“এটা সৰু ভুল আৰু আপুনি কয়টাৰ ঠাইত চত্তুৰহে পাব!” কচাইৰ দাখনৰ সৈতে কাচি এখনৰ কিমানখিনি পাৰ্থক্য থাকে, সেয়া ভালদৰেই জনা কমাৰ চাফেকাৰে কয়। এগৰকী পাকৈত কমাৰ চাফেকাৰে মহাৰাষ্ট্ৰৰ একটান গাঁৱৰ তেওঁৰ সেই কমাৰশালত অতিকমেও ১০ হাজাৰ লোৰ সঁজুলি নিজহাতে গঢ় দিছে।

৫২ বৰ্ষীয় চাফেকাৰে এই কামটো শিকিছিল তেওঁৰ পিতৃ দত্তত্ৰেয় চাফেকাৰৰ পৰা। তেওঁলোক পাঞ্চাল লোহাৰ সম্প্ৰদায়ৰ, যিসকলৰ ইতিমধ্যে মহাৰাষ্ট্ৰৰ কৃষক সমাজৰ গ্ৰাহকৰ মাজত বৰ সমাদৰ আছে। “মানুহে কয়, ‘লোৰ কিবা সঁজুলি আনিবলগীয়া থাকিলে একতানৰ পৰাই আনিবি,’” ২৫ বিধৰো অধিক লোৰ সঁজুলি গঢ় দিব জনা বাচাই তালুকৰ সপ্তম প্ৰজন্মৰ কমাৰ চাফেকাৰে কয়।

আগতে ৯০ কিলোমিটাৰ দূৰৰ উৰানৰ নৱি মুম্বাইৰ পৰাও মানুহ আহি ইয়াৰ পৰা নাও বনোৱা বিশেষ এবিধ সঁজুলি তাচনিৰ পাইকাৰী হাৰত অৰ্ডাৰ দি গৈছিল। “গ্ৰাহকে আমাৰ ঘৰত চাৰিদিনলৈ থাকি সঁজুলিবিধ একেবাৰে আৰম্ভণিৰ পৰা পিটি পিটি গঢ় দিয়া চাই গৈছিল,” তেওঁ মনত পেলায়।

একতানৰ ঠেক গলিবোৰ জাতিভিত্তিক জীৱিকাৰ আৰ্হিত বিন্যাস কৰা আছে: সোণাৰ (সোণাৰী), লোহাৰ (কমাৰ), সুতাৰ (বাঢ়ৈ), চাম্ভাৰ (মুচিয়াৰ) আৰু কুম্ভাৰ (কুমাৰ)। গাওঁখনৰ মানুহে কয় যে তেওঁলোকে অতীজৰে পৰা স্বৰ্গৰ স্থপতি অভিযন্তা বিশ্বকৰ্মাৰ পূজা কৰি আহিছে। ২০০৮ৰ পিছত যাযাবৰ জনগোষ্ঠী হিচাপে সূচীবদ্ধ হোৱা পাঞ্চাল লোহাৰসকল তাৰ আগতে অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ আছিল।

চাফেকাৰৰ তেতিয়া বয়স ১৯ বছৰ, পৰিয়ালৰ কমাৰ কামত তেওঁৰ একেবাৰে মন নাছিল। তেওঁ ইলেকট্ৰিক দোকান এখনত ষ্ট’ৰ-কীপাৰ হিচাপে কাম কৰি মাহে ১,২০০ টকা পাইছিল। যৌথ পৰিয়ালটো ভাগি যোৱাত তেওঁৰ পিতৃ কৰ্মহীন হৈ পৰে। ঘৰৰ ডাঙৰ ল’ৰা হিচাপে তেওঁ সেয়ে পৰিয়ালৰ ব্যৱসায় চম্ভালি ল’বলগীয়া হয়।

Rajesh Chaphekar, a blacksmith in Vasai taluka's Actan village with a sickle (left) made by him.
PHOTO • Ritu Sharma
He learnt the craft from his father Dattatrey Chaphekar, whose photo he is holding (right)
PHOTO • Ritu Sharma

বাচাই তালুকৰ একতান গাঁৱৰ ৰাজেশ চাফেকাৰ, নিজে গঢ় দিয়া কাচি (বাওঁফালে) এখনৰ সৈতে। পিতৃ দত্তত্ৰেয় চাফেকাৰৰ পৰা তেওঁ সেই শিল্পনৈপুণ্য আয়ত্ব কৰিছিল, পিতৃৰ ফটো সৈতে চাফেকাৰ (সোঁফালে)

Rajesh's workshop (left) is close to the popular Actan cross (right), which leads to the lane where only lohars once lived
PHOTO • Ritu Sharma
Rajesh's workshop (left) is close to the popular Actan cross (right), which leads to the lane where only lohars once lived
PHOTO • Ritu Sharma

ৰাজেশৰ দোকানখন একতান ক্ৰছৰ কাষতে আছে, সেই কেঁকুৰিটোৰ পৰাই আগতে কমাৰৰ চুবাটো আৰম্ভ হৈছিল

এতিয়া তিনিটা দশকৰ পাছত তেওঁ এজন নিপুণ কমাৰ হৈ উঠিছে। পুৱা ৭ বজাৰ পৰা ১২ ঘণ্টালৈ তেওঁৰ কৰ্মদিন চলে, মাজে মাজে চাহ বিৰতি থাকে। এদিনত তেওঁ তিনিবিধ সঁজুলি গঢ় দিব পাৰে। তেওঁৰ গ্ৰাহকৰ ভিতৰত বাচাইৰ নিকটৱৰ্তী ভূইগাঁৱৰ ওচৰৰ বেনাপট্টি আৰু মুম্বাইৰ গোৰাই গাঁৱত বাস কৰা আদিবাসীসকল।

তেওঁৰ কমাৰশালৰ বেষ্টচেলাৰ বুলি ক’বলৈ গ’লে কয়টা (সৰু কাচি), মৰলি (পাচলি আৰু মাংস কটা সঁজুলি), আউট (নাঙল), তাচনি (চাঁচ), কাটি (মাছ কটা দা), চিমটে (কয়লা/অঙঠা আদি ধৰা চেপেনা বা চিমটা) আৰু চত্তুৰ (কঁচাইৰ দা) আদি পৰে।

ৰাজেশে গ্ৰাহকে বিচৰা ধৰণেও কিছুমান সঁজুলি নিৰ্মাণ কৰি দিয়ে, তেওঁ কয়, “প্ৰতিখন গাঁৱৰে সঁজুলিৰ নিজা নিজা ডিজাইন থাকে। তড়ি টেপাৰ (নাৰিকল গছ বগোৱা শ্ৰমিক)য়ে কাচিৰ নালটোৰ খোপনি বেছি ভাল হোৱাটো বিচাৰে।” কল আৰু নাৰিকলৰ খেতিয়কে তেওঁলোকৰ সঁজুলিবোৰ ধাৰ আৰু মেৰামতি কৰিবলৈ বছৰি তেওঁৰ ওচৰলৈ পঠিয়ায়।

“এই কামৰ বাবে আমি উপহাৰ পাই থাকো,” নাৰিকল খেতিয়ক এজনৰ কাচিখন ধাৰ কৰি দিয়াৰ বাবে পোৱা সতেজ নাৰিকলখিনি দেখুৱাই তেওঁ কয়। “কাটি (মাছ কটা দা) মেৰামতি কৰিবলৈ অনা ক’লি ভাইসকলে কেতিয়াবা সতেজ মাছ লৈ আহে,” চাফেকাৰে কয়।

তেওঁ পুণেৰ ৱাঘলিৰ পৰাও কেবাটাও অৰ্ডাৰ লাভ কৰি আহিছে, তাত কমাৰৰ সংখ্যা তেনেই তাকৰ। “ত্যানচে চাত্তুৰ আস্তাত বাকৰে কাপায়ালা (তেওঁলোকে ছাগলীৰ মাংস কাটিবলৈ দা অৰ্ডাৰ কৰে)।”

নতুন সঁজুলি বনোৱাত অতি আগ্ৰহী চাফেকাৰে টান শুকান নাৰিকল কাটিবলৈ বিশেষ এবিধ কাচি গঢ় দিছে। “মই পৰীক্ষা-নিৰীক্ষা চলাই থাকো। কিন্তু সেয়া আপোনাক নেদেখুৱাও। তাত মোৰ স্বত্ব আছে!” তেওঁ হাঁহি মাৰি কয়। সেইখিনি সঁজুলিৰ ফটো তোলাটো তেওঁ নিবিচাৰে।

Rajesh can make more than 25 different types of tools (left), many of which he innovates for his customers (right) after understanding their requirements
PHOTO • Ritu Sharma
Rajesh can make more than 25 different types of tools (left), many of which he innovates for his customers (right) after understanding their requirements
PHOTO • Ritu Sharma

ৰাজেশে ২৫ বিধ সঁজুলি গঢ় দিব জানে (বাওঁফালে), তাৰে ভালেখিনি সঁজুলি গ্ৰাহকে বিচৰা ধৰণে গঢ় দি আহিছে (সোঁফালে)

Sonali Chaphekar, Rajesh's wife holds a traditional morli used to cut vegetables and fruits (left).
PHOTO • Ritu Sharma
For elderly women who can't sit on the floor, Rajesh has designed a compact morli that be attached to the kitchen platform (right)
PHOTO • Ritu Sharma

ৰাজেশৰ পত্নী সোণালী চাফেকাৰে পাৰম্পৰিক মৰলি (বাওঁফালে) এখন হাতত লৈ আছে (শাক-পাচলি কাটিবলৈ ব্যৱহৃত সঁজুলি)। মজিয়াত বহিব নোৱাৰা মহিলাৰ বাবে ৰাজেশে এখন বিশেষ ধৰণৰ মৰলি গঢ়িছে, যিখন পাকঘৰৰ ৰেকত লগাব পাৰি

আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰীৰ ভিতৰত আছে মৰলি, পাকঘৰৰ ৰেকত লগাব পৰা পাচলি কটা সঁজুলি। মজিয়াত বহি হাউলি পাচলি কাটিবলৈ অসুবিধা পোৱা বয়সস্থ মহিলাৰ বাবে এইবিধ সঁজুলি তেওঁ বিশেষভাৱে সাজি উলিয়াইছে।

বাৰিষাৰ দিনকেইটাত, যেতিয়া কৃষকসকলে চহৰখনত দিনহাজিৰা কৰিবলৈ ওলাই যায়, তেতিয়া তেওঁৰ বিক্ৰী কমে। “কেতিয়াবা মই দিনটোত ১০০ টকা পাওঁ, কেতিয়াবা আকৌ ১০ টকাও হয়গৈ। কেতিয়াবা আকৌ ৩,০০০ বা ৫,০০০ টকা পাম, পিছদিনা আকৌ খালিহাতে বহি থাকিব লাগিব। কোনদিনা কি হ’ব, একো থিৰাংকৈ ক’ব নোৱাৰি,” নিজৰ উপাৰ্জনৰ বিষয়ে তেওঁ কয়। “গিৰহাইক আনি মৰান কাধি য়েটিল কাই সাংতা য়েতা কা? [গ্ৰাহক বা মৃত্যুৱে কেতিয়া আপোনাৰ দুৱাৰত টোকৰ মাৰিব, আপুনি জানো আগতীয়াকৈ ক’ব পাৰিব?]।”

*****

প্ৰতিদিনে পুৱা ৰাজেশে তেওঁৰ ভাতীত কয়লা পোৰে, দেওবাৰেও তেওঁ বহি নাথাকে।

পাৰিয়ে সাক্ষাৎ কৰাৰ দিনা তেওঁৰ অগ্নিশালখনত জুই দিছিল মাত্ৰ, স্থানীয় লোক এজনে আলু এটা লৈ উপস্থিত হ’ল। কথা-বতৰা একো নাই, তেওঁ আলুটো অগ্নিশালখনৰ চুক এটাত ভৰালে। “কয়লাত পোৰা আলু খাই তেওঁ ভাল পায়, এঘণ্টাত আলুটো ভালকৈ সিজি উঠিব,” তেওঁ আমাক কয়।

দিনটোৰ প্ৰথমজন গ্ৰাহক আহি পাওতে বেছি অপেক্ষা কৰিবলগীয়া নহ’ল। তেওঁ কাচিখন ধাৰ কৰিবলৈ আহিছে। তেওঁ গ্ৰাহকজনক প্ৰশ্ন কৰিছে, “বৰ লৰালৰিকৈ লাগে নেকি?” গ্ৰাহকজনে ইমানো সোনকালে নালাগে বুলি কোৱাত তেওঁক কেইদিনমান পিছত আহিবলৈ চাফেকাৰে কয়।

“সকলোখিনি অকলেই কৰিব লাগে, সহায় কৰিবলৈ কোনো নাই। সেয়ে সুধি লওঁ,” চাফেকাৰে কয়।

দিনটোৰ অৰ্ডাৰবোৰ আহিবলৈ লয় মানে তেওঁ কেঁচামালখিনি যোগাৰ কৰি লয়। যোগাৰখিনি কৰি লোৱাটো জৰুৰী, কিয়নো এবাৰ তেওঁ শালত পাগ উঠিলে গোটেইখিনি বস্তু হাততে ঢুকি পোৱাকৈ থাকিব লাগিব। তেওঁ ছয়ৰ পৰা আঠ কিলোমান কয়লা পাত্ৰ এটাত লৈ তাৰপৰা শিলৰ টুকুৰাবোৰ হাতেৰে আঁতৰাবলৈ লয়। “সৰু সৰু শিলে প্ৰক্ৰিয়াটো মন্থৰ কৰি তোলে,” জুই জ্বলোৱাৰ আগে আগে সেইবোৰ আঁতৰাই লোৱাটো জৰুৰী বুলি তেওঁ কয়।

Rajesh removing small stones from the coal (left).
PHOTO • Ritu Sharma
He adds small strands of wood shavings (right) to ignite the forge
PHOTO • Ritu Sharma

চাফেকাৰে কয়লাৰ পৰা শিলবোৰ আঁতৰাইছে (বাওঁফালে)। জুইকুৰা জ্বলিবলৈ তেওঁ তাত কাঠৰ চকলা যোগ দিছে (সোঁফালে)

The raw metal (left) is hammered and shaped on the airan (metal block). It is periodically placed inside the forge for ease of shaping
PHOTO • Ritu Sharma
The raw metal (left) is hammered and shaped on the airan (metal block). It is periodically placed inside the forge for ease of shaping
PHOTO • Ritu Sharma

কেঁচা লো (বাওঁফালে) প্ৰথমে হাতুৰীৰে কোবাই তাক আকাৰ দি লোৱা হয়, কামটো সহজে কৰিবলৈ সেয়া মাজে-সময়ে অগ্নিশালত দি লোৱা হয়

অগ্নিশালত জুই লাগিবলৈ প্ৰবীণ কমাৰজনে কয়লাৰ ওপৰত কাঠৰ চকলা অলপ যোগ দিয়ে। ভাটা, আগতে ধামনি বুলি কোৱা হৈছিল, সিটোৱে জুইকুৰা জ্বলি থকাত সহায় কৰে। ই অগ্নিশাললৈ অহা বতাহৰ গতিও নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু শালখনত অঙঠা জ্বলি থাকিবলৈ অতিৰিক্ত বায়ুও যোগান ধৰে।

কেঁচামাল পাঁচৰ পৰা সাত মিনিট সময় গৰম হ’বলৈ ভাতীত ৰখা হয়। এবাৰ পাগ উঠাৰ পিছত ধাতুবিধ আইৰান (নিয়াৰি)ত ৰখা হয়। তাৰপিছত চাফেকাৰে লোটুকুৰা কেইছেকেণ্ডমানৰ কাৰণে তলমুৱাকৈ ধৰি ঘনেৰে (হাতুৰীৰে) ঘনকৈ পিটে, “লো গৰম হৈ থাকোতে হাতুৰীৰে পিটি তাক গঢ় দিব লাগিব, নহ’লে আকাৰ সঠিক নহ’ব,” তেওঁ বুজাই কয়।

চাফেকাৰে সৰু হাতুৰী এটা ব্যৱহাৰ কৰিছে, আনহাতে তেওঁৰ পুত্ৰ ওমে ডাঙৰ এটা হাতুৰী লৈছে। দুয়ো ধাতু পিটা আৰু গৰম কৰাৰ সেই কষ্টসাধ্য প্ৰক্ৰিয়া প্ৰায় এঘণ্টাধৰি চলোৱাৰ মূৰকত বিচৰামতে তাক গঢ় দিব পাৰিছে। সঁজুলিবিধ সাজু হোৱাৰ পিছত তাৰ নালটোৰ এটা মূৰে মাণ্ডল (গোলাকাৰ ষ্টীলৰ ৰিং এটা) লগোৱা হয়, যাতে নালটোত সঁজুলিবিধ টানকৈ লাগি থাকে।

তেওঁ ৮০ বছৰ পুৰণি শান ব্যৱহাৰ কৰি সঁজুলিবোৰ ধাৰ কৰে। চাফেকাৰে মগ্ৰি নামে এবিধ হাতে-সজা সঁজুলিৰে সামগ্ৰীবিধক চূড়ান্ত ৰূপ দিছে। এই সঁজুলিবিধ তেওঁক পিতৃ দত্তত্ৰেয়য়ে দিছিল।

তেওঁৰ কমাৰশালখন সাধাৰণতে ধোঁৱাৰে ভৰি থাকে। অৱশ্যে তেওঁৰ কোনো অসুবিধা হোৱা যেন নালাগে। “মই সেই গৰম ভাল পাওঁ। মজা আতা হ্যে মেৰেকো (মই সেয়া উপভোগ কৰোঁ)।” অগ্নিশালখনৰ একেবাৰে ওচৰতে বহি থকাটো টান কাম, সেয়ে সকাহ পাবলৈ তেওঁ মাজে মাজে ভৰিত পানী মাৰি লয়।

Left: Rajesh shaping his tools using a small hammer.
PHOTO • Ritu Sharma
Right: His son Om helps out in the workshop
PHOTO • Ritu Sharma

বাওঁফালে: সৰু হাতুৰী এটাৰে চাফেকাৰে সঁজুলিবোৰক আকাৰ দিছে। সোঁফালে: তেওঁৰ পুত্ৰ ওমে তেওঁক সহায় কৰিছে

The veteran blacksmith is almost done shaping the sickle (left).
PHOTO • Ritu Sharma
The last step is to attach the maandal (steel circular ring) and wooden base to it (right)
PHOTO • Ritu Sharma

প্ৰবীণ কমাৰজনৰ হাতত কাচিখনে চূড়ান্ত ৰূপ পাবৰ হৈছে (বাওঁফালে)। দুটা কাম কৰিবলৈ আছে, সেয়া হৈছে মাণ্ডল (ষ্টীলৰ ৰিং লগোৱা) আৰু কাঠৰ নাল লগোৱা (সোঁফালে)

য়ুটুবাৰ এজনে তেওঁৰ কামৰ ভিডিঅ’ ভাইৰেল কৰাৰ পিছৰে পৰা দেশৰ বাহিৰৰ পৰাও তেওঁ প্ৰবাসী ভাৰতীয়ৰ অৰ্ডাৰ পাইছিল। কিন্তু তেওঁৰ সঁজুলিবোৰ অস্ত্ৰ হিচাপে তালিকাভূক্ত বাবে তেওঁ সেয়া পঠিয়াব নোৱাৰিলে। এতিয়া অষ্ট্ৰেলিয়াৰ পৰা গ্ৰাহকে নিজে তেওঁৰ কমাৰশালৰ পৰা কচাইখানাৰ দা নিবলৈ ভাৰতলৈ আহে।

চাফেকাৰৰ ভালেখিনি নিয়মীয়া গ্ৰাহক আছে, কিন্তু তেওঁ অৰ্ডাৰবোৰ সম্পূৰ্ণ কৰিবলৈ অসুবিধা পাইছে। তেওঁক সহায় কৰিবলৈ দ্বিতীয়জন নাই। “গ্ৰাহকক কাইলৈ আহিবলৈ ক’ব মই নোৱাৰো,” তেওঁ কয়।

তেওঁৰ সম্প্ৰদায়ৰ ভালেমান লোক এতিয়া থানে নাইবা মুম্বাইৰ আশে-পাশে ভাল উপাৰ্জন পাবপৰা কামৰ সন্ধানত ওলাই গৈছে। “খেতিৰ মাটি নাথাকিলে মানুহে কৰিবনো কি,” তেওঁ প্ৰশ্নৰ সুৰত কয়। তেওঁ ৩০ বছৰ আগৰ দিন মনত পেলায় যেতিয়া তেওঁৰ গলিটোত ১০-১২ জন কমাৰ আছিল, “আতা ডনাচ ৰহিলে! (এতিয়া মাত্ৰ দুজন আছে)।” চাফেকাৰত বাদে আনজন তেওঁৰ সম্প্ৰদায়ৰ কমাৰ হৈছে তেওঁৰ ভায়েক। তেওঁৰ পত্নী সোণালী স্কুলৰ শিক্ষয়িত্ৰী আৰু তেওঁৰ গিৰীয়েকে এই কমাৰশালখন নুমুৱাবলৈ নিদিয়াক লৈ তেওঁ গৌৰৱান্বিত। “আজিকালি সকলো ইজি-মানি লাগে। কোনে এই গৰমত কমাৰশালত বহি হাতুৰী কোবোৱাৰ সাহস ৰাখে?” সোণালীয়ে প্ৰশ্ন কৰে।

তেওঁৰ বিশ বৰ্ষীয় পুত্ৰই অভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়নৰত। “তাক বন্ধৰ দিনত আমাৰ কামত সহায় কৰিবলৈ কওঁ। এয়া আমাৰ সম্প্ৰদায়ৰ কাম। এই শিল্পকৌশল হেৰাই যাব নালাগিব।” মৃত্যুৰ পিছত আটাইখিনি সঁজুলি পুত্ৰই সংৰক্ষণ কৰি ৰখাটো চাফেকাৰে বিচাৰে। “মোৰ তাত এতিয়াও মোৰ পিতৃ আৰু ককাৰ সঁজুলিবোৰ আছে। হাতুৰীৰ কোবৰ চিন চায়েই কৈ দিব পাৰি, কোনবিধ সঁজুলি কোনে বনাইছে। প্ৰত্যেকৰে হাতুৰীৰ কোব বেলেগ আছিল।”

The lohar adds final touches to the sickle (left) and puts it inside the forge (right)
PHOTO • Ritu Sharma
The lohar adds final touches to the sickle (left) and puts it inside the forge (right)
PHOTO • Ritu Sharma

কমাৰে কাচিখনত (বাওঁফালে) চূড়ান্ত ৰূপ দিব লৈছে আৰু সেয়া অগ্নিশালত ভৰাইছে (সোঁফালে)

Rajesh sharpens (left) and then files (right) the newly crafted tools before they are handed over to the customer
PHOTO • Ritu Sharma
Rajesh sharpens (left) and then files (right) the newly crafted tools before they are handed over to the customer
PHOTO • Ritu Sharma

ৰাজেশ চাফেকাৰে (বাওঁফালে) নতুনকৈ গঢ়া সঁজুলি গ্ৰাহকক দিয়াৰ আগেয়ে শানত ধাৰ কৰিছে

ৰন্ধনত ব্যৱহাৰ নকৰা কয়লা কিনি অগ্নিশালখন চলোৱাটো তেওঁৰ বাবে টান হৈ পৰিছে। উল্লেখ্য যে কয়লা ইণ্ডিয়া লিমিটেডে হাই-গ্ৰেড কয়লাৰ দাম ২০২৩ত ৮ শতাংশ বৃদ্ধি কৰিছিল। “মই এই কামত ধৰাৰ সময়ত (৩২ বছৰ আগত) কয়লাৰ কিলো আচিল ৩ টকা, এতিয়া ৫৮ টকা হৈছে,” তেওঁ কয়।

কয়লাৰ বাবদ হোৱা খৰছখিনি উদ্ধাৰ কৰাটো তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। তেওঁ কাচি একন ৭৫০ টকাত বিক্ৰী কৰে। এখন কাচি গঢ়োতে তেওঁক প্ৰায় ছয় কিলো কয়লা লাগে আৰু কেঁচামালৰ ওজন দুইৰ পৰা তিনি কিলো হয়, প্ৰতি টুকুৰা লোত ১২০ৰ পৰা ১৪০ টকা দিব লাগে। কাঠৰ নালটো পাইকাৰী হাৰত আনিলে ১৫ টকাকৈ পৰে, কিন্তু এটা-দুটা আনিলে এটা নালত ৬০ টকা ভৰিবলগীয়া হয়।

“হিচাপ কৰি চাওকচোন, মোৰ হাতত কিমান টকা ৰয়গৈ?”

কয়লাৰ দাম বঢ়াৰ উপৰিও ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰাও কমিছে। এসময়ত বাঢ়ৈ আৰু কমাৰ আছিল বন্ধু, ইজনে সিজনক খৰছ কমোৱাত সহায় কৰিছিল। “আমি আজিকালি ব্যৱহাৰ কৰাৰ দৰে বাবুল কাঠৰ পৰিৱৰ্তে খৈৰ কাঠেৰে নাল বনাইছিলো। বাঢ়ৈয়ে হাবিলৈ যাওতে আমালৈ সেই কাঠ লৈ আহিছিল। তাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ ম’হগাড়ীৰ বক্সিং (ভিতৰত লগোৱা ধাতু) আৰু হাব বেণ্ড বনাই দিছিলো। এনেদৰে আমি ইজনে সিজনক সহায় কৰিছিলো।”

Left: The blacksmiths would help carpenters by making the circular bands that hold the wheels of the bullock cart together.
PHOTO • Ritu Sharma
Right: Rajesh holding the finishing sickle made by him
PHOTO • Ritu Sharma

বাওঁফালে: কমাৰে বাঢ়ৈক ম’হগাড়ীৰ হাব বেণ্ড বনাই সহায় কৰিছিল, আনফালে বাঢ়ৈয়ে কমাৰক নাল বনোৱাৰ বাবে ভাল কাঠ আনি দিছিল। সোঁফালে: নিজে বনোৱা কাচি এখনৰ সৈতে ৰাজেশ চাফেকাৰ

জুই আৰু ধাতুৰ সৈতে কাম কৰিলে আঘাত পোৱাৰ সম্ভাৱনা সদায়েই থাকে। বজাৰত প্ৰটেক্টিভ গিয়েৰ পোৱা যায় যদিও সেইবোৰ পিন্ধিলে উশাহ নোপোৱা যেন লাগে। তেওঁৰ পত্নী সোণালীয়ে অগ্নিশালৰ পৰা ৰাজেশে আঘাত পাব বুলি চিন্তিত হয়। তেওঁ কয়, “লোৰ কাম কৰি থাকোতে কেতিয়াবা হাতত আঘাত পায়, এবাৰ ভৰিখনতো দুখ পাইছিল।”

কিন্তু ৰাজেশ চাফেকাৰ কেতিয়াও থমকি ৰোৱা নাই। “বহি থাকিলে নহ’ব। ভাতী খুলিবই লাগিব। কয়লা পুৰিবই লাগিব।”

আজোককাৰ দিনৰ পৰা চলি অহা এই বৃত্তি তেওঁ এৰি দিয়া নাই, তেওঁ কয়, “এই কামেৰেই ঘৰখন চলি আছে।”

অনুবাদ: পংকজ দাস

Ritu Sharma

Ritu Sharma is Content Editor, Endangered Languages at PARI. She holds an MA in Linguistics and wants to work towards preserving and revitalising the spoken languages of India.

Other stories by Ritu Sharma
Jenis J Rumao

Jenis J Rumao is a linguistics enthusiast with an interest in culture and language through hands-on research.

Other stories by Jenis J Rumao
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das