‘সকলোৱে কপাহৰ খেতিকে কৰিছে। সেয়ে আমিও কৰিছোঁ,’ অনিশ্চয়তাৰ ভাৱত ৰূপা পিৰিকাকাই আমাক ক’লে।

এয়া বংশগতভাৱে সংশোধিত (জিএম) বিটি কপাহৰ বীজ। এই বীজ সহজেই স্থানীয় বজাৰত আৰু গাঁৱতো কিনিবলৈ পায়। পিৰিকাকাই কোৱা ‘সকলোৱে’ মানে এইখন গাঁও আৰু দক্ষিণ-পশ্চিম ওড়িশাৰ ৰায়াগড়া জিলাৰ অসংখ্য কৃষকৰ কথা বুজোৱা হৈছে।

‘তেওঁলোকৰ হাতলৈ টকা আহিছে,’ তাই কয়।

চল্লিশ বৰ্ষীয় পিৰিকাকা এগৰাকী কন্ধ জনগোষ্ঠীয়ৰ কৃষক। দুই দশক জুৰি প্ৰতি বছৰে তেওঁলোকে ঝুম খেতিৰ কাৰণে পাহাৰত এঢলীয়া মাটি সাজু কৰে। সেই অঞ্চলটোৰ পৰম্পৰা ৰক্ষা কৰি পিৰিকাকা পৰিয়ালটোৱে যোৱা বছৰৰ বিধানৰ ধান তাতে সিচিছে। ইয়াৰ পৰা পৰ্যাপ্ত হাৰত পৰিয়ালৰ বাবে আৱশ্যকীয় ফচল উৎপাদিত হয়। মনদিয়া আৰু কংগো আদি প্ৰজাতিৰ বাজৰা, ৰহৰ দাইল আৰু ক’লা মাহৰ লগতে ৰাম তিল (ক’লা তিল)ৰ আৰু অনান্য থলুৱা প্ৰজাতিৰ খেতি হয়।

এইবাৰ জুলাইত পিৰিকাকাই প্ৰথমবাৰৰ বাবে বিটি কপাহৰ বীজ ৰোপন কৰিছে। সেই সময়তে তেওঁক আমি লগ পাইছিলো। তেতিয়া তেওঁ বিষমকটক ব্লকৰ নিজ গাঁৱত এখন পাহাৰৰ দাঁতিত গাঢ় গুলপীয়া ৰঙৰ ৰসায়নিক যুক্ত বীজ সিচি আছিল। পৰম্পৰাগত ঝুম খেতিৰ ঠাইত কপাহৰ খেতিৰ প্ৰৱেশ ঘটিছিল। তাকে দেখি আমি অবাক হৈ তেওঁ কিয় পৰম্পৰাগত খেতি এৰি কপাহৰ খেতিত ধৰিলেস সেয়া নুসুধি নোৱাৰিলোঁ।

‘হালধি আদিৰ পৰাও আমি পইছা পাওঁ,’ পিৰিকাকাই কয়। ‘কিন্তু কোনেও সেই খেতি নকৰা হৈছে। সকলোৱে মনদিয়া (এক প্ৰকাৰৰ বাজৰা) এৰিছে... কপাহৰ খেতিত ধৰিছে।’

ৰায়াগড়া জিলাত কপাহৰ খেতি যোৱা ১৬ বছৰত ৫২০০ শতাংশ বাঢ়িছে। ২০০২-০৩ৰ চৰকাৰী তথ্য মতে কপাহৰ খেতিত মাত্ৰ ১৬৩১ একৰ মাটিহে দেখুৱায়। জিলা কৃষি কাৰ্যালয়ৰ তথ্য অনুসাৰি ২০১৮-১৯ত কপাহ খেতিয়ে আগুৰা মাটিৰ পৰিমাণ ৮৬,৯০৭ একৰ আছিল।

ৰায়াগড়াৰ জনসংখ্যা ১০ লাখৰ ওচৰা-ওচৰি। ৰায়াগড়া কোৰাপুত এলেকাৰ এক অংশ। এয়া বিশ্বৰ জৈৱ বৈচিত্ৰতাৰে ভৰপুৰ সমাহাৰ ঘটা লেখত ল’বলগীয়া অঞ্চলৰ ভিতৰত এটা। তদুপৰি ধানৰ বিভিন্ন প্ৰজাতিৰ বাবেও ঠাইখন বিখ্যাত। কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ ১৯৫৯ৰ সমীক্ষা মতে সেই সময়ত এই অঞ্চলটোত ১৭০০ৰো অধিক ধানৰ প্ৰজাতি আছিল। কিন্তু ২০০ৰো কম ধানৰ প্ৰজাতি এতিয়া ৰৈছেগৈ। কিছুমান গৱেষকৰ মতে ঠাইখন ধানৰ জন্মস্থান।

Adivasi farmers are taking to GM cotton, as seen on this farm in the Niyamgiri mountains.
PHOTO • Chitrangada Choudhury
But many are reluctant to entirely abandon their indigenous food crops, such as pigeon pea. They sow this interspersed with cotton, thus feeding agri-chemicals meant for the cotton plants to their entire farm.
PHOTO • Chitrangada Choudhury

নিয়মগিৰিৰ পাহাৰত আদিবাসী কৃষকে (বাওঁফালে) জিএম কপাহৰ খেতি কৰিছে (সোঁহাতে বাতিত কপাহৰ বীজ)। তাৰে কিছুমানে আকৌ মটৰৰ দৰে থলুৱা বীজৰ খেতি এৰিবলৈ মন কৰা নাই। থলুৱা মটৰৰ বীজ কপাহৰ খেতিৰ মাজে মাজে ৰোপন কৰা হয়, ইফালে কপাহৰ কাৰণে প্ৰয়োগ কৰা কৃষিজাত ৰাসায়নিক দ্ৰব্য গোটেই খেতিপথাৰতে বিয়পি পৰে

নিয়াৰিকৈ কৰা বন্য কৃষিৰ বাবে কন্ধ আদিবাসীসকল জনাজাত। আজিও বহু কন্ধ পৰিয়ালে পাহাৰৰ এঢলীয়া খেতিমাটিত ধান, বাজৰা আৰু বিভিন্ন প্ৰকাৰৰ দাইল, শাক-পাচলিৰ খেতি কৰে। ৰায়াগড়াৰ এটা বেচৰকাৰী সংস্থা লিভিং ফাৰ্মচ-এ শেহতীয়াকৈ কৰা উক্ত অঞ্চলৰ সমীক্ষাত বাজৰাৰ ৩৬ টা প্ৰজাতি আৰু ২৫০ বিধ বন্য খাদ্য লিপিবদ্ধ কৰিছে।

ইয়াৰে প্ৰায়ভাগ আদিবাসী খেতিয়কে ১ৰ পৰা ৫ একৰৰ ব্যক্তিগত বা সামূহিক খেতিমাটিত কাম কৰে।

তেওঁলোকে বীজবোৰ নিজৰ মাজতে চোৱাচিতা আৰু ভাগ-বতৰা কৰে। তাৰ বাবে কোনো সংশ্লেষিত উৰ্বৰক নাইবা অইন কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা নহয়।

তথাপিও ৰায়াগড়াত পাৰম্পৰিক জোৱাৰৰ খেতিক পিছ পেলাই কপাহেই দ্বিতীয় সৰ্বাধিক উৎপাদিত শস্য হৈ পৰিছে। অঞ্চলটোৰ প্ৰমুখ খাদ্যশস্য বাজৰাকো ই চেৰ পেলাইছে। এই শস্য জিলাখনৰ মূঠ খেতিমাটি ৪২৮,৯৪৭ একৰ মাটিৰ এক পঞ্চমাংশ আগুৰিছে। কপাহৰ এই খৰতকীয়া আগ্ৰাসনৰ ফলত ভূভাগৰ পৰিৱৰ্তন ঘটিছে আৰু কৃষি-পাৰিৱেশিক জ্ঞানৰ অৱক্ষয় ঘটিছে।

ভাৰতৰ মূঠ খেতি মাটিৰ ৫ শতাংশত কপাহৰ খেতি হয়। কিন্তু সেই খেতিতেই দেশৰ মূঠ কীটনাশক, অপতৃণনাশক আৰু ভেঁকুৰনাশকৰ প্ৰয়োগৰ প্ৰায় ৩৬ৰ পৰা ৫০ শতাংশ প্ৰয়োগ হয়। এই শস্যই ভাৰতৰ কৃষকৰ ঋণৰ বোজাৰ আৰু আত্মহত্যাৰ সৈতে আটাইতকৈ বেছি জড়িত।

অঞ্চলটোৰ পৰিৱৰ্তিত ছবিয়ে ১৯৯৮ আৰু ২০০২ৰ মাজৰ বিদৰ্ভৰ কথা মনলৈ আনেঃ নতুন চমকপ্ৰদ বীজ (আৰু তাৰপিছত অবৈধ) আৰু তাকে লৈ অত্যাধিক লাভৰ সপোন লৈ নমা উচাহৰ ধল, তাৰ পিছত সেই শস্যই অত্যাধিক হাৰত পানী শোষণ কৰাৰ পৰিণাম, ব্যয় বৃদ্ধি, ঋণ বৃদ্ধি আৰু পাৰিৱেশিক পৰিৱৰ্তনৰ হেঁচা আদি।

*****

আমি যিখন দোকানৰ আগত ৰৈ আছো, সেইখনৰ স্বত্বাধিকাৰী ২৪ বৰ্ষীয় চন্দ্ৰ কুদ্ৰুকা (নাম সলনি কৰা হৈছে)। ভুৱনেশ্বৰৰ পৰা হোটেল মেনেজমেণ্টৰ ডিগ্ৰী লাভ কৰাৰ পিছত জুনত নিয়ামগিৰি পাহাৰত স্থিত নিজ গাঁও ৰুকাগুড়া (নাম সলনি কৰা হৈছে)ত এই দোকানখন খুলিছে। আলু, পিয়াজ, ভজা পিঠা, মিঠাই আদিৰে সৈতে দোকানখন দেখাত গাঁৱৰ অইন দোকানৰ দৰেই লাগিছে।

মাত্ৰ এবিধ সামগ্ৰীয়ে তেওঁৰ দোকানখনক অইন দোকানৰ পৰা পৃথক কৰে- কাউণ্টাৰৰ তলতে ৰখা আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰীবিধ। কপাহৰ বীজৰ ৰং-বিৰঙী পেকেটৰ এটা বস্তা। তাতে সুখী কৃষকৰ ছবি আৰু ২০০০ টকীয়া নোটৰ ছবি আছে।

কুদ্ৰুকাৰ দোকানৰ বীজৰ ভালেমান পেকেট অবৈধ আৰু কৰ্তৃত্বহীন। কিছুমান পেকেটত লেবেলো নাছিল। তাৰে ভালেমান পেকেটত ওড়িশাত বিক্ৰীৰ বাবে অনুমোদন নাছিল। তাৰোপৰি বীজ আৰু কৃষি-ৰাসায়নিক বিক্ৰীৰ বাবে তেওঁৰ অনুজ্ঞাপত্ৰও নাছিল।

তাৰোপৰি দোকানখনত বীজৰ সৈতে বিক্ৰী কৰা বিতৰ্কিত অপতৃণনাশক গ্লাইফছেটৰ সেউজীয়া আৰু ৰঙা বটল ভৰ্তি হৈ আছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ ২০১৫ৰ এক প্ৰতিবেদন মতে (যিখন উদ্যোগ গোষ্ঠীৰ হেঁচাত পৰি সংস্থাই পিছত সলনি কৰিলে) গ্লাইফছেট ‘মানুহৰ কাৰণে সম্ভৱতঃ কৰ্কট সৃষ্টিকাৰী’। পাঞ্জাৱ আৰু কেৰেলাত সামগ্ৰীবিধ নিষিদ্ধ। তদুপৰি ইয়াৰ মূলদেশ আমেৰিকাত কৰ্কট ৰোগীয়ে গ্লাইফছেটক লৈ তৰা কোটি টকাৰ গোচৰ চলি আছে।

In Kaliponga village, farmer Ramdas sows BT and HT cotton, days after dousing their lands with glyphosate, a broad spectrum herbicide
PHOTO • Chitrangada Choudhury
In Kaliponga village, Ramdas' wife Ratnamani sows BT and HT cotton, days after dousing their lands with glyphosate, a broad spectrum herbicide
PHOTO • Chitrangada Choudhury

কালিপোংগা গাঁৱৰ কৃষক ৰামদাস আৰু তেওঁৰ পত্নি ৰত্নমণিয়ে বিটি আৰু এছটি কপাহৰ বীজ সিচিবলৈ কিছুদিন পূৰ্বে নিজৰ খেতিমাটিত ব্যাপক হাৰত অপতৃণনাশক গ্লাইফছেটৰ প্ৰয়োগ কৰিছিল

ৰায়াগড়াৰ কৃষকে এইবোৰ কথা নাজানে। গ্লাইফছেটক ঘাঁহ মৰা ঔষধ বুলি তেওঁলোকে কয়। খেতিপথাৰত ঘাঁহ-বন আদি সোনকালে মাৰি মাটিখিনি মোকলাবলৈ খেতিয়কে এয়া ব্যৱহাৰ কৰে। কিন্তু এই বিধ অপতৃণনাশক সৰ্বনাশী। ই অপতৃণৰ বাদেও অনান্য ঘাঁহ-বনো মাৰি পেলায়। কুদ্ৰুকাই আমাক চকুৰ পচাৰতে কপাহৰ সেই বীজবোৰ দেখুৱালে যিবোৰত তেওঁৰ মতে গ্লাইফছেট ছটিওৱাৰ কোনো প্ৰভাৱ নপৰে। এনে ‘অপতৃণনাশক-সহিষ্ণু’ বা এছটি বীজ ভাৰতত নিষিদ্ধ।

কুদ্ৰুকাই আমাক জনালে যে যোৱা পোন্ধৰ দিনত তেওঁ কৃষকলৈ এনে ১৫০ পেকেট বীজ বিক্ৰী কৰিছে আৰু ক’লে, ‘মই আৰু পেকেট মগাইছো। কাইলৈ আহি পাব।’

এই কাৰবাৰ ভালেই চলিছে যেন লাগিছে।

‘ৰায়াগড়াত এই সময়ত কপাহৰ ৯৯.৯ শতাংশ খেতি বিটি কপাহৰ। আন বীজ উপলব্ধ নহয়,’ জিলাখনৰ খেতিৰ নিৰীক্ষণৰ দায়িত্বত থকা এগৰাকী বিষয়াই আমাক অফ দি ৰেকৰ্ড এই কথা ক’লে। ‘চৰকাৰী হিচাপত ওড়িশাত বিটি কপাহ স্থবিৰ অৱস্থাত আছে। এয়া স্বীকৃতও নহয়, নিষিদ্ধও নহয়।’

আমি ওড়িশাত বিটি কপাহ প্ৰচলন কৰাৰ অনুমতিৰ কাৰণে দায়িত্বত থকা কেন্দ্ৰ চৰকাৰৰ সংস্থাৰ পৰা কোনো প্ৰমাণীকৰণ পোৱা নাই। আনকি কৃষি মন্ত্ৰালয়ৰ ২০১৬ত কপাহৰ স্থিতিৰ প্ৰতিবেদন মতে ওড়িশাত বিটি কপাহৰ পৰিমাণ বছৰে বছৰে শূন্য বুলি দেখুৱাই অহা হৈছে। তাৰ মানে ইয়াৰ অস্তিত্ব চৰকাৰে স্বীকাৰ নকৰে। ‘মই এছটি কপাহৰ কথা নাজানো,’ ৰাজ্যৰ কৃষি সচিব ডা. সৌৰভ গাৰ্গে আমাক ফোনযোগে এই কথা ক’লে। ‘বিটি কপাহক লৈ ভাৰত চৰকাৰৰ যি নীতি, সেয়াই আমাৰ নীতি। ওড়িশাৰ কাৰণে আমাৰ হাতত বেলেগে কোনো নীতি নাই।’

ইয়াৰ পৰিণাম ভংয়কৰ। চৰকাৰী কৰ্তৃত্বহীন বিটি আৰু অবৈধ এছটি বীজৰ সৈতে কৃষি ৰাসায়নিকৰ বেপাৰ বাঢ়িব ধৰিছে। ৰায়াগড়াৰ ন ন অঞ্চললৈ এয়া তীব্ৰগতিত শিপাইছে। নিয়ামগিৰি পাহাৰত কুদ্ৰুকাৰ দোকানত ইয়াৰ উপস্থিতিয়ে তাৰ প্ৰমাণ।

গোলকীয় হাৰত কৃষি-ৰাসায়নিকে মাটিৰ সুক্ষ্ম জীৱাণু আদি নষ্ট কৰি পেলাইছে, উৰ্বৰতা নাইকিয়া কৰিছে আৰু ‘মাটি তথা পানীত উপজা তৃণ আৰু জীৱ-জন্তুৰ আবাসস্থল’ৰ ক্ষতি কৰিছে, এয়া অধ্যাপক শ্বাহিদ নইমে শেহতীয়াকৈ কোৱা কথা। নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিস্থিতিতন্ত্ৰ, বিৱৰ্তন আৰু পাৰিৱেশিক জীৱবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক নইমে কয়, ‘এই সকলোবোৰ জীৱই গুৰুত্বপূৰ্ণ, কিয়নো সামূহিক ৰূপত এক সুস্থ পৰিস্থিতিতন্ত্ৰ নিৰ্মাণত এই সকলোবোৰৰ অৰিহনা থাকে, এই উপাদানবোৰে আমাৰ পানী আৰু বায়ুৰ প্ৰদূষকবোৰ আঁতৰ কৰে, মাটি সমৃদ্ধ কৰে, আমাৰ শস্যত পুষ্টি যোগায় আৰু জলবায়ু প্ৰণালীবোৰ নিয়মিতকৰণ কৰে।’

*****

তেওঁলোকক (আদিবাসী কৃষকক) কপাহৰ খেতিৰ প্ৰতি আগ্ৰহী কৰি তোলা কামটো সহজ নাছিল, মই বহুত কষ্ট কৰিবলগীয়া হৈছিল, প্ৰসাদ চন্দ্ৰ পাণ্ডাই কয়।

নিজৰ গ্ৰাহক তথা অইন লোকৰ মাজত কাপ্পা পাণ্ডা (যাৰ অৰ্থ কপাহ পাণ্ডা) নামে জনাজাত প্ৰসাদ চন্দ্ৰক আমি ৰায়াগড়াৰ তহচিল চহৰ বিষমকটকৰ নিজা বীজ আৰু ৰাসায়নিক সাৰৰ দোকান কামাখ্য ট্ৰেডাৰ্ছত লগ পাইছিলো।

পাণ্ডাই এইখন দোকান ২৫ বছৰ আগতে খুলিছিল। তেওঁ জিলাখনৰ কৃষি বিভাগৰ প্ৰসাৰণ বিষয়া হিচাপেও কাম কৰিছিল। বিষয়া হিচাপে ৩৭ বছৰ চাকৰি কৰাৰ পিছত ২০১৭ত তেওঁ অৱসৰ গ্ৰহণ কৰে। চৰকাৰী বিষয়া হিচাপে তেওঁ গাঁৱৰ খেতিয়কক নিজৰ ‘পুৰণিকলীয়া খেতি’ এৰি কপাহৰ খেতি কৰিবলৈ উৎসাহ যোগালে। ইফালে তেওঁৰ পুত্ৰ সুমন পাণ্ডাৰ নামত থকা দোকানৰ পৰা কপাহৰ বীজ আৰু তাৰ সৈতে লাগতিয়াল কৃষি ৰাসায়নিকৰ বিক্ৰী চলি থাকিল।

Top left and right-GM cotton seeds marketed to Adivasi farmers lack mandatory labelling, are sold at prices beyond official caps, and are in most cases, do not list Odisha as among the recommended states for cultivation. 
Bottom left-IMG_2727-GM cotton seeds marketed to Adivasi farmers lack mandatory labelling, are sold at prices beyond official caps, and in most cases, do not list Odisha as among the recommended states for cultivation.  
Bottom right-Prasad Chandra Panda-Former government agriculture officer Prasad Chandra Panda at his seeds and inputs shop in Bishamakatak on a July evening.
PHOTO • Chitrangada Choudhury

ৰায়াগড়াৰ আদিবাসী কৃষকে কিনা জিএম কপাহৰ বীজৰ পেকেটত বাধ্যতামূলক লেবেল নাই, তাকো বিক্ৰী কৰা হৈছে নিৰ্ধাৰিত মানতকৈ অধিক দৰত। মন কৰিবলগীয়া যে সেয়া অবৈধ অপতৃণনাশক-সহিষ্ণু বীজ হ’ব পাৰে আৰু সাধাৰণতে ওড়িশাত কৰাৰ বাবে সূচীবদ্ধ কৰা হোৱা নাই। তলত সোঁফালেঃ পিচি পাণ্ডাই কয় যে তেওঁ চৰকাৰী কৰ্তৃত্বহীন বীজ বিক্ৰী নকৰে। অলপতে অৱসৰ লোৱা এইগৰাকী কৃষি বিষয়াই বিষমকটকত ২৫ বছৰ ধৰি বীজ আৰু উৰ্বৰকৰ দোকান চলাই আহিছে

পাণ্ডাই এইক্ষেত্ৰত স্বাৰ্থৰ কোনো সংঘাত থকা বুলি নাভাবে। তেওঁ কয়, ’চৰকাৰৰ নীতি অনুসাৰে নগদী শস্য হিচাপে কৃষকৰ মাজত কপাহৰ পৰিচয় কৰোৱা হৈছিল। শস্যবিধক বজাৰৰ ইনপুটৰ আৱশ্যকতা আছিল, সেই দেখি মই দোকানখন খুলিলো।’

পাণ্ডাৰ দোকানত আমাৰ কথা-বতৰা দুই ঘণ্টাজুৰি চলিল। তাৰে মাজতে তেওঁৰ দোকানলৈ বীজ কিনিবলৈ অহা খেতিয়কৰ আহ-যাহ চলি থাকিল। কেতিয়া কিনিব লাগিব, কেতিয়া সিচিব লাগিব, কিমান ছটিয়াব লাগিব ইত্যাদি নানানটা প্ৰশ্নও তেওঁক সুধি গ’ল। তেওঁ বিজ্ঞৰ দৰে প্ৰতিজনকে উত্তৰ দি গ’ল। সেই খেতিয়কবোৰৰ কাৰণে তেওঁ বিজ্ঞানী, পৰামৰ্শদাতা। তেওঁৰ পচন্দই তেওঁৰ আদেশ।

এনে নিৰ্ভৰশীলতাৰ যি দৃশ্য আমি পাণ্ডাৰ দোকানত দেখিলো, সেই একেই নিৰ্ভৰশীলতা কপাহ খেতি কৰা সকলো গাঁৱত য’ত য’ত আমি গৈছিলো, তাতে দেখা পালো। ‘বজাৰ’খনৰ প্ৰভাৱ কপাহৰ বাদেও অনান্য দিশতো বিস্তৃত হৈ পৰিছে।

‘কৃষিযোগ্য ভূমি কপাহৰ কাৰণে আৱণ্টিত কৰা হেতুকে কৃষকে ঘৰুৱা আৱশ্যকীয় সকলোবোৰ সা-সামগ্ৰী বজাৰৰ পৰা কিনিবলগীয়া হৈছে,’ বৈজ্ঞানিক আৰু খালি ভৰিৰ সংৰক্ষণকৰ্মী দেবল দেবে আমাক কয়। ৰায়াগড়াত ২০১১ৰ পৰা থকা দেবে স্ব-স্থানত থলুৱা ধানৰ সংৰক্ষণৰ পৰিকল্পনা চলাই আহিছে আৰু কৃষকক প্ৰশিক্ষণো দি আহিছে।

‘খেতিৰ সৈতে সম্পৰ্কিত পাৰম্পৰিক জ্ঞানৰ লগতে অকৃষিজাত জীৱিকা তীব্ৰ গতিত লুপ্ত হ’বলৈ ধৰিছে,’ তেওঁ কয়। ইখনৰ পৰা সিখন গাঁৱলৈ ক’তো কুমাৰ, বাঢ়ৈ, শিপিনী পাবলৈ নাই। সকলো ঘৰুৱা সা-সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰা হয় আৰু ইয়াৰে ভিতৰত অধিকাংশ দুৰ-দুৰণিৰ চহৰৰ পৰা অহা প্লাষ্টিকৰ সামগ্ৰী। গাওঁবোৰৰ পৰা বাঁহ নাইকিয়া হ’বলৈ ধৰিছে, তাৰ লগে লগে নাইকিয়া হৈছে বাঁহেৰে নিৰ্মিত সামগ্ৰী। তাৰ ঠাই এতিয়া হাবিৰ কাঠ আৰু মহঙা কংক্ৰিটে লৈছে। এতিয়া এটা খুঁটা পুতিবলৈ বা বেৰ দিবলৈও হাবিৰ পৰা গছ কাটিবলগীয়া হৈছে। অধিক লাভৰ আশাত মানুহে যিমানেই বজাৰৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰিছে, সিমানেই পৰিৱেশ ক্ষতিগ্ৰস্ত হ’বলৈ ধৰিছে।’

*****

‘দোকানীয়ে ক’লে যে এয়া ভালেই হৈছে,’ ৰামদাসে সংকোচ ভাবেৰে (তেওঁ নিজৰ নামৰ উপাধি ব্যৱহাৰ কৰিছে) কৈ আমাক বিটি কপাহৰ বীজৰ তিনিটা পেকেট দেখুৱালে। সেই পেকেটকেইটা তেওঁ কুদ্ৰুকাৰ দোকানৰ পৰা ধাৰত কিনিছে। এই কন্ধ আদিবাসীজনৰ সৈতে আমাৰ সাক্ষাৎ তলহাটিত হৈছিল যেতিয়া তেওঁ বিষমকটক ব্লকৰ নিজ গাওঁ কালিপোংগালৈ উভতি আহি আছিল। তেওঁ আমাক ক’লে যে বীজৰ সেই পেকেটকেইটাৰ লগতে পোৱা পৰামৰ্শৰ বাবেই তেওঁ সদায় সেইখন দোকানৰ পৰাই বীজ কিনে।

ইয়াৰ বাবে কিমান টকা দিবলগীয়া হৈছিল? ‘মই লগে লগে পৰিশোধ কৰা হ’লে ৮০০ টকাকৈ দিলে হ’লেহেঁতেন। কিন্তু সেই সময়ত মোৰ তাত ২৪০০ টকা নাছিল, সেয়ে শস্য চপোৱাৰ পিছত মই দোকানীক ৩০০০ টকা দিব লাগিব।’ কিন্তু তেওঁ ১০০০ নিদি যদি ৮০০ টকাও দিয়ে তেতিয়াও কিন্তু এই মহঙা কপাহৰ বীজ বলাৰ্ড II বিটি কপাহৰ দাম চৰকাৰৰ দ্বাৰা নিৰ্দেশিত সৰ্বোচ্চ মূল্য ৭৩০ টকাৰ ওপৰতে থাকিব।

পিৰিকাকা, ৰামদাস, সুনা আৰু অইন কৃষকে আমাক কয় যে তেওঁলোকে পাৰম্পৰিকভাবে আজিলৈকে কৰি অহা সেই সকলো শস্যৰ খেতিতকৈ কপাহৰ খেতি সম্পূৰ্ণ বিপৰীতঃ ‘আমাৰ পাৰম্পৰিক শস্য বাঢ়িবলৈ কোনো ধৰণৰ বাহিৰা সামগ্ৰীৰ প্ৰয়োজন নহয়...’

ভিডিঅ’ চাওকঃ ‘আপুনি যেনেদৰে এটি শিশুৰ চোৱাচিতা কৰে, তেনেদৰেই আপুনি কপাহৰ খেতিৰ চোৱাচিতা কৰিবলগীয়া হয়’

ৰামদাসে যিকেইটা পেকেট কিনিছিল, তাৰে কোনো এটাতে মূদ্ৰিত মূল্য, নিৰ্মাণৰ বা সমাপ্তিৰ তাৰিখ, কোম্পানীৰ নাম বা তাৰ বিষয়ে বিৱৰণ আদি একোৱেই নাছিল। মাত্ৰ কপাহৰ এটা পোকৰ ছবিৰ ওপৰত ইংৰাজী X আখৰটো ৰঙা ৰঙেৰে লিখা আছে, কিন্তু বিটি বীজৰ লেবেল ক’তো নাছিল। পেকেটবোৰত এছটি-ৰ কোনো নিৰ্দেশনা নাছিল, কিন্তু ৰামদাসে এই কথা বিশ্বাস কৰিছিল যে ‘ঘাঁহ মৰা’ সেই দ্ৰব্যবিধ শস্যৰ ওপৰত ছটিয়াব পাৰি, কিয়নো দোকানীয়ে তেওঁক সেই কথা কৈছে।

দুই সপ্তাহৰ মুৰে মুৰে আমি যিকেইজন কৃষকৰ সাক্ষাৎকাৰ লৈছো, সেইসকলৰ ভিতৰত ৰামদাসেও এই কথা নাজানে যে ভাৰতত অপতৃণ-সহিষ্ণু বীজৰ ব্যৱহাৰৰ অনুমতি নাই। তেওঁ নাজানে যে কোম্পানীয়ে লেবেল অবিহনে বীজ বিক্ৰী কৰিব নোৱাৰে। এয়াও নাজানে যে বীজৰ মূল্যৰ সৰ্বোচ্চ সীমাও আছে। বীজৰ পেকেট আৰু কৃষি-ৰাসায়নিকৰ বটলত উড়িয়া ভাষাত একো লিখা নাছিল, সেয়ে কৃষকে জনা নাছিল যে তাৰে নিৰ্মাতাই কি দাবী কৰিছে, আনকি পঢ়িব জানিলেও নাজানিলেহেঁতেন।

তথাপি ধনৰ আশাই তেওঁলোকক কপাহৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰিছিল।

‘আমি এই খেতি কৰিলে হাতলৈ কিছু টকা আহিব যিখিনিৰে মই মোৰ ল’ৰাক এইবছৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত নাম লিখাব পাৰিম,’ বিষমকটক ব্লকৰ কেৰান্দিগুড়া গাঁৱৰ এগৰাকী দলিত ভাড়াতীয় খেতিয়ক শ্যামসুন্দৰ সুনাৰ এই আশা। তেঁও, কন্ধ আদিবাসী জনগোষ্ঠীৰ তেওঁৰ পত্নি কমলা আৰু দম্পত্তিহালৰ দুই সন্তান এলিজাবেথ আৰু আশীষক মুৰৰ ঘাম মাটিত পেলাই কপাহৰ বীজ ৰোপন কৰি থকা অৱস্থাত পালো। সুনাই বীজবোৰত সকলো ধৰণৰ কৃষি ৰাসায়নিক ব্যৱহাৰ কৰিছে। সেইবোৰৰ বিষয়ে তেওঁ খুব কমেই জানে। ‘খুচুৰা বিক্ৰেতাজনে মোক কৈছিল যে খেতি ভাল হ’ব,’ তেওঁ কয়।

পিৰিকাকা, ৰামদাস, সুনা আৰু অইন কৃষকে আমাক কৈছিল যে কপাহৰ খেতি তেওঁলোকে সচৰাচৰ কৰি অহা খেতিতকৈ সম্পূৰ্ণ বেলেগ। ‘আমাৰ পৰম্পৰাগত খেতিৰ শ্ৰীবৃদ্ধিৰ বাবে কোনো কীটনাশক, কোনো উৰ্বৰক আদিৰ প্ৰয়োজন নহয়,’ পিৰিকাকাই কয়। কিন্তু কপাহত ‘প্ৰতিটো পেকেটৰ সৈতে ১০ হাজাৰকৈ টকা খৰছ কৰিবলগীয়া হয়। আপুনি বীজ, সাৰ আৰু কীটনাশকৰ ওপৰত টকা খৰছ কৰিব পাৰিলেহে শস্য চপোৱাৰ সময়ত সামান্য লাভৰ মুখ দেখিব। আপুনি এইখিনি কৰিব নোৱাৰিলে সকলোখিনি টকা পানীত পৰিব। আপুনি এইখিনি কৰিব পাৰিলে আৰু বতৰ ভাল হ’লে আৰু সকলো ভালে ভালে থাকিলে এয়া (শস্য) ৩০ৰ পৰা ৪০ হাজাৰ টকাত বিক্ৰী কৰিব পাৰিব,’ ৰামদাসে কয়।

এই কৃষকসকলে টকা ঘটিবলৈ বুলিয়ে কপাহৰ খেতি কৰিছে, কিন্তু ইয়াৰে কিছুমানে বহুত জোৰ কৰাৰ পিছতহে জনালে যে সেই খেতিৰ পৰা তেওঁলোকৰ কিমান আয় আহিছে।

জানুৱাৰী-ফেব্ৰুৱাৰী আহিলেই কৃষকে নিজৰ উৎপাদিত শস্য খুচুৰা বিক্ৰেতাৰ যোগেদি বিক্ৰী কৰিবলগীয়া হয়। তেতিয়া অত্যাধিক সুতত লোৱা বীজৰ বাবদ পাবলগীয়া ধনৰ বিনিময়ত উৎপাদিত খাদ্য-শস্য আদি দি দিবলগীয়া হয়, হিচাপ-নিকাচ কৰি অৱশিষ্ট ধন কৃষকৰ হাতলৈ আহে। ‘মই এইমাত্ৰ গুণাপুৰৰ বেপাৰীৰ পৰা ১০০ পেকেট বীজ ধাৰে আনিছো,’ চন্দ্ৰ কুদ্ৰুকাই আমাক কয়। ‘শস্য চপোৱাৰ পিছত ঋণ শুজিম, আৰু আমি কৃষকে দিয়া সুতৰ টকাৰ ভাগ-বতৰা কৰিম।’

PHOTO • Chitrangada Choudhury

ওপৰৰ শাৰীতঃ জুলাইৰ মাজভাগত প্ৰথম বাৰৰ বাবে কন্ধ আদিবাসী কৃষক ৰূপা পিৰিকাকাই কৰঞ্জাগুড়া গাঁৱৰ পাহাৰীয়া মাটিত বজাৰৰ পৰা অনা জিএম কপাহৰ বীজ মগাই আনি ৰোপন কৰিছে। তলত বাওঁফালেঃ নন্দা চৰকা আৰু তেওঁৰ পৰিয়ালে কালিপোংগা গাঁৱৰ নিজৰ দুই একৰ খেতি মাটিত বিটি কপাহৰ চাৰি পেকেট বীজ ৰুইছে। তলত সোঁফালেঃ শ্যামসুন্দৰ সুনা আৰু কমলা কেৰান্দিগুড়া গাঁৱৰ ভাড়াতীয় কৃষক। তেওঁলোকে অলপতে বিটি কপাহৰ খেতি আৰম্ভ কৰিছে আৰু নিজৰ ল’ৰা-ছোৱালীৰ স্কুলৰ মাচুল পৰিশোধ কৰাৰ মানসেৰে অধিক লাভৰ আশা কৰিছে

যদি খেতি ভাল নহয় আৰু ধাৰ কৰি অনা পেকেটকেইটাৰ দাম পৰিশোধ কৰিব নোৱাৰে, তেতিয়া কি হ’ব? এয়া সাংঘাতিক ৰিস্ক নহ’বনে?

‘কেনে ৰিস্ক?’ ডেকা ল’ৰাজনে হাঁহি মাৰি প্ৰশ্ন কৰিলে। ‘কৃষক যাব ক’লৈ? তেওঁলোকে উৎপাদন কৰা কপাহ মোৰ যোগেদিয়েই বেপাৰীলৈ যায়। যদি তেওঁলোকে মাত্ৰ ১ বা ২ কুইণ্টল কপাহো চপায়, তেতিয়াও মই মোৰ বকেয়া ধন আদায় কৰি ল’ব পাৰিম।’

যিখিনি তেওঁ নক’লে, সেইখিনি তেওঁৰ কথাৰ পৰাই স্পষ্ট হৈ পৰে- কৃষকৰ হাতত ফুটা কড়ি এটাও নাথাকিব।

ৰায়াগড়াও নিজৰ অমূল্য জৈৱ-বৈচিত্ৰতাৰ পৰা বঞ্চিত হ’ব। এই কথাই অধ্যাপক নইমে কয়। গোলকীয় পৰ্যায়ত শস্যৰ বৈচিত্ৰতা সমাপ্ত হোৱা মানে খাদ্য সুৰক্ষা সংকটাপন্ন হোৱা আৰু গোলকীয় উত্তাপৰ সৈতে ফেৰ মৰাৰ ক্ষমতা হ্ৰাস পোৱা। তেওঁ এই সতৰ্কতাবাণী শুনাইছে যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ-বৈচিত্ৰতাৰ ক্ষতিৰ মাজত গভীৰ সম্পৰ্ক আছেঃ ‘কম সেউজী আৰু জৈৱ-বৈচিত্ৰতা কম থকা গ্ৰহত উত্তাপ বঢ়া আৰু শুকান হৈ থকাৰ সম্ভাৱনা থাকে।’

ৰায়াগড়াৰ আদিবাসী কৃষকে বিটি কপাহৰ কাৰণে জৈৱ-বৈচিত্ৰতাক এলাগী কৰিবলৈ ধৰা এই সময়তে, ওড়িশা ৰাজ্যখন পৰিস্থিতিতান্ত্ৰিক আৰু অৰ্থব্যৱস্থাৰ দিশত সুদুৰপ্ৰসাৰী পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’বলৈ ধৰিছে। ফলত ব্যক্তিগত আৰু জলবায়ুৰ প্ৰভাৱ, এই দুয়োটা স্তৰতে গভীৰ সংকটৰ উদয় হৈছে।পিৰিকাকা, কুদ্ৰুকা, ৰামদাস আৰু ‘কপাহ পাণ্ডা’ এই পৰিৱৰ্তনৰ মেৰপেচত সোমাই পৰিছে।

‘দক্ষিণ ওড়িশাত পাৰম্পৰিক পদ্ধতিৰে কপাহৰ খেতি কৰিবপৰা খেতিপথাৰ কেতিয়াও নাছিল। সেই ঠাইৰ মাটি একাধিক শস্যৰ বাবেহে উপযোগী,’ দেবল দেব কয়। ‘বাণিজ্যিক কপাহৰ এই একক শস্যৰ খেতিয়ে শস্যৰ বৈচিত্ৰতা, মাটিৰ গুণাগুণ, ঘৰুৱা আয়ৰ সুস্থিৰতা, কৃষকৰ স্বতন্ত্ৰতাৰ লগতে খাদ্য সুৰক্ষা সলনি কৰি পেলাইছে।’ এয়া কৃষি সংকটৰ এক অব্যৰ্থ শৰ যেন লাগিছে।

কিন্তু এই কাৰক, বিশেষকৈ ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰক আৰু পানী আৰু নদীৰ ওপৰত এই সকলো কাৰকৰ কি প্ৰভাৱ পৰিব, তাৰ লগতে জৈৱ-বৈচিত্ৰতাৰ ক্ষতি- এই সকলোবোৰ মিলি পাৰস্পৰিকভাৱে ব্যাপক হাৰত এক দীৰ্ঘম্যাদী সুদুৰপ্ৰসাৰী প্ৰক্ৰিয়াৰ অংশীদাৰ হৈছে। আমি এতিয়া এই অঞ্চলটোত জলবায়ু পৰিৱৰ্তনৰ বীজ ৰোপন কৰা প্ৰত্যক্ষ কৰিছো।

প্ৰচ্ছদ আলোকচিত্ৰঃ কালিপোংগা গাঁৱত কৃষক ৰামদাসে নিজৰ খেতিমাটিখিনি ব্যাপক অপতৃণনাশক গ্লাইফছেটেৰে প্ৰায় ডুবাই পেলোৱাৰ কিছুদিন পাছত বিটি আৰু এছটি কপাহৰ বীজ ৰুইছে। (আলোকচিত্ৰঃ চিত্ৰাংগদা চৌধুৰী)

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporting : Chitrangada Choudhury

Chitrangada Choudhury is an independent journalist.

Other stories by Chitrangada Choudhury
Reporting : Aniket Aga

Aniket Aga is an anthropologist. He teaches Environmental Studies at Ashoka University, Sonipat.

Other stories by Aniket Aga

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Series Editors : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das