“আনবোৰৰ দৰে আমিও যে এইখন দেশৰেই মানুহ, সেই কথা চৰকাৰ আৰু ওচৰ-পাজৰৰ মানুহক প্ৰমাণ দিওঁতে আৰু নথি-পত্ৰ দেখুৱাওঁতেই আমাৰ গোটেই জীৱন উকলিছে।”
বাহাৰুল ইছলাম জাবৰ বচাত ব্যস্ত। তেওঁ প্লাষ্টিক বটল, ভিজা জাবৰ, কাৰ্ডব’ৰ্ড আৰু থাৰ্ম’কল বেলেগে বেলেগে দ’মাই প্ৰতিটো পৃথক প্লাষ্টিকৰ বস্তাত ভৰাইছে। এই ৩২ বছৰীয়া লোকজন অসমৰ বৰপেটা, বঙাইগাওঁ আৰু গোৱালপাৰাৰ পৰা অহা ১৩ টা প্ৰব্ৰজিত পৰিয়ালৰ এজন। হাৰিয়ানাৰ আছাৱাৰপুৰ চহৰৰ এটুকুৰা ঠাইত তেওঁলোক সকলোৱে একেলগে বাস কৰে আৰু তেওঁলোকৰ জীৱিকা হ’ল জাবৰ গোটোৱা আৰু জাবৰ বচা।
‘‘মানুহে সততে আমাৰ পৰিচয়ক লৈ প্ৰশ্ন কৰে, অসমতো আৰু ইয়াতো।’’ বাহাৰুলে জনালে যে বস্তিলৈ তেওঁলোক সকলোৰে নথি–পত্ৰ বিচাৰি চৰকাৰী বিষয়া আহিয়েই থাকে। ‘‘অমি যেতিয়া জাবৰ বুটলিবলৈ যাওঁ, মানুহে আমাক সোধে আমি ক’ৰ, তাৰ পিচত অসম বুলি শুনি তেওঁলোকে ধৰি লয় যে আমি বাংলাদেশী।” তেওঁ লগতে জনালে যে আৰক্ষীয়ে প্ৰায়ে তেওঁলোকৰ কোনো অপৰাধমূলক তথ্য নাই বুলি নিশ্চিত হ’বৰ বাবে অসমৰ আৰক্ষীৰ পৰা প্ৰমাণ পত্ৰ বিচাৰে। “আমি যিয়েই কওঁ তাৰে একো নহয়,” বাহাৰুলে জনালে, যি অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি) প্ৰস্তুতিৰ অনুশীলন সম্পৰ্কে জ্ঞাত আৰু তেওঁ জনালে যে মাটিৰ মালিকীস্বত্বৰ নথি-পত্ৰ থকাৰ বাবে তাক লৈ তেওঁ চিন্তিত নহয়।
একেটা চৌহদতে বাস কৰা ককাই-ভাই ৰিয়াজ আৰু নুৰ ইছলামেও জনালে যে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া তেওঁলোকৰ খেতিৰ মাটিত অহৰহ বানপানী হোৱাৰ বাবে খেতিৰ ওপৰত ভৰষা কৰিব নোৱাৰা হোৱাত তেওঁলোকে অসম এৰিলে। তেওঁলোকৰ বৰপেটাৰ ঘৰত মাক-দেউতাকে ৮০০ বৰ্গ ফুট মাটিত জলকীয়া, বিলাহী আৰু শাক-পাচলিৰ খেতি কৰে। “বৰষুণ বেছি হ’লে নদীৰ পানী ঘৰৰ ভিতৰত সোমায় আৰু আমি ঘৰ এৰি আঁতৰিব লাগে। কলগছৰ ভূৰেৰে আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ,” ভাই-ককাই দুজনে ক’লে। ৰাষ্ট্ৰীয় দূৰ অনুধাৱন কেন্দ্ৰ (এনআৰএছচি)ৰ তথ্য অনুসৰি ১৯৯৮ আৰু ২০১৫ চনৰ মাজত অসমৰ প্ৰায় ২৮.৭৫ শতাংশ মাটি বানৰ কৱলত পৰিছিল।
বাহাৰুল, ৰিয়াজ আৰু নুৰ এতিয়া আন ১১টা প্ৰব্ৰজিত পৰিয়ালৰ নিচিনাকৈ অসমৰ নিজা ঘৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰৈত থাকে। তেওঁলোক সকলো অসমৰ বৰপেটা, বঙাইগাওঁ আৰু গোৱালপাৰাৰ। এই অচিনাকী পৰিৱেশত ইজনে-সিজনৰ কাষত থিয় দিবলৈ আৰু প্ৰতি নিয়ত মুখামুখি হ’বলগীয়া প্ৰব্ৰজিত হোৱাৰ নিন্দাৰ সৈতে খাপ খোৱাত সহায় কৰিবলৈ তেওঁলোকে একেলগে কাম কৰে আৰু একে ঠাইতে থূপ লাগি থাকে।
বাহাৰুলে ক’লে, “ইয়াত যদি কাৰোবাক পইচাৰ দৰকাৰ হয়, আমি ইজনে-সিজনক ধাৰলৈ দিওঁ। যিহেতু খুব কম সংখ্যকেইহে অসম বা নিজৰ পৰিয়ালৰ মাজলৈ ঘূৰি যাব পাৰে(সামৰ্থ্য থাকে) আমি মিথী ঈদ আৰু বকৰ ঈদ ইয়াত একেলগে পালন কৰোঁ। ৰমদানৰ সময়ত মাজে মাজে আমি ছেহৰীও ভগাই খাওঁ।”
বেছিভাগ পৰিয়ালেই ক’ভিড মহামাৰীৰ আগেয়ে ২০১৭ চনত আহিছিল আৰু বাকী কেইঘৰ ২০২১ চনত আহিছিল। এই ঠাইটুকুৰা তেওঁলোকে একেলগে মাহে ১৭,০০০ টকাৰে ভাৰালৈ লৈছে, প্ৰতিটো পৰিয়ালে এহেজাৰ টকাতকৈ কিছু অলপ বেছি দিব লাগে। বাহাৰুলৰ পৰিবাৰ মফিদাৰ নিচিনা মাইকী মানুহখিনিয়েও সহায় কৰে। মফিদাও বঙাইগাৱঁৰ, দশম শ্ৰেণীলৈকে পঢ়া আৰু অসমীয়াৰ উপৰি ইংৰাজী পঢ়িব আৰু লিখিবও পাৰে। প্ৰতিটো পৰিয়ালে বুটলি অনা জাবৰবোৰ জোখা আৰু জোখবোৰ সৰু বহী এখনত লিখি থোৱাত তাই সহায় কৰে।
আটাইবোৰ পৰিয়ালে আৱৰ্জনা সম্পৰ্কীয় কামেই কৰেঃ কোনোৱে আৱাসিক অঞ্চলৰ পৰা জাবৰ গোটায়। আন কোনোৱে বাহাৰুলৰ দৰে কাষৰীয়া ফেক্টৰী আৰু ঔদ্যোগিক এলেকাৰ পৰা আৱৰ্জনা গোটায়। সৰু সৰু ল’ৰা-ছোৱালীবোৰেও জাবৰ বচাৰ দৰে কাম কৰি সহায় কৰে আৰু কেতিয়াবা সিহঁতে ডাঙৰসকলৰ সৈতে জাবৰ গোটাবলৈকো যায়।
“চহৰৰ ভিতৰলৈ গৈ জাবৰ বুটলিবলৈ আমি দিনটো আমি পুৱা ৭ বজাতে আৰম্ভ কৰোঁ আৰু আবেলি ৩ মান বজাত উভতি আহোঁ,” অৱশ্যে, নুৰ ইছলামে লগতে ক’লে যে যদি কামৰ বোজা বেছি হয়, তেতিয়া তেওঁলোক উভতোতে ৰাতি ৯টাও বাজে। জাবৰখিনি গোটোৱা হ’লে সেইবোৰ ব্যৱহৃত বটল, প্লাষ্টিকৰ থৈলা, চাপাটি, থাৰ্ম’কল, কাঁচেৰে তৈয়াৰী আৰু এনে বহু ৩০-৩৫ টা মান ভাগত পৃথক কৰা হয়। “তাৰ পিচত আমি সেই আৱৰ্জনাবোৰ স্থানীয় বেপাৰীক বেচোঁ,” বাহাৰুলে জনালে। চাহিদাৰ ওপৰত ভিত্তি কৰি বেপাৰীয়ে দাম ঠিক কৰে আৰু জাবৰ বোটলাসকলে সেইটো মানি ল’বলৈ বাধ্য।” এক কেজি থাৰ্ম’কলৰ মূল্য ১৫ৰ পৰা ৩০ টকালৈকে হ’ব পাৰে বুলি বাহাৰুলে জনালে।
পৰিয়াল এটাৰ মাহিলী উপাৰ্জন মাহে ৭০০০ ৰ পৰা ১০০০০ টকা – গ্ৰীষ্মৰ সময়ত প্লাষ্টিক বটলত খোৱা পানী বেছিকৈ বিক্ৰী হ’লে উপাৰ্জন বেছি হয়।
আমাৰ প্ৰায় আধাখিনি উপাৰ্জন ঘৰ ভাড়া, বিজুলী আৰু পানীৰ বিল দিওঁতেই খৰচ হয়। বিজুলী আৰু পানীৰ খৰচ পৃথক। বাহাৰুলে জনালে যে, “বিজুলীৰ বাবদ খৰচ প্ৰায় ১০০০ টকা মান হয়। ঠাই টুকুৰাত উপলব্ধ জল যোগানৰ পানী খোৱাৰ উপযোগী নোহোৱাৰ বাবে পৰিয়ালকেইটাই যোগানীয়াৰৰ পৰা খোৱা পানী কিনিব লাগে।
বাহাৰুলে উনুকিয়ালে যে খোৱাৰ বাবে হোৱা খৰচে ব্যয় আৰু বেছি কৰিছে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰে যোগান ধৰা খাদ্য শস্যৰ প্ৰসংগ আনি তেওঁ ক’লে, “আমি ঘৰত (অসমত) ৰেচন পাওঁ। কিন্তু ইয়াত (হাৰিয়ানাত) ৰেচনৰ বাবে হাৰিয়ানা পৰিচয় পত্ৰৰ দৰকাৰ, যিখন আমাৰ নাই।”
এক দেশ এক ৰেচন কাৰ্ড (অ’এনঅ’আৰচি) সম্পৰ্কে বাহাৰুল জ্ঞাত নহয়। দেশৰ যিকোনো স্থানত থাকিলেও প্ৰযোজ্য, ২০১৯ চনৰে পৰা চলি থকা এইখন আঁচনি, যিখনৰ লক্ষ্য আছিল ভাৰতৰ ভিতৰত আন্তঃৰাজ্যিকভাৱে প্ৰব্ৰজিত সকলকে ধৰি সকলোৰে বাবে খাদ্য নিৰাপত্তা নিশ্চিত কৰা। এই সংবাদদাতাক জনালে যে তেওঁ সেই সম্পৰ্কে জ্ঞাত নহয়।
তেওঁলোকৰ অস্থায়ী ঘৰবোৰ বাঁহৰ খুটাৰ ওপৰত টাৰ্প’লিন টানি সজা। ইটো সিটোৰ মাজত সিঁচৰতি হৈ থকা তেওঁলোকৰ ঘৰবোৰ আৰু বচা আৰু নবচা জাবৰৰ দ’মবোৰৰ মাজে মাজে দৌৰি ফুৰে তেওঁলোকৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ। এই প্ৰতিবেদনৰ মতে, মাক-দেউতাকৰ স’তে চহৰলৈ এনেকৈ উঠি অহা শিশুসকলৰ মাত্ৰ ৫৫ শতাংশৰহে পঢ়াশালিলৈ যোৱাৰ সম্ভাৱনা থাকে। এই চুবুৰীটোত থকা বহু শিশুৱে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ অব্যাহত ৰখাৰ সলনি কাম কৰিবলৈকে বাচি লৈছে। ৰিয়াজৰ ১২ বছৰীয়া পুত্ৰ আনৱাৰে তৃতীয় শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিচত স্কুল এৰিলে। এতিয়া সি জাবৰ গোটোৱা আৰু জাবৰ বচাত ৰিয়াজক সহায় কৰে। “কাবাড়ীৱালাৰ পুতেকৰ কাষলৈ কোনো আহিব নোখোজে, মোৰ কোনো লগ-বন্ধু নাছিল। দেউতাক সহায় কৰিবলৈ মই পঢ়া এৰিলোঁ,” আনৱাৰে ক’লে।
ছ’নিপটলৈ অহাৰ আগতে বাহাৰুলে তিনি বছৰ চেন্নাইত কলেজ এখনৰ ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল। “আমাৰ গাৱঁৰ মানুহ এজনক দেখিয়ে মই ইয়ালৈ আহিলোঁ,” বাহাৰুলে ক’লে।
“যদি মোৰ পিতৃ-মাতৃ আৰু গাৱঁৰ মানুহক মই এইবোৰ কাম কৰোঁ বুলি ক’বলগীয়া হয়, মোৰ ভীষণ লাজ লাগিব,” বাহাৰুলে ক’লে। “মই বিদ্যালয় এখনত সৰু চাকৰি এটা কৰোঁ বুলিয়েই কওঁ,” তেওঁ লগতে ক’লে যে প্ৰৱজনৰ আন আন দিশৰ প্ৰত্যাহবানবোৰো তেওঁ অনুভৱ কৰিছে। “অসমত মাছ আমাৰ খাদ্যৰ এক মূখ্য অংশ। ইয়াত কিন্তু আমি মাছ খাওঁ কাৰণে কিছু ওচৰ-চুবুৰীয়াই আমাক হেয় বুলি বিবেচনা কৰে; আমি একেবাৰে মনে মনে ৰান্ধি খাব লাগে।”
তেওঁৰ সপোন হ’ল অসমত এটুকুৰা সৰু মাটি কিনিব পৰাকৈ কিছু টকা উপাৰ্জন কৰা আৰু উভতি গৈ নিজৰ মানুহখিনিৰ সৈতে বসবাস কৰা। “কোনেও নিজৰ পৰিয়ালৰ মানুহক মিছা কথা ক’বলৈ ভাল নাপায়, আমি সকলোৱেই এটা মৰ্যাদাপূৰ্ণ জীৱন জী থাকিব বিচাৰোঁ।”
অনুবাদ: ৰুবী বৰুৱা দাস