“স্কুলত যি শিকো, ঘৰত তাৰে একেবাৰে বিপৰীত দৃশ্য দেখো।”

পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ ৰাজপুত সম্প্ৰদায়ৰ ১৬ বছৰীয়া এয়া স্কুলীয়া ছাত্ৰী প্ৰিয়া। মাহেকীয়া হোৱাৰ সময়ত ঘৰত বলপূৰ্বকভাৱে তাইৰ ওপৰত জাপি দিয়া কটকটীয়া নিয়মৰ কথা তাই কৈছে। “দুখ যেন সম্পূৰ্ণ বিপৰীত জগত। ঘৰত মই নিজকে একাষৰীয়াকৈ ৰাখি নিয়ম-নীতি অনুসৰণ কৰিব লাগে, আনফালে স্কুলত আমাক আকৌ পুৰুষ-মহিলা সমান বুলি শিকায়,” তাই কয়।

একাদশ শ্ৰেণীত পঢ়ি থকা প্ৰিয়াৰ স্কুলখন নানাকমাট্টা চহৰত, তাইৰ গাঁৱৰ পৰা তালৈ সাত কিলোমিটাৰ দূৰত্ব। তাই সদায় চাইকেল চলাই অহা-যোৱা কৰে। ভাল ছাত্ৰী হিচাপে তাই নিজকে সেইটো বিষয়ত জানিবলৈ চেষ্টা কৰিছিল। “কিতাপৰ পৰা পঢ়ি শিকিছিলো আৰু ইটো কৰিম, সিটো কৰিম বুলি ভাবিছিলো। ভাবিছিলো, সমাজখন সলনি কৰিম। কিন্তু পৰিয়ালৰ মানুহকে বুজাব নোৱাৰিলো যে সেই নিয়মবোৰৰ একো মূল্য নাই। সিহঁতৰ লগতে দিনে-ৰাতিয়ে থাকো, কিন্তু এই কথাবোৰ বুজাব নোৱাৰো,” তাই কয়।

নিয়ম-নীতিক লৈ তাইৰ সংকোচ আৰু অসহজবোধ এতিয়াও মাৰ যোৱা নাই যদিও তাই মাক-দেউতাকৰ কথামতেই চলিবলগীয়া হয়।

প্ৰিয়া আৰু তাইৰ পৰিয়ালটো তেৰাই (নামনি) অঞ্চলত থাকে, ৰাজ্যখনৰ সেয়া আটাইতকৈ বেছি উৎপাদন হোৱা ঠাই (২০১১ৰ লোকপিয়ল)। অঞ্চলটোত তিনিটা ঋতুত খেতি হয় – খাৰিফ, ৰবি আৰু জায়দ। বেছিভাগ লোকেই কৃষিকাৰ্য্য আৰু পশুপালনত নিয়োজিত। গৰু-ম’হেই ঘাইকৈ তেওঁলোকে পোহে।

Paddy fields on the way to Nagala. Agriculture is the main occupation here in this terai (lowland) region in Udham Singh Nagar district
PHOTO • Kriti Atwal

নাগালালৈ যোৱা বাটৰ ধাননি পথাৰ। উধম সিং নগৰ জিলাখনৰ এই নামনি অঞ্চলত কৃষিয়েই প্ৰধান জীৱিকা

কাষৰে আন এঘৰ ৰাজপুত পৰিয়ালত, বিধাই মাহেকীয়াৰ সময়ত কি কি যা-যোগাৰ কৰিবলগীয়া হয়, তাকে কৈছে। “এই ছটা দিনলৈ মই নিজকে মোৰ কোঠাটোতে আবদ্ধ কৰি থ’ব লাগিব। ঘুৰি ফুৰিবলৈ মোক হাক দি থৈছে (মাক আৰু দেউতাকৰ ফালৰ আইতাকে)। যি লাগে মায়ে আনি দিব।”

কোঠাটোত দুটা বিচনা আছে, এখন ড্ৰেচিং আইনা আৰু আলমিৰা এটা আছে। ১৫ বছৰ বয়সীয়া বিধাই মাহেকীয়াৰ সময়ত বিচনাখনত নোশোৱে, তলত পাৰি থোৱা বিচনা চাদৰৰ ওপৰতে শোৱে। কঁকাল বিষায় যদিও “মোৰ পৰিয়ালৰ মনৰ শান্তি”ৰ কাৰণেই তাই সেয়া কৰে।

এই একাষৰীয়া কৰি থকাৰ কঢ়া নিয়ম থাকিলেও বিধাই স্কুললৈ যাব পাৰে যদিও নানাকমাট্টাৰ কাষৰ নাগালা গাঁৱৰ তাইৰ ঘৰৰ এই কোঠাটোলৈ তাই স্কুলৰ পৰা পোনে পোনে আহিব লাগিব। সময় কটাবলৈ তাইৰ লগত থাকে মাকৰ ফোনটো আৰু একাদশ শ্ৰেণীৰ কেইখনমান কিতাপ।

যেতিয়া মহিলা এগৰাকীয়ে নিজৰ বস্তুবোৰ আঁতৰাই নিয়ে আৰু একাষৰীয়াকৈ থাকিবলৈ লয়, তেতিয়া সকলোৱে গম পায় যে তেওঁৰ মাহেকীয়া হৈছে। কাৰ ঋতুস্ৰাৱ হৈ আছে, কাৰ হোৱা নাই – সেয়া ৰাইজে গম পায়। সেইটোক লৈ বিধাই ইতস্ততঃবোধ কৰে। তাই কয়, “সকলোৱে গম পায় আৰু আলোচনা কৰে। একাষৰীয়া হোৱাজনক জীৱ-জন্তু আৰু ফলধাৰী গছ চুব দিয়া নহয়। ৰান্ধিবলৈ দিয়া নহয় আৰু পৰিৱেশন কৰিবলৈও দিয়া নহয়। আনকি সীতাৰগঞ্জ, য’ত তেওঁলোক থাকে, তাত প্ৰসাদ আদিও ল’ব দিয়া নহয়।”

মহিলাক এনেদৰে ‘অপবিত্ৰ’ আৰু ‘অশুভ’ বুলি ভবাটো উধম সিং নগৰৰ সৰু-বৰ সকলোৰে মাজত দেখা যায়। ৰাজ্যখনৰ ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৩ হোৱাৰ বিপৰীতে চহৰখনত এই অনুপাত কম, প্ৰতি এহাজাৰৰ বিপৰীতে মাত্ৰ ৯২০ গৰাকী মহিলা। তাৰোপৰি পুৰুষৰ মাজত সাক্ষৰতাৰ হাৰো বেছি, মহিলাৰ ৬৫ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ৮২ শতাংশ (২০১১ৰ লোকপিয়ল অনুযায়ী)।

Most households in the region own cattle - cows and buffaloes. Cow urine (gau mutra) is used in several rituals around the home
PHOTO • Kriti Atwal

অঞ্চলটোৰ প্ৰায়ভাগৰে ঘৰত গৰু আৰু ম’হ আছে। ঘৰৰ বিভিন্ন পৰ্বত গোমূত্ৰ ব্যৱহাৰ কৰা হয়

মহিলাক ‘অপবিত্ৰ’ আৰু ‘অমংগলীয়া’ বুলি বিবেচনা কৰা এই দৃষ্টিভংগী উধম সিং নগৰৰ জনগাঁথনিগত দিশতো প্ৰতিফলিত হৈছে, ১০০০ পুৰুষৰ বিপৰীতে ৰাজ্যখনত মহিলাৰ সংখ্যা ৯৬৩ হোৱাৰ এইখন জিলাত সেই সংখ্যা ৯২০ মাত্ৰ

বিধাৰ বিচনাখনৰ তলত এখন কাঁহী, এটা বাতি, ষ্টীলৰ গিলাচ আৰু এখন চামুচ আছে। এইকেইপদ সামগ্ৰী তাই মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰিব। চতুৰ্থদিনা তাই পুৱা সোনকালে উঠি বাচন-বৰ্তন ধুই ৰ’দত শুকুৱায়। “তাৰপাছত মায়ে বাচনবোৰৰ ওপৰত গোমূত্ৰ ছটিয়ায়, সেইবোৰ আকৌ ধোৱে আৰু পুনৰাই পাকঘৰলৈ নিয়ে। আন দুদিনৰ কাৰণে মোক সুকীয়া বাচন দিয়া হয়,” তাই অনুসৰণ কৰিবলগীয়া বিধিখিনিৰ কথা তাই বহলাই কয়।

সেইকেইদিন তাই ঘৰৰ বাহিৰলৈ যোৱাটো নিষেধ আৰু “মাকে সেইকেইদিনৰ বাবে বাচি দিয়া কাপোৰৰ বাদে আন কাপোৰ পিন্ধিব নোৱাৰে,” তাই কয়। সেই দুযোৰ কাপোৰেই তাই পিন্ধিব লাগিব আৰু ধুই উঠি ঘৰৰ পিছফালে মেলি দিব লাগিব, আন কাপোৰৰ লগত মিহলি হ’ব নালাগিব।

বিধাৰ দেউতাকে সেনাবাহিনীত চাকৰি কৰে আৰু তাইৰ মাকে ১৩ জনীয়া ঘৰখন চম্ভালে। ইমান ডাঙৰ পৰিয়াল এটাত এনেকৈ একাষৰীয়াকৈ থকাটো তাইৰ বাবে আচহুৱা কথা, বিশেষকৈ তাইৰ সৰু ভায়েককেইটাক বুজোৱাটো। “ঘৰৰ মানুহে কৈছে যে এয়া এটা বেমাৰ যিটোৰ কাৰণে ছোৱালীবোৰে আনৰ পৰা আঁতৰি একাষৰীয়াকৈ থাকিব লাগে। কোনোবাই আমাক চুলেও সিহঁত ‘অপবিত্ৰ’ হৈ পৰে, গোমূত্ৰ ছটিওৱাৰ পাছতহে ‘পবিত্ৰ’ বুলি ধৰা হয়। সেই ছটা দিনত বিধাৰ সংস্পৰ্শলৈ অহা সকলোকে গোমূত্ৰ ছটিয়াই শুদ্ধ কৰা হয়। পৰিয়ালটোৰ চাৰিটাকৈ গৰু থকা কাৰণে গৰুৰ মূত্ৰ অনাত অসুবিধা নহয়।

সম্প্ৰদায়টোৱে কিছুমান অনুশীলন এৰিছে যদিও সম্পূৰ্ণকৈ জাৰি-জোকাৰি পেলাব নাই। সেয়ে ২০২২ চনত বিধাই শুবলৈ সুকীয়াকৈ এখন বিচনা পায় যদিও একেখন গাঁৱৰে সত্তৰোৰ্দ্ধ বীণাই মনত পেলায় কেনেকৈ তেওঁক মাহেকীয়াৰ সময়ত গৰুৰ গোহালিত থাকিবলৈ দিয়া হৈছিল। “আমি পাইন গছৰ পাত পাৰি লৈ বহিছিলো,” তেওঁ মনত পেলায়।

আন এগৰাকী বৃদ্ধা মহিলাই এটা সময়ৰ কথা মনত পেলালে যেতিয়া “মোক চেনী নথকা চাহ আৰু শুকান ৰুটি খাবলৈ দিয়া হৈছিল। নাইবা গৰু-ম’হক দিয়া দানাৰ ৰুটি বনাই খাবলগীয়া হৈছিল। কেতিয়াবা সিহঁতে পাহৰিলে আমি ভোকতে থাকিবলগীয়া হৈছিল।”

The local pond (left) in Nagala is about 500 meters away from Vidha's home
PHOTO • Kriti Atwal
Used menstrual pads  are thrown here (right)  along with other garbage
PHOTO • Kriti Atwal

নাগালাত থকা এই স্থানীয় পুখুৰীটো বিধাৰ ঘৰৰ পৰা ৫০০ মিটাৰমান দূৰত। মাহেকীয়াৰ সময়ত ব্যৱহৃত পেডবোৰ ইয়াতেই জাবৰৰ সৈতে পেলোৱা হয়

বহুতো পুৰুষ-মহিলাই ভাবে যে এই নিয়মবোৰ ধৰ্মীয় পুথি-পাঁজিত লিখা আছে হেতুকে তাক প্ৰশ্ন কৰিব নোৱাৰি। কিছুমান মহিলাই এইবোৰ নিয়মক লৈ লাজ পায় যদিও নিয়মবোৰ নামানিলে ইশ্বৰৰ ৰোষত পৰিব বুলি ভাবে।

গাঁৱৰে ডেকাল’ৰা বিনয়ে মাহেকীয়া হৈ থকা মহিলাক কাচিৎহে লগ পায়। সৰুৰে পৰা তেওঁ এই শাৰীটো শুনি আহিছে, ‘মা অস্পৃশ্য হৈ পৰিল।’

২৯ বছৰ বয়সীয়া বিনয় পত্নীৰ সৈতে নানাকমাট্টা চহৰত ভাৰাঘৰত থাকে। উত্তৰাখণ্ডৰ চম্পাৱত জিলাৰ বিনয়ে এটা দশক আগতে প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰাৰ পৰা ইয়াত আছে। “এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি আমাক কেতিয়াও শিকোৱা হোৱা নাই। এই নিয়মবোৰ সৰুৰে পৰা বন্ধ কৰা হ’লে পুৰুষে কোনো ছোৱালী বা মহিলাক মাহেকীয়াৰ সময়ত হেয় দৃষ্টিৰে নাচালেহেঁতেন,” তেওঁ কয়।

চেনিটেৰি পেড কিনা আৰু নিষ্পত্তি কৰাটোও এক প্ৰত্যাহ্বান হৈ পৰে। গাঁৱৰ একমাত্ৰ দোকানখনত পেড নাথাকিবও পাৰে আৰু সৰু ছোৱালী যেনে ছবিয়ে পেড বিচাৰিলে দোকানীয়ে অদ্ভুত দৃষ্টিৰে চায় বুলি তাই কয়। ঘৰলৈ গৈ তাই আনৰ দৃষ্টিৰ পৰা সেয়া লুকুৱাই ৰাখিবলগীয়া হয়। শেষত আকৌ পেডবোৰ নিষ্পত্তি কৰিবলৈ তাই ৫০০ মিটাৰ দূৰত থকা খাল এটালৈ যাবলগীয়া হয়, তাতো আকৌ দলিয়াই দিওতে যাতে কোনেও নেদেখে, সেয়াও চাবলগীয়া হয়।

সন্তান প্ৰসৱে তাতোকৈ বেছি একাষৰীয়া কৰে

সন্তান প্ৰসৱ কৰাজনকো এই ‘অপবিত্ৰতা’ৰ আওঁতাত ধৰা হয়। লতাৰ এতিয়া কানসমনীয়া সন্তান আছে যদিও তেওঁৰ নিজৰ দিনবোৰ পাহৰা নাই: “৪ৰ পৰা ৬ দিনৰ পৰিৱৰ্তে (ঋতুস্ৰাৱ হৈ থকা ছোৱালী), নতুনকৈ মাক হোৱাবোৰক ঘৰৰ পৰা ১১ দিনৰ বাবে পৃথকে ৰখা হয়। কেতিয়াবা আকৌ ১৫ দিন পৰ্য্যন্ত ৰখা হয়, যেতিয়ালৈকে নামাকৰণ পৰ্ব নহয়।” এজনী ১৫ বছৰীয়া ছোৱালী আৰু ১২ বছৰীয়া ল’ৰাসন্তানৰ মাক লতাই কয় যে সন্তান জন্ম দিয়াৰ পিছত মাকজনীৰ বিচনাখনৰ কাষত গোবৰেৰে চিন দি ঘৰৰ বাকী সদস্যৰ পৰা পৃথক কৰি ৰখা হয়।

Utensils (left) and the washing area (centre) that are kept separate for menstruating females in Lata's home. Gau mutra in a bowl (right) used to to 'purify'
PHOTO • Kriti Atwal
Utensils (left) and the washing area (centre) that are kept separate for menstruating females in Lata's home. Gau mutra in a bowl (right) used to to 'purify'
PHOTO • Kriti Atwal
Utensils (left) and the washing area (centre) that are kept separate for menstruating females in Lata's home. Gau mutra in a bowl (right) used to to 'purify'
PHOTO • Kriti Atwal

ঋতুস্ৰাৱৰ সময়ত লতাৰ ঘৰত তাই ব্যৱহাৰ কৰা বাচন-বৰ্তন (বাওঁফালে) আৰু ধোৱা-পখালাৰ ঠাই। ‘শুচি’ কৰিবলৈ গৰুৰ মূত্ৰ ব্যৱহাৰ কৰা হয়

খাটিমা ব্লকৰ ঝাংকাট গাঁৱৰ বাসিন্দা লতাই গিৰীয়েকৰ লগত যৌথ পৰিয়ালত থাকে আৰু এই নিয়মবোৰ মানি চলিছিল। তেওঁৰ স্বামী আৰু তেওঁ ঘৰৰ পৰা ওলাই আন ঠাইত থিতাপি লোৱাৰ পিছত এইবোৰ নিয়ম এৰিছে। “যোৱা কেইটামান বছৰত আমি আকৌ এই নিয়মবোৰ মানিবলৈ লৈছো,” ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী লতাই কয়। “মাহেকীয়া হৈ থকা মহিলা এগৰাকী যদি বেমাৰত পৰে, তেন্তে বুজা যায় যে ইশ্বৰ অসন্তুষ্ট হৈছে। মহিলাই মাহেকীয়াৰ সৈতে জৰিত নিয়মবোৰ মনা-নমনাৰ লগত ঘৰখনত উদ্ভৱ হোৱা সকলো সমস্যা সাঙুৰি লোৱা হয়,” তেওঁ নিজে কিমানখিনি মানি চলাৰ চেষ্টা কৰে, তাৰেই ইংগিত দি তেওঁ কয়।

নৱজাতক থকা ঘৰৰ পৰা গাঁৱৰ কোনো মানুহে এগিলাচ পানীও নাখায়। গোটেই পৰিয়ালটোক ‘অশুচি’ বুলি বিবেচনা কৰা হয় আৰু সন্তানটো ল’ৰা নে কন্যা তাৰ ওপৰত একো নিৰ্ভৰ নকৰে। সদ্যজাত শিশুটিক বা মাতৃগৰাকীক স্পৰ্শ কৰা গৰাকীক গোমূত্ৰ ছটিয়াই শুচি কৰা হয়। সাধাৰণতে এঘাৰ দিনৰ মূৰত মহিলা আৰু সন্তানটোক ধুৱাই, গোমূত্ৰ ছটিয়াই নামাকৰণ পৰ্ব আৰম্ভ কৰা হয়।

লতাৰ ননদ, ৩১ বছৰ বয়সীয়া সবিতাই ১৭ বছৰ বয়সতে বিয়া হৈছিল আৰু এই নিয়মবোৰ মানিবলৈ বাধ্য হৈছিল। বিয়াৰ প্ৰথমটো বছৰত তেওঁ কেনেকৈ এখন শাৰীৰে নিজকে ঢাকিবলগীয়া হৈছিল, অন্তৰ্বাস নিপিন্ধাৰ কঢ়া নিয়ম তেওঁ অনুসৰণ কৰিবলগীয়া হৈছিল। “প্ৰথমটো সন্তান জন্ম দিয়াৰ পিছত মই সেইবোৰ এৰিলো,” তেওঁ কয়, কিন্তু মাহেকীয়াৰ সময়ত মজিয়াতে শোৱাৰ নিয়মটো আকৌ আৰম্ভ কৰিলে।

এই নিয়মবোৰ অনুসৰণ কৰা ঘৰত জন্ম লোৱা ল’ৰাবোৰে এইবোৰ কথা ভালদৰে বুজি নাপায়। বাৰ্কিদাণ্ডি গাঁৱৰ দশমমানত পঢ়ি থকা নিখিলে কয় যে তেওঁ মাহেকীয়াৰ বিষয়ে যোৱাবছৰ পঢ়িছে যদিও ভালকৈ বুজি নাপালে, কিন্তু “মহিলাক এনেকৈ একাষৰীয়াকৈ ৰখাৰ যুক্তি বিচাৰি নাপাও।” পিছে ঘৰত এইবোৰ কথা ক’লে ঘৰৰ মানুহে গালি পাৰিব।

The Parvin river (left) flows through the village of Jhankat and the area around (right) is littered with pads and other garbage
PHOTO • Kriti Atwal
The Parvin river (left) flows through the village of Jhankat and the area around (right) is littered with pads and other garbage
PHOTO • Kriti Atwal

ঝাংকাট গাঁৱৰ মাজেৰে বৈ যোৱা পাৰবিন নদীখন (বাওঁফালে), অঞ্চলটো পেড আৰু জাবৰ-জোঁথৰেৰে লেতেৰা হৈ থাকে

একেটা ভয় দিব্যাংশৰো। সুনখাৰি গাঁৱৰ ১২ বছৰ বয়সীয়া দিব্যাংশই মাহত এবাৰ পাঁচদিনৰ বাবে মাকক একাষৰীয়াকৈ থকা দেখিছে যদিও কিয় তেনেকৈ থাকিব লাগে সেয়া বুজি নাপায়। “সকলো মহিলা আৰু ছোৱালীয়ে এয়া মানি চলে হেতুকে এয়া স্বাভাৱিক কথা বুলিয়েই ভাবি লৈছো। কিন্তু এতিয়া এয়া ঠিক যেন নালাগে। ডাঙৰ হ’লে এই নিয়মেই মানি চলিম নে এয়া উঠাই দিব পাৰিম?” তেওঁ চিন্তা কৰে।

এনে কোনো বৈষম্যমূলক আচৰণৰ থকাৰ কথা গাঁৱৰ বয়োজ্যেষ্ঠ থকাৰ নাকচ কৰে, ‘‘উত্তৰাঞ্চল [উত্তৰাখণ্ডৰ পুৰণি নাম] ইশ্বৰৰ ধাম। সেয়ে ইয়াত নিয়মবোৰৰ গুৰুত্ব অপৰিসীম,’’ নৰেন্দৰে কয়।

তেওঁলোকৰ সম্প্ৰদায়ৰ ছোৱালীবোৰক ৯-১০ বছৰ বয়সতেই বিয়া দিয়া হৈছিল, পুষ্পিতা হোৱাৰ আগতেই। “এবাৰ পুষ্পিতা হোৱাৰ পিছত কেনেকৈ কন্যাদান সম্ভৱ?” গিৰীয়েকলৈ কন্যাজনীক ‘দান’ কৰা বৈবাহিক নিয়মৰ প্ৰসংগত তেওঁ কয়। “এতিয়া চৰকাৰে বিয়াৰ বয়স ২১লৈ বঢ়াইছে। তেতিয়াৰে পৰা চৰকাৰ আৰু আমাৰ নিয়ম ভিন্ন।”

এই প্ৰতিবেদন প্ৰথমে হিন্দী ভাষাত প্ৰকাশিত হৈছিল। পৰিচয়ৰ গোপনীয়তা ৰক্ষাৰ হেতুকে নামবোৰ সলনি কৰা হৈছে।

পাৰি এজুকেচন টিমটোৱে এই প্ৰতিবেদন প্ৰস্তুতিত সহায় কৰাৰ বাবে ৰোহন চোপ্ৰাক ধন্যবাদ জ্ঞাপন কৰিছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Kriti Atwal

کریتی اٹوال، اتراکھنڈ کے اودھم سنگھ نگر ضلع کے نانک متّا پبلک اسکول میں ۱۲ویں کلاس کی طالبہ ہیں۔

کے ذریعہ دیگر اسٹوریز Kriti Atwal
Illustration : Anupama Daga

انوپما ڈاگا نے حال ہی میں فائن آرٹس میں گریجویشن کی ڈگری حاصل کی ہے اور خاکہ نگاری اور موشن ڈیزائن میں دلچسپی رکھتی ہیں۔ انہیں متن اور تصاویر کے ذریعے اسٹوری بیان کرنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Anupama Daga
Editor : PARI Education Team

We bring stories of rural India and marginalised people into mainstream education’s curriculum. We also work with young people who want to report and document issues around them, guiding and training them in journalistic storytelling. We do this with short courses, sessions and workshops as well as designing curriculums that give students a better understanding of the everyday lives of everyday people.

کے ذریعہ دیگر اسٹوریز PARI Education Team
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das