পুৱাৰ ভাগত গিৰীয়েকে কামৰ বাবে ঘৰ এৰাৰ আগেয়ে ২৪ বৰ্ষীয় নেহা ত’মাৰে (তাইৰ আচল নাম ব্যৱহাৰ কৰা হোৱা নাই) তেওঁৰ চৰণ স্পৰ্শ কৰিছিল। এয়া সদায় নহয়, কিন্তু সিদিনা তাই ঘৰৰ পৰা বাহিৰলৈ ওলাব এটা বিশেষ কামৰ বাবে। ‘যেনেদৰে মাকৰ ঘৰলৈ গ’লে তাই কৰে,’ ভেটুৱা খণ্ডৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত বহি থকা নেহাই ক’লে।
নেহাই আমেথি টেহচিলৰ এই স্বাস্থ্যকেন্দ্ৰটোলৈ তাইৰ শাহুয়েকৰ সৈতে আহিছে। শাহুয়েকৰ কোলাত নেহাৰ তিনিমহীয়া পানীকেচুৱা, নেহাৰ এই চতুৰ্থ সন্তানৰ নাম গণনা কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ চুলতানপুৰ জিলাৰ ভেটুৱা গাঁৱৰ পৰা তেওঁলোক ইয়ালৈ আহিছে। নেহা আৰু তেওঁৰ স্বামী আকাশ (তেওঁৰ আচল নাম নহয়) কৃষি শ্ৰমিক। তেওঁলোক দুজনে শেহত যেনিবা তাইৰ পেটমচাৰ সিদ্ধান্ত লৈছে। ‘ইমানখিনিতো মোৰ খুচিমতে হ’ব লাগে,’ ইটোৰ পিছত সিটোকৈ চাৰিটা সন্তানৰ পিছত দম্পত্তিহালে সেই সিদ্ধান্তৰ কথা নেহাই ক’লে। দুজনী ছোৱালীৰ বয়স পাঁচ বছৰ আৰু ডেৰ বছৰীয়া এটি ল’ৰা সন্তানৰ সৈতে এই পানী কেচুৱাটো। শাহুৱেকৰ কোলাত শুই থকা পানীকেচুৱাটোলৈ আঙুলিয়াই নেহাই ক’লে, ‘এইটোৰ বাবে তেওঁলৈ ধন্যবাদ।’
তাইৰ ছবছৰীয়া বৈবাহিক জীৱনচোৱাত গৰ্ভনিৰোধ নাইবা সন্তানৰ মাজত ব্য়ৱধান ৰখাক লৈ কোনোধৰণৰ কথা-বতৰা হোৱা নাই। ‘মই বিয়া হোৱাৰ সময়ত কোনোৱেই একো কোৱা নাছিল, মাত্ৰ মই মোৰ গিৰী আৰু তেওঁৰ পৰিয়ালৰ কথা শুনিব লাগিব বুলি কৈছিল,’ নেহাই কয়। দুবাৰকৈ সন্তান জন্ম দিয়াৰ পিছতহে তাই জানিবলৈ পাৰিছিল যে মাহেকীয়া হোৱাৰ সেই দিনকেইটাৰ পিছৰ দুসপ্তাহত তাই যৌন সম্পৰ্ক নকৰিলে আকৌ এবাৰ গৰ্ভধাৰণ কৰাৰ পৰা বাচিব পাৰিলেহেঁতেন। ‘মই পেটৰ বিষ হোৱা বুলি কওঁ বা ৰাতি কাম সামৰোতে দেৰি কৰোঁ, কিন্তু শাহুৱে মোৰ মনৰ কথা জানিবলৈ বেছি দেৰি নালাগিল।’
গৰ্ভনিৰোধৰ পৰম্পৰাগত পদ্ধতি যেনে নিৰ্লিপ্ততা, সময়ে সময়ে আঁতৰি থকা, সংযম আৰু ছন্দ মিলোৱা নাইবা সুৰক্ষিত দিনৰ ওপৰত নজৰ ৰখা, যিবোৰ নেহাই কৰি আহিছে, সেয়াই ভাৰতৰ আন অংশতকৈ উত্তৰ প্ৰদেশত খুবেই প্ৰচলিত। ৰাজ্যখনৰ গৰ্ভনিৰোধৰ ২২ শতাংশই এনে পদ্ধতিৰে হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ ২২ শতাংশ।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা
(নেশ্য়নেল ফেমিলি হেলথ্ চাৰ্ভে চমুকৈ এন.এফ.এইচ.এছ.-৪, ২০১৫-১৬)ৰ ডেটাৰ আধাৰত
ৰিপ্ৰডাক্টিভ হেলথ্
শীৰ্ষক পত্ৰিকাখনত ২০১৯ত প্ৰকাশিত এখন গৱেষণা পত্ৰত এই কথা কোৱা হৈছে। বাস্তৱত উত্তৰ প্ৰদেশৰ বিবাহিত মহিলাৰ মাত্ৰ ৫০ শতাংশইহে কণ্ডম, পিল আৰু বন্ধ্যাকৰণ আদিৰ দৰে পৰিয়াল পৰিকল্পনাৰ আধুনিক পদ্ধতি ব্যৱহাৰ কৰে। গৱেষণা পত্ৰখনত উল্লেখ কৰা মতে ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ৭২ শতাংশ।
চিন্তা কৰাৰ অৱকাশ তেতিয়াহে আহিল, যেতিয়া দূৰ্ঘটনাগ্ৰস্ত হৈ আকাশৰ ভৰি এখন ভাগিল আৰু কাম কৰি খুৱাব নোৱাৰা হ’ল। তেতিয়াই সাহ গোটাই নেহাই গিৰীয়েকক ‘অপাৰেচন’ কৰোৱাৰ কথা ক’লে। অস্ত্ৰোপচাৰ মানে হৈছে জনননলী বন্ধ্যাকৰণ, মহিলাৰ বন্ধ্যাকৰণ প্ৰক্ৰিয়া য’ত মহিলাগৰাকীৰ জনননলী বন্ধ কৰি পেলোৱা হয়, যাতে তেওঁ পুনৰাই গৰ্ভধাৰণ নকৰে। নেহাৰ শাহুৱেক মত নাই যদিও তাইৰ লগত স্বাস্থ্যকেন্দ্ৰলৈ আহিছে। তথাপি শাহুৱেকে আশা এৰা নাই। ‘ইশ্বৰ আৰু সন্তানৰ মাজত সোমাব নাপায়,’ শাহুৱেকে ভোৰভোৰাই কয়। বোধকৰো তেওঁ নেহাৰ লগতে সমীপৰ বনদৈয়া, নৌগিৰৱা, চানাহা আৰু টিকৰী গাঁৱৰ পৰা অহা আন ২২ গৰাকী মহিলাক উদ্দ্যেশি সেই কথা কৈছে।
নৱেম্বৰৰ জাৰলগা দিনটোৰ পুৱা ১০ বাজিছিল মাত্ৰ। প্ৰায়ভাগ মহিলাই পুৱা ৯ বজাতে উপস্থিত হৈছে। দিন আগবঢ়াৰ লগে লগে আৰু মহিলা আহি জমা হ’ব। মহিলা বন্ধ্যাকৰণ দিৱসৰ দিনা প্ৰায় ৩০-৪০ গৰাকী মহিলা আহে, বিশেষকৈ অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। এই মাহকেইটাতে তেওঁলোকে অপাৰেচন কৰোৱাটো বিচাৰে। জাৰকালি চিলাইবোৰ সোনকালে শুকায়। চিলাইবোৰ নপকে। (সংক্ৰমণ ঘটাৰ সম্ভাৱনা কম হৈ থাকে), ভেটুৱা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা বিষয়া ডা. অভিমন্যু বৰ্মাই কয়।
২০১৪ৰ ৮ নৱেম্বৰত চট্টিশগড়ৰ বিলাসপুৰ জিলাৰ তখতপুৰ খণ্ডত শিবিৰ পাতি কৰা বন্ধ্য়াকৰণৰ অভিযানত ঘটা হৃদয়বিদাৰক ঘটনাই চৌদিশে ক্ষোভৰ উদ্গিৰণ ঘটাইছিল। শিবিৰটোত ১৩ গৰাকী মহিলাৰ মৃত্যু হৈছিল আৰু আন বহুতকে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল
২০১৪ৰ ৮ নৱেম্বৰত চট্টিশগড়ৰ বিলাসপুৰ জিলাৰ তখতপুৰ খণ্ডত শিবিৰ পাতি কৰা বন্ধ্য়াকৰণৰ অভিযানত ঘটা হৃদয়বিদাৰক ঘটনাই চৌদিশে ক্ষোভৰ উদ্গিৰণ ঘটাইছিল। জিলা চিকিৎসালয়ৰ পৰা অহা এজন শল্য চিকিৎসকে এক জৰাজীৰ্ণ অস্বাস্থ্যকৰ ঘৰ এটাত ৮৩ গৰাকী মহিলাৰ ডিম্ববাহী নলী সম্পূৰ্ণকৈ উঠাই দিয়া কাম শিবিৰ পাতি কৰিছিল। শাৰী পতাই কৰা এই অভিযানত ১৩ গৰাকী মহিলাৰ মৃত্যু হৈছিল আৰু আন বহুতকে চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছিল। শল্যচিকিৎসকগৰাকীয়ে এডাল মাত্ৰ লেপাৰোস্ক’প ব্যৱহাৰ কৰিছিল আৰু বীজাণুমুক্ত কৰাৰ কোনো আগতীয়া সতৰ্কতাৰ নিয়ম অনুসৰণ কৰা নাছিল।
মহিলাৰ স্বাস্থ্যৰ প্ৰতি সমূলি আওকাণ কৰি পতা শিবিৰ এইটোৱেই প্ৰথম নহয়। ২০১২ৰ ৭ জানুৱাৰীত বিহাৰৰ আৰাৰিয়া জিলাৰ কুৰসংকট খণ্ডৰ কাপাৰফোৰা চুবুৰীত বিদ্যালয় এখনৰ কোঠালীত টৰ্ছ লাইটৰ পোহৰত একে ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত ৫৩ গৰাকী মহিলাৰ বন্ধ্যাকৰণ কৰোৱা হৈছিল।
আৰাৰিয়াৰ ঘটনাৰ পিছত স্বাস্থ্যসেৱাৰ সক্ৰিয় কৰ্মী দেৱিকা বিশ্বাসে ২০১২ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰাত ২০১৬ৰ ছেপ্টেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক তিনি বছৰৰ ভিতৰত সকলো ধৰণৰ শিবিৰভিত্তিক গণ-বন্ধ্যাকৰণৰ কাৰ্যসূচী বন্ধ কৰি পৰিয়াল পৰিকল্পনা আঁচনিৰ অধীনত স্বাস্থ্যসেৱাৰ সুবিধা সুলভ-সুগম্য কৰাৰ বাবে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশ, কেৰেলা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা বন্ধ্যাকৰণ শিবিৰত নিম্ন গুণগত সেৱা আগবঢ়োৱাৰ সাক্ষ্য পোহৰলৈ আহে।
সেয়ে বন্ধ্যাকৰণৰ বাবে শিবিৰৰ পৰিৱৰ্তে নিৰ্দিষ্ট দিনৰ সেৱা থিৰাং কৰা হ’ল। মাহটোৰ এটা নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট এটা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ মহিলা-পুৰুষে গৈ বন্ধাকৰণ কৰাব পাৰিব। এনেদৰে প্ৰক্ৰিয়াটোৰ নিৰীক্ষণ আৰু স্বাস্থ্যসংক্ৰান্ত বিধিৰ অনুপালনৰ ক্ষেত্ৰত সাৰ্থকতা দেখা যাব বুলি আশা কৰা হৈছিল। বন্ধ্য়াকৰণ দিৱসত পুৰুষ-মহিলা সকলোকে সামৰি লোৱা হৈছিল যদিও পুৰুষ কাচিৎহে শুক্ৰনলীচ্ছেদনৰ বাবে আহিছিল। সেয়ে পিছলৈ সেই দিনটো বেচৰকাৰীভাৱে মহিলা বন্ধ্যাকৰণ বুলিয়েই জনাজাত হ’ল।
ন্যায়ালয়ৰ নিৰ্দেশ স্বত্বেও গৰ্ভনিৰোধৰ ক্ষেত্ৰত গুৰুত্ব কেৱল বন্ধ্যাকৰণ, ঘাইকৈ মহিলা বন্ধ্যাকৰণতেই সীমাবদ্ধ হৈ থাকিল।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২০১৭ৰ একাদশ সমূহীয়া পনৰীক্ষণ অভিযান ৰ প্ৰতিবেদন মতে ভাৰতত ৯৩.১ শতাংশ বন্ধ্যাকৰণ কেৱল মহিলাৰ ক্ষেত্ৰতেই কৰা হৈছে। ২০১৬-১৭ মতে, মহিলাৰ বন্ধ্যাকৰণৰ নামত ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনাৰ পুঁজিৰ ৮৫ শতাংশ ব্যৱহাৰ কৰিছে। এই প্ৰক্ৰিয়াৰ প্ৰয়োগ উত্তৰ প্ৰদেশত কমিছে (১৯৯৮-৯৯ৰ তুলনাত), যদিও উচ্চ-উৰ্বৰ জিলাবোৰত গৰ্ভনিৰোধ ব্যৱহাৰ কৰা ৩৩ শতাংশই আৰু কম উৰ্বৰ জিলাবোৰত ৪১ শতাংশই মহিলা বন্ধ্যাকৰণ পচন্দ কৰে। এয়া ৰিপ্ৰডাক্টিভ হেলথ শীৰ্ষক জাৰ্নেলত প্ৰকাশিত গৱেষণ পত্ৰ এখনত উল্লেখিত তথ্য।
চুলতানপুৰ জিলাত বন্ধ্যাকৰণৰ সমস্ত দায়িত্ব তিনিজন বা দুজন মাত্ৰ ডাক্তৰৰ ওপৰত পৰে। টেহচিল বা জিলা পৰ্যায়ত পৰিয়াল পৰিকল্পনা সমন্বয়কে প্ৰস্তুত কৰা তালিকাৰ ক্ৰম মতে তেওঁলোকে ১২ৰ পৰা ১৫ টা খণ্ডত সিঁচৰিত হৈ থকা চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰলৈ যায়। প্ৰতিখন সামূহিক স্বাস্থ্যকেন্দ্ৰই এমাহত এবাৰ মানহে বন্ধ্যাকৰণ দিৱস পালন কৰিব পাৰে, য’ত পুৰুষ-মহিলা সকলোৱে বন্ধ্যাকৰণ কৰাব পাৰে।
ভেটুৱা স্বাস্থ্যকেন্দ্ৰত এনে এটা দিনত কেন্দ্ৰটোত হোৱা ভীৰৰ পৰাই অনুমান কৰিব পাৰি যে মহিলাৰ বন্ধ্যাকৰণৰ বাবে এটামাত্ৰ দিন পৰ্যাপ্ত নহয়। চাৰি বজাত ডাক্তৰ আহিল, চৰকাৰী স্বাস্থ্য মেলা এখনত উপস্থিত থাকিবলগীয়া হোৱা হেতুকে তেওঁ আহোতে পলম হ’ল। তেতিয়ালৈ ৰোগীৰ সংখ্যা ৩০ জন হ’লগৈ। প্ৰাথমিক পৰীক্ষাত দুগৰাকী মহিলাক গৰ্ভধাৰণ কৰা বুলি নিশ্চিত হোৱাৰ পিছত দুয়োজনকে ঘুৰি যাবলৈ কোৱা হ’ল।
ভৱনটোৰ এটা মূৰত থকা কোঠালী এটাক অস্ত্ৰোপচাৰ কক্ষ হিচাপে সাজু কৰি ৰখা হৈছে। এখন ডাঙৰ খিৰিকীৰ পাতল পৰ্দাৰ মাজেৰে সুৰ্যৰ পোহৰ সোমাই আহিছে। কিন্তু শীত তেতিয়াও আছিল। কোঠাটোৰ মাজত তিনিখন ‘অস্ত্ৰোপচাৰ টেবুল’ সাজু কৰি ৰখা হৈছে। অস্ত্ৰোপচাৰৰ বাবে শল্যচিকিৎসকজনৰ সুবিধাৰ্থে সেই টেবুলকেইখনৰ এফালে ইটা দি হেলনীয়া কৰি ৰখা হৈছে।
‘চিকিৎসা মহাবিদ্যালয়ত আমি ট্ৰেণ্ডেলেনবাৰ্গৰ সুবিধা থকা অস্ত্ৰোপচাৰ টেবুলৰ কথা শিকিছিলো, সেই টেবুল হেলনীয়া কৰিব পাৰি। ইয়াতে পাঁচ বছৰৰ কাৰ্যকালত তেনে টেবুল নাপালো, সেয়ে এনেকৈ সুবিধা কৰি লৈছো,’ ইটাৰ টুকুৰাকেইটালৈ আঙুলিয়াই ডা. ৰাহুল গোস্বামীয়ে (তেওঁৰ আচল নাম নহয়) কয়। ‘অস্ত্ৰোপচাৰৰ সময়ত ভংগিমা ভুল হ’লে জটিলতাৰ সৃষ্টি হ’ব পাৰে,’ তেওঁ কয়।
অস্ত্ৰোপচাৰৰ কাৰণে অনা তিনিগৰাকী মহিলাৰ ভিতৰত নেহাও আছে। তেওঁৰ শাহুৱেকক বাহিৰতে অপেক্ষা কৰিবলৈ কোৱা হ’ল। তিনিওগৰাকীৰ কোনোৱেও আগতে আধুনিক গৰ্ভনিৰোধৰ উপায় অৱলম্বন কৰা নাছিল। নেহাই অন্ততঃ জানিছিল, কিন্তু ব্যৱহাৰ কৰাক লৈ দোমোজাত আছিল। ‘মই সেইবোৰৰ কথা জানো, কিন্তু পিলবোৰ খালে টোপনিৰ ভাৱ হয় আৰু কপাৰ-টি ডাল দেখিলেই ভয় লাগে। সেইডাল এডাল দীঘল ৰড,’ তেওঁ ইনট্ৰাইউটেৰাইন আহিলা (আই.ইউ.ডি.)বিধৰ বিষয়ে ক’লে।
আন দুগৰাকী মহিলাক সংগ দিয়া আশা কৰ্মী দীপলতা যাদৱে কথাখিনি শুনি মিচিকিয়াই হাঁহিলে। ‘কপাৰ আই.ইউ.ডি.ৰ কথা ক’লে প্ৰায়ভাগে এই কথাই কয়। আহিলাবিধ সৰু হ’লেও পেকেটটো ডাঙৰ আৰু দীঘলীয়া। সিহঁতে ভাবে যে গোটেইটোৱেই ভিতৰত ভৰোৱা হ’ব,’ যাদৱে কয়। আশাকৰ্মীগৰাকীৰ কাম হৈছে তেওঁলোকক ইয়ালৈ লৈ অহা, তাৰ বাবে তেওঁ মহিলাই প্ৰতি ২০০ টকা অতিৰিক্ত ধন পায়। তেওঁৰ কাম তাতেই শেষ হয়। তথাপি তেওঁ মহিলা দুগৰাকীক বিচনাখনত উঠাত সহায় কৰিছে আৰু তেওঁলোকৰ দেহত চেতনানাশকে কাম আৰম্ভ কৰালৈকে অপেক্ষা কৰিছে।
অস্ত্ৰোপচাৰৰ টেবুলত উঠাৰ পিছত আপুনি সকলোৰে মুখবোৰত একেই ভাৱ দেখিব। তেওঁলোকে শংকাতে মুৰ পেলাই দিছে। ডাক্তৰ কাষলৈ অহাৰ সময়ত ভয় খাইছে। সেই কামটোৰ কাৰণে সকলোকে এটা কোঠাত একান্ত ব্যক্তিগত অৱস্থাত দেখা গৈছে। কিন্তু এই সময়ত সেই কথা ভবাৰ আজৰি নাই। অস্ত্ৰোপচাৰ কক্ষৰ দুৱাৰখন মেল খাই আছে আৰু অস্ত্ৰোপচাৰ চলি থকাৰ মাজতো ভালেকেইবাৰ দুৱাৰখন জপোৱা হৈছে, ব্যক্তিগত বুলিবলৈ তাত একো নাই।
কোঠাটোত তেওঁলোকৰ উশাহ-নিশাহৰ শব্দ আৰু সঁজুলিৰ শব্দ শুনা গৈছে। এগৰাকী এটেণ্ডেণ্টে তেওঁলোকৰ ভংগী পৰীক্ষা কৰিছে আৰু শাৰীবোৰ ঠিক-ঠাক কৰি দিছে যাতে অস্ত্ৰোপচাৰত সুবিধা হয়।
‘বন্ধ্যাকৰণ তিনিটা পৰ্যায়ত শেষ হয়, ছেদন কৰা, সেয়া বন্ধ কৰা আৰু লেপাৰোস্কপিক আহিলাৰে ফেলপিয়ান জনননলীৰ কাম কৰা, তাৰ বাবে ভাল পোহৰৰ প্ৰয়োজন,’ গোস্বামীয়ে কয়। উজ্বল আবেলিৰ বেলিটো লাহে লাহে স্তিমিত হৈ আহিছে। কোঠালীটোৰ পোহৰ কমি আহিছে। তথাপি কোনোৱে জৰুৰীকালীন পোহৰৰ ব্যৱস্থাৰ বাবে চুইচটো টিপি দিয়া নাই।
পাঁচ মিনিটতকৈও কম সময়ত ডাক্তৰে এখন টেবুলত কাম শেষ কৰি আন এখন টেবুললৈ আগবাঢ়িল। ‘হৈ গ’ল!’ তেওঁ ক’লে। ওচৰতে ৰৈ থকা এটেণ্ডেণ্টগৰাকী আৰু আশা কৰ্মীগৰাকীয়ে মহিলাগৰাকীক টেবুলখনৰ পৰা নমাত সহায় কৰি দিলে আৰু দ্বিতীয়টো গোটক সাজু কৰিলে।
কাষৰে কোঠাটোত তুলি পাৰি থোৱা আছিল। হালধীয়া ৰঙৰ বেৰকেইখন সেমেকি আছিল আৰু শেলুৱৈ ধৰিছিল। কাষৰে শৌচাগাৰটোৰ পৰা চেঁচুকীয়া গোন্ধ এটা আহি নাকত লাগিছিল। প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নেহাক তাতে শুৱাই থোৱা হ’ল। এম্বুলেন্স অহালৈ অপেক্ষা কৰা হ’ল। আধা ঘণ্টা পিছত অহা এম্বুলেন্সখনত উঠাই দিয়াৰ সময়ত তাই প্ৰকৃতিস্থ হৈ উঠা নাছিল। বোধকৰো সকলো ইমান ততালিকে কৰাৰ কাৰণে তেনে হৈছিল, নাইবা তাইক ভালদৰে চেতনানাশক দিয়া হোৱা নাছিল।
শাহুৱেকৰ সৈতে নেহা ঘৰ পোৱা সময়ত আকাশে সিহঁতৰ কাৰণে অপেক্ষা কৰি আছিল। ‘পুৰুষবোৰে ধৰলৈ অহাৰ সময়ত সিহঁতৰ মাক, ঘৈণী, ল’ৰা-ছোৱালী, কুকুৰ আদি সকলোৱে অপেক্ষা কৰি থকাটো বিচাৰে, কিন্তু নিজে নকৰে,’ শাহুৱেকে ক’লে। কৈয়েই তেওঁ ঘৰৰ এচুকত থকা পাকঘৰত নেহাৰ কাৰণে চাহ কৰিবলৈ গ’ল।
‘বেজী দিয়াৰ পিছতো বিষাই আছিল,’ তাই পেটৰ কটা অংশত লগোৱা চাৰিকোণীয়া বেণ্ডেজত ধৰি ক’লে।
দুদিন পিছত, নেহা পাকঘৰত সোমাল। তপিনা পাৰি বহি ভাত ৰন্ধাত লাগিল। বেণ্ডেজ তেতিয়াও পেটত লাগিয়েই আছিল। অসুস্থতাৰ ভাৱ এটা তাইৰ মুখত তেতিয়াও লাগি আছিল। চিলাইবোৰ তেতিয়াও শুকোৱা নাছিল। ‘কিন্তু সমস্যাৰ ওৰ পৰিল,’ তাই কয়।
প্ৰচ্ছদ সচিত্ৰকৰণঃ
প্ৰিয়ংকা ব’ৰাৰ
এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস