দা এনাৰ্জি এণ্ড ৰিচৰ্ছেছ ইনষ্টিটিউট চমুকৈ টেৰি-এ কৰা ২০১৪ৰ এক অধ্যয়নত এনেদৰে কোৱা হৈছেঃ ‘১৯০১-২০০৩ৰ বৃষ্টিপাতৰ তথ্যত প্ৰকাশ পাইছে যে জুলাই মাহত মোচুমী বৃষ্টিপাতৰ পৰিমাণ কমি আহিছে (গোটেই জিলাখনতে), আনহাতে আগস্ত মাহত বৃষ্টিপাতৰ পৰিমাণ বাঢ়িছে...তাৰোপৰি, অত্যাধিক বৃষ্টিপাতৰ ঘটনাত মৌচুমী বৃষ্টিপাতৰ যোগদান বাঢ়িছে, বিশেষকৈ বৰ্ষা ঋতুৰ প্ৰাৰম্ভিক ভাগত (জুন আৰু জুলাইত)।’
‘মহাৰাষ্ট্ৰৰ জলবায়ু পৰিৱৰ্তনৰ বিপদগ্ৰস্ততা আৰু অভিযোজনৰ কাৰ্যনীতিঃ মহাৰাষ্ট্ৰ জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক অভিযোজন পৰিকল্পনা’- শীৰ্ষক এক অধ্যয়নত বিদৰ্ভত ‘দীৰ্ঘম্যাদী খৰাং’, বৃষ্টিপাতৰ পৰিৱৰ্তিত ৰূপ আৰু পৰিমাণ হ্ৰাস পোৱা (বৃষ্টিপাতৰ)- এইকেইটা সংকটক মূল বিপদাশংকা বুলি চিনাক্ত কৰা হৈছে।
অধ্যয়নটোত ভাণ্ডাৰাক এনে কেইখন জিলাৰ সমষ্টি বুলি কোৱা হৈছে য’ত প্ৰচুৰ বৃষ্টিপাত ১৪ৰ পৰা ১৮ শতাংশ (ভিত্তিৰেখাৰ আপেক্ষিকতাত) বৃদ্ধি পাব পাৰে আৰু বৰ্ষাকালত খৰাং দিনৰ সংখ্যাও বাঢ়িব পাৰে। অধ্যয়নত নাগপুৰ ডিভিজনত ১.১ৰ পৰা ১.৪ ডিগ্ৰী ছেলচিয়াছ (২০৩০ চনলৈ) আৰু ১.৯৫ৰ পৰা ২.২ ডিগ্ৰী ছেলচিয়াছ (২০৫০ চনলৈ) গঢ় উষ্ণতা বৃদ্ধি পাব পাৰে (বছৰি ২৭.১৯ ডিগ্ৰী উষ্ণতাক মধ্যমান হিচাপে লৈ)। ৰাজ্যখনৰ যিকোনো প্ৰান্তৰ বাবে এয়া সৰ্বোচ্চ।
পৰম্পৰাগতভাবে থকা পুখুৰী, নৈ আৰু পৰ্যাপ্ত বৰষুণৰ বাবে ‘সু-জলসিঞ্চন’ৰ ব্যৱস্থা থকা জিলা বুলি চৰকাৰী নথি-পত্ৰই স্থান পোৱা বৰ্ষানিৰ্ভৰ অঞ্চলটোত এনে পৰিৱৰ্তন ভাণ্ডাৰা কৃষি বিষয়াসকলৰো চকুত পৰিছে। ‘আমি জিলাখনত নিৰন্তৰ বৰষুণ হ্ৰাস পাই অহা লক্ষ্য কৰিছো, তাৰ ফলত বীজ সিচাৰ সময় আৰু শস্যৰ উৎপাদনত প্ৰভাৱ পৰিছে,’ ভাণ্ডাৰাৰ মহকুমাৰ কৃষি অধীক্ষক বিষয়া মিলিন্দ লেডে এই কথা কয়। ‘আগতে আমি ৬০ৰ পৰা ৬৫ দিন বৰষুণ পাইছিলো, কিন্তু যোৱা এটামান দশকৰ পৰা জুন-ছেপ্তেম্বৰ সময়চোৱাত বৰষুণৰ দিনৰ সংখ্যা ৪০ৰ পৰা ৪৫ দিনলৈ সীমাবদ্ধ হৈছে।’ ভাণ্ডাৰাৰ কিছুমান চক্ৰত, ২০খন ৰাজহ গাঁৱৰ সমষ্টিত এই বছৰ জুন আৰু জুলাই মাহত কথমপি ৬ কি ৭ দিনহে বৰষুণ হৈছে, মিলিন্দ লেডে কয়।
‘মোচুমী বৰ্ষা বিলম্বিত হ’লে আপুনি উৎকৃষ্টমানৰ ধান উৎপাদন কৰিব নোৱাৰে,’ লেডে কয়। ‘কঠিয়া ৰোৱাৰ ২১ দিনৰ পিছত যদি কঠিয়া তুলি ভূঁই ৰোৱা নহয়, তেন্তে প্ৰতিদিনে প্ৰতি হেক্টৰ মাটিত ১০ কি.গ্ৰা.কৈ উৎপাদন হ্ৰাস পায়।’
কঠিয়া পাৰি পিছত সেয়া তুলি নি পথাৰত ৰোৱাতকৈ পোনপটীয়াকৈ পথাৰতে বীজ ছটিওৱাৰ পুৰণি পদ্ধতি জিলাখনত পুনৰাই ঘূৰি আহিবলৈ ধৰিছে। কিন্তু এনে কৰিলে অংকুৰিত বীজৰ সংখ্যা কমে। ফলত উৎপাদন কমে। কিন্তু প্ৰথমবাৰ বৰষুণত কঠিয়া বাঢ়িব নোৱাৰি গোটেইখিনি কঠিয়া হেৰুওৱাতকৈ পথাৰত পোনপটীয়াকৈ ছটিয়াই আংশিক লোকচানৰ সম্মুখীন হোৱাই ভাল।