

Leh, Jammu and Kashmir
|WED, AUG 07, 2019
'কিজানি আমি পাহাৰ দেৱতাক বিতুষ্ট কৰিলোঁ'
লাডাখৰ সুউচ্চ মালভূমি অঞ্চলৰ চৰণীয়া পথাৰৰ যাযাবৰ চাংপা গৰখীয়াসকলে মেথোনক লৈ দোমোজাত পৰিছে, দৰাচলতে সুউচ্চ পৰ্বতমালাৰ স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰত জলবায়ুৰ গুৰুতৰ তাৰতম্যই গো-অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে, তাৰ পৰাই খেলিমেলিবোৰ আৰম্ভ হৈছে
Reporter
Editor
Series Editors
Translator
'চিকিমত ৩০০ হিমালয়ান মেথোনে অনাহাৰে মৃত্যুক সাৱতি ল’লে'
'উত্তৰ চিকিমত বৰফত আবদ্ধ প্ৰায় ৩০০ মেথোনৰ অনাহাৰে মৃত্যু’
'গলা বৰফে উদঙালে মেথোনৰ দুখলগা ছবি’
চলিত বৰ্ষৰ ১২ মে’ৰ এইকেইটা শিৰোনামে মোক মনত ৰেখাপাত কৰিছিল। হিমালয়লৈ ফটো সাংবাদিক হিচাপে মোৰ ভ্ৰমণবোৰত এই কথা জানিছিলোঁ যে হিমালয়ৰ মেথোনবোৰৰ চোৱা-চিতাৰ ক্ষেত্ৰত যাযাবৰ গৰখীয়াবোৰে যিকোনো পৰ্যায়লৈ যাব পাৰে। পৰ্বতৰ গুৰুত্বপূৰ্ণ এলেকাবোৰত মেথোনেই উচ্চ পৰ্বতাঞ্চলৰ গৰখীয়াৰ বাবে জীৱন ৰেখা স্বৰূপ। যাযাবৰ গৰখীয়াবোৰে ঋতুৰ ওপৰত ভিত্তি কৰি গ্ৰীষ্মকালীন আৰু শীতকালীন চাৰণ ভূমিলৈ অহা-যোৱা কৰে। শীতকালত গৰখীয়াৰ বাবে মেথোনেই খাদ্য আৰু উপাৰ্জনৰ প্ৰাথমিক উৎস।
আৰম্ভণিতে উল্লেখ কৰা প্ৰতিবেদন কেইটাৰ কিছুমানত মেথোনৰ মৃত্যুৰ সৈতে গোলকীয় উষ্ণতাৰ যোগসূত্ৰ আছে বুলি কোৱা হৈছে। এয়া স্পষ্ট কথা যে ইমান শক্তিশালী জন্তুকেইটাৰ গাত যদি গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰিছিল, তেন্তে নিশ্চয়কৈ গৰখীয়াৰো বিপদ হৈছিল। সেয়ে মেথোন আৰু গৰখীয়া দুয়োটাৰে খবৰ ল’বলৈ মই লাডাখৰ হানলে উপত্যকাৰ চাংপা পৰিয়ালকেইটাক দেখা কৰিবলৈ থিৰাং কৰিলোঁ।
তিব্বত মালভূমিৰ পশ্চিম দিশত প্ৰসাৰিত হৈ থকা ভাৰতীয় চাংথাং অঞ্চলৰ চাংপাসকল কাশ্মীৰী ঊণ সূতাৰ প্ৰথম উৎপাদনকাৰী আছিল। সূতা কটাৰ লগতে তেওঁলোকে মেথোনো পালিছিল। লেহ জিলাৰ য়ামা খণ্ডৰ হানলে উপত্যকাটো চাংপা-দিক্, খাৰলুগ, মাক্, ৰাক আৰু য়ালপা আদি গৰখীয়া গোটৰ আশ্ৰয়স্থল। দিক্ আৰু ৰাক্ সকল পশুপালকৰ ভিতৰত আটাইতকৈ নিপুণ।
‘আমি ভালেমান মেথোন হেৰুৱাইছোঁ,’ হানলেৰ সুনিপুণ দিক্ গোটৰ গৰখীয়া ৩৫ বৰ্ষীয় ঝাম্পাল চেৰিঙে কয়। ‘এতিয়া ইয়াৰে (সুউচ্চ পৰ্বতাঞ্চলত) জলবায়ুৰ পুৰ্বানুমান কৰা কঠিন হৈ পৰিছে।’ ভাৰতীয় জোতিৰ্বিজ্ঞান পৰ্যবেক্ষণ কেন্দ্ৰত কাম কৰা উপত্যকাটোৰ খালদো গাঁৱৰ বাসিন্দা সোণম দৰ্জীৰ সহায়ত চেৰিঙক লগ পাবলৈ সক্ষম হৈছিলোঁ। ১৪ হাজাৰ ফুট উচ্চতাত টানাকপো চাৰণভূমিত থকা সেনাৰ তম্বুত বহি চেৰিঙে আমাৰ সৈতে কথা পাতিলে।
চিকিমত ২০১৯ৰ মে’ মাহত হোৱা দুৰ্যোগৰ তিনি বছৰ আগেয়ে নেপালৰ সংহত পাৰ্বত্য উন্নয়নৰ আন্তৰাষ্ট্ৰীয় কেন্দ্ৰৰ পৰা প্ৰকাশিত এখন গৱেষণা পত্ৰত কোৱা হৈছিল যে ‘বিগত বছৰবোৰত ভূটান, ভাৰত আৰু নেপালত মেথোনৰ সংখ্যা হ্ৰাস পাইছে।’ গৱেষণাৰ পৰা প্ৰাপ্ত তথ্য মতে ভাৰতত ‘১৯৭৭ৰ ১৩২,০০০ ৰ পৰা ১৯৯৭ত ৫১,০০০ লৈ মেথোনৰ সংখ্যা হ্ৰাস পাইছে’। তিনিটা দশকত এনেদৰে মেথোনৰ ৬০ শতাংশ সংখ্যা টুটিছে।
স্থানীয় পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ তথ্য মতে লেহ জিলাৰ মেথোনৰ সংখ্যা ১৯৯১ৰ ৩০ হাজাৰৰ পৰা ঘটি ২০১০ত ১৩ হাজাৰ হৈছে। এয়া দুটা দশকত ৫৭ শতাংশ হ্ৰাস। ইফালে স্থানীয় তথ্যৰ সৈতে ‘চৰকাৰী’ তথ্যৰ অমিল দেখা গৈছে। চৰকাৰী তথ্য মতে জিলাখনত ২০১২ত মেথোনৰ সংখ্যা আছিল ১৮,৮৭৭ (সেই তথ্য মতেও মেথোনৰ সংখ্যা ২১ বছৰত ৩৭ শতাংশ হ্ৰাস পাইছে)

Ritayan Mukherjee
দিকসকলৰ বসতিস্থল ঢুকি পোৱাটো বৰ উজু কাম নাছিল। অইন পশুপালকৰ তুলনাত দিকসকলৰ চাৰণভূমি অধিক উচ্চতাত অৱস্থিত। তদুপৰি তেওঁলোকৰ একাংশ তম্বু ভাৰত-চীন সীমান্তত লাগি আছে। তাতে নাগৰিকৰ প্ৰৱেশৰ অনুমতি নাই। বসন্তকাল স্বত্বেও সোণম দৰ্জীৰ সহায় লৈ মই সেই ঠাইত উঠিলোগৈ।
‘মেথোনবোৰ বিষ্ময়কৰ প্ৰাণী,’ ঝাম্পাল চেৰিঙে কয়। ‘মেথোনে পানী গোট মৰা উষ্ণতাৰ সৈতে অভ্যস্ত, পাৰা -৩৫ৰ পৰা -৪০ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত নমাৰ পিছতো সিহঁত বাচি থাকিব পাৰে। কিন্তু উষ্ণতা ১২ৰ পৰা ১৩ ডিগ্ৰী বাঢ়িলেই বিপদ। লেহেম বিপাকৰ কাৰণে তীব্ৰ শীততো সিহঁতে দেহৰ উষ্ণতা বচাই ৰাখি বাচি থাকে। কিন্তু জলবায়ুৰ তাৰতম্যই মেথোনক বিপদত পেলায়।’
দিকৰ বসতি স্থলৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দুৰত্বত থকা কালা পাৰি (ক’লা পাহাৰ)ত মই চিৰিং চনচামক লগ পালো। হানলে উপত্যকাত মহিলা গৰখীয়াৰ সংখ্যা তেনেই তাকৰীয়া। ‘আগতকৈ উষ্ণতা বাঢ়িছে, সেয়ে ভেড়া, পছমী ছাগলী আৰু মেথোনৰ আগৰ দৰে ঘন দীঘল নোম নগজে। এতিয়া নোম পাতলীয়াকৈ গজে,’ তাই কয়। ‘সিহঁতক আগতকৈ দুৰ্বল যেন লাগে। দুৰ্বল মেথোন মানেই আমাৰ বাবে কম উৎপাদন। কম গাখীৰ মানে কম আয়। যোৱা পাঁচ বছৰত মেথোনৰ পৰা হোৱা আমাৰ আয় সাংঘাতিক ধৰণে কমি গৈছে,’ ৰাক্ মেথোন পালকৰ গোটৰ চনচাম হৈছে এগৰাকী পৰিভ্ৰমী গৰখীয়া। স্বতন্ত্ৰ গৱেষকৰ অধ্যয়নত প্ৰকাশ পাইছে যে পশু পালকৰ এটা পৰিয়ালৰ আয়ৰ সকলো উৎস মিলাই ২০১২ত মাহিলী আছিল ৮,৫০০ টকা।
মেথোনৰ গাখীৰে গৰখীয়াৰ আয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় আৰু মেথোন পালনৰ পৰা অহা সৰ্বমূঠ আয়ৰ ৬০ শতাংশই গাখীৰৰ পৰা আহে। চাংপাসকলৰ বাকী ৪০ শতাংশ আয় আহে খুলূ (মেথোনৰ নোম)ৰ আৰু ঊণৰ পৰা। মেথোনৰ সংখ্যা আৰু দুগ্ধ উৎপাদন দুয়োটাই কমি অহাৰ ফলত তেওঁলোকৰ আয়ত বিষম প্ৰভাৱ পৰিছে। এই সকলো পৰিৱৰ্তনে মেথোন সংক্ৰান্ত অৰ্থনীতিত সাংঘাতিক চাপ পৰিছে।
‘আগৰ দৰে এতিয়া বৰষুণো সময়ত নহয়, বৰফো সময়ত নপৰে,’ চেৰিং চনচামে কয়। ‘একেদৰে পৰ্বতত পৰ্যাপ্ত ঘাঁহো নাই। সেয়ে ইয়ালৈ অহা যাযাবৰ (গৰখীয়া)ৰ সংখ্যাও কমিছে। এনে পৰিৱৰ্তনৰ ফলত ঘাঁহ কমিছে, ফলস্বৰূপে গৰখীয়াৰ সংখ্যা প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে(ইয়াতে গৰখীয়াৰ ২৯০টা পৰিয়াল ধৰা হৈছে)।’
মোৰ ল’ৰাটোৱে পৰ্যবেক্ষণ কেন্দ্ৰটোত কাম কৰে, তাৰ পৰা কিছু সকাহ পাওঁ। চাংপা পৰিয়ালৰ ডেকা চামে সীমান্ত পথ সংস্থা নাইবা কেন্দ্ৰীয় সংৰক্ষিত অভিযান্ত্ৰিক সেনাৰ পথ নিৰ্মাণৰ আঁচনিৰ অধীনত মজুৰি কৰে। বহুতেই কামৰ সন্ধানত বাহিৰলৈ ওলাই আহিছে।
স্থানীয় পৰ্যবেক্ষণ কেন্দ্ৰত কাম কৰা ল’ৰাজন হৈছে সোণম দৰ্জী। মোৰ এই যাত্ৰাত সহায় কৰা জন তেঁৱেই। পৰ্বতাঞ্চলৰ পৰিৱৰ্তনৰ ওপৰত সোণমেও সূক্ষ্ম দৃষ্টি দি আহিছে।
‘বতৰৰ সঘনে তাৰতম্য ঘটিছে। মোৰ ১৫ বছৰ বয়সত ইয়াতে প্ৰচণ্ড শীত পৰিছিল...কেতিয়াবা উষ্ণতা -৩৫ ডিগ্ৰীলৈকে নামিছিল’

বতৰৰ সঘন তাৰতম্য ঘটি থাকে, তেওঁ কয়। ‘মোৰ বয়স ১৫ মান হৈ থাকোতে (এতিয়া মোৰ বয়স ৪৩ বছৰ, তাৰ মানে মই আজিৰ পৰা ৩০ বছৰ আগৰ কথা কৈ আছো) প্ৰচণ্ড শীত পৰিছিল। মই নিজে উষ্ণতা জোখা নাছিলোঁ যদিও জনা সকলে কৈছিল যে পাৰা -৩৫ ডিগ্ৰীলৈকে নামিছিল। সেই হাড় কপোৱা জাৰৰ মোকাবিলা কৰিব পৰা বিধৰ পোছাক সকলোৱে পিন্ধিবলগীয়া হৈছিল। এতিয়াৰ দৰে সংশ্লেষিত সূতাৰ জেকেট নাছিল। টুপি, পোছাককে ধৰি সকলো কাপোৰেই পছমী সূতাৰ আছিল। জোতাৰ তলৰ অংশত মেথোনৰ ছালৰ এটা তৰপ আছিল আৰু জোতাৰ কাপোৰ আছিল স্থানীয়ভাৱে নিৰ্মিত, আঁঠুলৈকে আগুৰি আছিল। এতিয়া তেনে জোতা দেখা পোৱা নাযায়।’
পশ্চিম হিমালয় অঞ্চলৰ লাহৌল আৰু স্পিটি আৰু লাডাখ অঞ্চলত জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে গৱেষক তাণ্ডপ আংমো আৰু এছ. এন. মিশ্ৰাৰ ২০১৬ত প্ৰকাশ কৰা গৱেষণা পত্ৰখনতো অঞ্চলটোৰ সামগ্ৰিক উষ্ণতা বৃ্দ্ধিৰ কথা উল্লেখ কৰা হৈছে। ‘বতৰ বিজ্ঞান বিভাগৰ পৰা (বায়ু সেনা ষ্টেছন, লেহ) প্ৰকাশিত তথ্যয়েও বিগত ৩৫ বছৰত জাৰকালি লেহৰ নিম্নতম উষ্ণতা ১ ডিগ্ৰী আৰু জহকালি ০.৫ ডিগ্ৰী বৃদ্ধি হোৱা বুলি ইংগিত দিছে। তুষাৰপাতৰ পৰিমাণো নৱেম্বৰৰ পৰা মাৰ্চৰ সময়ছোৱাত কমি গৈছে।’
‘বিগত কেইটামান বছৰত লাডাখ আৰু লাহৌল আৰু স্পিটিত গোলকীয় জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে’ বুলিও তাত কোৱা হৈছে। বৃষ্টিপাত আৰু তুষাৰপাতৰ বিন্যাস সলনি হৈছে, ক্ষুদ্ৰ হিমবাহ আৰু স্থায়ী হিম খণ্ড গলিবলৈ ধৰিছে আৰু তাৰ প্ৰভাৱ পৰিছে নৈ আৰু জান-জুৰিৰ প্ৰৱাহত প্ৰভাৱ পৰিছে, উষ্ণতা আৰু আৰ্দ্ৰতা বৃদ্ধি পাইছে আৰু ফল স্বৰূপে কীট-পতংগৰ আগ্ৰাসনৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে’।
ঝাম্পাল চেৰিঙত তম্বুৰ তলত বহি তেওঁৰ বন্ধু চাংগ্ৰা দৰ্জীয়ে সোধে, ‘এইবাৰ আপুনি কিমানটা ৰেব’ দেখিছে?’
চাংপাসকলে তম্বু তৰি বাস কৰে যাক ৰেব’ বুলি কোৱা হয়। ৰেব’ এটা সাজিবলৈ মেথোনৰ নোমবোৰ পৰিয়ালৰ লোকে সীঁ কাপোৰ তৈয়াৰ কৰে। সেইবিধ সামগ্ৰীয়ে যাযাবৰ গৰখীয়াসকলক প্ৰচণ্ড শীত আৰু হিম বতাহৰ পৰা ৰক্ষা কৰে।
‘প্ৰায়ভাগ পৰিয়ালৰে নিজা ৰেব’ নাই (এতিয়া),’ চাংগ্ৰাই কয়। ‘নতুনকৈ ৰেব’ সাজিবলৈ ঊণ ক’ৰ পৰা পাব? মেথোনৰ পৰা ওলোৱা ঊণৰ পৰিমাণ যোৱা কেইবছৰমানত সাংঘাতিক ধৰণে হ্ৰাস পাইছে। ৰেব’ নহ’লে আমাৰ গৰখীয়া জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হেৰাই যায়, আৰু তাৰ বাবে আগতকৈ শীতকালৰ প্ৰকোপ কমিছে, কেণা তাতেই লাগিছে।’
মই ধীৰে ধীৰে বুজি পালোঁ যে চিকিমত মে’ মাহত হোৱা ঘটনা যাদৃচ্ছিক নাছিল। ইয়াতকৈ হয়তো বেয়া দিন আহি আছে। গৰখীয়াসকলে জলবায়ু পৰিৱৰ্তন শব্দটো ব্যৱহাৰ নকৰিব পাৰে, কিন্তু তাৰে প্ৰভাৱৰ কথা ভালদৰেই বৰ্ণনা কৰিছে যেন লাগে। তেওঁলোকে ভালদৰে বুজি পায় যে ভালেমান লক্ষণীয় পৰিৱৰ্তন ইতিমধ্যে ঘটিছে। এয়া সোণম দৰ্জী আৰু চেৰিং চনচামৰ কথাৰ পৰাই বুজা যায়। কেতবোৰ প্ৰমুখ ভিন্নতা, আনকি ৰূপান্তৰণ মানৱীয় কাৰ্যকলাপৰ ফলত ঘটিছে বুলিও তেওঁলোকে বুজি পায়। সেয়ে ষাঠি উৰ্ধৰ গৰখীয়া গুম্বু টাচিয়ে মোক কয়, ‘মই বুজি পাওঁ যে পৰ্বতৰ জলবায়ু জটিল। পূৰ্বানুমান কৰিব নোৱাৰি। কিজানি আমি পাহাৰ দেৱতাক বিতুষ্ট কৰিলোঁ।’
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee

Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
Ritayan Mukherjee
দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/কিজানি-আমি-পাহাৰ-দেৱতাক-বিতুষ্ট-কৰিলোঁ

