈ তেওঁলোকে সংগ্ৰহৰ কাম কৰে যদিও মাহটোত খুবেই কম দিনৰ কাৰণে। এক কথাত ক’বলৈ গ’লে মহিলাসকলে নিজৰ মাজতেই এক নিয়ামক ব্যৱস্থা গঢ়ি লৈছে।
সেয়া এক সুচিন্তিত খোজ। কিন্তু তাৰ ফলত লোকচান তেওঁলোকৰেই হৈছে। ‘মহিলা মাছমৰীয়াসকলক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইন (এমজিএনৰেগা)ৰ অধীনত কাম দিয়া নহয়,’ মৰিয়াম্মাই কয়। ‘আনকি সংগ্ৰহৰ ঋতুতো আমি দিনে কোনোমতে ১০০ৰ পৰা ১৫০ টকাহে উপাৰ্জন কৰিব পাৰো।’ বন চপোৱাৰ ঋতুত এগৰাকী মহিলাই এদিনত ২৫ কিলোগ্ৰাম পৰ্যন্ত সাগৰীয় বন সংগ্ৰহ কৰিব পাৰে। কিন্তু যিটো দৰত তেওঁলোকে সেয়া বিক্ৰী কৰিবলগীয়া হয় (সেই দৰো নামিব ধৰিছে), সেয়া তেওঁলোকে সংগ্ৰহ কৰা বনৰ ওপৰত নিৰ্ভৰ কৰি সালসলনি হয়।
চৰকাৰী নীতিৰ সংশোধনীয়েও সমস্যাক জটিল ৰূপ দিছে। ১৯৮০ৰ আগেয়ে মাছমৰীয়াসকলে নাল্লাথীভু, চাল্লি, উপ্পুথান্নি আদি দুৰণিবটীয়া দ্বীপলৈও যাব পাৰিছিল, তাৰে কিছুমানলৈ নাৱেৰে দুদিন সময় লাগে। ঘৰলৈ অহাৰ পূৰ্বে তেওঁলোকে তাতে এসপ্তাহমান সাগৰীয় বন সংগ্ৰহ কৰি লৈছিল। কিন্তু তাৰ পিছত ২১ টা দ্বীপ মান্নাৰ সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ ফলত সেয়া বন বিভাগৰ ক্ষেত্ৰাধিকাৰত পৰিল। বন বিভাগে সেই দ্বীপবোৰত থকাৰ অনুমতি নিদিয়াৰ লগতে ক্ৰমান্বয়ে সেই স্থানবোৰলৈ যোৱাত নিষেধাজ্ঞা লগাবলৈ ধৰিলে। সেই নিষেধাজ্ঞাৰ বিৰুদ্ধে মাছমৰীয়াসকলে প্ৰতিবাদ নকৰা নহয় যদিও চৰকাৰৰ পৰা কোনো সহানুভূতিমুলক সঁহাৰি পোৱা নাই। ৮ হাজাৰৰ পৰা ১০ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হোৱাৰ ভয়তে তেওঁলোকে সেই দ্বীপবোৰলৈ যোৱাৰ আশা এৰিছে।

M. Palani Kumar
এনেদৰে আয় কমি আহিছে। ‘দ্বীপবোৰত এসপ্তাহমান কটালে আমি অতিকমেও ১৫০০ৰ পৰা ২০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো,’ ১২ বছৰ বয়সৰ পৰা সাগৰীয় বন সংগ্ৰহৰ কাম কৰি অহা এছ অমৃথমে কয়। ‘আমি মাট্টাকৰাই আৰু মাৰিকঝুণ্ঠু দুয়োবিধেই পাইছিলো। এতিয়া এসপ্তাহত ১০০০ টকা উপাৰ্জন কৰাও কঠিন হৈ পৰিছে।’
সংগ্ৰাহকসকলে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে নাজানিব পাৰে, কিন্তু তেঁওলোকে সেয়া উপলব্ধি কৰিছে আৰু তাৰে প্ৰভাৱৰ বিষয়ে কিছু জানে। তেওঁলোকৰ জীৱন আৰু জীৱিকালৈ পৰিৱৰ্তন আহিছে বুলি তেওঁলোকে জানে। সাগৰৰ পৰিৱৰ্তিত আচৰণ, উষ্ণতা, বতৰ আৰু জলবায়ু পৰ্যবেক্ষণৰ পৰা পৰিৱৰ্তন তেওঁলোকে উপলব্ধি কৰিছে। এনে বহু পৰিৱৰ্তনত মানৱ কাৰ্যকলাপৰ ভুমিকাৰ বিষয়ে (তেওঁলোকৰ নিজৰ কামকে ধৰি) তেওঁলোকে বুজি পাইছে। ক্ৰমে তেওঁলোকৰ উপাৰ্জনৰ বাটটো এক সামগ্ৰিক জটিল পাকচক্ৰ হৈ পৰিছে। তেওঁলোকক চৰকাৰে বিকল্প দিয়া নাই। মৰিয়াম্মাক এমজিএনৰেগাৰ কাম নিদিয়াটো তাৰেই প্ৰমাণ।
আবেলিৰ ভাগত জলৰাশিৰ উষ্ণতা বাঢ়ে। তেতিয়াই তেওঁলোকে দিনটোৰ কাম সামৰিবলৈ আৰম্ভ কৰে। কেইঘণ্টামানৰ ভিতৰতে তেওঁলোকে নিজৰ নিজৰ নাও ধৰি ভৰ্তি মোনাবোৰ উপকূললৈ লৈ আহে।
তেওঁলোকৰ কাম চাবলৈ গ’লে সাধাৰণ যদিও বিপদমুক্ত নহয়। সাগৰৰ আচৰণ সলনি হ’বলৈ ধৰিছে। কেইসপ্তাহমান আগত এই অঞ্চলটোতে ধুমুহাৰ চাৰিজনকৈ মাছমৰীয়া মৃত্যু হৈছিল। মাত্ৰ তিনিজনৰ শৱ পোৱা গৈছিল। বতাহৰ বেগ কমিলে সাগৰ শান্ত হ’ব, তেতিয়াহে চতুৰ্থজনৰ শৱ পোৱা যাব।
স্থানীয় লোকে কোৱাৰ দৰে বতাহৰ বেগ নকমিলে সাগৰত নমাটো কঠিন হৈ পৰে। সামগ্ৰিকভাবে জলবায়ু পৰিৱৰ্তনৰ ফলত দিনবোৰ ভৰসা কৰিব নোৱাৰা হৈ আহিছে। সাগৰ অশান্ত, কেতিয়া দিক্ হেৰাব, তাৰ কোনো ভৰসা নাই। কিন্তু দুবেলা দুমুঠিৰ বাবেই মহিলাসকলে সেই অশান্ত সাগৰত নামিবলৈ বাধ্য হয়।

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar

M. Palani Kumar
প্ৰচ্ছদ আলোকচিত্ৰঃ এ. মূকুপৰিয়ে জালৰ মোনাটো টানি নিছে। ৩৫ বৰ্ষীয় মূকুপৰিয়ে আঠ বছৰ বয়সৰ পৰাই এই কাম কৰি আহিছে। (আলোকচিত্ৰখন তুলিছে পাৰিৰ এম. পালানি কুমাৰে)
এই প্ৰতিবেদন প্ৰস্তুতিত আন্তৰিকতাৰে সহায় আগবঢ়োৱা সেন্থালিৰ এছ.লৈ ধন্যবাদ।
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/তামিলনাডুৰ-অশান্ত-সাগৰত-সাগৰীয়-বন-সংগ্ৰহ

