“মই যাতে নিজকে আইচ’লেট কৰি ৰাখিব পাৰো, এনেকুৱা পৃথক প্ৰৱেশদ্বাৰ থকা এটা স্বতন্ত্ৰ কোঠাৰ ঘৰ এটা মোৰ পৰিয়ালে অৱশেষত বিচাৰি পালে,” এছ. এন. গোপালা দেৱীয়ে কয়। সময় আছিল ২০২০ৰ মে’, যেতিয়া কিছুমান পৰিয়ালে প্ৰথমতে সিদ্ধান্ত ল’লে যে ঘৰৰ বাকীবোৰৰ পৰা নিজকে নিলগাই ৰাখিব, লগতে অধিক আশংকা থকা এই বৃত্তিৰ দ্বাৰা যাতে পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত আহি পৰিব পৰা বোজাও লাঘৱ কৰিব পৰা যায়।
৫০ বছৰীয়া গোপালা দেৱী এগৰাকী নাৰ্ছ। ২৯ বছৰৰ অভিজ্ঞতাপুষ্ট উচ্চ প্ৰশিক্ষিত বৃত্তিধাৰী এইগৰাকী নাৰ্ছে মহামাৰী ক’ভিডৰ আটাইতকৈ বেয়া সময়খিনিত চেন্নাই ৰাজীৱ চৰকাৰী ৰাজহুৱা চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত কৰ্তব্য পালন কৰিছিল। ইয়াৰ উপৰি তেওঁ ভালেমান দিন ধৰি চেন্নাই চহৰৰ ওচৰতে থকা পুলিয়ানথোপেত থকা বিশেষ ক’ভিড কেয়াৰ চেণ্টাৰৰ দায়িত্ববাহী নাৰ্ছ হিচাপেও কৰ্তব্য পালন কৰিছিল।
বৰ্তমান পৰিস্থিতি যথেষ্ট স্বাভাৱিক অৱস্থালৈ অহাৰ পিছতো গোপালা দেৱীয়ে ক’ভিড-১৯ ৱাৰ্ডত কৰ্তব্যৰত হোৱাৰ বাবে নিজে কোৱাৰেইণ্টাইনত সময় পাৰ কৰে। “মোৰ বাবে লকডাউন চলি আছে। সকলো নাৰ্ছৰ বাবে লকডাউনৰ কেতিয়াও অন্ত নপৰিব,” এইদৰে কৈ তেওঁ হাঁহে।
বহুতো নাৰ্ছে এই প্ৰতিবেদকক জনায়: “আমাৰ বাবে সদায় লকডাউন – সদায় কাম।”
গোপালা দেৱীয়ে কয়, “ছেপ্টেম্বৰত মোৰ জীয়ৰীৰ বিবাহ অনুষ্ঠিত হৈছিল, মই মাত্ৰ আগদিনা ছুটী লৈছিলো। মোৰ স্বামী উদয়কুমাৰে ছোৱালীৰ বিয়াৰ সকলো কাম অকলে কৰিবলগা হৈছিল। তেওঁ মোৰ বৃত্তিৰ গুৰুত্ব আৰু দায়িত্ব ভালকৈ বুজে।” গোপালা দেৱীৰ স্বামী কুমাৰে চেন্নাইৰ আন এখন চিকিৎসালয়ৰ হিচাপ ৰক্ষণ বিভাগত কাম কৰে।
ক’ভিড ৱাৰ্ডত এদিনো ছুটী নোলোৱাকৈ একেখন চিকিৎসালয়ত কাম কৰা ৩৯ বছৰীয়া তামিঝ ছেলভিয়ে এই বঁটা লাভ কৰিছে। “কোৱাৰেণ্টাইনৰ দিনবোৰৰ বাদে মই কেতিয়াও ছুটী লোৱা নাছিলো, আনকি সাপ্তাহিক ছুটীৰ দিনটোতো কাম কৰিছিলো, কাৰণ পৰিস্থিতিৰ গুৰুত্ব মই উপলব্ধি কৰিব পাৰিছিলো,” গোৱালা দেৱীয়ে কয়।
“মোৰ কনিষ্ঠ পুত্ৰ চাইন অলিভাৰক অকলে এৰি যোৱাৰ বেদনা মোৰ বাবে গভীৰ হৈ পৰিছিল। কেতিয়াবা মোৰ নিজকে দোষী যেন লাগিছিল। কিন্তু এনে মহামাৰীৰ সময়ত আমি সন্মুখত থকাৰ গুৰুত্বৰ কথা ভাবো। আমাৰ চিকিৎসাধীন ৰোগী যেতিয়া ঘৰলৈ উভতাৰ বিষয়ে জানিলে আমাৰ আনন্দ লাগে, নিজৰ পৰিয়ালৰ পৰা আঁতৰি ৰোগীৰ আৰোগ্যৰ খবৰে আমাক আনন্দিত কৰে। মোৰ ১৭ বছৰীয়া ল’ৰাৰ সকলো চোৱা-চিতা কৰা তথা সুন্দৰলৈ যত্ন লোৱা স্বামীয়ে মোৰ কৰ্তব্যৰ বিষয়ে ভালকৈ জানে, অন্যথা সম্ভৱ নহ’লহেঁতেন,” গোপালা দেৱীয়ে কয়।











