“বৰষুণ আকৌ ৰৈ গৈছে,” ধৰ্মা গাৰেলে বাঁহৰ লাখুটি এডালৰ সহায় লৈ নিজৰ খেতিৰ পিনে গৈ থাকোতে কয়। “জুন মাহটো অদ্ভুত মাহ হৈ পৰিছে। ২-৩ ঘণ্টা বৰষুণ হ’ব। কেতিয়াবা কিনকিনীয়া, কেতিয়াবা মুষলধাৰ। কিন্তু কেইঘণ্টামান পিছতে আকৌ অসহ্য গৰম পৰিব। মাটিৰ আৰ্দ্ৰতা একেবাৰে শুহি লৈ যাব। এনেকৈ মাটি আকৌ শুকাই যাব। শস্যই পোশা মেলিব কেনেকৈ?”
চাৰিকুৰি বয়সৰ গাৰেল আৰু তেওঁৰ পৰিয়ালে থানে জিলাৰ সাহাপুৰ তালুকত ১৫ টা ৱাৰ্লি আদিবাসী পৰিয়াল থকা বস্তি গাৰেলপাৰাত নিজৰ এক একৰ খেতিপথাৰত ধানখেতি কৰে। তেওঁ কৰা ধানৰ খেতি ২০১৯ৰ জুনত একেবাৰে শুকাই গ’ল। সেই মাহটোত, ১১ দিনত কেৱল ৩৯৩ মি.মি. বৰষুণ হৈছিল (গঢ়ে ৪২১.৯ মি.মি.তকৈও কম)।
তেওঁ ধানৰ যি বীজ সিঁচিছিল, সেয়া অংকুৰিতও হ’বলৈ পোৱা নাছিল। তাতে আকৌ তেওঁ বীজ, সাৰ, ভাড়াত অনা ট্ৰেক্টৰ আৰু খেতিৰ অন্য সামগ্ৰীৰ নামত যি ১০,০০০ টকা খৰছ কৰিছিল, সেইখিনিও পানীত পৰিল।
“আগস্তত যেনিবা বৰষুণ নিয়মীয়া হ’ল, আৰু মাটিলৈ জীপ আহিল। মই জানিছিলো যে দ্বিতীয়বাৰ বীজ সিঁচাৰ সাহস কৰিলে আমি ফচল পাম, হাতলৈ অলপমান লাভ আহিব,” ধৰ্মাৰ ল’ৰা, ৩৮ বছৰীয়া ৰাজুৱে কয়।
তাৰপিছত জুন মাহত বৰষুণ একেবাৰেই নাইকিয়া হ’ল। তালুকটোত জুলাইৰ ৮৪৩.৩ মি.মি.ৰ সামান্য বৰষুণৰ তুলনাত জুলাইত ১৫৮৬.৮ মি.মি. প্ৰচুৰ বৰষুণ হ’ল। সেয়ে গাৰেলৰ পৰিয়ালে দ্বিতীয়বাৰ বীজ সিঁচাৰ মন মেলিলে। কিন্তু আগস্তত বৰষুণ ধাৰাসাৰে হ’বলৈ ধৰিলে আৰু অক্টোবৰলৈ বৰষুণ নকমিল। থানে জিলাত সাতটাৰ কেউটা তালুকত ১১৬ দিনত ১,২০০ মি.মি.ৰ অধিক বৰষুণ হৈছিল।
“ধানৰ কঠিয়াবোৰ ডাঙৰ হ’বপৰাকৈ ছেপ্টেম্বৰলৈ পৰ্য্যাপ্ত বৰষুণ হৈছিল। পেট ভৰাৰ পিছত আমি মানুহেও খাব নোৱাৰো, তেন্তে পুলিবোৰে কেনেকৈ খাব?” ৰাজুৱে কয়। অক্টোবৰৰ বৰষুণত গাৰেল পৰিয়ালটোৰ খেতিপথাৰ জলমগ্ন হৈ পৰিল। “আমি ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত ধান কাটি মুঠি কৰি দমাই থোৱা আৰম্ভ কৰিছিলো”, ৰাজুৰ পত্নী ৩৫ বছৰীয়া সবিতাই মনত পেলাই কয়, তেওঁ নিজেও এজন খেতিয়ক। “আমি তেতিয়াও বাকীখিনি শস্য চপাবলৈ আছিল। ৫ অক্টোবৰৰ পিছত হঠাতে মুষলধাৰে বৰষুণ হ’বলৈ ধৰিলে। পথাৰত জমা কৰি থোৱা ধানৰ মুঠিবোৰ আমি ঘৰলৈ অনাৰ যথাসম্ভৱ চেষ্টা কৰিলো। কিন্তু কেইমিনিটমানৰ ভিতৰতে খেতিপথাৰ পানীৰে ভৰি পৰিল...”
আগস্তত দ্বিতীয়বাৰ কৰা খেতিত গাৰেল পৰিয়ালটোৱে ৩ কুইণ্টল চাউল পালে, কিন্তু যোৱাবাৰ তেওঁলোকে প্ৰথমবাৰৰ খেতি চপাই প্ৰায় ৮-৯ কুইণ্টল ধান পাইছিল।












