সৰুৱে মন মাৰি ঘৰৰ বাহিৰৰ আমগছজোপাৰ তলত বহি আছে। তাইৰ কোলাত থকা পানীকেঁচুৱাটোৰ কান্দোন তাই ৰখাব পৰা নাই। “মোৰ মাহেকীয়া হোৱাৰ সময় হৈছে,” তাই কয়। “মাহেকীয়া হ’লে মই কুৰ্মাঘৰত থাকিব লাগিব।” কুৰ্মা ঘৰ হৈছে তাই ঋতুস্ৰাৱৰ সময়ত ৪-৫ দিনৰ বাবে আচুতীয়াকৈ থকা ঘৰটো।
এই কথা লৈ সৰু চিন্তাত পৰিছে (সৰু তাইৰ আচল নাম নহয়)। “কুৰ্মাঘৰত উশাহ বন্ধ হৈ যোৱা যেন লাগে, কেঁচুৱাটো লগত নাথাকিলে টোপনিও নাহে,” নমহীয়া কেঁচুৱাটোক নিচুকাবলৈ যত্ন কৰা সৰুৱে কয়। তাইৰ কন্যা সন্তান এগৰাকীও আছে, নাম কোমল (আচল নাম নহয়)। চাৰে তিনি বছৰীয়া কোমল নাৰ্ছাৰীত পঢ়ি আছে। “তাইৰো এদিন ঋতুচক্ৰ আৰম্ভ হ’ব, ভাবি ভয় লাগে,” ৩০ বৰ্ষীয় সৰুৱে কয়। মাড়িয়া জনজাতীয় সম্প্ৰদায়ৰ এই পাৰম্পৰিক ৰীতিৰ চক্ৰত এদিন তাইও সোমাব লাগিব বুলি সৰুৱে উদ্বিগ্নতা প্ৰকাশ কৰে।
সৰুৰ গাওঁখনত চাৰিটা কুৰ্মাঘৰ আছে। তাইৰ ঘৰৰ পৰা ১০০ মিটাৰমান দূৰত। এই চাৰিটা ঘৰ এতিয়া সম্প্ৰদায়টোৰ ২৭ গৰাকী কিশোৰী আৰু মহিলাই ব্য়ৱহাৰ কৰি আছে। “মই মোৰ মা আৰু আইতাক কুৰ্মাঘৰলৈ যোৱা দেখিছো। আৰু এতিয়া মই। নাজানো, কোমলো চাগে এই প্ৰথাৰ বলি হ’ব লাগিব,” সৰুৱে কয়।
মাড়িয়া আদিবাসী সম্প্ৰদায়ে ঋতুস্ৰাৱ হৈ থকা মহিলাক অপৱিত্ৰ আৰু অস্পৃশ্য বুলি গণ্য কৰে আৰু তেওঁলোকক ঋতুস্ৰাৱৰ সময়খিনিত বাহিৰত ৰাখে। “১৩ বছৰ বয়সৰ পৰাই মই কুৰ্মাঘৰলৈ গৈ আছো,” সৰুৱে কয়। তেতিয়া তাই মাকৰ ঘৰত আছিল, মহাৰাষ্ট্ৰৰ গাড়চিৰোলি জিলাৰ পূৱ অংশত অৱস্থিত মাকৰ ঘৰলৈ ইয়াৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব।
যোৱা ১৮ টা বছৰত সৰুৱে জীৱনটোৰ প্ৰায় ১,০০০ টা দিন, প্ৰতিমাহে প্ৰায় পাঁচদিন সেই কুৰ্মাঘৰত কটাইছে য’ত ভাল এটা স্নানাগাৰ নাই, পানীৰ ব্যৱস্থা নাই, বিদ্যুতৰ ব্য়ৱস্থা কিম্বা বিচনা-ফেন একো নাই। “ঘৰটোৰ ভিতৰখন আন্ধাৰ আৰু বৰ ভয় লগা। এনে লাগে যেন সেই আন্ধাৰে মোক খাই পেলাব,” তাই কয়। “এনে লাগে যেন দৌৰি গৈ মোৰ কেঁচুৱাটো কোলাত ল’ম, বুকুত সাবতি ধৰিম…কিন্তু নোৱাৰোঁ।”


















