“এক মিনিটো পলম কৰিব নোৱাৰে, নহ’লে জেং লাগি যাব,” লক্ষ্ণৌ কেণ্টনমেণ্ট বিধানসভা সমষ্টিৰ মহানগৰ পাব্লিক ইণ্টাৰ কলেজৰ দিশে ফোপাই-জোপাই খোজ দিয়া ৰীতা বাজপেয়ীয়ে কয়। সেই ভোটগ্ৰহণ কেন্দ্ৰটোত তেওঁৰ ডিউটি পৰিছে। অৱশ্যে সেইটো তেওঁ ভোট দিয়া কেন্দ্ৰটো নহয়।
কলেজখন তেওঁৰ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰমান দূৰত আছে। তেওঁ পুৱা চাৰে পাঁচমান বজাত তাত পতা ভোটগ্ৰহণ কেন্দ্ৰটো অভিমুখে আগবাঢ়িছিল। তেওঁৰ হাতত আছিল এটা মোনা, মোনাটোত আছিল এটা ডিজিটিলে থাৰ্ম’মিটাৰ, চেনিটাইজাৰ বটল, কেন্দ্ৰটোত বিলাবলৈ অনা ডিচপ’জেবল গ্ল’ভচ্ আৰু মাস্ক। উত্তৰ প্ৰদেশৰ নখন জিলাৰ ৫৮ টা সমষ্টিৰ লগতে লক্ষ্ণৌত চতুৰ্থ পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলিছিল, সেই দিনটো তেওঁৰ বাবে বিশেষ ব্যস্ততাৰ দিন আছিল।
উত্তৰ প্ৰদেশৰ নিৰ্বাচন শেষ হ’ল। ফলাফলো ওলাল। কিন্তু তাৰে এক বিশালসংখ্যক মহিলাৰ ফলাফল এতিয়াও আহিবলৈ বাকী। সেয়া অতিকৈ হতাশাজনক, সম্ভৱতঃ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িওৱা ফলাফল হ’ব পাৰে বুলি তেওঁলোক শংকিত। ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন পৰিচালনাত ভাগ লৈ যি বিপদৰ মাজলৈ আশাকৰ্মীসকলে নিজকে ঠেলি দিবলগীয়া হ’ল, তাৰেই ফলাফলৰ কথা ইয়াত কোৱা হৈছে।
১৬৩,৪০৭ গৰাকী আশাকৰ্মীক ভোটগ্ৰহণ কেন্দ্ৰত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল, তাকো কোনো লিখিত চৰকাৰী নিৰ্দেশ অবিহনে। বিড়ম্বনা যে তেওঁলোকক দায়িত্ব দিয়া হৈছিল ভোটগ্ৰহণ কেন্দ্ৰবোৰত স্বাস্থ্যবিধি বৰ্ত্তাই ৰখা, কিন্তু তেওঁলোকৰ নিজৰেই সুৰক্ষাৰ কোনো বিশেষ ব্যৱস্থা নাছিল। এয়া সেইখন ৰাজ্যৰ কথা, য’ত ২০২১ৰ এপ্ৰিল-মে’ত ক’ভিডজনিত কাৰণত প্ৰায় ২,০০০ গৰাকী স্কুল শিক্ষকৰ মৃত্যু হৈছিল।










