‘সকলোৱে কপাহৰ খেতিকে কৰিছে। সেয়ে আমিও কৰিছোঁ,’ অনিশ্চয়তাৰ ভাৱত ৰূপা পিৰিকাকাই আমাক ক’লে।
এয়া বংশগতভাৱে সংশোধিত (জিএম) বিটি কপাহৰ বীজ। এই বীজ সহজেই স্থানীয় বজাৰত আৰু গাঁৱতো কিনিবলৈ পায়। পিৰিকাকাই কোৱা ‘সকলোৱে’ মানে এইখন গাঁও আৰু দক্ষিণ-পশ্চিম ওড়িশাৰ ৰায়াগড়া জিলাৰ অসংখ্য কৃষকৰ কথা বুজোৱা হৈছে।
‘তেওঁলোকৰ হাতলৈ টকা আহিছে,’ তাই কয়।
চল্লিশ বৰ্ষীয় পিৰিকাকা এগৰাকী কন্ধ জনগোষ্ঠীয়ৰ কৃষক। দুই দশক জুৰি প্ৰতি বছৰে তেওঁলোকে ঝুম খেতিৰ কাৰণে পাহাৰত এঢলীয়া মাটি সাজু কৰে। সেই অঞ্চলটোৰ পৰম্পৰা ৰক্ষা কৰি পিৰিকাকা পৰিয়ালটোৱে যোৱা বছৰৰ বিধানৰ ধান তাতে সিচিছে। ইয়াৰ পৰা পৰ্যাপ্ত হাৰত পৰিয়ালৰ বাবে আৱশ্যকীয় ফচল উৎপাদিত হয়। মনদিয়া আৰু কংগো আদি প্ৰজাতিৰ বাজৰা, ৰহৰ দাইল আৰু ক’লা মাহৰ লগতে ৰাম তিল (ক’লা তিল)ৰ আৰু অনান্য থলুৱা প্ৰজাতিৰ খেতি হয়।
এইবাৰ জুলাইত পিৰিকাকাই প্ৰথমবাৰৰ বাবে বিটি কপাহৰ বীজ ৰোপন কৰিছে। সেই সময়তে তেওঁক আমি লগ পাইছিলো। তেতিয়া তেওঁ বিষমকটক ব্লকৰ নিজ গাঁৱত এখন পাহাৰৰ দাঁতিত গাঢ় গুলপীয়া ৰঙৰ ৰসায়নিক যুক্ত বীজ সিচি আছিল। পৰম্পৰাগত ঝুম খেতিৰ ঠাইত কপাহৰ খেতিৰ প্ৰৱেশ ঘটিছিল। তাকে দেখি আমি অবাক হৈ তেওঁ কিয় পৰম্পৰাগত খেতি এৰি কপাহৰ খেতিত ধৰিলেস সেয়া নুসুধি নোৱাৰিলোঁ।
‘হালধি আদিৰ পৰাও আমি পইছা পাওঁ,’ পিৰিকাকাই কয়। ‘কিন্তু কোনেও সেই খেতি নকৰা হৈছে। সকলোৱে মনদিয়া (এক প্ৰকাৰৰ বাজৰা) এৰিছে... কপাহৰ খেতিত ধৰিছে।’
ৰায়াগড়া জিলাত কপাহৰ খেতি যোৱা ১৬ বছৰত ৫২০০ শতাংশ বাঢ়িছে। ২০০২-০৩ৰ চৰকাৰী তথ্য মতে কপাহৰ খেতিত মাত্ৰ ১৬৩১ একৰ মাটিহে দেখুৱায়। জিলা কৃষি কাৰ্যালয়ৰ তথ্য অনুসাৰি ২০১৮-১৯ত কপাহ খেতিয়ে আগুৰা মাটিৰ পৰিমাণ ৮৬,৯০৭ একৰ আছিল।
ৰায়াগড়াৰ জনসংখ্যা ১০ লাখৰ ওচৰা-ওচৰি। ৰায়াগড়া কোৰাপুত এলেকাৰ এক অংশ। এয়া বিশ্বৰ জৈৱ বৈচিত্ৰতাৰে ভৰপুৰ সমাহাৰ ঘটা লেখত ল’বলগীয়া অঞ্চলৰ ভিতৰত এটা। তদুপৰি ধানৰ বিভিন্ন প্ৰজাতিৰ বাবেও ঠাইখন বিখ্যাত। কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ ১৯৫৯ৰ সমীক্ষা মতে সেই সময়ত এই অঞ্চলটোত ১৭০০ৰো অধিক ধানৰ প্ৰজাতি আছিল। কিন্তু ২০০ৰো কম ধানৰ প্ৰজাতি এতিয়া ৰৈছেগৈ। কিছুমান গৱেষকৰ মতে ঠাইখন ধানৰ জন্মস্থান।








