আৰব সাগৰৰ বুকুৰ লক্ষদ্বীপৰ অন্তৰ্গত দ্বীপবোৰ নাৰিকল গছেৰে ভৰি আছে, নাৰিকলৰ ফলটোৰ বাকলিৰ পৰা ৰছী বনোৱা কামটো তাৰে অন্যতম ঘাই শিল্প উদ্যোগ।

মাছ ধৰা আৰু নাৰিকলৰ খেতি কৰাৰ লগতে নাৰিকলৰ ৰছী বনোৱাটোও লক্ষদ্বীপৰ অন্যতম উল্লেখনীয় জীৱিকা। লক্ষদ্বীপত নাৰিকলৰ ডিফাইবাৰিং কৰা সাতটা, আঁহ উৎপাদন কৰা ছটা আৰু আঁহবোৰ মেৰিওৱা কাম কৰা সাতটা কাৰখানা আছে (২০১১ৰ লোকপিয়ল অনুযায়ী)।

এই খণ্ডটোত সাত লাখৰো অধিক ভাৰতীয় নিয়োজিত হৈ আছে। নাৰিকলৰ আঁহ উলিয়াই তাৰ পৰা ৰছী বনোৱা কামত নিয়োজিত সৰহভাগেই মহিলা । প্ৰযুক্তিৰ ফালৰ পৰা উন্নয়ন হৈছে ঠিকেই, হাতৰ কামবোৰ মেচিনে দখল কৰিছে, তথাপি নাৰিকলৰ ৰছী বনোৱা কামটোত এতিয়া প্ৰচুৰ শ্ৰমৰ প্ৰয়োজন হয়।

লক্ষদ্বীপৰ নাৰিকলৰ আঁহ উৎপাদন আৰু প্ৰদৰ্শন কেন্দ্ৰ কাভাৰাট্টিত ১৪ গৰাকী মহিলাৰ এটি দলে ছটা মেচিনৰ সহায়ত নাৰিকলৰ বাকলি এৰুৱাই ৰছী বনোৱা কাম কৰে। প্ৰতিদিন দুটা চিফটত সোমবাৰৰ পৰা শনিবাৰলৈ কাম কৰি তাৰে শ্ৰমিকে মাহে ৭,৭০০ টকা উপাৰ্জন কৰে। প্ৰথম চিফটত তেওঁলোকে ৰছী বনায় আৰু দ্বিতীয় চিফটত যন্ত্ৰ-পাতি চাফাইৰ কাম কৰে। ৰছীবোৰ কেৰেলাৰ কয়াৰ বৰ্ডে ৩৫ টকা কিলো দৰত কিনি নিয়ে।

এইধৰণৰ আঁহ উৎপাদন আৰু মেৰিওৱা কাৰখানা অহাৰ আগেয়ে পৰম্পৰাগত পদ্ধতিৰে হাতেৰে এই কাম কৰা হৈছিল। সেই আঁহেৰে ঢাৰি-পাটী, ৰছী আৰু জাল আদি বিভিন্ন সামগ্ৰী বনোৱা হৈছিল। “আমাৰ ককা-আইতা পুৱা পাঁচ বজাতে উঠি কাৱাৰাট্টিৰ উত্তৰফালে সাগৰতীৰলৈ গৈছিল। তাত নাৰিকলবোৰ এমাহৰ বাবে মাটিত পুতি থৈছিল,” ফাটিমাই কয়।

“তাৰপিছত নাৰিকলবোৰ পিটি পিটি তাৰ পৰা আঁহবোৰ এনেকৈ উলিওৱা হয়...” ৩৮ বছৰ বয়সীয়া ফাটিমাই নিজহাতে কৰি দেখুৱায়। “আজিকালি ৰছীবোৰ ইমান ভাল নহয়, বৰ পাতল,” এনেতে আকাশবাণী কাভাৰাট্টিত বাতৰি ঘোষিকা এগৰাকীৰ কণ্ঠ ভাঁহি আহে।

হাতেৰে নাৰিকলৰ ৰছী বনোৱাৰ দিনবোৰৰ কথা মনত পৰে লক্ষদ্বীপৰ বিত্ৰা গাঁৱৰ আব্দুল খাদাৰৰো। সেই ৰছীৰেই তেওঁ নিজৰ নাওখন বান্ধিছিল বুলি ৬৩ বৰ্ষীয় এইগৰাকী মৎস্যজীৱিয়ে কয়। পঢ়িব পাৰে: লক্ষদ্বীপৰ ভগ্ন প্ৰৱাল প্ৰাচীৰৰ কান্দোন

কাভাৰাট্টি কয়াৰ উৎপাদন কেন্দ্ৰত আব্দুল খাদাৰ আৰু আন শ্ৰমিকসকলে কেনেদৰে হাত আৰু মেচিন দুয়োধৰণে নাৰিকলৰ ৰছী প্ৰস্তত কৰে, সেয়া এই ভিডিঅ’টোৰ যোগেদি দেখুওৱা হৈছে।

ভিডিঅ’টো চাওক : নাৰিকলৰ ৰছী বনোৱা শিল্প

অনুবাদ পংকজ দাস

Sweta Daga

Sweta Daga is a Bengaluru-based writer and photographer, and a 2015 PARI fellow. She works across multimedia platforms and writes on climate change, gender and social inequality.

Other stories by Sweta Daga
Editor : Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

Other stories by Siddhita Sonavane
Video Editor : Urja

Urja is Senior Assistant Editor - Video at the People’s Archive of Rural India. A documentary filmmaker, she is interested in covering crafts, livelihoods and the environment. Urja also works with PARI's social media team.

Other stories by Urja
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das