“মোৰ দেউতা আছিল এগৰাকী শ্ৰমিক, কিন্তু মাছ মৰাটো আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ভাললগা বস্তু। তেওঁ কোনোমতে এক কিলো চাউলৰ জোখাই পইচা যোগাৰ কৰিছিল আৰু তাৰপিছত দিনটোৰ বাবে নোহোৱা হৈছিল! মোৰ আম্মীয়ে বাকী সকলো কৰিবলগীয়া হৈছিল,” বেলডাঙাৰ উত্তৰপাৰা অঞ্চলৰ নিজৰ ঘৰত চাদত বহি থকা কহিনুৰ বেগমে কয়।

“কল্পনা কৰকচোন, সেই এক কিলো চাউলেৰে আম্মীয়ে চাৰিটা ল’ৰা-ছোৱালী, আমাৰ আইতা (পিতৃৰ ফালৰ), মোৰ দেউতা, এগৰাকী পেহীয়েক আৰু নিজে খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল।” তেওঁ অকণমান থমকি কয়, “তাতে আকৌ আব্বুয়ে আহি মাছৰ টোপৰ বাবে ভাত বিচাৰে। সেই মানুহজনক লৈ আমি যে বিবুদ্ধিত পৰিছিলো!”

কহিনুৰ আপা (আপা মানে ভনী)ৰ বয়স ৫৫, তেওঁ মুৰ্চিদাবাদ জিলাৰ জানকি নগৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ কাম কৰে। আজৰি পৰত তেওঁ বিড়ি পকোৱা কাম কৰে আৰু শাৰীৰিকভাবে ক্ষতিকৰ এই কামত জৰিত শাৰীৰিকভাবে ক্ষতিকৰ আন মহিলাৰ অধিকাৰৰ হকে অভিযান চলায়। মুৰ্চিদাবাদত আটাইতকৈ দুখীয়া শ্ৰেণীৰ মহিলাই বিড়ি পকোৱা শাৰীৰিকভাবে ক্ষতিকৰ কাম কৰে। কম বয়সৰে পৰা ধঁপাতৰ স্পৰ্শলৈ অহা বাবে স্বাস্থ্যৰ ভয়ংকৰ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। পঢ়ক: ধোঁৱা চাঙত মহিলা বিড়ি শ্ৰমিকৰ স্বাস্থ্য

২০২১ৰ ডিচেম্বৰৰ এটি পুৱা কহিনুৰ আপাই এই প্ৰতিবেদকক বিড়ি শ্ৰমিকৰ সচেতনতাৰ অভিযানৰ অন্তত লগ পাইছিল। তেওঁক শান্ত হ’বলৈ অলপ সময় লাগিল, তাৰ পিছত তেওঁ তেওঁৰ শৈশৱৰ কথা ক’লে, নিজে লিখা গান এটাও গাই শুনালে, গীতৰ কথা শাৰীৰিকভাবে অতি কষ্টকৰ বিড়ি শ্ৰমিকৰ কাম আৰু সেই কামত শোষণৰ বলি হোৱা মহিলাসকল।

শৈশৱত ঘৰুৱা অৱস্থা বেয়া হোৱা বাবে ঘৰখনত সদায়েই অশান্তি বিৰাজ কৰিছিল বুলি কহিনুৰ আপাই কয়। সৰু ছোৱালীজনীয়ে সেয়া সহ্য কৰিব নোৱাৰিলে। “মোৰ বয়স আছিল নবছৰ,” তেওঁ কয়, “এদিনাখন পুৱা ঘৰৰ এই বিশৃংখল পৰিৱেশৰ মাজতেই মই মাক কয়লা, গৰুৰ গোৱৰ আৰু কাঠেৰে পাকঘৰৰ চৌকা জলাই থকা সময়ত উচুপি থকা দেখিছিলো। সিদিনা চৰুত চাউল নাছিল।”

বাওঁফালে: কহিনুৰ বেগম, মাকৰ সৈতে, যিয়ে তেওঁক সমাজত স্থান লাভৰ বাবে যুঁজিবলৈ শিকাইছিল। সোঁফালে: কহিনুৰে মুৰ্চিদাবাদৰ বেৰহামপুৰত ২০২২ৰ ডিচেম্বৰত এটা মিচিলক নেতৃত্ব দিছে। ফটো সৌজন্য: নাচিমা খাতুন

নবছৰীয়া ছোৱালীজনীৰ মনত এটা বুদ্ধি খেলালে। “মই দৌৰি গৈ ডাঙৰ কয়লা ডিপোত এটাৰ মালিকৰ পত্নীক সুধিলোঁ, ‘খুৰীদেউ, মোক সদায় এক মোনা কয়লা দিবনে?’,” এনেকৈ কোৱা তেওঁ গৌৰৱেৰে মনত পেলালে। “অলপ খাটিৰ কৰাৰ পিছত মহিলাগৰাকী মান্তি হ’ল আৰু মই ৰিক্সা এখনত ২০ পইচা ভাৰা দি ডিপোতটোৰ পৰা কয়লা অনা আৰম্ভ কৰিলোঁ।”

এনেকৈ জীৱন চলি থাকিল আৰু তেওঁ বয়স ১৪ হয় মানে কহিনুৰে উত্তৰপাৰা আৰু তাৰে কাষৰীয়া অঞ্চলত পেলনীয়া কয়লা বিক্ৰী কৰিবলৈ লয়। কোনো কোনো সময়ত তেওঁ আনকি ২০ কিলোগ্ৰাম পৰ্য্যন্ত কয়লা সেই কুমলীয়া কান্ধত বোজাই কৰি নিছিল। “উপাৰ্জন তেনেই কম আছিল যদিও পৰিয়ালটো চলিব পৰাত মই সহায় কৰিব পাৰিছিলো,” তেওঁ কয়।

সহায় কৰিবলৈ পাই তেওঁ সকাহ অনুভৱ কৰিছিল যদিও কহিনুৰে নিজৰ জীৱনটো হেৰুৱাইছিল। “কয়লা বেচি থকা সময়ত মই মোৰ বয়সৰ ছোৱালীবোৰক স্কুললৈ গৈ থকা দেখিছিলো, মহিলাবোৰক কলেজ আৰু অফিছলৈ যোৱা দেখিছিলো। নিজলৈ পুতৌ জন্মিছিল,” তেওঁ কয়। তেওঁৰ মাতটো এইখিনিতে গধুৰ হৈ পৰে যদিও তেওঁ চকুপানী সম্বৰণ কৰি কয়, “ময়ো কান্ধত এনেকৈ বেগ এটা লৈ যাব লাগিছিল...”

সেইখিনি সময়ত সম্পৰ্কীয় ভায়েক এগৰাকীয়ে কহিনুৰক পৌৰনিগমৰ দ্বাৰা সংগঠিত স্থানীয় মহিলাৰ আত্মসহায়ক গোট এটাৰ সৈতে পৰিচয় কৰাই দিয়ে। “মানুহৰ ঘৰে ঘৰে কয়লা বিক্ৰী কৰিবলৈ গৈ মই বহুত মহিলা লগ পাইছিলো। তেওঁলোকৰ কষ্ট মই জানিছিলো। মোক এগৰাকী আহ্বায়ক হিচাপে ৰাখিবলৈ পৌৰনিগমক অনুৰোধ জনাইছিলো।”

সমস্যা হৈছিল তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাটো, কিয়নো সেই কামটোত খাতাত হিচাপ-নিকাচ ৰাখিব লাগিব আৰু সেইফালৰ পৰা তেওঁৰ কামটোত অৰ্হতা নাই।

“সেয়া মোৰ বাবে কোনো সমস্যাৰ কথা নাছিল,” তেওঁ কয়, “মই গন্তি আৰু হিচাপ-নিকাচত অতি পাকৈত। কয়লা বিক্ৰীৰ কামত মই সেয়া শিকিছিলো।” তাই যাতে একো ভুল নহয় সেয়া নিশ্চিত কৰিবলৈ কহিনুৰে একমাত্ৰ অনুৰোধ জনালে যে তেওঁ কৰা হিচাপখিনি ডায়েৰী এখনত সম্পৰ্কীয় ভনীয়েকজনীয়ে টুকি ৰাখিব। “বাকীখিনি মই চম্ভালি ল’ম।”

Kohinoor aapa interacting with beedi workers in her home.
PHOTO • Smita Khator
With beedi workers on the terrace of her home in Uttarpara village
PHOTO • Smita Khator

বাওঁফালে: কহিনুৰ আপাই ঘৰত বিড়ি শ্ৰমিকৰ সৈতে কথা পাতিছে। সোঁফালে: উত্তৰপাৰা গাঁৱৰ তেওঁৰ ঘৰৰ চাদত বিড়ি শ্ৰমিকৰ সৈতে

তেনেকৈয়ে তেওঁ কাম আৰম্ভ কৰিলে। আত্মসহায়ক গোটৰ কামৰ জৰিয়তে কহিনুৰে প্ৰায়ভাগ মহিলাক ভালকৈ জানিবলৈ পালে, তেওঁলোকৰ প্ৰায়ভাগেই বিড়ি পকোৱা শ্ৰমিক আছিল। কেনেকৈ সঞ্চয় কৰিব লাগে, কৰপাচ কেনেকৈ সৃষ্টি কৰে আৰু ধাৰে আনি কেনেকৈ পৰিশোধ কৰিব লাগে – সেই সকলো তেওঁ শিকিলে।

কহিনুৰৰ বাবে টকাৰ বাবে হাহাকৰখন চলিয়ে আছিল, কিন্তু তৃণমূল পৰ্য্যায়ত এনেকৈ কাম কৰাৰ “অমূল্য অভিজ্ঞতা” তেওঁ লাভ কৰিছিল আৰু “ৰাজনৈতিকভাবে মই সচেতন হৈ পৰিছিলো। কিবা ভুল দেখিলে মানুহৰ লগত তৰ্ক আৰম্ভ কৰিছিলো। শ্ৰমিক সংঘৰ কৰ্মকৰ্তাৰ সৈতে মই ওচৰ সম্পৰ্ক গঢ়িছিলো।”

কিন্তু এইবোৰ তেওঁৰ পৰিয়াল আৰু আত্মীয়-কুটুমে বেছি আগবাঢ়িব নিদিলে। “তেওঁলোকে মোক বিয়াত বহুৱালে।” ১৬ বছৰ বয়সত তেওঁক জামালুদ্দিন শ্বেইখলৈ বিয়া দিয়া হ’ল। পৰিয়ালটোৰ তিনিটা সন্তান আছে।

কিন্তু বিয়াই কহিনুৰক তেওঁ ভালপোৱা কামৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিলে। “মই মোৰ চৌপাশৰ সকলোবোৰ কথা লক্ষ্য কৰি গ’লো। মহিলাৰ অধিকাৰৰ কাম কৰা সংগঠনবোৰক মই প্ৰশংসা কৰিছিলো আৰু সেই সংগঠনবোৰৰ সৈতে মোৰ সম্পৰ্ক ভাল হৈ আহিছিল।” জামালুদ্দিনে প্লাষ্টিক আৰু আৱৰ্জনা সংগ্ৰহৰ কাম কৰে। স্কুলৰ কাম, মুৰ্চিদাবাদ জিলা বিড়ি মজদুৰ আৰু পেকাৰ্ছ ইউনিয়নৰ কামত কহিনুৰ ব্যস্ত থাকে, সেই সংগঠনৰ যোগেদি তেওঁ বিড়ি পকোৱা কাম কৰা মহিলাৰ হকে মাত মাতি আহিছে।

“কেৱল দেওবাৰে পুৱা মই কিছু সময় পাওঁ,” বটল এটাৰ পৰা হাতত নাৰিকলৰ তেল অলপ লৈ তেওঁ কয়। তেলখিনি চুলিত লগাই সাৱধানে ফণিয়াই তেওঁ কয়।

কাম শেষ হোৱাৰ পিছত কহিনুৰে মুৰটো দোপাত্তা এখনেৰে ঢাকি লৈ আইনাত নিজকে চালে, “আজি গান এটা গাবৰ মন গৈছে, একটা বিড়ি বাঁধাইয়ের গান শোনাই…(বিড়ি পকোৱাৰ কামক লৈ এটা গান...)।”

ভিডিঅ’টো চাওক: কহিনুৰ আপাই শ্ৰমৰ গান গাইছে

বাংলা

একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

শ্রমিকরা দল গুছিয়ে
শ্রমিকরা দল গুছিয়ে
মিনশির কাছে বিড়ির পাতা আনতে যাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

পাতাটা আনার পরে
পাতাটা আনার পরে
কাটার পর্বে যাই রে যাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

বিড়িটা কাটার পরে
পাতাটা কাটার পরে
বাঁধার পর্বে যাই রে যাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
ওকি ভাই রে ভাই
আমরা বিড়ির গান গাই

বিড়িটা বাঁধার পরে
বিড়িটা বাঁধার পরে
গাড্ডির পর্বে যাই রে যাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

গাড্ডিটা করার পরে
গাড্ডিটা করার পরে
ঝুড়ি সাজাই রে সাজাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

ঝুড়িটা সাজার পরে
ঝুড়িটা সাজার পরে
মিনশির কাছে দিতে যাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

মিনশির কাছে লিয়ে যেয়ে
মিনশির কাছে লিয়ে যেয়ে
গুনতি লাগাই রে লাগাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

বিড়িটা গোনার পরে
বিড়িটা গোনার পরে
ডাইরি সারাই রে সারাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই
একি ভাই রে ভাই
আমরা বিড়ির গান গাই

ডাইরিটা সারার পরে
ডাইরিটা সারার পরে
দুশো চুয়ান্ন টাকা মজুরি চাই
একি ভাই রে ভাই
দুশো চুয়ান্ন টাকা চাই
একি ভাই রে ভাই
দুশো চুয়ান্ন টাকা চাই
একি মিনশি ভাই
দুশো চুয়ান্ন টাকা চাই।

অসমীয়া

শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ

শ্ৰমিকবোৰ গোট খোৱা
শ্ৰমিকবোৰ গোট খোৱা
মুনচিৰ ওচৰলৈ বিড়িৰ পাত আনিবলৈ যাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

পাত অনাৰ পিছত
পাত অনাৰ পিছত
কাটাৰ পৰ্ব আৰম্ভ হয়
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

বিড়িৰ পাত কটাৰ পিছত
বিড়িৰ পাত কটাৰ পিছত
পকোৱাৰ পৰ্ব আৰম্ভ হয়
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

বিড়ি পকোৱাৰ পিছত
বিড়ি পকোৱাৰ পিছত
বাণ্ডিল বনোৱা কাম আৰম্ভ কৰোঁ।
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

বাণ্ডিল বনোৱাৰ পিছত
বাণ্ডিল বনোৱাৰ পিছত
আমি আমাৰ বাস্কেটবোৰ পেক কৰোঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

বাস্কেটবোৰ পেক কৰাৰ পিছত
সেইবোৰ আমি থূপ কৰোঁ
আৰু মুনচিৰ ওচৰলৈ লৈ যাওঁ।
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

মুনচিৰ ওচৰলৈ গৈ
মুনচিৰ ওচৰলৈ গৈ
আমি শেষ গন্তি কৰোঁ।
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

বিড়ি গন্তি কৰাৰ পিছত
বিড়ি গন্তি কৰাৰ পিছত
ডায়েৰী উলিয়াই আমি লিখো,
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

ডায়েৰীটোত লিখাৰ পিছত
ডায়েৰীটোত লিখাৰ পিছত
দুশ চৌৱন্ন টকাৰ মজুৰি পাওঁ।
শুনা অ’ ভাই শুনা
দুশ চৌৱন্ন টকাৰ মজুৰি পাওঁ।
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ
শুনা অ’ ভাই শুনা
আমি বিড়িৰ গান গাওঁ।

গীতৰ শলাগ:

বাংলা গীত : কহিনুৰ বেগম

অনুবাদ: পংকজ দাস

Smita Khator

اسمِتا کھٹور، پیپلز آرکائیو آف رورل انڈیا (پاری) کے لیے ’ٹرانسلیشنز ایڈیٹر‘ کے طور پر کام کرتی ہیں۔ وہ مترجم (بنگالی) بھی ہیں، اور زبان اور آرکائیو کی دنیا میں طویل عرصے سے سرگرم ہیں۔ وہ بنیادی طور پر مغربی بنگال کے مرشد آباد ضلع سے تعلق رکھتی ہیں اور فی الحال کولکاتا میں رہتی ہیں، اور خواتین اور محنت و مزدوری سے متعلق امور پر لکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز اسمیتا کھٹور
Editor : Vishaka George

وشاکھا جارج، پاری کی سینئر ایڈیٹر ہیں۔ وہ معاش اور ماحولیات سے متعلق امور پر رپورٹنگ کرتی ہیں۔ وشاکھا، پاری کے سوشل میڈیا سے جڑے کاموں کی سربراہ ہیں اور پاری ایجوکیشن ٹیم کی بھی رکن ہیں، جو دیہی علاقوں کے مسائل کو کلاس روم اور نصاب کا حصہ بنانے کے لیے اسکولوں اور کالجوں کے ساتھ مل کر کام کرتی ہے۔

کے ذریعہ دیگر اسٹوریز وشاکا جارج
Video Editor : Shreya Katyayini

شریا کاتیاینی ایک فلم ساز اور پیپلز آرکائیو آف رورل انڈیا کی سینئر ویڈیو ایڈیٹر ہیں۔ وہ پاری کے لیے تصویری خاکہ بھی بناتی ہیں۔

کے ذریعہ دیگر اسٹوریز شریہ کتیاینی
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das