দগ্ধ হ’ল মোৰ কায়া
কৰোঁ হাহাকাৰ মাই দুৰ্গা, মাই দুৰ্গা বুলি
দিয়া মুকুতি হে মাই, কৰিছো কাকূতি

দেৱী দুৰ্গাৰৰ প্ৰশংসাত উচ্চস্বৰে শিল্পী বিজয় চিত্ৰকাৰে গাবলৈ ধৰে। পেটকাৰ শিল্পীয়ে প্ৰথমে গীত এটা ৰচনা কৰে, তাৰপিছত তাৰ আলমত চিত্ৰ আঁকে। এনে চিত্ৰ ১৪ ফুট পৰ্য্যন্ত দীঘল হ’ব পাৰে। এই চিত্ৰ সংগীত আৰু কাহিনীৰ যোগেদি দৰ্শকৰ আগত তুলি ধৰা হয়।

শিল্পী বিজয়ৰ (৪১) ঘৰ ঝাৰখণ্ডৰ পুৰ্বি সিংভূম জিলাৰ আমাডুবি গাঁৱত। পেটকাৰ চিত্ৰকলা স্থানীয় চাওতালী কাহিনী, গ্ৰামীণ জীৱন, প্ৰকৃতি আৰু ৰূপকথাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। “গ্ৰামীণ সংস্কৃতিয়েই আমাৰ চিত্ৰকলাৰ ভাষা, আমি চৌপাশে যি দেখো, তাকেই আমাৰ কলাৰ যোগেদি প্ৰকাশ কৰোঁ,” ১০ বছৰ বয়সৰ পৰা পেটকাৰ চিত্ৰ আঁকি অহা বিজয়ে কয়। “কৰ্মা নৃত্য, বাহা নৃত্য নাইবা ৰামায়ণ, মহাভাৰতৰ চিত্ৰ, গাঁৱৰ ছবি আদি...” তেওঁ চাওতালী চিত্ৰশিল্পৰ বিষয়বস্তু সম্পৰ্কে কৈ যায়, “পেটকাৰ শিল্পই মহিলাই ঘৰুৱা কাম-বন কৰি থকা আৰু পুৰুষে পথাৰত বলদ গৰুৰ সৈতে আৰু আকাশৰ চৰাই আদি সকলো সামৰি লয়।”

“মই মোৰ ককাদেউতাৰ পৰা এই শিল্প শিকিছিলো। তেওঁ বিখ্যাত চিত্ৰশিল্পী আছিল। মানুহে তেতিয়া কলকাতাৰ পৰা তেওঁৰ শিল্প চাবলৈ আহিছিল।” বিজয়ৰ পৰিয়ালৰ ভালেকেইটা প্ৰজন্ম পেটকাৰ শিল্পী আছিল। তেওঁ কয়, “পেট য়ুক্তাকাৰ মানে পেটকাৰ, ইচিলিয়ে পেটকাৰ পেইণ্টিং আয়া (এই চিত্ৰবোৰ নুৰিয়াই ৰখা পটৰ দৰে আছিল, তেনেকৈয়ে পেটকাৰ শব্দটো আহিল)।”

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: বিজয় চিত্ৰকাৰে পূৰ্বী সিংভূম জিলাৰ আমাডুবি গাঁৱৰ নিজৰ কেঁচা ঘৰটোৰ বাহিৰত পেটকাৰ চিত্ৰ অঁকাত ব্যস্ত। সোঁফালে: তেওঁৰ দৰে পেটকাৰ শিল্পীসকলে প্ৰথমে গীত লিখে আৰু তাৰ আলমত চিত্ৰ আঁকে

PHOTO • Ashwini Kumar Shukla

ভাগ্যদেৱতা কৰমাক পূজা কৰা একপ্ৰকাৰৰ লোকনৃত্যৰ আলম লৈ অঁকা এখন পেটকাৰ চিত্ৰ

পেটকাৰ শিল্পৰ উদ্ভৱ হৈছিল পশ্চিমবংগ আৰু ঝাৰখণ্ডত। ই সুক্ষ্মাতিসুক্ষ্ম দৃশ্য ৰং-তুলিকাৰে ফুটাই তোলে আৰু পাণ্ডুলিপিৰ প্ৰাচীন কলাৰ পৰা অনুপ্ৰাণিত। “এই শিল্প ইটোৰ পৰা সিটো প্ৰজন্মলৈ প্ৰৱাহিত হৈছে আৰু তাৰ কোনো লিখিত তথ্য নাই, সেয়ে এই সিল্প কিমান পুৰণি, সেয়া ঠিৰাং কৰিবপৰা নাযায়,” ৰাঁচী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা জনজাতীয় লোককৃষ্টিৰ বিশেষজ্ঞ অধ্যাপক পুৰুষোত্তম শৰ্মাই আঙুলিয়াই দিয়ে।

আমাডুবিত ভালেকেইজন পেটকাৰ শিল্পী আছে। তাৰ ভিতৰত ৭১ বৰ্ষীয় অনিল চিত্ৰকৰেই আটাইতকৈ জ্যেষ্ঠ শিল্পী। “মোৰ প্ৰতিখন ছবিৰেই নেপথ্যত আছে গীত। আমি সেই গীত গাওঁ,” শিল্পী অনিল ডাঙৰীয়াই কয়। চাওতালীসকলৰ ডাঙৰ এক অনুষ্ঠানত প্ৰদৰ্শিত কৰমা নৃত্যৰ চিত্ৰশিল্প এখন পাৰিক দেখুৱাই তেওঁ কয়, “কাহিনী এটা মনলৈ আহিলে আমি ছবিৰে তাক প্ৰকাশ কৰোঁ। প্ৰথম কৰিবলগীয়া কামটো হৈছে গীত এটি লিখা, তাৰপিছত ছবিখনঅঁকা আৰু শেষত দৰ্শকৰ আগত সেয়া পৰিৱেশন কৰা।”

পেটকাৰ শিল্পীৰ বাবে প্ৰয়োজনীয় সংগীতৰ জ্ঞানেৰে সমৃদ্ধ অনিল আৰু বিজয়ৰ দৰে শিল্পীৰ সংখ্যা তেনেই তাকৰীয়া। অনিলে কয় যে সংগীতত প্ৰতিটো আৱেগৰ বাবে গীত আছে – হৰ্ষ-বিষাদ, আনন্দ আৰু উত্তেজনা সকলোৰে বাবে। “গাঁৱলীয়া অঞ্চলৰ উৎসৱত আমি দেৱ-দেৱী যেনে দুৰ্গা, কালি, দাদা কৰ্ণ, নৌকা বিলাস, মনসা মংগল আদিক লৈ গীত গাওঁ,” তেওঁ কয়।

অনিলে তেওঁৰ পিতৃৰ পৰা সংগীত শিকিছিল আৰু তেওঁৰ হাতত চিত্ৰশিল্পবিধৰ লগত জৰিত গীতৰ আটাইতকৈ ডাঙৰ ভঁৰাল আছে। “উৎসৱৰ সময়ত (চাওতালী আৰু হিন্দু উৎসৱ) আমি ইখন গাঁৱৰ পৰা সিখনলৈ গৈ আমাৰ চিত্ৰশিল্প দেখুৱাও আৰু একতাঁৰা (এডালমাত্ৰ তাঁৰযুক্ত বাদ্যযন্ত্ৰবিশেষ) আৰু হাৰমণিয়াম লৈ গীত গাও। বিনিময়ত মানুহে আমাৰ ছবি কিনে আৰু টকা নাইবা শস্য দিয়ে,” তেওঁ কয়।

ভিডিঅ’টো চাওক: গীত-ছবি-কথাৰে পেটকাৰ পেইণ্টিং

পেটকাৰ শিল্প সুক্ষ্মাতিসুক্ষ্ম দৃশ্য ৰং-তুলিকাৰে ফুটাই তোলে আৰু পাণ্ডুলিপিৰ প্ৰাচীন কলাৰ পৰা অনুপ্ৰাণিত

আগতে পেটকাৰ চিত্ৰশিল্পবোৰ ১২ৰ পৰা ১৪ ফুট দৈৰ্ঘ্যৰ আছিল, চাওতালসকলৰ লোককথাৰ কাহিনীৰ তাত বৰ্ণনা আছিল। আজিকালি সেই দৈৰ্ঘ্য এ-ফ’ৰ চাইজলৈ সংকুচিত হৈছে, বিক্ৰী হয় ২০০ৰ পৰা ২,০০০ টকাত। “ডাঙৰ পেইণ্টিং বিক্ৰী নহয়, সেয়ে আমি সৰু সৰু পেইণ্টিং আঁকো। গাঁৱলৈ গাঁৱলৈ আহিলে আমি সেয়া ৪০০-৫০০ টকাত বিক্ৰী কৰোঁ,” অনিলে কয়।

অনিলে ভালেকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মেলা আৰু কৰ্মশালাত ভাগ লৈছে। তেওঁ কয় যে এই শিল্প বিশ্বই জানে যদিও ইয়াক লৈ জীৱিকা নিৰ্বাহ কৰাটো কঠিন। “ম’বাইল ফোনৰ আগমনৰ ফলত পাৰম্পৰিক সংগীত পৰিৱেশনৰ ধাৰা ম্লান পৰিছে। এই ফোনৰ কাৰণেই গীত গোৱা আৰু বাদ্যযন্ত্ৰ পৰিৱেশনৰ পৰম্পৰা নাইকিয়া হৈছে। এই প্ৰাচীন পৰম্পৰাও হেৰাই গৈছে। এতিয়া এইবোৰ গানেই চলে - ‘ফুলকা ফুল কাচুল, উড়ি উড়ি জায়ে’ (ভিজি থকা চুলি মৃদু বতাহত উৰে)” এইবুলি জনপ্ৰিয় হোৱা গীত ভেঙুচালি কৰি অনিলে গাই কয়।

প্ৰবীণ শিল্পীজনে কয় যে এটা সময়ত আমাডুবি গাঁৱত ৪০ ঘৰ মানুহে পেটকাৰ শিল্পৰ সৈতে জৰিত আছিল। কিন্তু এতিয়া কেইঘৰমানহে আছে। “মই ভালেকেইগৰাকী ছাত্ৰক পেটকাৰ শিল্প শিকাইছো, কিন্তু তাৰ পৰা একো এটা উপাৰ্জন নহয় বাবে সিহঁতে দিনহাজিৰাত ধৰিছে,” অনিলে কয়। “মোৰ ল’ৰাকেইটাকো শিকাইছো, কিন্তু উপাৰ্জন নাই বাবে সিহঁতেও এই শিল্প এৰিছে।” তেওঁৰ ডাঙৰজন ল’ৰাই ৰাজমিস্ত্ৰী হিচাপে জমছেদপুৰত কাম কৰে, সৰুটোৱে দিনহাজিৰা কৰে। অনিল আৰু তেওঁৰ পত্নীয়ে গাওঁখনত সৰু জুপুৰি ঘৰ এটাত থাকে আৰু কেইটামান ছাগলী আৰু কুকুৰা পুহিছে। ঘৰৰ বাহিৰত পিঞ্জৰাত এটা ভাটৌ।

২০১৩ত ঝাৰখণ্ড চৰকাৰে আমাডুবি গাওঁখনক পৰ্য্যটন গ্ৰাম হিচাপে পৰিচয় দিয়ে যদিও পৰ্য্যটক তালৈ কমেই আহে। “পৰ্য্যটক বা চাহিব (চৰকাৰী বিষয়া) আহিলে আমি তেওঁলোকৰ বাবে গীত গাওঁ, তাৰপিছত তেওঁলোকে আমাক কিছু টকা দিয়ে। যোৱাবছৰ মই মাত্ৰ দুখন পেইণ্টিং বিক্ৰী কৰিব পাৰিছো,” তেওঁ কয়।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

আমাডুবি গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ পেটকাৰ চিত্ৰশিল্পী অনিল চিত্ৰকাৰ, তেওঁৰ পেইণ্টিঙৰ সৈতে

PHOTO • Ashwini Kumar Shukla

ঝাৰখণ্ডৰ আদিবাসী সম্প্ৰদায়সমূহৰ বন্ধন পৰ্ব উৎসৱ বৰ্ণোৱা এখন পেটকাৰ পেইণ্টিং

শিল্পীসকলে চুবুৰীয়া গাওঁবোৰত চাওতাল উৎসৱ যেনে কৰমা পূজা, বন্ধন পৰ্ব আদিৰ লগতে স্থানীয় হিন্দু উৎসৱ আৰু মেলা আদিতো পেইণ্টিং বিক্ৰী কৰে। “আগতে আমি গাঁৱে গাঁৱে গৈ পেইণ্টিং বিক্ৰী কৰিছিলো। আমি বহু দূৰলৈকে গৈছিলো, পশ্চিমবংগ, ওড়িশা, চত্তীশগড়লৈকো গৈছিলো,” অনিল চিত্ৰকৰে কয়।

*****

বিজয়ে পেটকাৰ শিল্পৰ প্ৰক্ৰিয়াৰ বিষয়ে আমাক দেখুৱায়। তেওঁ প্ৰথমে শিল এচটাৰ ওপৰত সামান্য পানী ঢালে আৰু আন এটা শিলত সেয়া ঘঁহি মটীয়া ৰঙা ৰং এটা উলিয়ায়। তাৰপিছত সৰু তুলিকা এডালেৰে তেওঁ ৰং কৰিবলৈ আৰম্ভ কৰে।

পেটকাৰ শিল্পৰ বাবে ব্যৱহৃত ৰংবোৰ নদীৰ পাৰৰ শিল আৰু ফুল-পাতৰ পৰা প্ৰস্তুত কৰা হয়। শিল বিচাৰি উলিওৱাটো আটাইতকৈ কঠিন কাম। “আমি পাহাৰলৈ নাইবা নদীৰ পাৰলৈ যাব লাগ। কেতিয়াবা চূণশিল বিচাৰি উলিয়াওতে তিনিৰ পৰা চাৰিদিন লাগে,” বিজয়ে কয়।

শিল্পীয়ে হালধীয়া ৰঙৰ বাবে হালধি, সেউজীয়া ৰঙৰ বাবে বিন বা জলকীয়া আৰু বেঙুনীয়া ৰঙৰ বাবে লাণ্টানা কামাৰা ফুল ব্যৱহাৰ কৰে। ক’লা ৰং প্ৰস্তুত কৰা হয় কেৰাচিনৰ লেমৰ এলান্ধুৰ পৰা; ৰঙা, বগা আৰু ইটা ৰং শিলৰ পৰা আহৰণ কৰা হয়।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: পেটকাৰ চিত্ৰশিল্পত ব্যৱহৃত ৰংবোৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা হয়, নদীৰ পাৰৰ শিল, ফুল-পাতৰ পৰা। সোঁফালে: বিজয় চিত্ৰকাৰে ঘৰৰ বাহিৰত ছবি আঁকিছে

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: বিজয় চিত্ৰকাৰে ঘৰৰ বাহিৰত চাহ বনাইছে। সোঁফালে: আমাডুবি গাঁৱৰ পাৰম্পৰিক চাওতালী ঘৰ এটা

চিত্ৰবোৰ কাপোৰ নাইবা কাগজত বনোৱা হয় যদিও প্ৰায়ভাগ শিল্পীয়ে আজিকালি ৭০ কিলোমিটাৰ দূৰৰ জমছেদপুৰৰ পৰা কিনি অনা কাগজেই ব্যৱহাৰ কৰে। “এখন কাগজত ৭০ৰ পৰা ১২০ টকা লাগে আৰু আমি সহজে চাৰিখন চিত্ৰ তাত আঁকিব পাৰো,” বিজয়ে কয়।

এই প্ৰাকৃতিক ৰংবোৰ নিমৰ নাইবা বাবুল গছৰ আঠাৰ সৈতে মিহলোৱা হয় যাতে পেইণ্টিংখন সংৰক্ষিত কৰি ৰাখিবপৰা যায়। “এনে কৰিলে পোক-পৰুৱাই কাগজখন নাখায় আৰু পেইণ্টিংখন যেনে-খেনেই হৈ থাকিব,” প্ৰাকৃতিক ৰঙেই এই ছবিৰ আকৰ্ষণ বুলি বিজয়ে কয়।

*****

আঠ বছৰ আগতে অনিলৰ দুয়োটা চকুতে ছানি লাগে। তেওঁৰ দৃষ্টিশক্তি কমি অহাত তেওঁ ছবি আঁকিবলৈ এৰে। “ভালদৰে দেখাই নাপাও। মই স্কেটচ কৰিব পাৰো, গীত বৰ্ণাব পাৰো, কিন্তু ৰং কৰিব নোৱাৰো,” নিজৰ পেইণ্টিং এখন দাঙি ধৰি তেওঁ কয়। এই পেইণ্টিঙত দুটা নাম পাব। ৰূপৰেখাৰ বাবে অনিলৰ নাম আৰু ৰং ভৰোৱাজনৰ নাম, সেইজন তেওঁৰ ছাত্ৰ।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

পাকৈত পেটকাৰ শিল্পী অঞ্জনা পাটেকাৰ আমাডুবিৰ তেনেই কমসংখ্যক মহিলা শিল্পীৰ মাজৰ এগৰাকী, কিন্তু তেঁৱো এতিয়া ছবি আঁকিবলৈ এৰিছে

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

পেটকাৰ চিত্ৰশিল্পই চাওতালী জীৱন দৰ্শায়। ‘আমাৰ মূল বিষয়বস্তু হৈছে গাঁৱলীয়া সংস্কৃতি, আমাৰ চৌপাশে যি দেখো, তাকেই আমি ছবিৰ যোগেদি ফুটাই তোলো,’ বিজয়ে কয়

অঞ্জনা পাটেকাৰ (৩৬) এগৰাকী পাকৈত পেটকাৰ শিল্পী, কিন্তু তেওঁ কয়, “এই কাম এতিয়া কৰিবলৈ এৰিছো। মোৰ স্বামীৰ খং উঠে। ঘৰৰ কাম কৰি উঠি কিয় আকৌ ছবি আঁকি কষ্ট পাব লাগে, তেওঁ ভাবে। তাতে আকৌ একো লাভ নথকা কাম এটা কৰাৰ অৰ্থইবা কি?” অঞ্জনাৰ হাতত ৫০ খন পেইণ্টিং আছে, কিন্তু সেয়া বিক্ৰী কৰিবপৰা নাই। তেওঁৰ ল’ৰা-ছোৱালী এই শিল্প শিকাত আগ্ৰহী নহয় বুলি তেওঁ কয়।

অঞ্জনাৰ দৰে ২৪ বৰ্ষীয় গণেষ গায়নো এসময়ত দক্ষ পেটকাৰ শিল্পী আছিল। কিন্তু তেওঁ এতিয়া গাঁৱতে গেলামালৰ দোকান দিয়ে আৰু মাজে-সময়ে দিন-হাজিৰাও কৰে। তেওঁ কয়, “যোৱাবছৰ মাত্ৰ তিনিখন পেইণ্টিং বিক্ৰী কৰিব পাৰিছো। ইয়াৰ ওপৰতে নিৰ্ভ কৰি থাকিলে ঘৰখন কেনেকৈ চলিব?”

“নতুন প্ৰজন্মই গীত কেনেকৈ ৰচনা কৰে, সেয়া নাজানে। কোনোবাই গীত ৰচিবলৈ আৰু কাহিনী কোৱাৰ কলা আয়ত্ব কৰিলে পেটকাৰ শিল্প জীয়াই থাকিব। নহ’লে ই এদিন নাইকিয়া হৈ যাব,” অনিলে কয়।

এই প্ৰতিবেদনৰ পেটকাৰ গীত জশুৱা বোধিনেত্ৰাই সীতাৰাম বাস্কে আৰু ৰণিত হেমব্ৰমৰ সহায় লৈ অনুবাদ কৰিছে।

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.) প্ৰদত্ত ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

اشونی کمار شکلا پلامو، جھارکھنڈ کے مہوگاواں میں مقیم ایک آزاد صحافی ہیں، اور انڈین انسٹی ٹیوٹ آف ماس کمیونیکیشن، نئی دہلی سے گریجویٹ (۲۰۱۸-۲۰۱۹) ہیں۔ وہ سال ۲۰۲۳ کے پاری-ایم ایم ایف فیلو ہیں۔

کے ذریعہ دیگر اسٹوریز Ashwini Kumar Shukla
Editor : Sreya Urs

شریہ عرس، بنگلورو کی ایک آزاد صحافی اور ایڈیٹر ہیں۔ وہ گزشتہ ۳۰ سالوں سے بھی زیادہ عرصے سے پرنٹ اور ٹیلی ویژن میڈیا سے وابستہ ہیں۔

کے ذریعہ دیگر اسٹوریز Sreya Urs
Editor : PARI Desk

پاری ڈیسک ہمارے ادارتی کام کا بنیادی مرکز ہے۔ یہ ٹیم پورے ملک میں پھیلے نامہ نگاروں، محققین، فوٹوگرافرز، فلم سازوں اور ترجمہ نگاروں کے ساتھ مل کر کام کرتی ہے۔ ڈیسک پر موجود ہماری یہ ٹیم پاری کے ذریعہ شائع کردہ متن، ویڈیو، آڈیو اور تحقیقی رپورٹوں کی اشاعت میں مدد کرتی ہے اور ان کا بندوبست کرتی ہے۔

کے ذریعہ دیگر اسٹوریز PARI Desk
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das