বৰ্ষ ২০২৩ত পাৰিৰ তথ্যচিত্ৰ শিতানটো সমৃদ্ধ হৈ পৰিছে। বছৰটোত গ্ৰামীণ ভাৰতৰ ওপৰত আধাৰিত ভালেমান ভিডিঅ’, তথ্যচিত্ৰ, ছুটিছবি আৰু ফিচাৰ ফিল্ম পাৰিত যোগ দিয়া হৈছে।

অনলাইন জাৰ্নেল হিচাপে আমি এনেবোৰ চলচ্চিত্ৰক অধিক গুৰুত্ব দিছো, যিয়ে আমাৰ চৌপাশৰ ঘটনাৱলীৰ ওপৰত কঢ়া নজৰ ৰাখে। বিহাৰৰ মাদ্ৰাছা আজিজিয়াৰ ওপৰত নিৰ্মাণ কৰা আমাৰ ফিল্মখনৰ যোগেদি বিহাৰচৰিফত ১১৩ বছৰ পুৰণি এখন মাদ্ৰাছা, লগতে হাজাৰ হাজাৰ মূল্যৱান কিতাপেৰে ভৰা গ্ৰন্থাগাৰ কূটাঘাতকাৰীয়ে জ্বলাই ছাৰখাৰ কৰি পেলোৱা ঘটনা অনুসন্ধানমূলক দৃষ্টিৰে চোৱা হৈছে। নৱীকৰণযোগ্য শক্তিৰ ওপৰত নিৰ্মিত আমাৰ তথ্যচিত্ৰখনে কিদৰে জয়চালমেৰ জিলাৰ পবিত্ৰ অ’ৰন ভূমিক পতিত মাটি বুলি দেখুৱাই সেয়া বায়ুকল আৰু সৌৰশক্তিৰ প্ৰকল্পক গতাই দিয়া কাৰবাৰে অ’ৰনভূমি সংকটাপন্ন কৰি তুলিছে, সেই বিষয়টো দাঙি ধৰা হৈছে।

বছৰটোৰ আৰম্ভণি কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজুলীৰ এগৰাকী মিচিং জনগোষ্ঠীৰ ম’হৰখীয়াৰ প্ৰেম আৰু জীৱনৰ ঐনিতমেৰে। গোটেই বছৰটোত আমি দেশৰ বিভিন্ন ৰাজ্য যেনে পশ্চিমবংগ, চত্তীশগড়, কৰ্ণাটক, ৰাজস্থান আৰু আন বিভিন্ন ঠাইৰ গীত আৰু নৃত্য প্ৰকাশ কৰি আহিছো।

বছৰটো আমি শেষ কৰিছো জাঁতশালৰ গীতৰ প্ৰকল্পৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰৰে, যিয়ে দশকৰ পিছত দশক চলি অহা এই অভূতপূৰ্ব গীতৰ পৰম্পৰাৰ নথিভুক্তকৰণৰ যাত্ৰাক অব্যাহত ৰাখিছে।

এইবছৰ আমি আন এক গুৰুত্বপূৰ্ণ তথ্যচিত্ৰ মোল প্ৰকাশ কৰিছো, য’ত পুণেৰ জাবৰ সংগ্ৰহকাৰী মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহ দাঙি ধৰা হৈছে। এই তথ্যচিত্ৰত মহিলাসকলে প্ৰশ্ন উত্থাপন কৰিছে, “জাবৰ যদি আপুনি সৃষ্টি কৰিছে, তেন্তে আমি কেনেকৈ কচ্ছৰেৱালি হ’লো?” আকৌ পৰিৱৰ্তিত জলবায়ুৰ ওপৰত আধাৰিত এলফনচ’ আমৰ তথ্যচিত্ৰখনৰ যোগেদি অনিয়মীয়া হৈ পৰা বৃষ্টিপাতৰ ওপৰত আলোকপাত কৰা হৈছে।

গোটেই বছৰটোত আমি আমাৰ আৰ্কাইভত বিভিন্ন সম্প্ৰদায়ৰ ওপৰত আধাৰিত তথ্যচিত্ৰ যোগ দিছো। মাদিগা সম্প্ৰদায়ৰ দ্বাৰা মেদামপুৰমত আয়োজিত উগাড়ি উৎসৱৰ ওপৰত আধাৰিত তথ্যচিত্ৰখনে দলিতসকলৰ ৰং-ৰহইচৰ পৰম্পৰাক পুনৰুজ্জীৱিত কৰি তুলিছে। তোলপাৱকুট্টুৰ ছাঁ পুতলানাচৰ শিল্পৰ সংঘৰ্ষৰ ওপৰত নিৰ্মিত এই দীঘলীয়া তথ্যচিত্ৰখনত কেৰালাৰ মালাবৰ অঞ্চলৰ সাংস্কৃতিক ঐক্য-সংহতিৰ বৈচিত্ৰতাক পুতলা নাচৰ কাহিনীয়ে কেনেদৰে অক্ষুণ্ণ ৰাখিছে, সেয়া দাঙি ধৰা হৈছে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ নাদ স্বৰম বাদক এজনৰ জীৱনটো এই তথ্যচিত্ৰখনে সুন্দৰকৈ দাঙি ধৰিছে, যি তুলুনাৰুৰ ভূত পূজাৰ অভিন্ন অংশ। একেদৰে কালৰ সোঁতত হেৰাই যাব ধৰা পশ্চিমবংগৰ লষ্ট ৱেক্স-কাষ্টিং পদ্ধতিৰে ধাতুৰ সামগ্ৰী নিৰ্মাণ কৰা ডোক্ৰা শিল্পৰ ওপৰতো এখন তথ্যচিত্ৰ পাৰিত প্ৰকাশ পাইছে।

আমাৰ এই তথ্যচিত্ৰবোৰ চাবলৈ আপোনালোকক আহ্বান জনালোঁ !

ছাৰখাৰ জ্ঞানৰ ভঁৰাল

বিহাৰচৰিফত ১১৩ বছৰ পুৰণি মাদ্ৰাছা এখন আৰু ৪,০০০ৰো অধিক কিতাপ সম্বলিত গ্ৰন্থাগাৰ কূটাঘাতকাৰীয়ে জ্বলাই ছাৰখাৰ কৰি পেলালে।

১২ মে’, ২০২৩ | শ্ৰেয়া কাত্যায়িনী

বায়ুকলৰ বলি জয়ছেলমেৰৰ অ’ৰনৰ পক্ষীকুল

চৰকাৰী তথ্যত পতিত ভূমি হিচাপে ভুলকৈ তালিকাভুক্ত হৈ থকা ৰাজস্থানৰ পৱিত্ৰ অ’ৰন ভূমি সৌৰশক্তি আৰু বায়ুকলৰ প্ৰকল্পই এদেও-দুদেওকৈ বেদখল কৰি আহিছে। এইবোৰ বাঢ়ি অহাত অঞ্চলটোৰ পৰিস্থিতিতন্ত্ৰ আৰু মানুহৰ জীৱন-জীৱিকাৰো দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে

২৫ জুলাই, ২০২৩ | ঊৰ্জা


’হৰখীয়া এজনৰ প্ৰেম আৰু জীৱনৰ ঐনিতম

মিচিং জনগোষ্ঠীৰ সত্যজিত মৰাঙে এই ভিডিঅ’টোত প্ৰেম আৰু জীৱনৰ ঐনিতম গাইছে আৰু ব্ৰহ্মপুত্ৰৰ সৰু সৰু দ্বীপবোৰত ম’হ চৰোৱাৰ বিষয়ে কথা পাতিছে।

২ জানুৱাৰী, ২০২৩ | হিমাংশ চুতীয়া শইকীয়া


জাঁতশালৰ গীত, কবিতা আৰু আন বহু কথা

জাঁতশালৰ প্ৰায় ১ লাখৰো অধিক গান আৰু এই গান গাওঁতা ৩,০০০ৰো অধিক মহিলা শ শ গাঁৱত বিয়পি আছে। তেওঁলোক তেনেই সাধাৰণ মহিলা। কোনোবা কৃষক, কোনোবা শ্ৰমিক আৰু কোনোজন মাছমৰীয়া। কিন্তু তেওঁলোকেই কাৰোবাৰ জীয়ৰী, পত্নী, মাতৃ, ভগ্নী হৈ জাত্যাবৰ্চা অব্যা মানে জাঁতশালৰ গান গায়। এই সাধাৰণ মহিলাৰ ইচ্ছা-আকাংক্ষা-হুমুনিয়াহৰ গাথা সংৰক্ষণৰ চেষ্টা কৰা হৈছে গ্ৰাইণ্ডমিল ছংচ প্ৰজেক্ট চমুকৈ জি.এছ.পি.যোগে।

৭ ডিচেম্বৰ, ২০২৩ | পাৰি টিম


ৱৰ্থ | মোল

স্বচ্ছ ভাৰত দিৱস, ২ অক্টোবৰ উপলক্ষে পুণেত জাবৰ সংগ্ৰহকাৰী মহিলাসকলৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ।

২ অক্টোবৰ, ২০২৩ | কবিতা কাৰ্ণেইৰো

কংকানত এতিয়া এলফনচ’ৰ ৰাজত্ব না

এটা সময়ত এলফনচ’ প্ৰজাতিৰ আমে ৰাজত্ব কৰা মহাৰাষ্ট্ৰৰ কংকান অঞ্চলত সেই একেবিধ আমৰে খেতি অতিকৈ শোচনীয় হৈ আহিব ধৰাক লৈ খেতিয়কসকল চিন্তিত হৈ পৰিছে।

১৩ অক্টোবৰ, ২০২৩ | জয়সিংহ চৱন

উগাড়ি উদযাপন: শক্তি আৰু পৰিচয়

অন্ধ্ৰপ্ৰদেশৰ মেদাপুৰমত মাদিগা সম্প্ৰদায়ৰ দ্বাৰা উদযাপিত বাৰ্ষিক উৎসৱ উগাড়ি হৈছে এক বিশাল উৎসৱ য’ত প্ৰতিমা তেওঁলোকৰ চহৰলৈ লৈ অনা হয়

২৭ অক্টোবৰ, ২০২৩ | নাগা চৰণ

তোলপাৱকুট্টুৰ ছাঁ পুতলা নাচ

কেৰালাৰ মালাবৰ অঞ্চলৰ পুতলা নাচৰ ওপৰত আধাৰিত এখন ফিল্ম

২৯ মে’, ২০২৩ | সংগীত শংকৰ

তুলুনাৰুৰ ভূতে ধৰি ৰাখিছে পাৰম্পৰিক সমন্বয়ৰ সাক্ষ্য

আৰৱ সাগৰৰ উপকূলৰ কৰ্ণাটকৰ এই অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকে মিলিজুলি ভূত পূজাৰ পাতে। এই জাতীয় উৎসৱত বাদ্যযন্ত্ৰীৰ দল লৈ ছৈয়দ নাছিৰে গীত পৰিৱেশন কৰিছে, সেই পাৰম্পৰিক ঐতিহ্যক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে।

২৬ এপ্ৰিল, ২০২৩ | ফেইজল আহমেদ

বীড়ভূমৰ ডোক্ৰা শিল্পী

লষ্ট-ৱেক্স কাষ্টিং পদ্ধতিৰে ধাতুৰ সামগ্ৰী বনোৱাত পাকৈত ডোক্ৰা শিল্পী পীয়ূষ মণ্ডলে কেঁচামালৰ অভাৱত ভূগিছে, জলবায়ুৱেও তেওঁৰ এই শিল্পৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাইছে

২৬ আগষ্ট, ২০২৩  | শ্ৰেয়াসী পল


আমালৈ ভিডিঅ’ বা তথ্যচিত্ৰ এই ইমেইল ঠিকনাত পঠিয়াওক: [email protected]

আপুনি যদি আমি কৰা কামৰ প্ৰতি আগ্ৰহী আৰু পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে [email protected] ত আমালৈ লিখক। ফ্ৰীলান্স আৰু মুক্ত লিখক, প্ৰতিবেদক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, অনুবাদক, সম্পাদক, ইলাষ্ট্ৰেটৰ আৰু গৱেষকক আমাৰ সৈতে কাম কৰিবলৈ আদৰিছো।

পাৰি এক মুনাফা-অনাদায়ী প্ৰতিষ্ঠান আৰু আমাৰ বহুভাষিক অনলাইন জাৰ্নেল আৰু আৰ্কাইভৰ প্ৰতি অনুগ্ৰহীসকলৰ দান-বৰঙনিৰ ওপৰত নিৰ্ভৰ কৰি চলো। আপুনি যদি পাৰিলৈ অৰিহণা যোগাব বিচাৰে, তেন্তে DONATE ত ক্লিক কৰক।

অনুবাদ: পংকজ দাস

Shreya Katyayini

Shreya Katyayini is a filmmaker and Senior Video Editor at the People's Archive of Rural India. She also illustrates for PARI.

Other stories by Shreya Katyayini
Sinchita Maji

Sinchita Maji is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker.

Other stories by Sinchita Maji

Urja is Senior Assistant Editor - Video at the People’s Archive of Rural India. A documentary filmmaker, she is interested in covering crafts, livelihoods and the environment. Urja also works with PARI's social media team.

Other stories by Urja
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das