“মহামাৰী আৰু তলাবন্ধই আমাৰ বেয়াকৈ ক্ষতি কৰিছে, তথাপিও ক’ভিড আক্ৰান্ত চহৰখনত আনন্দৰ সুৰেৰে আলোড়িত কৰিবলৈ আমি আহি ইয়াত উপস্থিত হৈছো,” গদাই দাসে কয়।

বীৰভূম জিলাৰ চান্দিপুৰ গাঁৱৰ প্ৰখ্যাত মন্দিৰ অঞ্চলৰ তাৰাপীঠ এলেকাৰ পৰা দাস আহিছে। তেওঁ এজন ঢাকী- পৰম্পৰাগত ঢাকবাদক তথা বংগৰ পুৰুষানুক্ৰমিক ঢুলীয়া। দুৰ্গাপূজাৰ সময়ত পশ্চিমবংগৰ সকলো অঞ্চলৰ ঢাকবাদকসকলে কলকাতাৰ শিয়ালদহ ৰেল ষ্টেছনত থূপ খায়। ঢাকৰ শব্দত ষ্টেছন চৌহদ মুখৰিত হৈ উঠে আৰু ভিন্ন ৰাগ, তাল-মান-লয় আৰু সুৰীয়া গীতে ঢাকীসকলৰ আগমনৰ কথা সকলোকে জনাই দিয়ে আৰু দুৰ্গাপূজাৰ প্ৰাকক্ষণৰ উলহ-মালহৰ সৃষ্টি কৰে।

বাংকুৰা, বৰ্দ্ধমান, মালড়া, মুৰ্শিদাবাদ আৰু নাদিয়াৰ ঢাকীসকলে সাধাৰণতে অধিক লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আপেক্ষিকভাৱে সৰু বাৰোৱাৰী পূজাসমূহে এই ঢাকবাদকসকলক ঢাক বজাবলৈ ভাড়াত লয়।

দুখৰ কথা যে এই বছৰ, আন লোকশিল্পীৰ দৰে, ক’ভিড-১৯ তলাবন্ধই তেওঁলোককো ধ্বংসমূখী কৰিলে। অতি কমসংখ্যক ঢাকবাদক এইবাৰ কলকাতালৈ আহিবলৈ সক্ষম হৈছে। ৰেলৰ চলাচল বন্ধ আছে। ঢাকী বদু দাসৰ ঘৰ মুৰ্শিদাবাদৰ শ্বেৰপুৰত। তেওঁ কয় যে তেওঁৰ গাঁৱৰ আৰু ওচৰৰ এলেকাৰ ৪০ জন লোকে ২২,০০০ টকাত এখন সৰু বাছ ভাড়ালৈ লৈ ইয়ালৈ আহিছে। মহামাৰী নথকা আন সময়ত যিমান টকা পাইছিল, এইবাৰ কলকাতাৰ ঢাক বজাই ঢাকবাদকসকলে কম টকা পাব। বহুতো দুৰ্গাপূজাৰ আয়োজকে বাণীবদ্ধ সংগীত পূজা মণ্ডপত বজাব যিটো গ্ৰাম্য শিল্পীসকলৰ জীৱিকাৰ ওপৰত প্ৰচণ্ড আঘাত।

সকলো ঢাকবাদকৰ দলৰ হৈ মই মা-দুৰ্গাৰ ওচৰত এক প্ৰাৰ্থনা জনালোঃ যিমান সোনকালে সম্ভৱ, সুখৰ দিনবোৰ ঘূৰাই দিয়া।

Gadai Das (in the taxi window) arrives at his venue. Right: a group of dhakis negotiating a fee with a client
PHOTO • Ritayan Mukherjee
Gadai Das (in the taxi window) arrives at his venue. Right: a group of dhakis negotiating a fee with a client
PHOTO • Ritayan Mukherjee

গদাই দাস (টেক্সিৰ খিৰীকিৰ কাষত থকাজন) তেওঁৰ গন্তব্যস্থলত উপস্থিত হৈছে সোঁফালেঃ দুৰ্গাপূজাৰ আয়োজকৰ সৈতে এদল ঢাকবাদকে ভাড়াৰ দৰদাম কৰিছে

অনুবাদ - পংকজ দাস

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das