

Wayanad, Kerala
|MON, AUG 12, 2019
‘জলবায়ু কিয় এনেদৰে সলনি হ’বলৈ ধৰিছে?’
কেৰেলাৰ ৱায়ানাদ জিলাত কফি আৰু জালুকৰ খেতিয়কে উষ্ণতা বৃদ্ধি আৰু অনিয়মীয়া বৃষ্টিপাতৰ ফলত লোকচানৰ ভৰ সহিব নোৱাৰা হৈছে যিখন ঠাইৰ ‘শীত-তাপ নিয়ন্ত্ৰিত জলবায়ু’ক লৈ তেওঁলোকে এটা সময়ত গৌৰৱবোধ কৰিছিল
Reporter
Editor
Series Editors
Translator
‘আবেলি ৪ বজাতে আমি জুই সেকিবলগীয়া হৈছিল,’ কেৰেলাৰ পাৰ্বত্য জিলা ৱায়ানাদত খেতি কৰি জীৱন নিৰ্বাহৰ সংগ্ৰাম চলোৱা আগাস্তিন বেদকিলে কয়। ‘কিন্তু সেয়া ৩০ বছৰ আগৰ কথা। এসময়ৰ কুঁৱলী ভৰা ৱায়ানাদত এতিয়া শীত নাই।’ মাৰ্চৰ প্ৰথম ভাগত সৰ্বোচ্চ উষ্ণতা ২৫ ডিগ্ৰী ছেলচিয়াছ চুইছিল, এতিয়া বছৰটোৰ সেই সময়লৈ পাৰা ৩০ ডিগ্ৰী সহজেই পাৰ হৈ যায়।
এনেদৰে বেদকিলৰ জীৱন কালতেই জহকাল দীঘলীয়া হৈ গৈ আছে। ১৯৬০ত তেওঁৰ জন্ম হৈছিল। তেতিয়া ‘৩২ ডিগ্ৰী (ছেলচিয়াছ) উষ্ণতা থকা গ্ৰীষ্মৰ দিন ৱায়ানাদত প্ৰতিবছৰে আছিল ২৯ দিন,’ নিউয়ৰ্ক টাইমচ্ কাকতত অনলাইন মাধ্যমত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত এয়া কোৱা হৈছে। ‘এতিয়া গঢ়ে ৱায়ানাদ অঞ্চলত উষ্ণতা ৩২ ডিগ্ৰীৰ ৫৯টা দিন আশা কৰিব পাৰে।’
বেদকিলে পৰিৱৰ্তিত জলবায়ুৰ প্ৰকৃতিলৈ চাই কয় যে তাপ-সংবেদনশীল আৰু অসুৰক্ষিত প্ৰজাতিৰ উদ্ভিদ যেনে কমলাৰ গছ আদি এসময়ত দাক্ষিণাত্যৰ পশ্চিম ঘাটৰ এই জিলাখনত উভৈনদী আছিল।
বেদকিল আৰু তেওঁ পত্নি ভালচাৰ মননথাৱাৰি তালুকৰ চেৰুকুট্টৰ গাঁৱত নিজাকৈ চাৰি একৰ মাটিৰ খেতি আছে। ৱায়ানাদৰ নগদী শস্যৰ অৰ্থনীতিৰ সোণালী দিনত ভাগ্য পৰীক্ষা কৰিবলৈ চাৰি কুৰি বছৰ আগেয়ে তেওঁৰ পৰিয়ালটোৱে কট্টায়াম এৰি ৱায়ানাদলৈ আহিছিল। সেই সময়ছোৱা আছিল বুজন হাৰত প্ৰব্ৰজনৰ সময়, হাজাৰ হাজাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকে কেৰেলাৰ মূল ভূ-ভাগৰ পৰা উত্তৰ-পূৱ দিশত থকা এই জিলাখনলৈ আহি নিগাজীকৈ থিতাপি লৈছিল।
কিন্তু সময়ৰ লগে লগে উভৈনদী খেতিৰ দিন মাৰ গ’ল। ‘যদি যোৱা বছৰৰ দৰে এইবাৰো বৰষুণ নিয়মীয়া নহয় তেতিয়া আমি কৰা কফিৰ খেতিখন নষ্ট হৈ যাব,’ বেদকিলে কয়। ‘কফিৰ ব্যৱসায় লাভজনক, কিন্তু কফি গছবোৰৰ শ্ৰীবৃদ্ধিত জলবায়ুই আটাইতকৈ ডাঙৰ অন্তৰায় হৈ থিয় দিছে। উষ্ণ বতৰ আৰু অনিয়মীয়া বৰষুণেই খেতি নষ্ট কৰিছে,’ ভালচাই কয়। কফি (ৰবাষ্টা প্ৰজাতি) খেতিৰ বাবে অনুকূল উষ্ণতা হৈছে ২৩ৰ পৰা ২৮ ডিগ্ৰীৰ ভিতৰত, সেই খণ্ডত কাম কৰি থকা খেতিয়কে কয়।

Noel Benno
ৰবাষ্টা গোত্ৰৰ (গ্ৰীষ্মপ্ৰধান চিৰসেউজ গুল্মজাতীয় উদ্ভিদ) শক্তিশালী ৱায়ানাদৰ কফিৰ খেতি ডিচেম্বৰ মাহ আৰু মাৰ্চ মাহৰ শেষৰ ভাগৰ সময়চোৱাত কৰা হয়। কফিৰ গছবোৰক ফেব্ৰুৱাৰীৰ শেষ ভাগৰ পৰা আৰম্ভ কৰি মাৰ্চৰ আৰম্ভণিলৈকে প্ৰথমজাক বৰষুণৰ প্ৰয়োজন হয়। বৰষুণ পৰাৰ এসপ্তাহ পিছতে কফি গছবোৰ ফুলিবলৈ ধৰে। ফুল ফুলাৰ পিছত এসপ্তাহলৈ বৰষুণ নিদিয়াটো খুবেই জৰুৰী, কিয়নো বৰষুণ পৰিলেই কোমল ফুলবোৰ নষ্ট হৈ যায়। প্ৰথমজাক বৰষুণ পৰাৰ এসপ্তাহ পিছত দ্বিতীয়জাক বৰষুণ লাগে যাৰ লগে লগে কফিগুটিবোৰ ডাঙৰ হ’বলৈ ধৰে। এবাৰ ফুলবোৰ ফুলি গছৰ পৰা সৰি পৰাৰ পিছত বিন সোমাই থকা চেৰীবোৰ ডাঙৰ হ’বলৈ ধৰে।
‘সময়োপযগী বৰষুণে ৮৫% শস্য উৎপাদন নিশ্চিত কৰে,’ বেদকিলে কয়। মাৰ্চত তেওঁক লগ পাওঁতে তেনে হওঁক বুলেয়েই আশা কৰি আছিল, কিন্তু সেয়া হ’ব নে নাই সেই লৈ উদ্বিগ্নও আছিল। পিছে তেনে নহ’ল।
মাৰ্চৰ আৰম্ভণিৰ ভাগত কেৰেলাৰ উৎকট গৰমত উষ্ণতা ৩৭ ডিগ্ৰী পৰ্যন্ত হৈছিল। ‘দ্বিতীয়াজাক বৰষুণ (ৰাণ্ডামাথা মাঝা) আগতীয়াকৈ বৰষিছিল আৰু খেতি নষ্ট হৈছিল,’ বেদকিলে মাৰ্চৰ শেষৰফালে আমাক কৈছিল।
দুই একৰ মাটিত খেতি কৰা বেদকিলে এই বছৰটোত ৭০ হাজাৰ টকা লোকচানৰ সমুখীন হয়। ৱায়ানাদ ছচিয়েল চাৰ্ভিছ ছচাইটি (ডব্লিউএছএছএছ)-এ অশোধিত জৈৱ কফিৰ এক কেজিৰ বাবদ ৮৮ টকা দিয়ে, অজৈৱিক কফিত প্ৰতি কি.গ্ৰা.ত ৬৫ টকা দিয়ে।
কফিৰ উৎপাদন ২০১৭-১৮ৰ ৫৫,৫২৫ টনৰ পৰা ৱায়ানাদত এই বছৰ ৪০ শতাংশ হ্ৰাস পায়। ডব্লিউএছএছএছ-ৰ সঞ্চালক ফাদাৰ জন চুৰাপুঝাইলে মোক ফোনত জনায়। ডব্লিউএছএছএছ হৈছে সমবায় যিয়ে স্থানীয় খেতিয়কৰ পৰা কফি ক্ৰয় কৰে। অৱশ্যে এই বিষয়ত চৰকাৰী তথ্য এতিয়ালৈ নাই। ‘উৎপাদন এনেদৰে কমাৰ একমাত্ৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন যিয়ে ৱায়ানাদৰ কফি খেতিৰ প্ৰতি সাংঘাতিক ভাবুকিৰ সৃষ্টি কৰিছে,’ ফাদাৰ জনে কয়। জিলাখনৰ সকলোতে কৃষকে অতিমাত্ৰা বৰষুণ আৰু খৰাং বতৰৰ ফলত উৎপাদনৰ ওপৰত পৰা অভূতপূৰ্ব প্ৰভাৱৰ কথাই কৈছে।

Vishaka George

Noel Benno
বৰষুণৰ তাৰতম্য ঘটাৰ ফলত পথাৰত পানী নাইকিয়া হৈছে। ‘ৱায়ানাদৰ মাত্ৰ ১০ শতাংশ খেতিয়কে ব’ৰৱেল আৰু পাম্প লগাই জলসিঞ্চনৰ সহায়ত খৰাং বতৰ নাইবা কম বৃষ্টিপাতৰ দিনতো খেতি কৰিব পাৰে,’ ফাদাৰ জনে কয়।
বেদকিল সেই সৌভাগ্যশালীৰ শাৰীত নাই। ২০১৮ৰ আগস্তত কেৰেলাৰ ৱায়ানাদকে ধৰি ভিন্ন অঞ্চলত হোৱা বিধ্বংসী বানে তেওঁৰ জলসিঞ্চনৰ ব্যৱস্থা তচনচ কৰি পেলাইছিল। সেয়া মেৰামতি কৰিবলৈ তেওঁক ১৫ হাজাৰ টকা লাগিব যিটো এনে কঠিন সময়ত সম্ভৱপৰ নহয়।
তেওঁৰ বাকী দুই একৰ মাটিত বেদকিল আৰু ভালচাই ৰবৰ, জালুক, কল, ধান আৰু ছাউৰ খেতি কৰে। বৰ্ধিত উষ্ণতাই সকলো খেতিতে প্ৰভাৱ পেলাইছে। ‘পোন্ধৰ বছৰ আগতে জালুকৰ খেতিৰে আমি চলিব পাৰিছিলোঁ। কিন্তু (তেতিয়াৰে পৰা) ধ্ৰুথাভাট্টাম (ততালিকে নিস্তেজ হৈ পৰা) ৰোগে সমগ্ৰ জিলাখনৰে খেতি নষ্ট কৰিছে।’ জালুক বৰ্ষব্যাপী হোৱা খেতি, সেয়ে খেতিয়কৰ লোকচানো বেছি।
‘সময়ৰ বাগৰাৰ লগে লগে খেতি কৰাটো কেৱল মনৰ শান্তিৰ কাৰণেহে কৰা যেন হৈছে। এই গোটেই মাটি মোৰ, কিন্তু মোৰ অৱস্থাটো চাওক,’ বেদকিলে কয়। ‘এই দিনবোৰত আপুনি কেৱল জলকীয়া পটাত বতি লৈ ভাতৰ লগত খোৱাৰ বাদে গত্যন্তৰ নাই,’ তেঁও হাঁহি মাৰি কয়।
‘১৫ বছৰ পাৰ হৈ হ’ল,’ তেওঁ কয়। ‘কালাৱস্থা কিয় এনেদৰে সলনি হ’বলৈ ধৰিছে?’ মন কৰিবলগীয়া যে মালায়ালম ভাষাত কালাৱস্থা শব্দৰ অৰ্থ জলবায়ু, উষ্ণতা বা বতৰ নহয়। ৱায়ানাদৰ বিভিন্ন ঠাইত বহু কৃষকেই আমাক এই কথাই সুধিছিল।
দুখৰ কথা যে কৃষকে বিগত দশকবোৰত গ্ৰহণ কৰা খেতিৰ বিন্যাসৰ মাজতো উক্ত প্ৰশ্নৰ উত্তৰ লুকাই আছে।

Vishaka George

Noel Benno
‘এডৰা মাটিত এবিধ খেতি কৰাৰ পৰিৱৰ্তে ভিন্ন শস্যৰ খেতি কৰি মাটিৰ গুণাগুণ ধৰি ৰাখিব পাৰি,’ ৱায়ানাদৰ এম.এছ. স্বামীনাথান ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ বিজ্ঞানী সুমা টি.আৰ.-এ কয়। সুমাই ১০ বছৰ ধৰি মাটিৰ ব্যৱহাৰৰ পৰিৱৰ্তন বিষয়ক সমস্যাৰ ওপৰত কাম কৰি আহিছে। এডৰা মাটিত একেবিধ শস্যৰ খেতি কৰি থকাৰ ফলত কীট-পতংগ আৰু ৰোগ বিয়পি পৰাত সুবিধা হয়। তাৰ প্ৰতিকাৰ হিচাপে ৰাসায়নিক কীটনাশক আৰু উৰ্বৰক প্ৰয়োগ কৰিবলগীয়া হয়। এইবোৰ দ্ৰব্য ভূ-জলত গৈ মিহলি হয় নাইবা বতাহে বিয়পাই দিয়ে। এনেদৰে পৰিৱেশ কলূষিত আৰু প্ৰদূষণ হয় আৰু সময়ৰ লগে লগে পৰিৱেশ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়।
বৃটিছৰ দিনত হোৱা নিৰ্বনানিকৰণৰ পৰাই ইযাৰ সূত্ৰপাত হৈছিল, সুমাই কয়। ‘কাঠৰ বাবে তেওঁলোকে বনাঞ্চলবোৰ তহিলং কৰিছিল আৰু বহুতো সুউচ্চ পাহাৰত বাগান গঢ়ি তুলিছিল।’ ‘বৃহৎ হাৰত হোৱা প্ৰব্ৰজনে আমাৰ পৰিৱেশৰ কায়াই সলনি কৰি দিছিল (১৯৪০ৰ পৰা জিলাবোৰলৈ হোৱা প্ৰব্ৰজন), জলবায়ুৰ তাৰতম্যৰ সৈতে সেই প্ৰব্ৰজনৰ যোগসূত্ৰ আছে। ইয়াৰ আগেয়ে ৱায়ানাদৰ খেতিয়কে ঝুমখেতি কৰিছিল।’
সেই সময়ৰ খেতি আছিল জলাশয় জাতীয় স্থানত কৰা ধানৰ খেতি, কফি বা জালুক নহয়। ‘ৱায়ানাদ’ শব্দটো আহিছে ‘বায়াল নাডু’ শব্দৰ পৰা, যাৰ অৰ্থ হৈছে ধাননি পথাৰ। সেই পথাৰবোৰেই অঞ্চলটোৰ বাবে, কেৰেলা ৰাজ্যখনৰ পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ বাবে হৃদযন্ত্ৰস্বৰূপ আছিল। কিন্তু ১৯৬০ৰ ৪০ হাজাৰ হেক্টৰ খেতিপথাৰ আজি ৮ হাজাৰ হেক্টৰলৈ সংকুচিত হৈছে। এয়া ২০১৭-১৮ৰ চৰকাৰী তথ্য মতে ৰাজ্যখনৰ মুঠ শস্যপথাৰৰ ৫ শতাংশতকৈও কম। কফিগছৰ ৰোপণে এতিয়া ৱায়ানাদৰ ৬৮ হাজাৰ হেক্টৰ মাটি দখল কৰিছে। সেয়া সমগ্ৰ কেৰেলাৰ কফি খেতিৰ মাটিকালিৰ ৭৯ শতাংশ আৰু গোটেই দেশখনতে ১৯৬০ত অৰ্থাৎ বেদকিলৰ জন্মৰ চনটোত হোৱা ৰবাষ্টাৰ খেতিতকৈ ৩৬ শতাংশ বেছি।
‘খেতিয়কে পাহাৰৰ তিলাবোৰত ৰাগিৰ খেতি কৰিছিল, নগদী শস্যৰ বাবে সেই তিলাবোৰ মুকলি কৰি পেলোৱা নাছিল,’ সুমাই কয়। খেতিপথাৰে পৰিস্থিতিতন্ত্ৰৰ সৈতে খাপ খাই থাকিব পাৰিছিল। কিন্তু বৰ্ধিত প্ৰব্ৰজনৰ ফলত খাদ্যৰ বাবে কৰা খেতিৰ ঠাই নগদী শস্যই ল’বলৈ ধৰিলে। ১৯৯০ৰ গোলকীকৰণৰ লগে লগে জালুক আদিৰ দৰে নগদী শস্যৰ ওপৰত খেতিয়কৰ নিৰ্ভৰশীলতা বাঢ়িবলৈ ধৰে।
ভিডিঅ’ চাওকঃ ‘খেতি এতিয়া চখত কৰা বস্তুহে হৈ পৰিছে’
‘উৎপাদন কমি অহাৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন, ইয়েই ৱায়ানাদত কফি খেতিলৈ বিপৰ্যয় নমাই আনিছে’- জিলাখনৰ সকলো ঠাইতে আমাৰ সৈতে কথা পতা কৃষকে আমাক জলবায়ুৰ তাৰতম্যৰ কথা কৈছে
‘আজিৰ তাৰিখত খেতিয়কে এক কি.গ্ৰা. ধানত ১২ টকা পায় য’ত নেকি সেই একে পৰিমাণৰ কফিৰ বাবদ ৬৭ টকা পায়। আকৌ জালুকত প্ৰতি কিলোত ৩৬০ ৰপৰা ৩৬৫ টকা পায়,’ ডব্লিউএছএছএছ-ৰ প্ৰাক্তন প্ৰকল্প বিষয়া আৰু মননথাৱাৰি চহৰৰ জৈৱ কৃষক ই. জে. জোছে কয়। দামৰ এই আকাশ-পাতাল প্ৰভেদৰ বাবেই বহু খেতিয়কে ধানখেতি এৰি কফি নাইবা জালুকৰ খেতিত ধৰিছে। ‘কি খেতি প্ৰয়োজনীয় সেয়া বাদ দি যিহত মুনাফা আটাইতকৈ বেছি তাৰে খেতিত সকলোৱে জোৰ দিছে। ‘বৰষুণৰ পানী শোষণ কৰি পানীৰ ভাৰসাম্য অটুট ৰখা ধান খেতি নাইকিয়া হ’বলৈ ধৰিছে।’
ধান খেতি কৰা শ শ পথাৰ উদ্যোগস্থলীলৈ পৰ্যবেশিত হ’ল, সেই খেতিৰ পাকৈত কৃষকবোৰৰ খেতিৰ কাম নাইকিয়া হ’ল।
‘ৱায়ানাদৰ স্থলভাগত ইয়াৰ নিৰন্তৰ প্ৰভাৱ পৰিছে,’ সুমাই কয়। ‘বছৰটো এবিধ শস্যৰ খেতি কৰি থকাৰ ফলত মাটিৰ গুণাগুণ নষ্ট হৈছে। বিস্ফোৰিত জনসংখ্যা (১৯৩১ৰ লোকপিয়ল মতে ১ লাখৰ পৰা ২০১১ৰ লোকপিয়লত ৮,১৭,৪২০ টকা) আৰু খেতিমাটিৰ শ্ৰেণীবিভাজনৰ প্ৰভাৱ পৰিছে, সেয়ে ৱায়ানাদ অঞ্চলটোৰ উষ্ণতা বৃদ্ধি হোৱাটো একো আচৰিত কথা নহয়।’
জোছেই বিশ্বাস কৰে যে কৃষিকাৰ্যৰ এই পৰিৱৰ্তিত অনুশীলনৰ উষ্ণতা বৃদ্ধিৰ সৈতে ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। পৰিৱৰ্তিত ‘কৃষি বিন্যাসে বৃষ্টিপাতৰ ওপৰতো প্ৰভাৱ পেলাইছে,’ তেওঁ কয়।
‘এই পথাৰবোৰ এসময়ত জালুকৰ খেতিৰে ভৰি আছিল, গছবোৰৰ ফাঁকেৰে পোহৰ সোমাব নোৱাৰা অৱস্থা আছিল। যোৱা কেইটামান বছৰত আমি লাখে লাখে জালুকৰ খেতিত লোকচান খাইছো। পৰিৱৰ্তিত জলবায়ুয়ে কুইক ৱিল্টৰ দৰে ৰোগে দেখা দিছে।’
ফাইট’ফথৰা নামে ভেঁকুৰৰ পৰা হোৱা কুইক ৱিল্ট ৰোগে জিলাখনৰ হাজাৰ হাজাৰ খেতিয়কৰ জীৱিকাত মাধমাৰ শোধাইছে। ‘বিগত দহ বছৰত লক্ষণীয়া হাৰত বৃদ্ধি হোৱা’ উচ্চ আৰ্দ্ৰতাৰ ফলত কৃষকৰ জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে,’ জোছে কয়। ‘বতৰ অনিয়মীয়া হৈছে। ৰায়ায়নিক সাৰৰ উপৰ্যুপৰি প্ৰয়োগৰ ফলত ৰোগ বিয়পিছে, ইফালে ভেঁকুৰ নাশত সহায়ক ট্ৰাইকোডাৰ্মা নামে উপকাৰী বেক্টেৰিয়া নিতৌ মৰিছে।’

Noel Benno
‘আগতে ৱায়ানাদত জলবায়ু বাতানুকূল আছিল, কিন্তু এতিয়া তেনে হৈ থকা নাই,’ জৰ্জে কয়। ‘আগৰ ঋতুবোৰত বৰষুণ নিয়মিত আছিল, সেয়া যোৱা ১৫ বছৰত লক্ষণীয়ভাৱে সলনি হৈছে। আমি বৰষুণৰ বাবেই এসময়ত বিখ্যাত আছিলোঁ ...’
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ থিৰুৱনন্তপুৰম কেন্দ্ৰই কোৱা মতে ৱায়ানাদত ২০১৯ৰ ১ৰ পৰা ২৮ জুলাইৰ মাজৰ সময় চোৱাত সেই সময় চোৱাৰ গঢ় বৃষ্টিপাতৰ তুলনাত ৫৪ শতাংশ কম আছিল।
সাধাৰণতে প্ৰচুৰ বৃষ্টিপাতৰ ঠাই ৱায়ানাদৰ কোনো কোনো অংশত কোনোটো বছৰত ৪০০০ মি.মি. পৰ্যন্ত বৃষ্টিপাত হয়। কিন্তু জিলাখনৰ গঢ় বৃষ্টিপাতত চকু কপালত উঠা ধৰণৰ তাৰতম্য ঘটিছে। ২০১৪ত সেয়া আছিল ৩২৬০ মি.মি., তাৰে পৰৱৰ্ত্তী দুটা বছৰত সেয়া পোনচাটে অৱনমিত হৈ ২,২৮৩ মি.মি. আৰু ১,৩২৮ মি.মি. হয়গৈ। তাৰ পিছত ২০১৭ত সেয়া ২,১২৫ মি.মি. আৰু ২০১৮ত কেৰেলাৰ বানপানীৰ বছৰটোত সেয়া ৩,৮৩২ মি.মি. হয়।
‘শেহতীয়া দশকবোৰত বছৰটোৰ ভিতৰৰ মাহবোৰৰ মাজত বৃষ্টিপাতৰ বিন্যাস সলনি হৈছে, ১৯৮০ মানৰ পৰা এনে হোৱা বুলি সন্দেহ কৰিব পাৰি আৰু ৯০ৰ দশকলৈ যি তৰান্বিত হৈছে,’ থ্ৰিচ্ছুৰস্থিত কেৰেলা কৃষি বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন শিক্ষা আৰু গৱেষণা একাডেমিৰ বৈজ্ঞানিক বিষয়া ড. গোপালকুমাৰ চোলায়িল-এ কয়। ‘বৰ্ষাকাল আৰু বৰ্ষাকালোত্তৰ সময়ত হোৱা তীব্ৰ বৃষ্টিপাতৰ ঘটনা কেৰেলা ৰাজ্যত বাঢ়িছে। এইক্ষেত্ৰত ৱায়ানাদো ব্যতিক্ৰম নহয়।’
দৰাচলতে তাৰ পৰা বেদকিল, জৰ্জ আৰু অইন খেতিয়কৰ পৰ্যবেক্ষণ সঁচা বুলি প্ৰমাণিত হয়। যদিওবা তেওঁলোকে বৃষ্টিপাত ‘হ্ৰাস’ হোৱাক লৈ দুখ কৰে আৰু দীৰ্ঘকালৰ পৰিক্ৰমাত গঢ় বৰষুণ হ্ৰাস পোৱাটোৱে সূচায়। তেওঁলোকে এইটোৱে বুজায় যে তেওঁলোকে আশা কৰা ধৰণে দিনবোৰত আৰু ঋতুবোৰত বৰষুণ হ্ৰাস পাইছে। ই কম আৰু অধিক বৃষ্টিপাতৰ দিনতো ঘটিব পাৰে। মানে বৃষ্টিপাতৰ বিন্যাস দিন হিচাপত ধৰিলে কমি আহিছে, কিন্তু বিন্যাস কমিলেও সেই কম দিনতেই বৰষুণৰ প্ৰৱলতা বৃদ্ধি পাইছে। ৱায়ানাদত আগস্ত-ছেপ্তেম্বৰ মাহত ধাৰাসাৰ বৰষুণ হ’ব পাৰে, যদিওবা তাতে জুলাই মাহটোহে বৰ্ষাপ্ৰধান মাহ। (ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ২৯ জুলাইৰ দিনা সেইখন জিলাকে ধৰি আন কেইখনমান জিলাত গুৰুৰ পৰা গুৰুতৰ বৃষ্টিপাত হোৱাৰ কমলাৰঙী সাৱধানবাণী জাৰি কৰিছিল।)

Vishaka George

Vishaka George
‘শস্যৰ পৰিৱৰ্তিত বিন্যাস, বনাঞ্চলে আগুৰি থকা মাটি হ্ৰাস, মাটিৰ ব্যৱহাৰৰ প্ৰকৃতিৰ পৰিৱৰ্তন... এই সকলোবোৰ মিলি পৰিস্থিতি তন্ত্ৰৰ ওপৰত এক সাংঘাতিক প্ৰভাৱ পৰিছে,’ ড. চোলায়িলে কয়।
‘যোৱা বছৰৰ বানত মোৰ কফিৰ খেতি নষ্ট হ’ল। ৱায়ানাদত এই বছৰ আমাৰ আটাইতকৈ কমকৈ কফি উৎপাদন হৈছে,’ মাষ্টাৰণি বুলি মননথাৱাৰিত পৰিচিত সুভদ্ৰাই কয়। ৭৫ বৰ্ষীয় খেতিয়কগৰাকীয়ে (সুভদ্ৰা বালকৃষ্ণনে) এড়াভাকা পঞ্চায়ত এলেকাত থকা তেওঁৰ পৰিয়ালৰ ২৪ একৰ খেতিমাটি চোৱা-চিতা কৰে আৰু কফি, ধান, নাৰিকল আদিৰো খেতি কৰে। ‘ৱায়ানাদৰ বহু কৃষকেই (কফিখেতিৰ) এতিয়া (আয়ৰ বাবে) গৰু-মহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।’
কৃষকে ‘জলবায়ু পৰিৱৰ্তন’ শব্দটো ব্যৱহাৰ নকৰে ঠিকেই, কিন্তু তাৰে প্ৰভাৱক লৈ তেওঁলোকক চিন্তিত হৈ পৰা দেখা গৈছে।
আমাৰ শেষৰটো আস্থান আছিল এডেন উপত্যকা। চুলতান বাথেৰি তালুকৰ পুথাৰি পঞ্চায়তৰ ৮০ একৰ মাটিৰ এখন বাগান। তাতে ৪০ বছৰে কৃষি শ্ৰমিক হিচাপে কাম কৰি থকা গিৰিজান গোপীক আমি লগ পালো। তেওঁ দিনটোৰ এটা বেলাৰ কাম শেষ কৰি উঠিছিল মাত্ৰ। ‘ৰাতি প্ৰচণ্ড শীত পৰে আৰু দিনত প্ৰখৰ ৰ’দ। নাজানো ইয়াতে এইবোৰ কি হৈছে,’ মুখৰ ভিতৰতে ভোৰভোৰাই এইখিনি কথা কৈ তেওঁ দুপৰীয়াৰ আহাৰ খাবলৈ গ’লঃ ‘ইশ্বৰেহে জানিব কি হৈছে, আমিনো এইবোৰ ক’ত বুজি পাম?’
প্ৰচ্ছদ আলোকচিত্ৰঃ বিশাখা জৰ্জ
লেখকে এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াওঁতে নৱেল বেন্নে দিয়া তেওঁৰ সময় আৰু আন্তৰিক সহায়ৰ বাবে ধন্যবাদ জনাইছে।
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/জলবায়ু-কিয়-এনেদৰে-সলনি-হবলৈ-ধৰিছে

