২০২১ৰ জুলাইত যেতিয়া বানৰ পানী ঘৰত সোমায়, শুভাংগী কাম্বলেয়ে তেওঁৰ সকলো বস্তু-বাহিনী এৰি থৈ গুছি যাবলগীয়া হৈছিল। ওলাই যোৱাৰ সময়ত তেওঁ ততালিকে দুখন টোকাবহী লৈ গৈছিল।
তাৰপিছত সপ্তাহ-মাহ পিছত, এই বহী দুখনে বহু জীৱন বচোৱাত তেওঁক সহায় কৰিছিল, ১৭২ পৃষ্ঠা প্ৰতিখন পৃষ্ঠাই কামত আহিছিল।
কিয়নো সেইখিনি সময়তে মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ তেওঁৰ গাওঁ অৰ্জুনৱাড়ৰ মানুহ আন এক দুৰ্যোগৰ কবলত পৰিছিল, ক’ভিড-১৯ জুইৰ দৰে বিয়পিছিল। শুভাংগীৰ নোটবুকত গাওঁখনৰ ক’ৰনাভাইৰাছৰ কবলত পৰা লোক, তেওঁলোকৰ নম্বৰ, ঠিকনা আৰু পৰিয়ালৰ আন সদস্যৰ সবিশেষ, তেওঁলোকৰ চিকিৎসাৰ ইতিবৃত্তি, স্বাস্থ্যৰ খতিয়ান আদি বিভিন্ন লাগতিয়াল কথা আছিল।
“ক’ভিড ৰিপ’ৰ্টবোৰ (গাঁৱত কৰা আৰ.টি.-পি.চি.আৰ. পৰীক্ষাৰ) মোৰ তালৈ প্ৰথমে আহে,” ৩৩ বছৰীয়া স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (চমুকৈ আশা)কৰ্মীগৰাকীয়ে কয়। ভাৰতত ২০০৫ত আৰম্ভ কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ অধীনত নিয়োগ কৰা লাখ লাখ সামুহিক স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ মাজৰ তেৱো এগৰাকী। তেওঁৰ সহায়তে গাঁৱৰ এজন ক’ভিড পজিটিভ লোকক বিচাৰি উলিয়াব পৰা গৈছিল, লোকজন আছিল চিৰৌল তালুকৰ এটা বান সাহায্য শিবিৰত, তাত থকা ৫ হাজাৰ আন লোকক ক’ভিডৰ সংক্ৰমণৰ পৰা তেনেকৈ ৰক্ষা কৰিব পৰা গৈছিল।
“বানপানীৰ কাৰণে বহু মানুহৰ ফোন অফ আছিল, নেটৱৰ্ক নাছিল,” তেওঁ কয়। শুভাংগীয়ে তাৰ পৰা ১৫ কিলোমিটাৰ দূৰৰ তেৰৱাড়ত থকা তেওঁৰ মাকৰ ঘৰত গৈ আছিল। তাত তেওঁ ততালিকে হাতেলিখা তথ্যবোৰ খুঁচৰিলে আৰু তাত শিবিৰত থকা আন কিছুমানৰ ফোন নম্বৰ পালে। “মই কোনোমতে ৰোগীৰ সৈতে যোগাযোগ কৰিব পাৰিলো।”






















