চিত্ৰদুৰ্গৰ আটাইতকৈ জনপ্ৰিয় ভোজনালয় ’শ্ৰী লক্ষ্মী ভৱন টিফিন ৰুম’ৰ ভিতৰৰ দেৱালত আঁৰি থোৱা কানাড়া ভাষাত লিখিত জাননীখন যদি আমি ভালদৰে পঢ়ি চাওঁ:

গ্ৰাহকৰ জ্ঞাতাৰ্থে

প্ৰিয় গ্ৰাহক , আমাৰ হাতত ২,০০০ টকীয়া নোটৰ খুচুৰা নাই। অনুগ্ৰহ কৰি যিমানখিনি হয়, সিমান টকা নাইবা সৰু নোট দিয়ে যেন

The notice on the wall inside the Sri Lakshmi Bhavan Tiffin Room – Chitradurga’s most famous eating place –  written in Kannada
PHOTO • P. Sainath

শ্ৰী লক্ষ্মী ভৱন টিফিন ৰুমৰ বেৰত আঁৰি থোৱা জাননীখন

২০১৬ চনৰ ৮ নৱেম্বৰত দেশত বিমুদ্ৰাকৰণ ঘোষণা কৰা হোৱাৰ কিছুদিন পাছতেই হোটেলখনে উপৰোক্ত জাননীখন আঁৰিছিল৷ মেনেজাৰ এছ. মুৰলীৰ ভাষ্যমতে “ই আমাৰ ব্যৱসায়ক বাৰুকৈয়ে মাধমাৰ শোধালে! প্ৰথম ৩-৪ মাহতেই আমাৰ আধা ব্যৱসায় ডুবি গ’ল৷ সেই সময় ইমানেই বেয়া আছিল যে মানুহে ইয়ালৈ আহি একো নোখোৱাকৈ গুচি গৈছিল৷” এয়াই আছিল কৰ্ণাটকৰ জিলা সদৰ চিত্ৰদুৰ্গ চহৰত অৱস্থিত এখন লেখত ল’বলগীয়া হোটেলৰ দুৰৱস্থা!

পিছে আমি তেতিয়া প্ৰশ্ন কৰিলোঁ- “এতিয়া এবছৰ পাছত মুদ্ৰাৰ স্থিতি ভালেখিনি সলনি হৈছে, মানুহৰ হাতলৈ নগদ ধন ঘূৰি আহিব ধৰিছে, এতিয়াও এই জাননীখনৰ আৱশ্যকতা আছে জানো?’ মুৰলীয়ে তেতিয়া হাঁহি মাৰি ক’লে- “হয় বাৰু, পৰিস্থিতি এতিয়া আগতকৈ বহুত বেছি উন্নত হৈছে, তথাপিও আমি সেই জাননীখন থকাটো বিচাৰিছো৷” তেওঁৰ অব্যক্ত বাৰ্তাটো হ’ল- কোনে জানে বিমুদ্ৰাকৰণৰ যে আকৌ পুনৰাবৃত্তি নহ’ব! আৰু ক’বতো নোৱাৰি চৰকাৰে ততাতৈয়াকৈ গুৰুতৰ কিবা পদক্ষেপ গ্ৰহণ কৰে নেকি ভবিষ্যতলৈ?

ভাগ্যে আমাৰ হাতত সৰু নোট আছিল৷ ইয়াৰ দোছাৰ সোৱাদৰ কোনো তুলনা নাই৷ বিখ্যাত চিত্ৰদুৰ্গ কিল্লা চোৱাৰ কাৰণে ইয়ালৈ সঘনাই পৰ্যটকৰ লগতে ওচৰৰ চহৰবোৰৰ পৰাও বহুত মানুহৰ আগমন ঘটে৷ মই এইখন টিফিন ৰুম হোটেললৈ সকলোকে আহি ইয়াৰ সুস্বাদু ব্যঞ্জনসমূহ উপভোগ কৰিবলৈ আহ্বান জনালোঁ, মাত্ৰ ২০০০ টকাৰ নোট লৈ নাহিব!

অনুবাদ: ডেইটী

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity