“আমি যিমানেই এনে কঁপাহ কিনিম, সিমানেই ধাৰত পোত যাম ।” খাইৰা গাঁৱত আমাৰ আগত এই মন্তব্য কৰে কুনাৰী সবৰীয়ে। ৪০ৰ ওচৰা-ওচৰি বয়সৰ সবৰী হৈছে সাৰোৰা আদিবাসী সম্প্ৰদায়ৰ। খাইৰা সাৰোৰা আদিবাসী সম্প্ৰদায় অধ্যুষিত গাঁও।
“নাঙলেৰে হাল বাই আৰু গোবৰেৰে খেতি কৰাটো আমাৰ পৰম্পৰা আছিল। আজি এনেদৰে কোনেও খেতি নকৰে।” তেওঁ এনেদৰে কয়। তেওঁ লগতে কয়, “ আজি আমি প্ৰতিটো বস্তুৰ বাবে বজাৰলৈ দৌৰিবলগীয়া হয়। বীজ, কীটনাশক, সাৰ বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। আনকি আমি খোৱাখিনিও সেয়াও বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয়। আগতে এনে নাছিল।”
কঁপাহৰ খেতিয়ে সৃষ্টি কৰা এক নিৰ্ভৰশীলতা কুমাৰীৰ এনে মন্তব্যই প্ৰতিফলিত কৰিছে। এই নিৰ্ভৰশীলতাই পৰিৱেশগতভাৱে সংবেদনশীল ৰায়গড়া জিলাৰ পাহাৰীয়া অঞ্চলত খোপনি পুতিছে। ইয়াৰ পৰিণাম অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ, খাদ্য সুৰক্ষাৰ বাবে অশুভ হব তথা কৃষকসকলৰ বিলাই-বিপত্তি বৃদ্ধি কৰিব।(ওড়িশাত জলবায়ু সংকটৰ বীজ ৰোপন)। আমি ওখ ঠাই(পাহাৰীয়া অঞ্চল)ৰ পৰা নামনিলৈ আহোতে এনে পৰিস্থিতি স্পষ্ট ৰূপত দেখিবলৈ পালো ৰায়গড়াৰ গুণুপুৰ খণ্ডত। গুণপুৰত প্ৰথমে কঁপাহ খেতি কৰা হয়। আমি মণিব পৰালৈকে দেখিলো যে অন্ধ্ৰ প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলটোত কেৱল কঁপাহ খেতিহে হয়। ইয়াৰ সমান্তৰালভাৱে স্পষ্ট হয় প্ৰচণ্ড বিলাই-বিপত্তি।
“আমি ১০-১২ বছৰ পূৰ্বে কঁপাহ খেতি কৰিবলৈ লওঁ। এতিয়া আমাৰ আন কোনো উপায় নথকাৰ বাবে ইয়াৰ খেতি কৰো।” এনেদৰে কয় গুণুপুৰ খণ্ডৰ খাইৰা অঞ্চলৰ বহু লোকে। অঞ্চলটোৰ ভালেসংখ্যক কৃষকে কলে যে তেওঁলোকে মূলধন বিনিয়োগৰ প্ৰয়োজন হোৱা কঁপাহৰ খেতিৰ কঁপাহৰ খেতি কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ বীজেৰে আৰু পৰম্পৰাগতভাৱে কৰি অহা বহুকেইটা খেতি কৰাটো ত্যাগ কৰিবলগীয়া হয়।
আমাৰ নিজৰ কৃষি-শস্য আৰু নিজা কৃষি আছিল । এনেদৰে ক্ষোভ প্ৰকাশ কৰে ছাঅৰাৰ এজন যুৱ কৃষক ক্ষেত্ৰ সাবাৰাই। অন্ধ্ৰ প্ৰদেশৰ লোক আহি আমাক কঁপাহ খেতি কৰিবলৈ কৈছিল আৰু ইয়াৰ খেতিৰ প্ৰতিটো কথাই শিকাইছিল। এনেদৰে কয় সন্তোষ কুমাৰ ডাণ্ডাছেনা নামৰ অঞ্চলটোৰ এজন কৃষকে। তেওঁ লগতে কয় যে লাভ অৰ্জনে অঞ্চলটোৰ গাঁও কাপ্পা বা কঁপাহৰ খেতি কৰিবলৈ আকৰ্ষণ কৰে। (ফলস্বৰূপে) আমি ধ্বংস হলো আৰু ঋণদাতাসকল সুখী হৈছে।
আমি গাঁওবাসীৰ সৈতে কথা পাতি থকাৰ সময়তে গাঁৱৰ পথত ঘন সেউজীয়া জন ডীয়েৰ ট্ৰেক্টৰে চলাচল কৰা দেখিবলৈ পালো। গাঁৱৰ মন্দিৰৰ দেৱালত ওড়িয়া ভাষাত লিখা বি টি কঁপাহৰ বীজৰ কোম্পানীৰ পোষ্টাৰ প্লাষ্টাৰ কৰি লগাই থোৱা দেখিবলৈ পালো। এই খেতিৰ বাবে মাটি চহোৱা আৰু বীজ সিঁচা সঁজুলি গাঁৱৰ মধ্যস্থলত ৰখা দেখিবলৈ পালো ।








