দীপাই হস্পিতাল এৰাৰ পিছত জনা নাছিল যে তাইৰ দেহত কপাৰ-টি স্থাপন কৰা হৈছে।

তাই দ্বিতীয়টো সন্তান প্ৰসৱ কৰিছিল, সেইটোও ল’ৰাসন্তান আছিল। সেয়ে তাই বন্ধ্যাকৰণ কৰাব বিচাৰিছিল। কিন্তু প্ৰসৱ চি-চেক্সন চাৰ্জাৰীৰে কৰোৱা হোৱা নাছিল আৰু দীপাই কয়, ''ডাক্তৰে মোক কৈছিল যে দুয়োটা অস্ত্ৰোপচাৰ (চিজাৰিয়ান আৰু টিউবেল লিগেচন) একেটা সময়তে কৰাব পৰা নাযায়।’’

লিগেচনৰ সলনি ডাক্তৰে কপাৰ-টিৰ কথা কৈছিল। দীপা আৰু তাইৰ গিৰীয়েক নবীনে (তেওঁলোকৰ প্ৰকৃত নাম নহয়) ভাবিছিল যে তেওঁলোকৰ হাতত সেয়াই একমাত্ৰ উপায়।

২০১৮ৰ মে’ত সন্তান জন্ম দিয়াৰ চাৰিদিনমান পিছত দীপাক দিল্লী চৰকাৰ পৰিচালিত দীন দয়াল উপাধ্যায় হস্পিতালৰ পৰা ডিচাৰ্জ দিয়া হৈছিল। ''ডাক্তৰে যে কপাৰ-টি লগাই দিছে, আমি জনা নাছিলো,’’ নবীনে কয়।

এসপ্তাহমান পিছত তেওঁলোকৰ এলেকাৰ আশাকৰ্মীয়ে ডিচাৰ্জ ৰিপ’ৰ্টটো পঢ়ি চালে, দম্পত্তিহালে সেইখন পঢ়া নাছিল, তাৰ পিছতহে কথাটো তেওঁলোকেও জানিব পাৰিলে।

কপাৰ-টি হৈছে গৰ্ভনিৰোধ কৰাৰ উদ্দেশ্যে জৰায়ুৰ ভিতৰত স্থাপন কৰা এবিধ গৰ্ভনিৰোধক আহিলা (চমুকৈ আইইউডি)। ''সেই আহিলাবিধ দেহত খাপ খাবলৈ তিনিমাহ পৰ্যন্ত সময় লাগিব পাৰে, কেতিয়াবা আকৌ অসুবিধাৰো সৃষ্টি কৰিব পাৰে। সেই কাৰণতে আমি ৰোগীক নিয়মীয়াকৈ স্বাস্থ্যপৰীক্ষাৰ বাবে হস্পিতাললৈ অহাৰ পৰামৰ্শ দিওঁ (ছমাহ পৰ্যন্ত),’’ দীপাৰ চুবুৰীটোত ২০১৩ৰে পৰা কাম কৰি থকা আশাকৰ্মী (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) সুশীলা দেৱীয়ে কয়।

কিন্তু প্ৰথম তিনিমাহত দীপাই একো অসুবিধা পোৱা নাছিল। তাতে আকৌ ডাঙৰটো ল’ৰাৰ অসুখৰ কাৰণে হস্পিতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে যাবলৈ সময়ো পোৱা নাছিল। তাই কপাৰ-টি ব্যৱহাৰ কৰি যোৱাটোকে সাধাৰণভাৱেই মানি লৈছিল।

Deepa at her house in West Delhi: preoccupied with her son’s illness, she simply decided to continue using the T
PHOTO • Sanskriti Talwar

পশ্চিম দিল্লীৰ নিজ ঘৰত দীপা: ডাঙৰটো ল ৰাৰ অসুখৰ কাৰণে হস্পিতাললৈ যাব নোৱাৰি তাই সাধাৰণভাৱেই কপাৰ - টি ব্যৱহাৰ কৰি যোৱাটোৱেই মানি লৈছিল

কিন্তু দুবছৰ পিছত, ২০২০ৰ মে’ত দীপাৰ মাহেকীয়াৰ সময়ত সমস্যা দেখা দিলে, তীব্ৰ বিষত তাই থাকিব নোৱাৰা হ’ল।

বহুদিনলৈ বিষ নকমাত তাই দুই কিলোমিটৰমান দূৰত দিল্লীৰ বাক্কাৰৱালা এলেকাৰ আম আদমি ম’হল্লা ক্লিনিক (এএএমচি)লৈ খোজ কাঢ়ি গ’ল। ''ডাক্তৰে তাইক বিষ উপশমৰ কাৰণে কিছুমান দৰৱ লিখি দিলে,’’ দীপাই কয়। দীপাই এমাহমান সেইজন ডাক্তৰক দেখালে। ''বিষ নিৰাময় নোহোৱাত তেওঁ মোক বাক্কাৰৱালাৰ আন এখন এএএমচিৰ এগৰাকী মহিলা ডাক্তৰক সাক্ষাৎ কৰাৰ বাবে লিখি দিলে,’’ তাই কয়।

প্ৰথমতে দেখুওৱা বাক্কাৰৱালা এএএমচিৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়াজনৰ সৈতে কথা পাতোতে তেওঁ দীপাৰ কেচটো মনত পেলাব নোৱাৰিলে, তেওঁ দিনে ২০০ৰো অধিক ৰোগী চায়। ''তেনে কোনো কেচ পালে আমি সেইমতে চিকিৎসা কৰোঁ,’’ তেওঁ মোক কয়। ''মাহেকীয়া সংক্ৰান্ত কিবা সমস্যা (অনিয়মীয়া মাহেকীয়া) হ’লে আমি সেয়া নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁ। নহ’লে আমি আলট্ৰাচাউণ্ড কৰাৰ লগতে আন কোনো চৰকাৰী হস্পিতাললৈ যোৱাৰ পৰামৰ্শ দিও।’’ দীপাৰ বাবেও ডাক্তৰে আলট্ৰাচাউণ্ড কৰাৰ পৰামৰ্শ দিছিল।

''তেওঁ ইয়ালৈ আহোতে আমাক কেৱল মাহেকীয়াৰ সমস্যা থকা বুলি কৈছিল। সেই অনুসাৰে আমি তেওঁক প্ৰথম সাক্ষাতত আইৰন আৰু কেলচিয়ামৰ টেবলেট দিছিলো,’’ বাক্কাৰৱালাৰ আনখন সৰু এএএমচিৰ ডাক্তৰ অম্ৰুতা নাদাৰে কয়। ''তেওঁ কপাৰ-টিৰ কথা উল্লেখ কৰা নাছিল। কৰাহেঁতেন আমি আলট্ৰাচাউণ্ড কৰি আহিলাবিধ ক’ত আছে সেয়া বিচাৰি উলিওৱাৰ চেষ্টা কৰিলোহেঁতেন। তেওঁ আগৰ আলট্ৰাচাউণ্ডৰ ৰিপ’ৰ্টটো আমাক দেখুৱাইছিল, তাত সকলো স্বাভাৱিক থকা দেখিছিলো।’’ যদিওবা দীপাই কোৱামতে তেওঁ ডাক্তৰক কপাৰ-টিৰ কথা অৱগত কৰিছিল।

২০২০ৰ মে’ৰ মাহেকীয়াৰ সময়ত প্রথমবাৰ তীব্ৰ বিষে যি উক দিলে, সেয়া নকমিল। ''সেই ঋতুচক্ৰ পাঁচদিনত শেষ হ’ল, সেয়া মোৰ বাবে স্বাভাৱিকেই আছিল,’’ তেওঁ কয়। ''কিন্তু পিছৰ মাহবোৰত মোৰ অস্বাভাৱিক ধৰণে ৰক্তক্ষৰণ হ’বলৈ ধৰিলে। জুন মাহত মোৰ ১০ দিনলৈ ৰক্তক্ষৰণ কমা নাছিল। তাৰ পৰৱৰ্তী মাহত সেয়া ১৫ দিন থাকিল। ১২ আগষ্টৰ বাৰ এমাহলৈ ৰক্তক্ষৰণ হৈ থাকিল।’’

পশ্চিম দিল্লীৰ নাংলই-নাজাফগঢ়ৰ পকী কৰা দুটা কোঠাৰ ঘৰটোৰ কাঠৰ বিচনাখনত বহি থকা দীপাই কয়, ''সেই দিনবোৰত মই লৰিবকে পৰা নাছিল, ইমান দুৰ্বল লাগিছিল। খোজ কঢ়াটো দুৰৰে কথা। মুৰ ঘূৰাই থাকিছিল, অনবৰতে বিচনাত পৰি থাকিছিলো। একো কাম কৰিবপৰা নাছিলো। কেতিয়াবা তলপেটত তীব্ৰ বিষে খোচ মাৰি ধৰিছিল। ৰক্তক্ষৰণ হৈ কাপোৰবোৰ তিতি যোৱা কাৰণে মই প্ৰায়ে দিনত চাৰিবাৰকৈ কাপোৰ সলাবলগীয়া হৈছিল। বিচনা চাদৰবোৰো লেতেৰা হৈ গৈছিল।’’

Deepa and Naveen with her prescription receipts and reports: 'In five months I have visited over seven hospitals and dispensaries'
PHOTO • Sanskriti Talwar

প্ৰেছক্ৰিপশ্যন ৰিচিপ্ট আৰু ৰিপ ৰ্টবোৰৰ লগত দীপা আৰু নবীন: ' পাঁচ মাহত মই সাতখনৰো অধিক হস্পিতাল আৰু ঔষধালয় সাক্ষাৎ কৰিছো

২০২০ৰ জুলাই আৰু আগষ্টত দীপাই ক্ষুদ্ৰ বাক্কাৰৱালা ক্লিনিকলৈ দুবাৰ গৈছিল। দুয়োবাৰেই ডাক্তৰে টেবলেট লিখি দিছিল। ''মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া হোৱা ৰোগীক আমি ঔষধ দিয়াৰ পিছত এমাহৰ বাবে ঋতুচক্ৰ নিয়মীয়া হৈছে নে নাই চাবলৈ কওঁ। ক্লিনিকত আমি প্ৰাথমিক পৰ্যায়ৰ চিকিৎসাখিনিহে দিব পাৰো। তাতোকৈ ভালকৈ চাবলৈ হ’লে তেওঁ চৰকাৰী হস্পিতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞক দেখুওৱাৰ পৰামৰ্শ দিছিলো,’’ ডাক্তৰ অম্ৰুতাই মোক কয়।

দীপাই সেয়ে ২০২০ৰ আগষ্টৰ মাজভাগত বাছ ধৰি নিকটৱৰ্তী ৰঘুবীৰ নগৰস্থিত গুৰু গোবিন্দ সিং হস্পিতাললৈ (তেওঁৰ ঘৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত) গ’ল। ডাক্তৰে তেতিয়া ৰজঃস্ৰাৱাধিক্য মানে 'মেনৰিয়া’ হোৱা বুলি লিখিলে- মেন’ৰিয়া মানে মাহেকীয়াৰ সময়ত অস্বাভাৱিকভাৱে মাত্ৰাধিক বা দীঘলীয়া সময়ৰ বাবে স্ৰাৱ হোৱা।

''এই হস্পিতালখনলৈ মই দুবাৰ আহিছো,’’ দীপাই কয়। ''প্ৰতিবাৰে তেওঁলোকে মোক দুসপ্তাহৰ দৰৱ দি পঠিয়ায়। কিন্তু বিষ নকমিল।’’

এতিয়া ২৪ বছৰ বয়স হোৱা দীপাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। কামৰ সন্ধানত তেওঁৰ মাক-দেউতাকে ৰাজধানী চহৰৰ পৰা বিহাৰৰ মুজফ্ফৰনগৰলৈ প্ৰব্ৰজন কৰাৰ সময়ত তেওঁ তিনিমহীয়া আছিল। তেওঁৰ দেউতাকে আগতে ছপাশাল এটাত কাম কৰিছিল, এতিয়া সৰু ষ্টেশ্যনেৰি দোকান এখন চলায়। তেওঁৰ গিৰীয়েক নবীন (২৯)য়ে ২য় মানলৈ পঢ়িছে, তেওঁৰ ঘৰ ৰাজস্থানৰ দৌসা জিলাত। ২০২০ৰ মাৰ্চৰ লকডাউনৰ আগলৈকে তেওঁ দিল্লীৰ স্কুলবাছ এখনৰ সহায়ক হিচাপে কাম কৰি আছিল।

দম্পত্তিহালৰ বিয়া হৈছিল ২০১৫ৰ অক্টোবৰত। তাৰ পিছতে সোনকালেই দীপা গৰ্ভধাৰণ কৰিলে, প্রথমটো ল’ৰা পালে। পৰিয়ালটোৰ আৰ্থিক অৱস্থাটো চাই তেওঁ এটামাত্ৰ সন্তানেই বিচাৰিছিল। কিন্তু কেঁচুৱাটোৰ দুমাহমানৰ পৰাই বেমাৰ নুগুচা হ’ল।

''ল’ৰাটোৰ (নেৰানেপেৰা) দুবাৰকৈ নিউ’মনিয়া হ’ল। কেতিয়াবা আমি চিকিৎসাৰ নামত হাজাৰ হাজাৰ টকা দিছো, ডাক্তৰে যি বিচাৰে তাকেই দিছো,’’ তেওঁ কয়। ''ল’ৰাটোৰ অৱস্থাটো চাই সি বাচি থকাটো টান হ’ব বুলি এবাৰ ডাক্তৰে আমাক কৈছিল। সেই কথা শুনি ঘৰৰ মানুহে দ্বিতীয়টো সন্তানৰ বাবে জোৰ কৰিবলৈ ধৰিলে।’’

The couple's room in their joint family home: 'I felt too weak to move during those days. It was a struggle to even walk. I was dizzy, I’d just keep lying down'
PHOTO • Sanskriti Talwar
The couple's room in their joint family home: 'I felt too weak to move during those days. It was a struggle to even walk. I was dizzy, I’d just keep lying down'
PHOTO • Sanskriti Talwar

যৌথ পৰিয়ালত থকা দম্পত্তিহালৰ কোঠাটো: ' সেই দিনকেইটাত মই লৰ - চৰো কৰিব নোৱাৰাকৈ দুৰ্বল হৈ পৰিছিলো খোজ কঢ়াটোও কঠিন কাম হৈ পৰিছিল মুৰ ঘূৰাই থাকিছিল অনবৰতে বিচনাতে পৰি থাকিছিলো

তেওঁৰ বিয়াৰ আগতে কেইমাহমানৰ কাৰণে দীপাই ব্যক্তিগত বিদ্যালয় এখনত শিক্ষকতা কৰি মাহে ৫,০০০ টকা পাইছিল। ডাঙৰটো ল’ৰাৰ বেমাৰৰ কাৰণে শিক্ষকতাৰ পৰিকল্পনা আধাতে থমিক ৰ’ল।

এতিয়া ল’ৰাটোৰ বয়স পাঁচ বছৰ, কেন্দ্ৰীয় দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিতাল (আৰএমএল)ত চিকিৎসাধীন হৈ আছে। তালৈকে বাছেৰে প্ৰতি তিনিমাহৰ মুৰে মুৰে তেওঁক স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যায়। কেতিয়াবা ভায়েকে মটৰ চাইকেলেৰেও দুয়োজনকে অনা-নিয়া কৰে।

২০২০ৰ ৩ ছেপ্টেম্বৰত এবাৰ তেনেকৈ দেখা কৰিবলৈ যাওঁতে তেওঁ নিজেও স্ত্ৰীৰোগ বিশেষজ্ঞক দেখুওৱাৰ সিদ্ধান্ত ল’লে, আগতে বিভিন্ন হস্পিতাল আৰু ক্লিনিকে যি সমস্যা সমাধান কৰিব নোৱাৰিলে, তাৰ কিজানি সমাধান ওলায়।

“কি হৈছে ধৰা পেলাবলৈ আলট্ৰাচাউণ্ড কৰোৱা হ’ল (সঘনাই হোৱা বিষৰ কাৰণ উলিয়াবলৈ), কিন্তু একো ধৰা নপৰিল,” দীপাই কয়। “ডাক্তৰে কপাৰ-টি ক’ত আছে বিচাৰি উলিওৱাৰ চেষ্টাও কৰিলে যদিও বিচাৰি নাপালে। তাৰপিছত তেঁৱো কিছুমান দৰৱ লিখি দিলে আৰু মোক ২-৩ মাহৰ পিছত সাক্ষাৎ কৰিবলৈ ক’লে।”

অস্বাভাৱিক ৰক্তক্ষৰণৰ কাৰণনো কি সেয়া ধৰিব নোৱাৰি দীপাই ৪ ছেপ্টেম্বৰৰ দিনা আকৌ আন এজন ডাক্তৰক দেখুৱালে, এইবাৰ তেওঁলোকৰ অঞ্চলৰে সৰু ব্যক্তিগত ক্লিনিক এখনত। এনেদৰে অতিশয় ৰক্তক্ষৰণৰ পিছতো মই কেনেকৈ বাচি আছো ডাক্তৰে মোক সুধিলে। সেইজন ডাক্তৰেও কপাৰ-টি আহিলাবিধ বিচাৰি উলিওৱাৰ চেষ্টা কৰিলে, কিন্তু নাপালে,” দীপাই কয়। সেই পৰীক্ষাৰ কাৰণে তেওঁ ২৫০ টকা দিছিল। একেটা দিনতে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ মানি তেওঁ ব্যক্তিগত লেব এটাত ৩০০ টকা দি শ্ৰোণিৰ এক্সৰে কৰালে।

ৰিপ’ৰ্টটোত আহিলঃ 'হেমিপেলভিছ অংশৰ চিটুত কপাৰ-টি দেখা গৈছে'

Deepa showing a pelvic region X-ray report to ASHA worker Sushila Devi, which, after months, finally located the copper-T
PHOTO • Sanskriti Talwar
Deepa showing a pelvic region X-ray report to ASHA worker Sushila Devi, which, after months, finally located the copper-T
PHOTO • Sanskriti Talwar

দীপাই পেলভিক অঞ্চলৰ এক্সৰেৰ ৰিপ ৰ্টটো আশাকৰ্মী সুশীলা দেৱীক দেখুৱাইছে , ইমানদিনে আছে বিচাৰি নোপোৱা কপাৰ - টিডাল উল্লেখ সেই ৰিপ ৰ্ট টোত আছিল

প্ৰসৱ বা চি-চেক্সন কৰাৰ পিছতে কপাৰ-টি স্থাপন কৰিলে সেয়া বেঁকা হৈ যোৱাৰ সম্ভাৱনা অতি বেছি,’’ পশ্চিম দিল্লীৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. জোৎস্না গুপ্তাই কয়। ''এইখিনি সময়ত গৰ্ভাশয় ডাঙৰ হৈ থাকে আৰু স্বাভাৱিক অৱস্থালৈ আহোতে সময় লাগে। এনে সময়ত কপাৰ-টিডালৰ স্থান সলনি হৈ যাব পাৰে, কাতি হৈ যাব পাৰে। মাহেকীয়াৰ সময়ত অতিবেছি বিষ হ’লেও সেয়া স্থানচ্যুত বা হালি যাব পাৰে।

এনে অভিযোগ আহিয়ে থাকে, আশাকৰ্মী সুশীলা দেৱীয়ে কয়। ''বহু মহিলাই কপাৰ-টিক লৈ অভিযোগ কৰা শুনিছো,’’ তেওঁ কয়। ''বহুবাৰ সিহঁতে আমাক কয় যে কপাৰ-টিডাল উজাই আহি তেওঁলোকৰ 'পেট পাইছে’ আৰু সেয়া তেওঁলোকে সেয়া উলিয়াই পেলাব খোজে।’’

কেৱল ১.৫ শতাংশ মহিলাই আইইউডি আহিলা গৰ্ভনিৰোধক হিচাপে ব্যৱহাৰ কৰাটো পছন্দ কৰে, এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬)ৰ তথ্য। ১৫-৪৯ বছৰ বয়সৰ ৩৬ শতাংশ মহিলাই বন্ধ্যাকৰণৰ বাবে আগবাঢ়ে।

''কপাৰ-টিয়ে সকলো মহিলাকে নামানে, সমস্যাই দেখা দিব পাৰে বুলি মই শুনি আহিছিলো,’’ দীপাই কয়। ''কিন্তু মই দুবছৰ ধৰি কোনো সমস্যা পোৱা নাছিলো।’’

তীব্ৰ বিষ আৰু অতিশয় ৰক্তপাতৰ মাজতে যোৱা বছৰ ছেপ্টেম্বৰত দীপাই উত্তৰ পশ্চিম দিল্লীৰ পিতম পুৰাস্থিত চৰকাৰচালিত ভগৱান মহাবীৰ হস্পিতালত দেখুওৱাৰ সিদ্ধান্ত ল’লে। হস্পিতালৰ সুৰক্ষা বিভাগত কাম কৰা এগৰাকী সম্পৰ্কীয়ই ক’লে যে তাতে এজন ডাক্তৰক দেখা কৰাটো ভাল হ’ব, কিন্তু তাৰে আগেয়ে ক’ভিড পৰীক্ষা কৰাব লাগিব। সেয়ে ২০২০ৰ ৭ ছেপ্টেম্বৰত তেওঁ ঘৰৰ কাষৰে এখন ঔষধালয় এখনত ক’ভিড-১৯ পৰীক্ষা কৰালে।

তেওঁৰ ক’ভিড পজিটিভ ওলাল আৰু দুসপ্তাহৰ কাৰণে কোৱাৰেইণ্টাইনত থাকিবলগীয়া হ’ল। নিগেটিভ নোলোৱালৈকে তেওঁ কপাৰ-টি আঁতৰাবলৈ কোনো হস্পিতাললৈ যাব নোৱাৰা হৈ থাকিল।

'We hear many women complaining about copper-T', says ASHA worker Sushila Devi; here she is checking Deepa's oxygen reading weeks after she tested positive for Covid-19 while still enduring the discomfort of the copper-T
PHOTO • Sanskriti Talwar

' বহু মহিলাই কপাৰ - টিৰ অভিযোগ দিয়া শুনিছো ,’ আশাকৰ্মী সুশীলা দেৱীয়ে কয় কপাৰ - টিৰ বিষ সহ্য কৰি থকা দীপাৰ ক ভিড পজিটিভ ওলোৱাৰ কেবাসপ্তাহো পিছত দীপাই অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰিছে

২০২০ৰ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা হৈছিল, স্কুলবোৰো বন্ধ হৈ পৰিছিল। স্কুলবাছ এখনত কণ্ডাক্টৰৰ কাম কৰা দীপাৰ গিৰীয়েক নবীনে মাহে ৭,০০০ টকা সেই কামটো হেৰুৱাইছিল আৰু পাঁচমাহলৈ একো কাম পোৱা নাছিল। তাৰ পিছত মাজে-সময়ে ভোজন যোগনীয়াৰ হিচাপে কাম কৰি দিনে ৫০০ টকা পাইছিল। (মাত্ৰ যোৱা মাহত, ২০২১ৰ আগষ্টত তেওঁ বাক্কাৰৱালা এলেকাত মূৰ্ত্তি বনোৱা কাৰখানা এটাত মাহে ৫,০০০ টকাৰ কাম এটা পায়।)

২৫ ছেপ্টেম্বৰত দীপাৰ ক’ভিড নিগেটিভ ওলাল। ভগৱান মহাবীৰ হস্পিতালৰ ডাক্তৰজনে কি কয় সেয়া জানিবলৈ তেওঁ ৰৈ আছিল। তেওঁৰ সম্পৰ্কীয় এজনে তেওঁৰ এক্সৰে ৰিপ’ৰ্টটো ইতিমধ্যে ডাক্তৰ এজনক দেখুৱাইছিল, সেইজন ডাক্তৰে ক’লে যে সেইখন হস্পিতালত কপাৰ-টি আঁতৰাব পৰা নাযাব। তাৰ পৰিৱৰ্তে তেওঁক দীন দয়াল উপাধ্যায় হস্পিতাললৈ ঘূৰি যাবলৈ কোৱা হ’ল যিখন হস্পিতালত তেওঁৰ গাত ২০১৮ৰ মে’ত আইইউডিবিধ স্থাপন কৰা হৈছিল।

দীপাই ২০২০ৰ অক্টোবৰ মাহৰ প্ৰথমটো সপ্তাহ দিনদয়াল হস্পিতালখনৰ স্ত্ৰীৰোগৰ বহিৰংগ বিভাগত দেখুৱাওতে গ’ল। ''মই ডাক্তৰক কপাৰ-টিডাল আঁতৰাই বন্ধ্যাকৰণ কৰাবলৈ অনুৰোধ জনালোঁ। কিন্তু ক’ভিড-১৯ৰ কাৰণে হস্পিতালখনত বন্ধ্যাকৰণ স্থগিত ৰখা হৈছে বুলি ডাক্তৰে জনালে,’’ তেওঁ মনত পেলাই কয়।

বন্ধ্যাকৰণ সেৱা আৰম্ভ হ’লে তেওঁৰ কপাৰ-টি আঁতৰাই বন্ধ্যাকৰণ কৰাব পাৰিব বুলি তেওঁক কোৱা হ’ল।

আগতকৈ বেছি পৰিমাণে দৰৱ ডাক্তৰে লিখি দিলে। ''ডাক্তৰে ক’লে যে আৰু কিবা সমস্যাই দেখা দিলে তেওঁলোকে চাব, কিন্তু দৰৱৰে সমস্যা সমাধান হ’ব বুলিও তেওঁলোকে ক’লে,’’ যোৱাবছৰৰ অক্টোবৰৰ মাজভাগত দীপাই মোক কৈছিল।

(এই প্ৰতিবেদকে ডিডিইউ হস্পিতালৰ স্ত্ৰীৰোগ বহিৰংগ বিভাগত দীপাৰ কেচটোৰ বিষয়ে কথা পাতিবলৈ ২০২০ৰ নৱেম্বৰত এবাৰ গৈছিল যদিও ডাক্তৰ সেইদিনা ডিউটিত নাছিল। হস্পিতালৰ চিকিৎসা সঞ্চালকৰ পৰা প্ৰথমে অনুমতি লৈ আহিবলৈ তাত উপস্থিত থকা আনজন ডাক্তৰে মোক ক’লে। মই ফোনত সঞ্চালকজনৰ লগত কথা পাতিবলৈ বহুবাৰ চেষ্টা কৰিলো যদিও কোনোধৰণৰ সঁহাৰি নাপালো।)

PHOTO • Priyanka Borar

'কিবা সঁজুলি ব্যৱহাৰ কৰিছিল নেকি মই নাজানো (কপাৰ-টিডাল উলিয়াবলৈ)... 'মিডৱাইফগৰাকীয়ে মোক কৈছিল যে সেইডাল আৰু কেইমাহমানলৈ থাকিলে কিজানি জীৱনটোকে হেৰুৱাব লাগিলহেঁতেন'

''এইখন চহৰত সাংঘাতিক প্ৰাদুৰ্ভাৱ ঘটা অতিমাৰী নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰিবলগীয়া হোৱাত সকলো চৰকাৰী হস্পিতালেই অসুবিধাত ভুগিছে,’’ দিল্লীৰ পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়। ''কিছুমান হস্পিতাল ক’ভিড হস্পিতাললৈ সলনি কৰাত পৰিয়াল পৰিকল্পনাকে ধৰি নিয়মীয়া সা-সুবিধাসমূহ ব্যাহত হৈ পৰে। স্থায়ী ব্যৱস্থা যেনে বন্ধ্যাকৰণ আদিৰ সুবিধা একেবাৰে বন্ধ হৈ যায়। তাৰ পৰিৱৰ্তে অস্থায়ী পদ্ধতিৰ ব্যৱহাৰ বঢ়োৱা হয়। আমি সেই সেৱা যিমান পাৰো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলো, যিমানখিনি সম্ভৱ হয়।’’

''যোৱা বছৰেই পৰিয়াল পৰিকল্পনা সেৱাবোৰ বন্ধ কৰি দিয়া হৈছিল, বহুতকে নামাঞ্জুৰ কৰা হ’ল,’’ ভাৰতৰ ফাউণ্ডেছন অৱ ৰিপ্ৰডাক্টিভ হেলথ্ চাৰ্ভিছেচ ইন ইণ্ডিয়াৰ নিদানিক সেৱাৰ সঞ্চালক ডা. ৰশ্মি আৰ্ডেয়ে কয়। ''এতিয়া সামগ্ৰিকভাৱে পৰিস্থিতি ভাললৈ আহিছে, চৰকাৰে এই সেৱাসমূহৰ সুচলতাৰ বাবে নতুন নিৰ্দেশাৱলী দিছে। কিন্তু এই সেৱা অতিমাৰীৰ আগৰ পৰ্য্যায় পাবলৈ এতিয়াও বাকী। ইয়ে মহিলাৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘদিনীয়া প্ৰভাৱ পেলাব।’’

সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব ভাবি নাপাই যোৱা বছৰ ১০ অক্টোবৰৰ দিনা দীপাই তেওঁৰ অঞ্চলৰে মিডৱাইফ এগৰাকীৰ সৈতে পৰামৰ্শ কৰিলে। তেওঁ মিডৱাইফগৰাকীক ৩০০ টকা দি কপাৰ-টিডাল আঁতৰালে।

''তেওঁ কি সঁজুলি ব্যৱহাৰ কৰিছিল মই নাজানো (কপাৰ-টিডাল আঁতৰাবলৈ)। তাই নিশ্চয়কৈ কিবা ব্যৱহাৰ কৰিছিল। মই শুই দিছিলো। মেডিচিন পঢ়ি থকা তেওঁৰ জীয়াৰীৰ সহায় লৈছিল। ৪৫ মিনিট সময় লাগিছিল,’’ তেওঁ কয়। ''আৰু কেইমাহমান যদি সেইডাল থাকিলহেঁতেন, মোৰ জীৱনৰ প্ৰতিও সংকট নামিলহেঁতেন।’’

কপাৰ-টিডাল আঁতৰাই পেলোৱাৰ পিছৰে পৰা দীপাৰ মাহেকীয়াৰ সময়ত হোৱা বিষ আৰু অস্বাভাৱিক ঋতুস্ৰাৱ আঁতৰিল।

২০২০ৰ ছেপ্টেম্বৰত বিভিন্ন হস্পিতাল আৰু ক্লিনিকৰ প্ৰেছক্ৰিপছনৰ ৰিচিপ্ট আৰু ৰিপ’ৰ্টবোৰ বিচনাত চিজিল কৰি থাকোতে তেওঁ মোক কয়ঃ ''এই পাঁচটা মাহত মই সাতখনৰো অধিক হস্পিতাল আৰু ঔষধালয় সাক্ষাৎ কৰিছো,’’ আৰু নিবনুৱা হৈ থকাৰ মাজতো নবীন আৰু দীপাই গাঁঠিৰ ধন ভাঙি ডাক্তৰক দিছে।

দীপাই এতিয়া আৰু সন্তান জন্ম দিয়াৰ কথা একেবাৰেই ভবা নাই, গৰ্ভনলী বন্ধ্যাকৰণ কৰোৱাৰ কথাহে ভাবি থৈছে। তাৰোপৰি অসামৰিক সেৱাৰ পৰীক্ষা দিয়াৰো তেওঁৰ মন। ''মই ফৰ্মখন (আবেদনৰ) আনিছো,’’ অতিমাৰী আৰু কপাৰ-টিয়ে স্তব্ধ কৰি পেলোৱা পৰিয়ালটোক পুনৰাই গতি দিয়াৰ বাবে তেওঁ এইকণ আশা কৰিছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc- [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Sanskriti Talwar

سنسکرتی تلوار، نئی دہلی میں مقیم ایک آزاد صحافی ہیں اور سال ۲۰۲۳ کی پاری ایم ایم ایف فیلو ہیں۔

کے ذریعہ دیگر اسٹوریز Sanskriti Talwar
Illustration : Priyanka Borar

پرینکا بورار نئے میڈیا کی ایک آرٹسٹ ہیں جو معنی اور اظہار کی نئی شکلوں کو تلاش کرنے کے لیے تکنیک کا تجربہ کر رہی ہیں۔ وہ سیکھنے اور کھیلنے کے لیے تجربات کو ڈیزائن کرتی ہیں، باہم مربوط میڈیا کے ساتھ ہاتھ آزماتی ہیں، اور روایتی قلم اور کاغذ کے ساتھ بھی آسانی محسوس کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Priyanka Borar
Editor and Series Editor : Sharmila Joshi

شرمیلا جوشی پیپلز آرکائیو آف رورل انڈیا کی سابق ایڈیٹوریل چیف ہیں، ساتھ ہی وہ ایک قلم کار، محقق اور عارضی ٹیچر بھی ہیں۔

کے ذریعہ دیگر اسٹوریز شرمیلا جوشی
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das