ভাৰত ৰাষ্ট্ৰ নিৰ্মাণৰ চেতনাক এক নিৰ্ণায়ক দিশ প্ৰদানত জালিয়ানাৱালা বাগৰ গণহত্যা আছিল এক উল্লেখযোগ্য কৰুণ ঘটনা। আমি সৰুৰে পৰা শুনি আহিছো কেনেদৰে ভগত সিঙে দহ বছৰ বয়সত সেই ঠাইলৈ গৈ বটল এটাত তেজলগা মাটি ভৰাই গাঁৱলৈ ঘুৰি আহিছিল। তেওঁৰ ককাৰ ঘৰৰ বাগিছাত সেই মাটিখিনিৰে ফুলৰ গছ লগাইছিল।

সহশ্ৰজন নিৰস্ত্ৰ জনতাৰ ওপৰত (বৃটিছে কোৱা মতে ৩৭৯) পঞ্জাৱৰ অমৃতসৰত ১৯১৯ৰ ১৩ এপ্ৰিলৰ দিনা ঘটা কৰুণ ঘটনাই অপৰাধী কিম্বা আগামী চৰকাৰৰ চেতনাক স্পৰ্শ কৰিব নোৱাৰিলে যেন বোধ হয়। বৃটিছ প্ৰধানমন্ত্ৰী টেৰেছা মেয়ে অনুতপ্ত হোৱা বুলি সংসদত কয় যদিও সেই গাৰ নোম শিয়ঁৰা কৰুণ ঘটনাটোৰ বাবে ক্ষমাপ্ৰাৰ্থনা নকৰিলে।

Jallianwala Bagh
PHOTO • The Tribune, Amritsar
Jallianwala Bagh
PHOTO • Vishal Kumar, The Tribune, Amritsar

সকলোকে আচৰিত কৰি আপুনি জালিয়ানাৱালা বাগলৈ নাযাব পাৰে আৰু আৱেগবিহ্বল হৈ নুঠিব পাৰে। ১০০ বছৰ পাৰ হৈ গ’ল, কিন্তু সেই পৰিকল্পিত হত্যাকাণ্ডৰ চিকাৰ হোৱাসকলৰ চিৎকাৰ এতিয়াও ভাঁহি আহে। প্ৰায় ৩৫ বছৰ আগতে মই এই ঠাই সাক্ষাৎ কৰোঁতে বেৰত লিখাৰ পৰা মই নিজকে ৰখাব পৰা নাছিলোঁঃ

সিহতে আমাৰ নিৰস্ত্ৰ জনতাৰ ওপৰত আক্ৰমণ কৰিছিল

ভীৰত হৈ চৈ লাগিছিল

সিহতে লাঠিচালনা কৰিছিল

আমাৰ হাড় ভাঙিছিল

সিহতে গুলি চলাইছিল

কিমানে শেষ নিশ্বাস এৰিছিল

আমি সাহ এৰা নাছিলো

তেওঁলোকে সাম্ৰাজ্য এৰিবলগা হৈছিল

অনুবাদঃ পংকজ দাস

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das