তেওঁ নিশাৰ আহাৰ শেষ কৰিছিল, কিন্তু অন্য দিনৰ দৰে আজি টিভিৰ ওচৰত নবহিবলৈ সিদ্ধান্ত ল’লে। আজি ৰাতি ল’ৰা-ছোৱালীয়ে চেজুৱান ছচত প্ৰস্তুত কৰা শাক-পাচলিৰে ভাত খাব বুলি কৈছিল। শাক-পাচলিৰ ফেৰিৱালাই আজি পুৱা ৰঙা বা হালধীয়া কেপচিকাম দিব নোৱাৰিলে। ‘বজাৰ বন্ধ, মেডাম। এই লকডাউনত শাক-পাচলি ক’ত পাম, তাৰ উপৰি সান্ধ্য আইন আছে? এইখিনি শাক-পাচলি মোৰ নিজৰ খেতিৰ,’ একেখিনি পুৰণি পাচলিকে অনা বুলি মহিলাগৰাকীয়ে আপত্তি কৰোতে পাচলিৰ ফেৰিৱালাজনে এইদৰে দুখেৰে কয়।

ফেৰিৱালাজনে জীৱনৰ গতি কি হ’ব বুলি কিবা ক’বলৈ ধৰিছিল যদিও মহিলাগৰাকীয়ে নুশুনিলে। ল’ৰা-ছোৱালীয়ে বিচৰা মতে আজি নিশাৰ আহাৰ কিমান ভালকৈ প্ৰস্তুত কৰিব, তেওঁৰ মনত সেই কথাই দোলা দি আছে। দিনটো ভাবি ভাবি তেওঁ ঠিক কৰিলে যে চাইনীজ-থাই গ্ৰেভিৰ লগত কোক প্ৰস্তুত কৰিলে ল’ৰা-ছোৱালীকেইটাই ভাল পাব। এই দিনবিলাকত তেওঁ টিভি চাই একেবাৰে ভাল পোৱা নাই।

নিউজ চেনেলবিলাক তেওঁৰ একেবাৰে বেয়া লাগিবলৈ ধৰিছে। টিভিৰ পৰ্দাত একেবোৰ দৃশ্যকে বাৰে বাৰে দেখুৱাই থাকে। বস্তি এলেকাত পানীৰ অভাৱত দৰিদ্ৰ মানুহৰ হাহাকাৰ, সুৰক্ষা ব্যৱস্থা অবিহনে কাম কৰিছে চাফাই কৰ্মচাৰীয়ে। ইয়াতকৈও বেয়া, লাখ লাখ ভোকাতুৰ শ্ৰমিকে ঘৰ পাবলৈ আধা দূৰ বাট থাকোতে আৱদ্ধ হৈ পৰিছে, অথবা চহৰত সোমাই থাকিবলগীয়া হৈছে, খাদ্য আৰু চিকিৎসাৰ অভাৱত মৃত্যু হৈছে, কিছুমানে আত্মহত্যা কৰিছে, আন কিছুমান প্ৰব্ৰজনকাৰী শ্ৰমিকে প্ৰতিবাদ কৰিছে, দাবী জনাইছে, ৰাজপথত সংঘৰ্ষত লিপ্ত হৈছে।

উইপোকৰ দৰে অগণন শ্ৰমিক ক্ষুব্ধ হৈ পৰাৰ দৃশ্য কোনোবাই টেলিভিছনত কিমান সময় চাই থাকিব পাৰে? সেইকাৰণে মহিলাগৰাকীয়ে ৱাটচএপ খুলিলে। ৱাটচএপ গ্ৰুপত এগৰাকী বান্ধৱীয়ে নতুন ৰন্ধন কৌশল দেখুৱাইছে। খোৱা টেবুলত বহি থকা নিজৰ এখন ফটো ৱাটচএপত দিলে। আন এটা ৱাটচএপ গ্ৰুপত মুম্বাই ব্ৰীচ কেণ্ডী ক্লাবৰ ওচৰৰ সাগৰত ডলফিনে ধেমালি কৰা এটা ভিডিঅ’ মানুহে শ্বেয়াৰ কৰিছে, নাৱি মুম্বাইৰ ফ্লেমিংগ’বিলাক, কোঝিখোড়েৰ ৰাস্তাত মালাবাৰ জহামালবোৰৰ বিচৰণ, চণ্ডীগড়ৰ সম্বৰ পহু আদিৰ ভিডিঅ’ মানুহে শ্বেয়াৰ কৰিছে। হঠাতে তেওঁ দেখিছে এজাক আমৰলি পৰুৱা তেওঁৰ ম’বাইল ফোনলৈ উঠি আহিছে…

সুধান্বা দেশপাণ্ডেয়ে কবিটাটো আবৃত্তি কৰা শুনিব পাৰে

The paintings with this poem is an artist's view of the march of the 'ants'. The artist, Labani Jangi, is a self-taught painter doing her PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata

এই কবিটাটোৰ সৈতে সংলগ্ন চিত্ৰখনত শৈল্পিক দৃষ্টিভংগীৰে চিত্ৰশিল্পীগৰাকীয়ে ‘আমৰলি’ পৰুৱাৰ পদযাত্ৰা চিত্ৰায়িত কৰিছে। স্বশিক্ষিত চিত্ৰশিল্পী লাৱণি জংগীয়ে কলকাতাৰ চেণ্টাৰ ফৰ ছ’চিয়েল চায়েন্সৰ পৰা বাঙালী শ্ৰমিকৰ প্ৰব্ৰজনৰ ওপৰত পিএইচডি কৰি আছে।

আমৰলি পৰুৱা


সেই সৰু আমৰলি পৰুৱাবোৰ

এটা সৰু বস্তিৰ পৰা ওলাই আহিল

পাকঘৰৰ দৰ্জাৰ ফ্ৰেমৰ সোঁফালৰ চুকটোৰ পৰা

সিহঁতে প্ৰথমে পোনে পোনে ওপৰলৈ এশাৰী বগালে

তাৰপিছত বাওঁফালে

তাৰপিছত তললৈ

তাৰপিছত আকৌ সৰলৰৈখিক গতিৰে আগবাঢ়িল

পাকঘৰৰ প্লেটফৰ্মত

শাৰী পাতি

ইটোৰ পিছত সিটোকৈ

শ্ৰমিকৰ দল এটাৰ দৰে অনুশাসন মানি সিহঁত আগবাঢ়়িল।


সিহঁত প্ৰতিবাৰেই আহে

যেতিয়া মাকৰ হাতৰ পৰা অলপ চেনী পৰি যায়

পাকঘৰৰ মজিয়াত যেতিয়া

পঁইতাচোৰা এটা মৰি পৰি থাকে।

এটা এটা দানা

নাইবা গোটেই শৱটো কঢ়িয়াই নিয়া

একেই অনুশাসনেৰে সিহঁত ঘূৰি যোৱা

কি জঘন্য।

সিহঁতক দেখি তাই চিৎকাৰ কৰি উঠে

মাকে তাইক বচাবলৈ আহে


আজি যেন প্ৰতিশোধৰ মনৰে

সিহঁতে তাইৰ ঘৰ দখল কৰিবলৈ আহিছে

তাই ভাবি আচৰিত হয়

কেনেকৈ দোভাগ ৰাতি

তাইৰ ঘৰৰ ভিতৰত

দুঃস্বপ্ন এটাৰ দৰে সিহঁত ৰৈ আছিল

মাউখে মাউখে আমৰলি পৰুৱা

গণিব নোৱাৰা।

কোনো শাৰী নাই

কোনো শৃংখল নাই

নাই কোনো অনুশাসন

সিহঁতৰ গোটেই বস্তিটোৱে উঠি আহিছে

সিহঁতৰ বাহবোৰত

মাকে গেমাগজেন পাউডাৰ ঢালি দিলে

যেনেদৰে সিহঁত উন্মাদ হৈ পৰে

উত্তেজিত হৈ পৰে

উশাহ ল’ব নোৱাৰি সিহঁতে তাইৰ ঘৰ দখল কৰে

তেনেকৈ সিহঁত আহিছে।


তাই ততালিকে সিহঁতক সাৰি পেলায়

শোৱনী কোঠাৰ পৰা

বাগিচাখনৰ পৰা

আৰু দৰ্জাখন নিকপকপীয়াকৈ মাৰে।

কিন্তু সিহঁত আহে

লাখে লাখে আমৰলি আহে

খিৰিকীৰ ফাঁকেৰে সোমায়

দুৱাৰডলিৰ ফাঁকেৰে সোমায়

চকুৰে মণিব নোৱাৰা

দৰ্জাৰ ফাঁকেৰে সোমায়

ঘাই দুৱাৰখনৰ চাবিৰ ফুটাৰে সোমায়

বাথৰুমৰ নলাৰে সোমায়

বগা চিমেণ্টৰ মাজৰ ফাকেৰে

মজিয়াৰ টাইলচৰ মাজেৰে

চুইচব’ৰ্ডখনৰ পিছফালৰ পৰা

বেৰৰ ফাট মেলা অংশৰে

ফোপোলা কেবোলবোৰৰ মাজেৰে

আন্ধাৰ আলমাৰিবোৰৰ পৰা

বিচনাৰ তলৰ ৰিক্ততাৰে

আতংকিত আমৰলিৰ জাকবোৰ ওলাই আহিছে

নিজৰ ঘৰ বিচাৰি

ভগ্ন, বিধ্বস্ত, উচ্ছন্ন

কাৰোবাৰ হাতৰ মুঠিত চেপা খোৱা

পদপিষ্ট হৈ উশাহ হেৰুওৱা

সিহঁতৰ জীৱনৰ সন্ধানত

বুভুক্ষ সিহঁতৰ বস্তি

তৃষ্ণাতুৰ, ক্ষুব্ধ সিহঁতৰ বস্তি

উশাহ ঘূৰি নহা, ফোপাই থকা

আমৰলিৰ বস্তি।


– মূল গুজৰাটী কবিতাটোৰ পৰা লিখকে নিজে কৰা ইংৰাজী ভাঙনিৰ পৰা অনূদিত।


শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ পৰিচালক তথা ‘লেফটৱৰ্ড বুকচ’ৰ এগৰাকী সম্পাদিকা।

অনুবাদঃ পংকজ দাস

Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das