লোকগীতে যুগ যুগ ধৰি সাংস্কৃতিক জ্ঞান আৰু সামাজিক নিয়ম-কানুনুৰ ধাৰাক বোৱাই ৰাখিছে। কেতিয়াবা এই বোৱতী নৈখনৰ সাংস্কৃতিক ধাৰাক সলনি কৰা ধৰণৰ চেতনাৰ উদ্ৰেকো ঘটিছে এই লোকগীততে। সামূহিক সংস্কৃতিয়েই লোকসংগীতৰ শিপা যদিও মৌখিলভাৱে চলি অহা এই শ্ৰুতিধাৰা যি মাটিত ফলিছে-ফুলিছে, সেয়া ইমানেই কোমল যে প্ৰতিটো গীতেই ন ন ৰূপ লৈ প্ৰস্ফুটিত হৈছে।
লোকগীতত এনে এক পুনৰ্সৃজনৰ শক্তি নিহিত হৈ আছে যে এই গীতৰ যোগেদি গ্ৰামাঞ্চলৰ নাৰীৰ প্ৰাত্যাহিক জীৱনৰ বাস্তৱ ছবি ফুটি ওলাইছে। এই গীতটোত লিংগ বৈষম্যৰ যি বাস্তুৱ ছবি, সি এক সংবেদী ৰূপত কচ্ছ আৰু আহমেদাবাদৰ কণ্ঠশিল্পীৰ কণ্ঠত উপস্থাপিত হৈছে।
এই গীতটিৰ এটা বিশেষত্ব হৈছে নেপথ্যত বজোৱা বাদ্যযন্ত্ৰ জোড়িয়াপাৱা বা আলগোজা। এই সুষিৰ বাদ্যবিধ পৰম্পৰাগতভাৱে পাকিস্তানৰ সিন্ধু আৰু ভাৰতৰ কচ্ছ, ৰাজস্থান আৰু পাঞ্জাৱ শিল্পীৰ মাজত প্ৰচলিত আছিল।
કચ્છી
પિતળ તાળા ખોલ્યાસી ભેણ ત્રામેં તાળા ખોલ્યાસી,
બાઈએ જો મન કોય ખોલેં નાંય.(૨)
ગોઠ જા ગોઠ ફિરયાસી, ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય. (૨)
પિતળ તાળા ખોલ્યાસી ભેણ ત્રામે તાળા ખોલ્યાસી,
બાઈએ જો મન કોય ખોલે નાંય. (૨)
ઘરજો કમ કરયાસી,ખેતીજો કમ કરયાસી,
બાઈએ જે કમ કે કોય લેખે નાંય.
ઘરજો કમ કરયાસી, ખેતીજો કમ કરયાસી
બાઈએ જે કમ કે કોય નેરે નાંય
ગોઠ જા ગોઠ ફિરયાસી, ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય.
ચુલુ બારયાસી ભેણ,માની પણ ગડયાસી ભેણ,
બાઈએ કે જસ કોય મિલ્યો નાંય. (૨)
ગોઠ જા ગોઠ ફિરયાસી ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય. (૨)
સરકાર કાયધા ભનાય ભેણ,કેકે ફાયધો થ્યો ભેણ,
બાઈએ કે જાણ કોઈ થિઈ નાંય (૨)
ગોઠ જા ગોઠ ફિરયાસી ભેણ ગોઠ જા ગોઠ ફિરયાસી,
બાઈએ જો મોં કોય નેરે નાંય (૨)
অসমীয়া
পিতলৰ তলা খুলিছা সখি, খুলিছা তামৰ তলা (২)
কিন্তু নাৰীৰ
হৃদয়খন খুলি চাব নোৱাৰিলা,
কোনোদিনেই যে নিবিচাৰিলা চাবি।
গোপন হৈ থাকিল নাৰীৰ মন, বুজিব নিবিচাৰিলে
কেৱে
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা
সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
পিতলৰ তলা খুলিছা সখি, খুলিছা তামৰ তলা (২)
কিন্তু নাৰীৰ
হৃদয়খন খুলি চাব নোৱাৰিলা,
কোনোদিনেই যে নিবিচাৰিলা চাবি।
চোতাল-ঘৰ সৰা, নানানটা কাম,
পথাৰতো সৰে টোপাটোপে ঘাম
এচিকুটো কেৱে নকৰিলে মন।
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
নিতৌ জুহালৰ জুইতে দহিলো, সিজালো দুকঠা চাউল
কেৱে আজিলৈ শলাগকে নল’লে, ইমান যে আওহেলা। (২)
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
মচনদৰ মানুহে ইখন-সিখন আইন লিখিছে,
আমাক যে কওঁতাও নাই, জনাওতাও নাই,
কোৱাচোন সখি, তাৰপৰা বাৰু কাৰনো লাভ হৈছে? (২)
এই গাওঁ, সেই গাওঁ কৰি সাত গাওঁ ঘুৰিলা সখি
ওৰণিৰ তলতে লুকাই যে থাকিল, তাইৰ মুখখনি
মনকে নকৰিলা তুমি।
গীতৰ প্ৰকাৰ : প্ৰগতিশীল
থূপ : স্বতন্ত্ৰতা আৰু সজাগতাৰ গান
গীতৰ নং : ৮
গীতৰ শিৰোনাম : পিতলৰ তলা খুলিছা সখি, খুলিছা তামৰ তলা
লিখক : দেৱল মেহতা
কণ্ঠশিল্পী : কচ্ছ আৰু আহমেদাবাদৰ শিল্পী
ব্যৱহৃত বাদ্যযন্ত্ৰ : ঢোল, হাৰমনিয়াম, টেম্বৰিন, জড়িয়াপাৱা (আলঘোজা)
বাণীবদ্ধকৰণ চন : ১৯৯৮, কে.এম.ভি.এছ. ষ্টুডিঅ’
সুৰবাণী নামে সামূহিক অনাতাঁৰ কেন্দ্ৰ এটাই বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ এই ভঁৰাল পাৰিৰ হাতলৈ আহিছিল কচ্ছ মহিলা বিকাশ সংগঠন চমুকৈ কে.এম.ভি.এছ.ৰ যোগেদি।
প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু ভাৰতীবেন গ’ৰলৈ তেওঁৰ সহায়ৰ বাবে ধন্যবাদ
অনুবাদ: পংকজ দাস