তেজেৰে লুতুৰি-পুতুৰি ষ্ট্ৰেচ্চাৰখন দেখি শ্ৰীকৃষ্ণ বাজপেয়ীৰ বুকু কঁপি উঠিছিল। “আমাক সাৱধান কৰি দিছিল যে প্ৰসৱ ইমান সহজ নহ’ব।” ৭০ বছৰীয়া কৃষকজনে উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ নিজৰ ঘৰৰ সন্মুখত ফেব্ৰুৱাৰী মাহৰ এটা দুপৰীয়া ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ জুই একুৰা ধৰি লৈ জুই সেকি সেকি মনত পেলাইছিল। “গাঁৱৰ আশা কৰ্মীসকলে মোৰ বোৱাৰীৰ গৰ্ভাৱস্থাক ‘হাই-ৰিস্ক’ থকা বুলি চিহ্নিত কৰিছিল।”
যদিও এয়া ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰে ঘটনা, শ্ৰীকৃষ্ণই ইয়াক এনেদৰে মনত পেলায় যেন এয়া কালিৰহে ঘটনা। “[বানপানী] পানী কমিছিলহে মাত্ৰ, কিন্তু ই বাট-পথবোৰ ভাঙি পেলাইছিল, সেয়ে ঘৰৰ দুৱাৰমুখলৈ এম্বুলেন্স আহিব নোৱাৰিলে,” তেওঁ কয়। শ্ৰীকৃষ্ণৰ সৰু গাওঁ টান্দা খুৰ্দ লহৰপুৰ ব্লকত পৰে, শাৰদা আৰু ঘাঘৰা নদীৰ কাষতে তেওঁৰ গাওঁখন। ইয়াৰ গাওঁবোৰ সঘন বানপানীপ্ৰৱণ। জৰুৰী অৱস্থাত পৰিবহনৰ ব্যৱস্থা কৰাটো কঠিন হৈ পৰে।
টান্দা খুৰ্দৰ পৰা সীতাপুৰৰ জিলা চিকিৎসালয়লৈ ৪২ কি.মি. বাট, যিটো যিকোনো সন্তান প্ৰসৱ কৰিবলৈ ওলোৱা মহিলাৰ বাবে যথেষ্ট দূৰ - এই দূৰত্ব আৰু বেছি যদি তেওঁ তেনে পিছল ৰাস্তাত তাৰে প্ৰথম পাঁচ কি.মি. দুচকীয়া বা তেনে বাহনেৰে পাৰ কৰিবলগীয়া হয়। “আমি এম্বুলেন্সৰ ওচৰ পাবলৈ তেনে কৰিবলগীয়া হয়,” শ্ৰীকৃষ্ণই কয়। কিন্তু আমি জিলা চিকিৎসালয় গৈ পাওঁ মানে জটিলতা (আৰম্ভ) হৈ যায়।”
মমতাই এক কন্যা সন্তান জন্ম দিয়াৰ পিছত ৰক্তক্ষৰণ বন্ধ হোৱা নাছিল। শ্ৰীকৃষ্ণই কয় তেওঁ পৰিস্থিতি ভাল হোৱাৰ আশা কৰি আছিল। “ই অনাকাংক্ষিত নাছিল। আমি জানিছিলো সমস্যা হ’ব পাৰে। কিন্তু আমি ভাবিছিলো চিকিৎসকে তেওঁক বচাব পাৰিব।”
কিন্তু তেওঁক যেতিয়া ৱাৰ্ডলৈ ষ্ট্ৰেচ্চাৰত লৈ যোৱা হৈছিল, শ্ৰীকৃষ্ণই বগা বিচনা চাদৰখন দেখাই পোৱা নাছিল। “তাত ইমান তেজ আছিল। মোৰ পেটত যেন কিহবাই খামুচি ধৰিছিল,” তেওঁ কয়। চিকিৎসকে আমাক তেজৰ যোগাৰ কৰিবলৈ কৈছিল। আমি খুব সোনকালেই যোগাৰো কৰিছিলো, কিন্তু আমি ব্লাড বেংকৰ পৰা চিকিৎসালয়লৈ ঘূৰি আহি পাওঁহি মানে মমতাৰ মৃত্যু হৈছিল।”
তেওঁৰ বয়স আছিল ২৫ বছৰ।
তেওঁৰ মৃত্যুৰ মাত্ৰ এদিনৰ আগতে হোৱা এক স্বাস্থ্য পৰীক্ষাত পোৱা গৈছিল যে মমতাৰ ওজন ৪৩ কি.গ্ৰা.। প্ৰয়োজনতকৈ ওজন কম হোৱাৰ উপৰিও তেওঁৰ শৰীৰত প্ৰ’টিনৰ অভাৱ আছিল আৰু হিম’গ্লবিনৰ স্তৰ আছিল ৮ জি/ডিএল, যিটো ৰক্তহীনতাৰ একাবাৰে সংকটসীমাত আছিল (গৰ্ভৱতী মহিলাৰ হিম’গ্লবিনৰ ঘনত্ব অন্ততঃ ১১ জি/ডিএল বা তাৰ ওপৰত থকা উচিত)।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, ২০১৯-২১ ( এনএফএইছএছ-৫ )ত তথ্য অনুসৰি এনিমিয়া বা ৰক্তহীনতা উত্তৰ প্ৰদেশৰ বিশেষকৈ মহিলা আৰু শিশুৰ মাজত এক গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা। ১৫-৪৯ বয়সৰ সকলো মহিলাৰ মাজত ৫০ শতাংশই ৰক্তহীনতাত ভোগে।
পুষ্টি সম্পৰ্কীয় অভাৱসমূহ ৰক্তহীনতাৰ আটাইতকৈ সাধাৰণ কাৰণ। বিশ্বৰ বেছিভাগ ৰক্তহীনতাৰে মূল কাৰণ হৈছে আইৰণৰ অভাৱ, কিন্তু ফ’লেইট (ভিটামিন বি ৯) আৰু ভিটামিন বি ১২ৰ অভাৱো বিভিন্ন সংক্ৰামক ৰোগ আৰু বংশগত স্বাস্থ্যৱস্থাৰ বাবে দায়ী।
এনএফএইছএছ-৫ৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশত কেৱল ২২.৩ শতাংশ মাতৃয়েহে তেওঁলোকৰ গৰ্ভধাৰণৰ সময়ছোৱাত অন্ততঃ ১০০ দিনৰ বাবে আইৰণ আৰু ফলিক এচিডৰ চাপ্লিমেণ্ট গ্ৰহণ কৰে। ২০১৯-২১ৰ ভিতৰত ৰাষ্ট্ৰীয় হাৰ আছিল ইয়াৰ প্ৰায় দুগুণ, ৪৪.১ শতাংশ। কিন্তু সীতাপুৰ জিলাত, কেৱল ১৮ শতাংশইহে এই সম্পূৰক (চাপ্লিমেণ্ট) গ্ৰহণ কৰিছিল।
ৰক্তহীনতাৰ মাতৃ আৰু সন্তানৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰে। ইয়াৰ ফলত সময়ৰ আগতে প্ৰসৱ বা জন্মৰ সময়ত শিশুৰ কম ওজন হ'ব পাৰে। মুঠতে ই প্ৰত্যক্ষভাৱে প্ৰসূতিৰ মৃত্যু, আৰু প্ৰসৱকালীন মৃত্যু, অৰ্থাৎ মৃত সন্তান জন্ম আৰু প্ৰাৰম্ভিক নৱজাতকৰ মৃত্যুৰ সৈতে সম্পৰ্কিত।
২০১৭-১৯ লৈকে ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ বা এমএমআৰ আছিল ১০০,০০০ জীৱিত সন্তান জন্মৰ বিপৰীতে ১০৩ গৰাকীৰ মৃত্যু । সেই একে সময়তে উত্তৰ প্ৰদেশৰ এমএমআৰ আছিল ১৬৭। ৰাজ্যখনৰ ২০১৯ চনৰ ১,০০০ জীৱিত জন্মৰ বিপৰীতে নৱজাতকৰ মৃত্যুৰ হাৰ আছিল ৪১ , ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৩০ৰ বিপৰীতে যি হাৰ আছিল ৩৬ শতাংশ বেছি।
মমতাৰ মৃত্যুটো বাজপেয়ী পৰিয়ালৰ একমাত্ৰ দুৰ্ভাগ্যজনক ঘটনা নহয়। তেওঁ কণমানি ছোৱালীজনীও ২৫ দিনৰ পিছত মৃত্যুমুখত পৰে। “আমি এটা দুখ নৌপাতলোতেইআন এখন দুখৰ সৰগ আমাৰ ওপৰত ভাগি পৰিল,” শ্ৰীকৃষ্ণই কয়। “আমি হতাশাত ভুগিবলৈ লৈছিলো।”
কিছুদিনৰ অগা-পিছাকৈ মমতা আৰু তেওঁৰ কন্যা সন্তান মৃত্যু মুখত পৰাৰ ছমাহৰ পিছতেই অতিমাৰী আৰম্ভ হৈছিল। কিন্তু কভিড-১৯ৰ ভয়াৱহতা আৰম্ভ হোৱাৰ পিছত সমগ্ৰ ভাৰতৰে চৰকাৰী চিকিৎসালয়সমূহত প্ৰভাৱ পৰে, যাৰ ফলত গৰ্ভৱতী মহিলাৰ স্বাস্থ্য সূচক যথেষ্ট অৱনমিত হৈছিল।
হেলথ মেনেজমেন্ট ইনফৰমেছন ছিষ্টেমৰ পপুলেছন ফাউণ্ডেছন অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২০ চনৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত প্ৰসৱপূৰ্ব শুশ্ৰুষা সাক্ষাতৰ বাবে গৰ্ভৱতী মহিলাৰ সাক্ষাতৰ সংখ্যা ২০১৯ চনৰ একে সময়ৰ তুলনাত ২৭ শতাংশ হ্ৰাস হৈছিল। প্ৰসৱপূৰ্ব শুস্ৰুষা সেৱা ২২ শতাংশ হ্ৰাস পাইছিল। "প্ৰসূতি মাতৃৰ সেৱা ব্যাহত হোৱা, স্বাস্থ্য সম্পৰ্কীয় সহায়ৰ আচৰণ হ্ৰাস আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰপৰা সংক্ৰমিত হোৱাৰ আশংকাই গৰ্ভধাৰণৰ বিপদাশংকা বৃদ্ধি কৰে আৰু মহিলা আৰু নৱজাতকৰ স্বাস্থ্য বেয়াৰ ফালে ঢাল খোৱাত ইন্ধন যোগায়," পিএফআইৰ এক বিবৃতিত প্ৰকাশ পাইছে।
পাপ্পু আৰু তেওঁৰ পৰিয়ালে প্ৰত্যক্ষভাৱে অতিমাৰীৰ প্ৰভাৱৰ অভিজ্ঞতা লাভ কৰিছিল।
ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌ তুংগত উঠাৰ সময়ত তেওঁৰ পত্নী সৰিতা দেৱী পাঁচমহীয়া গৰ্ভৱতী আছিল, আৰু ৰক্তহীনতাত ভূগি আছিল। ২০২১ চনৰ জুন মাহৰ এদিন সন্ধিয়া তেওঁৰ উশাহ চুটি চুটি লগা যেন অনুভৱ কৰিছিল – যিটো নিম্ন হিম’গ্লবিন স্তৰৰ এক ইংগিত – এনেকৈ তেওঁ ঘৰতে পৰি গৈছিল। "সেই সময়ত ঘৰত কোনো নাছিল,” ৩২ বছৰীয়া পাপ্পুৱে কয়, "মই কামৰ সন্ধানত ঘৰৰ বাহিৰলৈ গৈছিলো। মোৰ মাও ঘৰৰ বাহিৰত আছিল।"
সৰিতা সেইদিনা পুৱা দেখাত একেবাৰে ঠিক আছিল, পাপ্পুৰ ৭০ বছৰীয়া মাক মালতীয়ে কয়। “তেওঁ আনকি ল’ৰা-ছোৱালীৰ বাবে দুপৰীয়া খিচিৰিও ৰান্ধিছিল।”
কিন্তু সন্ধ্যা যেতিয়া পাপ্পু ঘৰলৈ আহে, দুকুৰি পাঁচ বছৰ বয়সৰ সৰিতা খুব শেতা পৰিছিল আৰু দুৰ্বল দেখাইছিল। “তেওঁ [ভালদৰে উশাহ ল’ব পৰা নাছিল।]” সেয়েহে তেওঁ তৎক্ষণাত বাৰাণসী জিলাৰ বড়াগাওঁ ব্লকৰ তেওঁলোকৰ গাও দল্লিপুৰৰ পৰা ৩৫ কি.মি. দূৰত থকা ভাদহিলৈ যাবলৈ এখন অটো ভাড়া কৰে। “ইয়াত (বড়াগাঁৱত) চিকিৎসালয়সমূহ ৰোগীৰে ভৰি আছিল, আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একো সুবিধা নাছিল,” তেওঁ কয়। “আমি ভাবিলো আমি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ যোৱা উচিত য’ত উপযুক্ত চিকিৎসা পোৱা যাব।”
অতিমাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম নোহোৱা অদক্ষ স্বাস্থ্যসেৱা ব্যৱস্থাই সমগ্ৰ বিশ্বতে গৰ্ভৱতী স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ২০২১ চনৰ মাৰ্চত প্ৰকাশিত ১৭ খন দেশৰ অধ্যয়নৰ এক মেটা বিশ্লেষণত , দ্য লেঞ্চেটে গৰ্ভৱতী, ভ্ৰূণ আৰু নৱজাতকৰ ওপৰত অতিমাৰীৰ প্ৰভাৱ সম্পৰ্কে সমীক্ষা কৰিছিল, আৰু এই সিদ্ধান্তত উপনীত হৈছিল যে অতিমাৰীৰ ফলত "মাতৃ আৰু কেঁচুৱাৰ নহ’বলগীয়া মৃত্যু হৈছে"। "কম সম্পদৰ সুবিধাৰ ফলত মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবা দশকৰ বিনিয়োগ অথলে যোৱাৰ পৰা ৰক্ষা পৰিবলৈ" এই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল, এই সমীক্ষাত কোৱা হৈছে।
কিন্তু ৰাজ্যখনে গৰ্ভৱতী মহিলাৰ বাবে তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা লোৱা নাছিল।
চিকিৎসালয় গৈ পোৱাৰ আগতেই অটো ৰিক্সাতে সৰিতাৰ মৃত্যু হৈছিল। “লকডাউনৰ বাবে আমি গৈ পাওঁতে দেৰি হৈ হৈ গৈ আছিল,”পাপ্পুৱে কয়। “বাটত অসংখ্য চেকপইন্ট আছিল, তাতে যান-বাহনবোৰ ৰখাই থৈছিল।”
পাপ্পুৱে যেতিয়া উপলব্ধি কৰিলে যে সৰিতাৰ মৃত্যু হৈছে, তেওঁক পত্নীক হেৰুওৱা দুখতকৈ পুলিচৰ ভয়েহে বেছি চিন্তাত পেলাইছিল। তেওঁ মৰাশ এটাৰ সৈতে ঘূৰি ফুৰা বাবে পুলিচে কি কৰিব বুলি ভাবি তেওঁ অটো চালকজনক অটোখন গাঁৱলৈ ঘূৰাই নিবলৈ কয়। “মই ঘূৰি যাওঁতে চেক পইন্টত তেওঁৰ শৰীৰটো যাতে চিধা হৈ থাকে সেইটো মন কৰিছিলো,” তেওঁ কয়। “ভাগ্যে আমাক কোনেও নৰখালে আৰু কোনোৱে প্ৰশ্নও নকৰিলে।”
পাপ্পু আৰু মালতীয়ে মৰাশটো দল্লিপুৰত ওচৰৰে ঘাট এটালৈ অন্তিম সংস্কাৰৰ বাবে লৈ যায়। তেওঁলোকে তাৰ বাবে আত্মীয়ৰ পৰা ২০০০ টকা ধাৰ কৰিবলগীয়া হয়। “মই এটা ইটা ভাতীত কাম কৰিছিলো কিন্তু লকডাউনৰ পিছত এইটো বন্ধ হৈ যায় (২০২০ চনৰ মাৰ্চত),” পাপ্পুৱে কয়। পাপ্পু উত্তৰ প্ৰদেশৰ অতিকৈ পিছপৰা অনুসূচিত জাতি মুছাহাৰ সম্প্ৰদায়ৰ।
লকডাউনৰ আগতে তেওঁ মাহে ইটা ভাতীৰ পৰা ৬০০০ টকাকৈ উপাৰ্জন কৰিছিল।“ইটা ভাতীবোৰ পুনৰ খুলিলে, কিন্তু মোৰ পত্নীৰ মৃত্যুৰ পিছত মই সেই ধৰণৰ কাম কৰিবলৈ এৰি দিওঁ”, তেওঁ কয়। “মই আগৰ দৰে ইমান সময় বাহিৰত থাকিব নোৱাৰো। মই মোৰ সন্তানৰ ওচৰত থাকিবলগীয়া হয়।”
তেওঁৰ ৩ আৰু ২ বছৰীয়া সন্তান জ্যোতি আৰু ৰাণীয়ে তেওঁক তেওঁৰ নতুন উপাৰ্জনৰ নতুন উৎস কাৰ্পেট বৈ থকাৰ সময়ত হাত কঁপা দেখো। তেওঁ কয়, "মই এই কাম মাত্ৰ কেইমাহমান আগতেহে আৰম্ভ কৰিছো।" "দেখা যাওঁক কি হয়। এই কামে মোক সন্তান দুটিৰ সৈতে ঘৰত থকাৰ সুবিধা দিছে। মোৰ মাও যথেষ্ট বয়সীয়াল, তেওঁ নিজে সিহঁতৰ যত্ন ল'ব নোৱাৰে। যেতিয়া সৰিতা আছিল, তেওঁ মোৰ মাৰ সৈতে সিহঁতৰ যত্ন লৈছিল। মই নাজানো তেওঁ গৰ্ভধাৰণ কৰাৰ সময়ত তেওঁৰ যত্ন ল'বলৈ আমি কি কৰিব পাৰিলোহেঁতেন। আমি তেওঁক অকলে এৰি দিয়া উচিত নাছিল।"
ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছৰে পৰা বড়াগাওঁ ব্লকত গৰ্ভৱতী মহিলাৰ শুশ্ৰুষা আগতকৈও অধিক অৱহেলিত হৈ আহিছে, বাৰাণসীস্থিত মানৱ অধিকাৰ সম্পৰ্কীয় গণ সতৰ্কতা সমিতিৰ সৈতে জড়িত কৰ্মী মঙলা ৰাজভৰে কয়। "এই ব্লকৰ বহু মহিলাৰ ৰক্তহীনতাৰ সমস্যা আছে। তেওঁলোকক অতিৰিক্ত যত্ন আৰু আৰামৰ প্ৰয়োজন," যোৱা দুই দশক ধৰি বড়াগাঁৱৰ স্থানীয় লোকৰ সৈতে কাম কৰি থকা ৰাজভৰে কয়। "কিন্তু দৰিদ্ৰতাই পুৰুষসকলক ঘৰ এৰি [অন্য ঠাইত] কাম বিচাৰি যাবলৈ বাধ্য কৰে। সেয়েহে মহিলাসকলে ঘৰত আৰু পথাৰত কাম কৰি আছে।"
মহিলাসকলক খাদ্যত প্ৰটিন, ভিটামিন আৰু আইৰণৰ প্ৰয়োজন হোৱাৰ বিপৰীতে তেওঁলোকে কেৱল ৰাজহুৱা বিতৰণ ব্যৱস্থাত লাভ কৰা ৰেছনেৰেই ৰন্ধা-বঢ়া কৰে আৰু কোনো পাচলি কিনিবলৈ সক্ষম নহয়, ৰাজভৰে লগতে কয়। তেওঁলোকে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লাভ নকৰে। প্ৰতিকূলতাবোৰে বাটভেটি ধৰে।"
সীতাপুৰৰ টান্দা খুৰ্দত, আশা কৰ্মী আৰতি দেৱীয়ে কয় যে কেইবাগৰাকী মহিলাই ৰক্তহীনতাত ভূগি আছে আৰু ওজনো কম, যাৰ ফলত গৰ্ভধাৰণৰ সময়ত জটিলতাৰ সৃষ্টি হয়। "ইয়াত মানুহে কেৱল দাইল আৰু ভাত খায়।" তেওঁ কয়, "তেওঁলোক পুষ্টিহীন। ভাতৰ পাতৰ পৰা পাচলি আঁতৰি গৈছে। কাৰো ওচৰত পৰ্য্যাপ্ত পইচা নাই।"
কৃষিৰ পৰা উপাৰ্জন আগতকৈ হ্ৰাস পাইছে, শ্ৰীকৃষ্ণৰ পত্নী ৫৫ বছৰীয়া কান্তিয়ে কয়। "আমাৰ কেৱল দুই একৰ মাটি আছে, য'ত আমি ধান আৰু ঘেঁহু খেতি কৰোঁ। আমাৰ খেতিৰ শস্যবোৰ বাৰে বাৰে বানপানীয়ে নষ্ট কৰে।"
মমতাৰ স্বামী কান্তিৰ ৩৩ বছৰীয়া পুত্ৰ বিজয়ে জীৱন-ধাৰণৰ বাবে কৃষিৰ ওপৰত থকা পৰিয়ালটোৰ নিৰ্ভৰশীলতাৰ পৰা ৰক্ষা পাবলৈ সীতাপুৰত চাকৰিত সোমাইছিল। ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছত তেওঁ সেই কামটো হেৰুৱায় যদিও ২০২১ চনৰ শেষৰ ফালে পুনৰ ঘূৰাই পায়। "তেওঁৰ দৰমহা ৫,০০০ টকা," কান্তিয়ে কয়। "লকডাউনৰ আগতে সেইৰেই চলিছিল। কিন্তু আমি পাচলি খাবলৈ এৰিব লগা হৈছিল। লকডাউনৰ আগতে দাইল আৰু চাউলৰ বাহিৰে অন্য যিকোনো বস্তু কিনি খোৱা কঠিন হৈ পৰিছিল। ক’ভিডৰ পিছত আমি আনকি চেষ্টাও নকৰা হ’লো"।
এক অধ্যয়নত প্ৰকাশ পাইছে যে ২০২০ চনত ক’ভিড-১৯ অহাৰ পিছত উপাৰ্জনৰ পথ কমি যোৱাৰ বাবে সমগ্ৰ ভাৰতৰ প্ৰায় ৮৪ শতাংশ পৰিয়াল প্ৰভাৱান্বিত হৈছে। ই, পুষ্টি আৰু আহাৰকো প্ৰভাৱিত কৰিছে।
বাঢ়ি অহা দৰিদ্ৰতা, অপৰ্য্যাপ্ত গৰ্ভৱতী মহিলাৰ শুশ্ৰুষাৰ ব্যৱস্থা আৰু আইৰণ আৰু ফলিক এচিড চাপ্লিমেণ্টৰ অনিয়মীয়া সেৱনে গৰ্ভধাৰণৰ অতি বিপদাশংকাৰ হ্ৰাস কৰাটো কঠিন কৰি তুলিব, ৰাজভৰ আৰু আৰতি দেৱীয়ে ভাবে। বিশেষকৈ গ্ৰাম্যাঞ্চলত, য'ত ৰাজহুৱা স্বাস্থ্য সুবিধা লাভ কৰাটো কঠিন।
মমতাৰ মৃত্যুৰ প্ৰায় ডেৰ বছৰ পিছত বিজয়ে পুনৰ বিয়া কৰায়। তেওঁৰ দ্বিতীয় পত্নী প্ৰিয়া ২০২১ চনৰ আৰম্ভণিতে গৰ্ভৱতী হৈছিল। তেওঁ ৰক্তহীনতাত ভূগি আছিল আৰু তাইৰ গৰ্ভধাৰণো অতি বিপদাশংকা থকা বুলিয়েই চিহ্নিত কৰা হৈছিল। ২০২১ চনৰ নৱেম্বৰত তেওঁৰ সন্তান জন্মৰ সময়ত, টান্দা খুৰ্দত পুনৰ বানপানী হৈছিল।
মমতাক চিকিৎসালয়লৈ নিয়াৰ দিনটোৰ সৈতে একে হোৱাটো শ্ৰীকৃষ্ণৰ বাবে আশ্বৰ্যজনক আছিল। কিন্তু এইবাৰ বানপানী ইমান ভয়ংকৰ নাছিল, আৰু এম্বুলেন্সখন তেওঁলোকৰ দুৱাৰমুখলৈকে আনিবলৈ সক্ষম হৈছিল। পৰিয়ালটোৱে প্ৰিয়াক ১৫ কিলোমিটাৰ দূৰত থকা এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁ সৌভাগ্যক্ৰমে এই সংকট কেওঁলোকে পাৰ কৰিব পাৰিলে আৰু স্বাতিকা নামৰ এজনী স্বাস্থ্যৱান ছোৱালীৰ জন্ম দিলে। এইবাৰ প্ৰতিকূলতাই বাট এৰি দিছিল।
পাৰ্থ এম.এন. য়ে ঠাকুৰ ফেমিলি ফাউণ্ডেচনৰ পৰা এক মুক্ত সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ সম্পৰ্কত প্ৰতিবেদন আগবঢ়ায়। ঠাকুৰ ফেমিলি ফাউণ্ডেচনে এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত কোনো সম্পাদকীয় নিয়ন্ত্ৰণ প্ৰয়োগ কৰা নাই।
অনুবাদক: কুইলিন কাকতি