তাৰাবন্তি কৌৰ চিন্তাক্লিষ্ট। তেওঁ কয়, "এতিয়া আমি যি অকণ কাম পাওঁ, এই কৃষি আইনকেইখন গৃহীত হোৱাৰ পিছত সেইখিনিও নাথাকিব।"

সেয়েহে তেওঁ পাঞ্জাৱৰ কিল্লিৱানৱালি গাঁৱৰ পৰা পশ্চিম দিল্লীৰ টিক্ৰি প্ৰতিবাদস্থলীলৈ আহিছে। ৰাজ্যখনৰ ভাতিন্দা, ফৰিদকোট, জলন্ধৰ, মোগা, মুক্তচৰ, পাটিয়ালা আৰু চাংৰু, এই সাতখন জিলাৰ পৰা ৭ জানুৱাৰীৰ নিশা ইয়াত উপস্থিত হোৱা ১৫০০ জনীয়া খেতিয়কৰ দলটোৰ প্ৰায় ৩০০ গৰাকীমান মহিলা। তাৰে মাজৰে তাৰাবন্তিও এজন। তেওঁলোক সকলো পাঞ্জাৱ খেত মজদুৰ ইউনিয়নৰ সদস্য। এই ইউনিয়নটোৱে জীৱিকা, দলিতসকলৰ ভূমিৰ অধিকাৰ আৰু জাতিগত বৈষম্যৰ সমস্যাবোৰৰ ওপৰত কাম কৰে।

দেশৰ ১৪ কোটি ৪৩ লাখ কৃষি শ্ৰমিকৰ কমেও ৪২ শতাংশই মহিলা আৰু তাৰাবন্তি কৌৰ সমগ্ৰ ভাৰতৰ লাখ লাখ মহিলা কৃষকৰে মাজৰে এগৰাকী, কৃষিয়ে যাৰ জীৱিকাৰ আধাৰ।

৭০ বছৰীয়া তাৰাবন্তিয়ে মুক্তচৰ জিলাৰ মালৌত তহচিলৰ তেওঁৰ নিজ গাঁৱত ঘেঁহু, ধান আৰু কপাহৰ খেতিপথাৰত হাজিৰা কাম কৰি দিনে ২৫০-৩০০ টকা উপাৰ্জন কৰে। "কিন্তু তাত আগৰ দৰে কাম পোৱা নাযায়। সেউজ বিপ্লৱৰ পিছৰে পৰা শ্ৰমিকসকলৰ অৱস্থা বেয়াৰ দিশে ঢাল খাইছে,” পাঞ্জাৱত খেতিপথাৰত মেচিনৰ ব্যাপক ব্যৱহাৰ আৰম্ভ হোৱা ১৯৬০ৰ দশকৰ প্ৰসংগ টানি তেওঁ কয়।

Hardeep Kaur (left), 42, is a Dalit labourer from Bhuttiwala village of Gidderbaha tehsil in Punjab’s Muktsar district. She reached the Tikri border on January 7 with other union members. “I started labouring in the fields when I was a child. Then the machines came and now I barely get work on farms," she says "I have a job card [for MGNREGA], but get that work only for 10-15 days, and our payments are delayed for months." Shanti Devi (sitting, right) a 50-year-old Dalit agricultural labourer from Lakhewali village of Muktsar district, says, “We can eat only when we have work. Where will go once these farm laws are implemented? Right: Shanti Devi’s hands
PHOTO • Sanskriti Talwar
Hardeep Kaur (left), 42, is a Dalit labourer from Bhuttiwala village of Gidderbaha tehsil in Punjab’s Muktsar district. She reached the Tikri border on January 7 with other union members. “I started labouring in the fields when I was a child. Then the machines came and now I barely get work on farms," she says "I have a job card [for MGNREGA], but get that work only for 10-15 days, and our payments are delayed for months." Shanti Devi (sitting, right) a 50-year-old Dalit agricultural labourer from Lakhewali village of Muktsar district, says, “We can eat only when we have work. Where will go once these farm laws are implemented? Right: Shanti Devi’s hands
PHOTO • Sanskriti Talwar

হৰদীপ কৌৰ (বাওঁফালে) (৪২) পাঞ্জাৱৰ মুক্তচৰ জিলাৰ গিদ্দাৰবাহা তহচিলৰ ভুট্টিৱালা গাঁৱৰ এজন দলিত শ্ৰমিক। তেওঁ ইউনিয়নৰ আন আন সদস্যসকলৰ সৈতে ৭ জানুৱাৰীৰ দিনা টিক্ৰি সীমান্তত উপস্থিত হৈছিল। "মই শৈশৱৰ পৰাই পথাৰত কাম কৰিবলৈ লৈছিলো। তেতিয়াই মেচিনবোৰ আহিছিল আৰু এতিয়া মই খুৱ কমেইহে খেতিপথাৰত কাম পাওঁ," তেওঁ কয়। "মোৰ হাতত এখন জবকাৰ্ড আছে (এমজিএনৰেগাৰ), কিন্তু সেই কামটো কেৱল ১০-১৫ দিনৰ বাবেহে পাওঁ, আকৌ কেইবামাহ ধৰি কামৰ পইছা পোৱা নাই," মুক্তচৰ জিলাৰ লাখেৱালী গাঁৱৰ এজন ৫০ বছৰীয়া দলিত কৃষি শ্ৰমিক শান্তি দেৱীয়ে (সোঁফালে বহি থকা গৰাকী) কয়, "আমি কাম থাকিলেহে খাব পাও। এই কৃষি আইনকেইখন কাৰ্যকৰী হোৱাৰ পিছত ক'লৈ যাম? সোঁফালেঃ শান্তি দেৱীৰ হাতদুখন

"মোৰ বয়স হৈছে ঠিকেই, কিন্তু মই দুৰ্বল নহয়। কাম পালে এতিয়াও হাড়ভঙা শ্ৰম কৰিব পাৰো," তেওঁ কয়। "কিন্তু মেচিনে এতিয়া আমাৰ ঠাই দখল কৰিছে। খেতিপথাৰত হাজিৰাৰ কাম (বেছিকৈ) নোপোৱা হ’লো। আমাৰ ল’ৰা-ছোৱালীহঁত লঘোণে থাকে। দিনত মাত্ৰ এবাৰহে আমি পেট পুৰাই খাও। চৰকাৰে আমাৰ হাতৰ পৰা কামবোৰ কাঢ়ি নি আমাৰ জীৱনবোৰ জীয়া নৰকসৃদশ কৰি তুলিছে।"

খেতিপথাৰৰ কাম নাইকিয়া হৈ অহাত শ্ৰমিকবোৰে এমজিএনৰেগাৰ কামলৈ ঢাপলি মেলিছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰাম্য ভাৰতৰ প্ৰতিটো পৰিয়ালক বছৰত ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়ে – পাঞ্জাৱত দিনে ২৫৮ টকা। "কিন্তু কিমান দিনৰ বাবে?" তেওঁ সোধে। "আমি স্থায়ী কামৰ বাবে দাবী জনাই আহিছোঁ। আমি দৈনিক কামৰ দাবী উত্থাপন কৰিছো।"

তাৰাবন্তি দলিত সম্প্ৰদায়ৰ মহিলা। "আমাৰ বাবে সময়বোৰ তেনেই কঠিন। তাতে আমি দুখীয়া," তেওঁ কয়। "তেওঁলোকে [উচ্চ বৰ্ণৰ] আমাক সমান বুলি গণ্য নকৰে। আমাক আনে মানুহ বুলি নাভাৱে, কীট-পতংগ বুলি ভাবে।"

কিন্তু প্ৰতিবাদৰ এই দিনবোৰত জাতি-ধৰ্ম-বৰ্ণ আৰু লিংগ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰাত প্ৰতিবাদী কণ্ঠ শক্তিশালী হৈ আহিছে, তেওঁ কয়। "এইবাৰ আমি সকলোৱে এই প্ৰতিবাদত একগোট হৈছো। আমি এতিয়া সঠিক বাটে অগ্ৰসৰ হৈছো। এই কৃষি আইনসমূহ বাতিল নোহোৱালৈকে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম। সমস্বৰে ন্যায় দাবী কৰাৰ এয়ে সময়।"

Pamanjeet Kaur, 40, a Dalit labourer from Singhewala village in Malout tehsil of Muktsar district, Punjab, was among the 300 women members of Punjab Khet Mazdoor Union who reached on the outskirts of the national capital on January 7. They all returned to Punjab on January 10. Right: Paramjeet's hands
PHOTO • Sanskriti Talwar
Pamanjeet Kaur, 40, a Dalit labourer from Singhewala village in Malout tehsil of Muktsar district, Punjab, was among the 300 women members of Punjab Khet Mazdoor Union who reached on the outskirts of the national capital on January 7. They all returned to Punjab on January 10. Right: Paramjeet's hands
PHOTO • Sanskriti Talwar

পাঞ্জাৱৰ মুক্তচৰ জিলাৰ মালৌত তহচিলত থকা সিংঘেৱালা গাঁৱৰ দলিত শ্ৰমিক পমনজিৎ কৌৰো ৭ জানুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানীৰ উপকণ্ঠ অঞ্চলত উপস্থিত হোৱা পাঞ্জাৱৰ খেত মজদুৰ ইউনিয়নৰ ৩০০ গৰাকী মহিলা সদস্যৰ মাজৰে এগৰাকী। তেওঁলোক সকলোৱে ১০ জানুৱাৰীত পাঞ্জাৱলৈ উভতি আহিছিল। সোঁফালেঃ পৰমজিতৰ হাত

এই আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে জাৰী কৰা হৈছিল ২০২০ চনৰ ৫ জুনত, তাৰ পাছত ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰা হয়। আইন তিনিখন আইন হৈছে কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ ; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।

কৃষকসকলে ভাবিছে যে এই আইনকেইখন তেওঁলোকৰ জীৱিকা ধ্বংস কৰিব কাৰণ আইনকেইখনে কৃষক আৰু কৃষিৰ ওপৰত বৃহৎ কৰ্প’ৰেট গোষ্ঠীক অধিক ক্ষমতা প্ৰদান কৰিব। ইয়াৰ উপৰিও এইসমূহে ন্যূনতম সমৰ্থন মূল্য (এমএচপি), কৃষিজাত উৎপাদন বিপণন সমিতি (এপিএমচি সমূহ), চৰকাৰীভাৱে শস্য সংগ্ৰহ, যোগান আৰু অন্যান্যকে ধৰি কৃষকৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ প্ৰধান নীতিসমূহক উলংঘা কৰিব।

"চৰকাৰে এই আইনকেইখন সংশোধন কৰিব বুলি কয়,” তাৰাবন্তিয়ে কয়। “তেওঁলোকে আমাক কৈ অহাৰ দৰে যদি আইনবোৰত কোনো আঁসোৱাহ নাছিল, তেনেহ’লে তেওঁলোকে এতিয়া সংশোধনৰ বিষয়ে কথা পতাৰ প্ৰয়োজন ক’ত? তাৰ অৰ্থ এয়ে যে তেওঁলোকে গৃহীত কৰা আইনকেইখন কেতিয়াও ভাল নাছিল।"

অনুবাদ: ৰিমঝিম বৰঠাকুৰ

Sanskriti Talwar

سنسکرتی تلوار، نئی دہلی میں مقیم ایک آزاد صحافی ہیں اور سال ۲۰۲۳ کی پاری ایم ایم ایف فیلو ہیں۔

کے ذریعہ دیگر اسٹوریز Sanskriti Talwar
Translator : Rimjhim Borthakur

Rimjhim Borthakur is a freelance writer, blogger and translator. She can be reached at [email protected]

کے ذریعہ دیگر اسٹوریز Rimjhim Borthakur