আপুনি যদি ৬-১৪ বছৰ বয়সৰ শিশু, তেন্তে চুবুৰীৰ স্কুলখনত আপুনি “বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা” লাভ কৰাৰ আপোনাৰ অধিকাৰ আছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন (আৰ.টি.ই.) খন ভাৰত চৰকাৰে ২০০৯ত মুকলি কৰিছিল।
কিন্তু ওড়িশাৰ জয়পুৰ জিলাৰ নবছৰীয়া চন্দ্ৰিকা বেহেৰাই স্কুল নোযোৱাৰ প্ৰায় দুটা বছৰেই হ’ল। কাৰণ তাইৰ স্কুলখন অকণমান দূৰত - ঘৰৰ পৰা ৩.৫ কিলোমিটাৰ খোজকাঢ়িব লাগে।
ভাৰতৰ গ্ৰামাঞ্চলত শিকন-শিক্ষণ প্ৰক্ৰিয়াটো কেতিয়াও সুষম নহয়। ইয়াৰ লগত জড়িত আইন আৰু নীতিবোৰ প্ৰায়ে কাগজে-পত্ৰই থাকি যায়। কিছুমান ক্ষেত্ৰত, খুব কমেই যদিও, শিক্ষক বিশেষে উদ্ভাৱনা আৰু ধৈৰ্য্যৰে কিছুমান ব্যৱস্থাগত প্ৰত্যাহ্বান লংঘন কৰিব পাৰিছে, তেনেকৈ বাস্তৱ সমাধানো ওলাইছে।
উদাহৰণ স্বৰূপে কাশ্মীৰৰ অনন্তনাগ জিলাৰ ভ্ৰাম্যমান শিক্ষকগৰাকীয়ে লিড্ডাৰ উপত্যকালৈ যাযাবৰ সম্প্ৰদায়ৰ গুজ্জৰ পৰিয়ালবোৰে প্ৰব্ৰজন কৰাৰ সময়ত লগত যায় আৰু তাতে চাৰিমাহ তেওঁলোকৰ ল’ৰা-ছোৱালীক পঢ়ুৱায়। সীমিত সম্পদৰ উত্তম ব্যৱহাৰেৰে এইসকল শিক্ষকে নব্য উপায়েৰে শিক্ষণৰ দিশে আগবাঢ়িছে। একেদৰে কইম্বোটোৰৰ বিদ্যা বনম বিদ্যালয়ৰ শিক্ষকে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিনীয় সালসলনি ঘটোৱা শস্যৰ ওপৰত তৰ্কসভা চলিছে। ইয়াৰে বহুতেই প্ৰথম প্ৰজন্মৰ ইংৰাজী কওঁতা, কিন্তু তথাপি তেওঁলোকে ইংৰাজীতে কৈ গৈছে আৰু জৈৱ ধানৰ সচ আৰু বিভিন্ন শস্যৰ সপক্ষে যুক্তি দাঙি ধৰিছে।
শ্ৰেণীকোঠাত সোমাওক, তাতে আপুনি শিকনৰ ফলাফলবোৰ সুক্ষ্মভাৱে দেখিবলৈ পাব, ভাৰতৰ ৰাজ্যসমূহৰ শৈক্ষিক অৱস্থাৰ এখন সঠিক ছবি আপুনি পাব পাৰি লাইব্ৰেৰীত। গ্ৰামাঞ্চলৰ শিক্ষাৰ সুগম্যতা, গুণগত মান আৰু ব্যৱধান বিষয়ক প্ৰতিবেদনবোৰ আমি পাৰি লাইব্ৰেৰীত গোটাই থৈছো। লাইব্ৰেৰীৰ প্ৰতিখন প্ৰতিবেদনৰে এক সংক্ষিপ্ত সাৰাংশ প্ৰতিবেদনখনৰ আৰম্ভণিতে দিয়া আছে।







