প্ৰতিশ্ৰুতি ৰক্ষাৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি আশাকৰ্মীলৈ
মহাৰাষ্ট্ৰৰ ৩৬খন জিলাৰ সহস্ৰাধিক আশাকৰ্মীৰ লগতে মহিলা স্বাস্থ্যকৰ্মীয়ে সময়মতে উচিত দৰমহা পোৱাৰ চৰকাৰী আদেশৰ প্ৰতিশ্ৰুতি পূৰণৰ দাবীত এক সমদলত অংশগ্ৰহণ কৰিছে৷ শেহতীয়াকৈ আজাদ ময়দান খেলপথাৰত আশাকৰ্মীসকলৰ ২১ দিনীয়া প্ৰতিবাদ ৰাজ্যিক চৰকাৰৰ হস্তক্ষেপত ক্ষান্ত হয়৷ বিগত ছটা মাহত তিনিবাৰকৈ চৰকাৰী প্ৰতিশ্ৰুতি লাভ কৰিও সেই প্ৰতিশ্ৰুতি এতিয়াও কাগজতে সীমাবদ্ধ হৈ ৰ’ল। সেইসকল মহিলাৰ একতা আৰু অধিকাৰৰ যুঁজ উপলক্ষে আন্তৰ্জাতিক মহিলা দিৱসৰ এই প্ৰতিবেদন





















