“লকডাউনৰ সময়ত আমি বহুত কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে। ক’ভিড-১৯ৰ সমীক্ষাৰ পৰা আৰম্ভ কৰি মই এপ্ৰিলৰ পৰা জুলাইলৈ ২৭ টা সন্তান প্ৰসৱ কৰোৱাইছো। প্ৰসূতিক স্বাস্থ্যপৰীক্ষা কৰোৱাৰ পৰা আৰম্ভ কৰি সন্তানৰ প্ৰসৱলৈ আটাইখিনি কাম কৰিছিলো,” ওচমানাবাদ জিলাৰ নিলেগাওঁ গাঁৱৰ স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী চমুকৈ আশাকৰ্মী তনুজা ৱাঘোলেয়ে কয়।
মাৰ্চৰ শেষৰফালে লকডাউন ঘোষণা কৰাৰ পিছত তনুজাই পুৱা চাৰিবজাতে উঠি (আগতে ৭:৩০ বজাত উঠিছিল) স্বামী আৰু দুই পুত্ৰৰ বাবে খাদ্য ৰান্ধি আৰু ঘৰুৱা কাম-বনখিনি অঁটাইহে কামলৈ ওলায়। “মই পুৱা চাৰে সাত বজাত নুঠিলে সিহঁত আটাইকে লগ নাপাম। কেতিয়াবা মানুহে আমাক আৰু আমাৰ নিৰ্দেশনাবোৰ এৰাই চলিবলৈ সোনকালে ঘৰ এৰে,” তেওঁ কয়।
২০১০ত আশাকৰ্মী হিচাপে কামত সোমাইছিল তনুজা। আৰু আগতে দিনটোত ৩-৪ ঘণ্টা, সপ্তাহত ১৫-২০ দিন কাম কৰিবলগীয়া হোৱা আশাকৰ্মী দুকুৰি বয়সৰ তনুজাই এতিয়া প্ৰায় প্ৰত্যেক দিনেই ছঘণ্টা কাম কৰিবলগীয়া হয়।
তুলজাপুৰ তালুকৰ নিলেগাঁৱত ক’ভিড-১৯ৰ সমীক্ষা আৰম্ভ হৈছিল ৭ এপ্ৰিলত। তনুজা আৰু তেওঁৰ আশা সহকৰ্মী অলকা মুলেয়ে একেলগে ৩০-৩৫ ঘৰ মানুহৰ ওচৰলৈ প্ৰতিদিনে গৈছিল। “আমি ঘৰে ঘৰে গৈ চাও কাৰ জ্বৰ বা ক’ৰনা ভাইৰাছৰ আন কোনো উপসৰ্গ আছে।” কাৰোবাৰ জ্বৰ হোৱা বুলি গম পালে তেওঁক পেৰাচিটেমোল টেবলেট দিও। যদি কাৰোবাৰ ক’ৰনা ভাইৰাছৰ উপসৰ্গ দেখা পাও, তেতিয়া ২৫ কিলোমিটাৰ দূৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ সেই খবৰ পঠিয়াও। (তাৰপিছত স্বাস্থ্যকেন্দ্ৰই ক’ভিড নমুনা সংগ্ৰহৰ বাবে কাৰোবাক পঠিয়ায়। পৰীক্ষাৰ ফলাফল পজিটিভ ওলালে আক্ৰান্ত ব্যক্তিক কোৱাৰেণ্টাইন আৰু চিকিৎসাৰ বাবে তুলজাপুৰৰ গ্ৰামীণ হস্পিতাললৈ পঠিওৱা হয়।)
গাঁৱৰ চুকে-কোণে সকলোৰে খবৰ ৰখা কামতে আশাকৰ্মীৰ দহ-পোন্ধৰ দিন পাৰ হয়। তাৰপিছত আকৌ সেই কাম পুনৰাই কৰিবলগীয়া হয়। নিলেগাঁও গাঁৱৰ প্ৰান্তত দুটা তাণ্ডা বা চুবুৰী আছে - এসময়ৰ যাযাবৰী, অনুসূচিত জনজাতি লামান জনগোষ্ঠীৰ লোকৰ বসতি। তনুজাই হিচাপ কৰা মতে গাঁৱৰ মূল আৰু প্ৰান্তিক লোক লগ লাগি জনসংখ্যা প্ৰায় ৩,০০০ (২০১১ৰ লোকপিয়ল অনুসৰি নিলেগাঁৱৰ জনসংখ্যা ৪৫২)।












