ঝাৰখণ্ডৰ বৰটিকাত এগৰাকী মহিলাই গৰ্ভধাৰণৰ পিছত জটিলতাৰ সন্মুখীন হোৱাত সীমা পাৰ হৈ চুবুৰীয়া ৰাজ্য ওড়িশালৈ ডাক্তৰক দেখুৱাবলৈ যাবলগীয়া হয়।
এয়া কেৱল তেওঁৰেই কাহিনী নহয়। আপুনি যদি গাঁৱত থাকে, তেন্তে স্ত্ৰীৰোগ বিশেষজ্ঞ বাদেই, আনকি এজন শল্য চিকিৎসককো দেখা কৰিবলৈ পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। গ্ৰামীণ স্বাস্থ্যব্যৱস্থাৰ আন্তঃগাঁথনি চাবলৈ গ’লে দেখিব যে সামূহিক স্বাস্থ্যকেন্দ্ৰত দক্ষতাসম্পন্ন প্ৰসৱকৰ্মী আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ ৭৪.২ শতাংশ নাটনি হৈ আছে।
আপোনাৰ যদি শিশুটো ৰুগীয়া, তেন্তে সামূহিক স্বাস্থ্যকেন্দ্ৰত শিশুৰোগ বিশেষজ্ঞ এজন পোৱাৰ সম্ভাৱনা নাই বুলিবই পাৰি, কিয়নো প্ৰয়োজনীয় তেনে পদসমূহৰ ৮০ শতাংশত এতিয়ালৈকে কাকো নিযুক্তি দিয়া হোৱা নাই।
এইবোৰ তথ্য আমি গ্ৰামীণ স্বাস্থ্যৰ পৰিসংখ্যা ২০২১-২২ৰ পৰা পাইছো। এনে বহু প্ৰতিবেদন, গৱেষণা পত্ৰ আৰু পৰিসংখ্যা, আইন আৰু নিয়মাৱলী আদি পাৰি স্বাস্থ্য আৰ্কাইভত উপলব্ধ আৰু ইয়াৰ যোগেদি ভাৰতৰ গ্ৰামীণ মহিলাৰ স্বাস্থ্যৰ অৱস্থা ভালকৈ বুজি পোৱাৰ বাবে সুবিধা কৰি দিয়ে।
এই শিতানৰ যোগেদি মহিলাৰ, বিশেষকৈ গ্ৰামীণ ভাৰতৰ মহিলাৰ স্বাস্থ্যৰ উদ্বেগজনক অৱস্থাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হৈছে। প্ৰজনন স্বাস্থ্যৰ পৰা আৰম্ভ কৰি যৌন হিংসা, মানসিক স্বাস্থ্য, ক’ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আদিকে ধৰি পাৰি স্বাস্থ্য আৰ্কাইভে মহিলাৰ স্বাস্থ্য বিভিন্ন দিশ সামৰি লৈছে। পাৰিৰ ‘সৰ্বসাধাৰণৰ প্ৰাত্যাহিক জীৱন’ সামৰি লোৱাৰ পাৰিৰ উদ্দেশ্যক শক্তিশালী কৰিছে।









