টাক-টাক-টাক !

কোড়াভাটিপুড়িৰ টাৰপুলিনেৰে ঢকা জুপুৰি ঘৰকেইটাৰ পৰা ছন্দোময় শব্দ ভাঁহি আহে৷ মুলামপাকা ভদ্ৰৰাজুই কাঠৰ হাতুৰীৰ দৰে চেক্কাচুট্টিৰে পাত্ৰকেইটাত বিশেষ ধৰণে মৃদু আঘাত কৰিছে যাতে পাত্ৰকেইটাই উৎকৃষ্ট গোলাকাৰ আকৃতি লাভ কৰে।

‘‘পাত্ৰটোৰ তলৰ অংশ বন্ধ কৰিবলৈ ডাঙৰ চেক্কাচুট্টি ব্যৱহাৰ কৰা হয়। নিয়মীয়াটোৰে তলৰ অংশ অধিক মসৃণ কৰিব পাৰি। আটাইতকৈ ক্ষীণ চেক্কাচুট্টিৰে গোটেই পাত্ৰটো মসৃণ কৰিবলৈ ব্যৱহাৰ কৰা হয়’’, ৭০ বৰ্ষীয় ভদ্ৰৰাজুই এটাৰ পিছত এটা কাঠৰ হাতুৰী সলনি কৰি কৰি গোটেই প্ৰক্ৰিয়াটো বৰ্ণনা কৰে।

তেওঁ কয় যে ক্ষীণ আৰু নিয়মীয়া আকাৰৰ হাতুৰীকেইটা পাম গছৰ ( Borassus flabellifer ) ডালেৰে নিৰ্মাণ কৰা হয় আৰু ডাঙৰ হাতুৰীটোৰ বাবে অৰ্জুন গছৰ ( Terminalia arjuna ) ডাল ব্যৱহাৰ কৰা হয়। এইদৰে কৈ তেওঁ আটাইতকৈ ক্ষীণ চেক্কাচুট্টি টো হাতত তুলি লয় আৰু লগে লগে তেওঁৰ হাতৰ ছন্দও তীব্ৰ হৈ আহে।

বিশ ২০ ইঞ্চিৰ ব্যাসাৰ্ধৰ এটা ডাঙৰ মাটিৰ পাত্ৰক আকৃতি প্ৰদান কৰিবলৈ তেওঁৰ প্ৰায় ১৫ মিনিটমান সময়ৰ প্ৰয়োজন হয়। পাত্ৰটো নিৰ্মাণ কৰি থকাৰ সময়ত যদি এটা অংশ ভাঙি যায়, তেওঁ ততালিকে মাটি অকণমান ভঙা অংশটোত লগাই পাত্ৰটো পুনৰ গঢ়ি তোলে।

Mulampaka Bhadraraju uses a chekka sutti (left) to smoothen the pot.
PHOTO • Ashaz Mohammed
The bowl of ash (right) helps ensure his hand doesn't stick to the wet pot
PHOTO • Ashaz Mohammed

পাত্ৰটো মসৃণ কৰিবলৈ মুলামপাকা ভদ্ৰৰাজুই চেক্কাচুট্টি ব্যৱহাৰ কৰিছে ( বাওঁফালে ) তেওঁৰ হাতখন বোকাত লাগি নধৰিবলৈ কাষতে থকা ছাঁইৰ পাত্ৰটো ব্যৱহাৰ কৰে ( সোঁফালে )

ভদ্ৰৰাজুই ১৫ বছৰ বয়সৰ পৰাই কুমাৰ বৃত্তিত জড়িত হৈ আহিছে। অন্ধ্ৰ প্ৰদেশৰ অন্যান্য পিছপৰা জাতিৰ (অ’বিচি) অন্তৰ্গত কুমাৰ সম্প্ৰদায়ৰ ভদ্ৰৰাজুই আনাকাপাল্লি জিলাৰ কোড়াভাটিপুড়িত বাস কৰে আৰু তেওঁৰ কৰ্মস্থলীও তাতেই।

সত্তৰ বছৰীয়া বৃদ্ধজনে ১৫ বছৰ পূৰ্বে ১,৫০,০০০ টকাত ক্ৰয় কৰা আধা একৰ মাটিত থকা পুখুৰীৰ পৰা পাত্ৰ নিৰ্মাণৰ মাটি সংগ্ৰহ কৰে। কাষৰ কোটাওৰাটলা গাঁৱৰ এজন বালি, শিল আৰু গ্ৰেভেল যোগান ধৰোঁতাজনৰ পৰা তেওঁ ৪০০ কিলো ইৰামিট্টি (ৰঙা মাটি) সংগ্ৰহ কৰে আৰু গোটেই বৰ্ষটোৰ বাবে যোগান ধৰোঁতাজনক ১,০০০ টকা দিয়ে।

নাৰিকল গছৰ ডাল আৰু টাৰ্প’লিন ব্যৱহাৰ কৰি তেওঁ দুটা জুপুৰি ঘৰ সাজিছে। জুপুৰি ঘৰটোত তেওঁ বাৰিষাও নিশ্চিন্তমনে মাটিৰ পাত্ৰ সজাৰ কাম কৰিব পাৰে। এটা জুপুৰিত তেওঁ পাত্ৰকেইটাৰ নিৰ্মাণ তথা আকাৰ দিয়াৰ কাম কৰে, আনহাতে আনটো জুপুৰিত তেওঁ সেই পাত্ৰকেইটা জুইত তপতোৱাৰ কাম কৰে। ‘‘যেতিয়া আমাৰ হাতত ২০০-৩০০ টা পাত্ৰ জমা হয়, আমি সেইবোৰ পুৰিবলৈ দিওঁ [শুকান কাঠৰ জুইত]’’, পাত্ৰকেইটা জুপুৰিত নিজেই শুকায়’’, তেওঁ এইদৰে কয়।

এই ভূমি তেওঁ সঞ্চয়ৰ ধনেৰে ক্ৰয় কৰিছে। ‘‘তেওঁলোকে [স্থানীয় বেংক] মোক ঋণ দিয়া নাছিল। মই তেওঁলোকক বহুবাৰ অনুৰোধ কৰিছিলো যদিও তেওঁলোকে মোক ঋণ নিদিলে।’’ তেওঁ স্থানীয় ধন ধাৰে দিয়া ব্যক্তিসকলৰ পৰা ঋণ নলয়, কিয়নো তেওঁৰ কামটোৰ কোনো নিশ্চিতি নাই – প্ৰতি দহটা পাত্ৰৰ এটা-দুটা ভাঙেই। ‘‘আটাইবোৰ পাত্ৰ ভালদৰে নুশুকায়। শুকুৱাৰ সময়ত কেতিয়াবা পাত্ৰৰ এটা অংশ ভাঙি যায়’’, জুপুৰিটোৰ একোণত থকা ভঙা পাত্ৰৰ এটা দমলৈ দেখুৱাই তেওঁ এইদৰে কয়।

The master potter can finish shaping about 20-30 pots a day
PHOTO • Ashaz Mohammed
The master potter can finish shaping about 20-30 pots a day
PHOTO • Ashaz Mohammed

কুমাৰগৰাকীয়ে এদিনত ২০ - ৩০ টা পাত্ৰৰ আকাৰ দিয়াৰ কাম শেষ কৰিব পাৰে

সাধাৰণতে আৰম্ভণিৰ পৰা শেষলৈ মাটিৰ পাত্ৰ বনোৱাৰ প্ৰক্ৰিয়াত তেওঁক প্ৰায় এমাহৰ সময়ৰ প্ৰয়োজন হয়; দিনে তেওঁ ১০ ঘণ্টাকৈ কাম কৰে। ‘‘যদি পত্নীয়ে সহায় কৰে, আমি এদিনত ২০-৩০টালৈ পাত্ৰৰ আকাৰ দিয়া কাম শেষ কৰিব পাৰো’’, পাত্ৰকেইটাত হাতেৰে আকাৰ দি তেওঁ এইদৰে কৈ যায়। মাহৰ শেষত ২০০-৩০০টা পাত্ৰৰ আকাৰ দিয়া কাম শেষ হৈ উঠে।

তিনিজনী জীয়েক, এজন পুত্ৰ আৰু সহধৰ্মিনীসহিতে তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যৰ একমাত্ৰ উপাৰ্জনৰ আহিলা এইটোৱেই। ‘‘কেৱল এইটোৱেই’’, ঘৰৰ যাৱতীয় খৰচকে ধৰি সন্তানৰ বিবাহৰ খৰচ পৰ্যন্ত এই ব্যৱসায়ৰ পৰাই আহিছে বুলি তেওঁ কয়।

ভদ্ৰৰাজুই তেওঁৰ মাটিৰ পাত্ৰবোৰ বিশাখাপট্টনম আৰু ৰাজাহমুন্দ্ৰীত পাইকাৰী হাৰত বিক্ৰী কৰে। ক্ৰেতাসকলে গাঁওখনত থকা ৩০ জন কুমাৰৰ পৰা এই পাত্ৰবোৰ সংগ্ৰহ কৰে। এই পাত্ৰবোৰ বজাৰত বিভিন্ন উদ্দেশ্যৰ বাবে বিক্ৰী হয়। ‘‘ৰন্ধা-বঢ়া, পশুক খাদ্য খুওৱা, যাক যেনেকুৱা প্ৰয়োজন’’, কুমাৰগৰাকীয়ে কয়।

‘‘বিশাখাপট্টনমৰ পাইকাৰী ক্ৰেতাসকলে প্ৰতিটো পাত্ৰ ১০০ টকাত ক্ৰয় কৰে, আনহাতে ৰাজাহমুন্দ্ৰীৰ পাইকাৰী ক্ৰেতাসকলে প্ৰতিটো পাত্ৰত ১২০ টকাকৈ দিয়ে’’, ভদ্ৰৰাজুই এইদৰে কয়। ‘‘যদি আটাইকেইটা পাত্ৰ বিক্ৰী হয়, মই [এমাহত] ৩০,০০০ টকা পাওঁ’’।

দহ বছৰ পূৰ্বে ভদ্ৰৰাজুই গোৱাৰ এখন কাৰুশিল্পৰ দোকানত কুমাৰ হিচাপে কাম কৰিছিল। ‘‘অন্য ৰাজ্যৰ বিভিন্ন লোক তাত কাৰুশিল্পৰ কামত নিয়োজিত আছিল’’, তেওঁ কয়। প্ৰতিটো পাত্ৰৰ বাবে তেওঁ ২০০-২৫০ টকাকৈ লাভ কৰিছিল। ‘‘কিন্তু সেই ঠাইৰ খাদ্য মোৰ বাবে উপযুক্ত নাছিল, সেয়ে মই ছমাহৰ পিছতে কাম এৰি গুচি আহিছিলো’’, তেওঁ এইদৰে কয়।

Manepalli switched to a electric wheel five years ago
PHOTO • Ashaz Mohammed

মানেপল্লিয়ে পাঁচ বছৰ আগেয়ে বৈদ্যুতিক চকৰি ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল

'যোৱা ৬-৭ বছৰ ধৰি মই পেটৰ আলচাৰ ৰোগত আক্ৰান্ত', মানেপল্লিয়ে এইদৰে কয়। হাতেৰে ঘুৰোৱা চকৰিটোৱে তেওঁৰ বিষ বঢ়াই তুলিছিল আৰু সেয়ে তেওঁ স্বয়ংক্ৰিয় যন্ত্ৰচালিত চকৰি ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। কুমাৰ সম্প্ৰদায়ৰ এই ৪৬ বৰ্ষীয় লোকজনেও কিশোৰ অৱস্থাৰ পৰাই মাটিৰ পাত্ৰ বনোৱাৰ কামত জড়িত হৈ আহিছে

কেই ফাৰ্লংমান দূৰৈৰ ঘৰ এটাত বাস কৰা কামেশ্বৰাৰাও মানেপল্লিও বৃত্তিত এজন কুমাৰ। তেওঁৰ তাত চেক্কাচুট্টিৰ কৰ্কশ শব্দৰ পৰিৱৰ্তে যন্ত্ৰচালিত চকৰিৰ এক মৃদু শব্দ ভাঁহি আহে।

ভদ্ৰৰাজুৰ বাদে গাঁওখনৰ আটাইবোৰ কুমাৰেই যন্ত্ৰচালিত চকৰি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। ভদ্ৰৰাজুৰ যন্ত্ৰচালিত চকৰিৰ প্ৰতি কোনো আকৰ্ষণ নাই। ‘‘মই ১৫ বছৰ বয়সৰ পৰাই এই কাম কৰি আহিছো’’, তেওঁ কয়। যন্ত্ৰচালিত এই চকৰিটোৱে সৰু সৰু পাত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’লেও কিন্তু ভদ্ৰৰাজুই হাতেৰে নিৰ্মাণ কৰা পৰম্পৰাগত ১০ লিটাৰৰ পাত্ৰ নিৰ্মাণ কৰিব নোৱাৰে।

স্বাস্থ্যজনিত কাৰণত মানেপল্লিৰ দৰে আন বহু কুমাৰে এতিয়া যন্ত্ৰচালিত চকৰি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। ‘‘যোৱা ৬-৭ বছৰ ধৰি মই পেটৰ আলচাৰ ৰোগত আক্ৰান্ত’’, তেওঁ কয়। হাতেৰে ঘুৰোৱা চকৰিটোৱে তেওঁৰ বিষ বঢ়াই তুলিছিল আৰু সেয়ে তেওঁ যন্ত্ৰচালিত চকৰি ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল।

‘‘মই ১২,০০০ টকাৰ বিনিময়ত এই যন্ত্ৰচালিত চকৰিটো ক্ৰয় কৰিছিলো। এটা বেয়া হোৱাৰ পিছত মই আন এটা চকৰি বিনামূলীয়াকৈ খাদী গ্ৰামীন ছ’চাইটিৰ পৰা লাভ কৰিছিলো। এতিয়া মই সেইটোৰে পাত্ৰ নিৰ্মাণ কৰো।’’

Left: Manepalli’s batch of pots being baked.
PHOTO • Ashaz Mohammed
Right: He holds up a clay bottle he recently finished baking
PHOTO • Ashaz Mohammed

বাঁওফালেঃ মানেপল্লিৰ দ্বাৰা নিৰ্মিত পাত্ৰবোৰ জুইত পোৰা হৈছে। সোঁফালেঃ অলপতে জুইৰ ভাটিৰ পৰা উলিয়াই অনা মাটিৰ বটল এটা তেওঁ হাতেৰে তুলি ধৰিছে

‘‘সৰু পাত্ৰকেইটাৰ মূল্য ৫ টকা। যদি ইয়াত ডিজাইন দিয়া হয়, তেতিয়া ইয়াৰ মূল্য ২০ টকা হৈ পৰে’’, তেওঁ কয়। সেই পাত্ৰবোৰ কেৱল শোভাবৰ্ধনৰ বাবেহে ব্যৱহাৰ কৰা হয়। কুমাৰ সম্প্ৰদায়ৰ ৪৬ বৰ্ষীয় এই ব্যক্তিজনে কিশোৰাৱস্থাৰ পৰাই পিতৃৰ সৈতে কাম কৰি আহিছে। ১৫ বছৰ পূৰ্বে তেওঁৰ পিতৃ স্বৰ্গগামী হোৱাৰ পিছতো তেওঁ নিজৰ কাম অব্যাহত ৰাখিছে।

তিনিটা সন্তান, পত্নী আৰু মাকৰ সৈতে ছয়জনীয়া পৰিয়ালটোৰ মুৰব্বী মানেপল্লিয়েই একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। মই [এমাহত] ১০,০০০ টকা উপাৰ্জন কৰো। পাত্ৰবোৰ পুৰিবলৈ ব্যৱহাৰ কৰা এঙাৰৰ মূল্য প্ৰায় ২,০০০ টকা। আটাইবোৰ ব্যয়ৰ পিছত মোৰ হাতত মাত্ৰ ৮,০০০ টকাহে থাকেগৈ।’’

ভগ্ন স্বাস্থ্যৰ বাবে বৰ্ষীয়ান কুমাৰজনৰ কাম প্ৰায় অনিয়মীয়া হৈ পৰিছে। ‘‘ইয়াৰ ব্যতিৰেক মই কি কৰিব পাৰো?’’ আন কাম কৰিব পাৰে নেকি বুলি সোধাত তেওঁ কয়, ‘‘মই কেৱল এই কামটোৱেই কৰিব পাৰো।’’

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Student Reporter : Ashaz Mohammed

اشاز محمد، اشوکا یونیورسٹی کے طالب علم ہیں اور یہ اسٹوری انہوں نے ۲۰۲۳ میں پاری کے ساتھ انٹرن شپ کرنے کے دوران لکھی تھی

کے ذریعہ دیگر اسٹوریز Ashaz Mohammed
Editor : Sanviti Iyer

سنویتی ایئر، پیپلز آرکائیو آف رورل انڈیا کی کنٹینٹ کوآرڈینیٹر ہیں۔ وہ طلباء کے ساتھ بھی کام کرتی ہیں، اور دیہی ہندوستان کے مسائل کو درج اور رپورٹ کرنے میں ان کی مدد کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Sanviti Iyer
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder