প্ৰত্যেক দিনাই কাহিলীপুৱাতে গাখীৰ ভৰ্তি প্লাষ্টিক আৰু এলুমিনিয়ামৰ পাত্ৰৰে ঠাহ খাই পৰা ভুটভুটিখনে ব্ৰহ্মপুত্ৰ নৈৰ মাজৰ চালাকুৰা চৰ এৰে। ভুটভুটিখনে প্ৰায় এঘণ্টাতে গাখীৰখিনি ধুবুৰী চহৰলৈ নিয়ে।

নদীৰ নিৰন্তৰ প্ৰৱাহৰ ফলত অসমৰ ব্ৰহ্মপুত্ৰ নৈখনৰ পাৰে পাৰে গঢ় লৈ উঠা ভালেমান বালিময় আৰু অস্থায়ী দ্বীপবোৰৰ এটা হৈছে চালাকুৰা। (চৰাঞ্চলবাসীৰ সংগ্ৰাম কে ধৰি চৰাঞ্চল সামৰি পাৰিৰ কাহিনীবোৰ পঢ়িব পাৰে)। ভাতিবেলা নাওখন উভতে আৰু আকৌ ধুবুৰী চহৰলৈ গাখীৰ লৈ যায়।

সেই গাখীৰ নামনি অসমৰ ধুবুৰী জিলাৰ চৰাঞ্চলৰ মণ্ডল পৰিয়ালৰ দুগ্ধপামখনৰ। তাতেই মণ্ডল পৰিয়ালে ৫০ টাৰো অধিক খীৰতি গৰু-মহ পোহে। পামখনত দিনে ১০০ ৰপৰা ১২০ লিটাৰ গাখীৰ উত্পাদিত হয়। "দুগ্ধচক্ৰৰ একেবাৰে উচ্চস্তৰত থকা সময়ত আমাৰ প্ৰায়ভাগ খীৰতি গৰু-মহে দিনে দিয়া গাখীৰৰ পৰিমাণ ১৮০ ৰপৰা ২০০ লিটাৰ পৰ্যন্ত হয়গৈ," তিনিটা সন্তানৰ পিতৃ ৪৩ বৰ্ষীয় তামেজুদ্দিন মণ্ডলে কয়। ধুবুৰী চহৰত লিটাৰত ৪০ টকালৈ দৰ উঠে।

চৰকাৰে সফলতাৰ নিচান হিচাপে ধুবুৰীৰ চৰাঞ্চলৰ দুগ্ধপামবোৰৰ পৰিচয় দিয়ে। কিন্তু তেওঁলোকৰ জীৱিকাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিহে বাস্তবিক সত্য। ইযাৰ কাৰণ গৰু-মহৰ খাদ্যৰ নাটনি।

চালাকুৰা চৰত থকা ৭৯১ টা পৰিয়ালৰ প্ৰায়ভাগৰ বাবে দুগ্ধপামেই হৈছে জীৱিকাৰ ঘাই উত্স। প্ৰতিঘৰৰে পৰা দৈনিক গঢ়ে ৩০ ৰপৰা ৪০ লিটাৰ গাখীৰ উত্পাদিত হয়। এই পৰিয়ালবোৰৰ মাজত তামেজুদ্দিন হৈছে একপ্ৰকাৰ বাটকটীয়াস্বৰুপ। ৫,১৫৬ জন বাসিন্দা থকা এই সৰু চৰখনত ১০ বছৰ আগতেই তেওঁ অধিক উত্পাদনক্ষম সংকৰ প্ৰজাতিৰ গাইগৰু পৰিচয় কৰাইছিল। চৰৰ প্ৰায়ভাগ দুগ্ধ উত্পাদকৰে এতিয়া সংকৰ প্ৰজাতিৰ গাইগৰু আছে। পশুচিকিত্সকৰ পৰা জানিবপৰা মতে স্থানীয় আৰু জাৰ্চি গৰুৰ প্ৰজনন কৰি সৃষ্টি কৰা এই সংকৰ প্ৰজাতিৰ পশুবোৰ সাধাৰণতে বিহাৰৰপৰা আমদানি কৰা হয়।

"সংকৰ প্ৰজাতিৰ গাইগৰুৱে উত্পাদন বৃদ্ধি কৰিছে," চৰৰ আন এগৰাকী দুগ্ধ উত্পাদক আনৱাৰ হুছেইনে কয়। "স্থানীয় গাইগৰুৱে ৩ কি ৪ লিটাৰ গাখীৰ দিয়াৰ বিপৰীতে সংকৰ প্ৰজাতিৰ গাইগৰুৱে ১০ ৰপৰা ১৪ লিটাৰলৈকে গাখীৰ দিয়ে। এটা মহে (বহুতো দুগ্ধ উত্পাদকে মহো পোহে) দিনে ১২-১৬ লিটাৰমানকৈ গাখীৰ দিয়ে।"

সংকৰ প্ৰজাতিৰ গৰু অসমৰ কেতবোৰ স্থানতহে জনপ্ৰিয় আৰু অসমৰ অৰ্থনৈতিক সমীক্ষা, ২০১৫-১৬ মতে ৰাজ্যখনত ২০১৪-১৫ চনত উত্পাদিত মুঠ ৮৭৩ মিলিয়ন লিটাৰ গাখীৰৰ (আৱশ্যকীয় পৰিমাণ আছিল ২,৪৫২ মিলিয়ন লিটাৰ) মাত্ৰ ২৪৬.০৬ মিলিয়ন লিটাৰহে সংকৰ প্ৰজাতিৰ গৰু-মহৰপৰা আহিছিল।

Milk producers of char arriving at Dhubri town early in the morning
PHOTO • Ratna Bharali Talukdar

প্ৰতিদিনে ৰাতিপুৱা চালাকুৰা চৰৰপৰা দুগ্ধ উত্পাদকে ধুবুৰীলৈ গাখীৰ বিক্ৰী কৰিবলৈ যায়। নদীদ্বীপটোত থকা ৭৯১ টা পৰিয়ালে দুগ্ধপালন কৰিয়ে পেট পোহে

সময়ৰ লগে লগে তামেজুদ্দিন ধুবুৰীৰ এগৰাকী সুপৰিচিত প্ৰমুখ দুগ্ধ উত্পাদক হিচাপে জনাজাত হলত, জিলা প্ৰশাসনে দুগ্ধপাম বিষয়ক কৰ্মশালাত কৃষিকৰ্মৰ বিষয়ে শিকাবৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱা আৰম্ভ কৰিলে। তদুপৰি এতিয়া তেওঁ চালাকুৰা মিলন দুগ্ধ উত্পাদক সমবায় সমিতিৰো মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে। সমিতিখন চৰৰ পাঁচখন একে ধৰণৰ সমিতিৰ মাজৰে এখন।

ধুবুৰী জিলাৰ চৰত থকা দুগ্ধপামবোৰ চৰকাৰী বিষয়াই প্ৰায়েই সফলতাৰ কাহিনী হিচাপে উপস্থাপন কৰে ঠিকেই, কিন্তু গৰাখহনীয়াত কবলত পৰি ক্ৰমান্বয়ে ঘৰ-মাটি হেৰুৱাবলৈ ধৰা সেইসকলৰ লোকৰ বাস্তৱিক জীৱনটো খুবেই সংকটাপন্ন। গৰু-মহৰ খাদ্য কমি অহাৰ ফলত দুগ্ধপামকেই জীৱিকা হিচাপে লোৱা বহুতৰে জীৱনলৈ ভাবুকি নামি আহিছে।

২০১৬ চনলৈকে কেন্দ্ৰই অসম চৰকাৰলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাযোগে যোগান ধৰা ঘেঁহু স্থানীয়ভাৱে মিলত বনা হৈছিল আৰু ৬০০ টকা প্ৰতি কুইণ্টল হিচাপে সাহায্যপ্ৰাপ্ত দামত দুগ্ধপামৰ পালকসকললৈ গৰু-মহৰ পশুখাদ্য হিচাপে যোগান ধৰা হৈছিল, ধুবুৰীৰ জিলা পশুচিকিত্সা বিষয়া দীনেশ গগৈয়ে বিতংকৈ বুজাই ক'লে। উদাহৰণ স্বৰুপে তামেজুদ্দিনৰ পৰিয়ালে মাহিলী ২৫ কুইণ্টল সাহায্যপ্ৰাপ্ত ঘেঁহু লাভ কৰিছিল।

২০১৫ চনৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ অনুৰোধ মৰ্মে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে ৰাজ্যৰ মাহিলী আৱণ্টনত সংশোধন কৰি অন্তোদয়া অন্ন যোজনা ('অগ্ৰাধিকাৰ' শিতান হিচাপে)ৰ অধীনত কেৱল চাউলৰ কথাহে বিবেচনা কৰিলে আৰু ঘেঁহু দিয়াৰ ব্যৱস্থা কৰোৱা হ'ল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (নেশ্যনেল ফুড চিকিউৰিটি এক্ট চমুকৈ এনএফএছএ, 'টাইড অভাৰ' শিতানত)ৰ অধীনত। অসমে এনেদৰে ৬১০ টকাত মাহে ৮,২৭২ টন ঘেঁহু পালে, আৰু ২০১৬ বৰ্ষৰ জুলাই মাহৰ পিছত ৫,৭৮১ টন পোৱা হ'ল।

কিন্তু ২০১৬ চনৰ ডিচেম্বৰ মাহৰপৰা এনএফএছএৰ অধীনত ৰাজ্যখনে ঘেঁহুৰ এটা দানাও পোৱা নাই। মন্ত্ৰালয়ে ৰাজ্য চৰকাৰলৈ ২০১৬ চনৰ ৩০ নবেম্বৰত লিখিলে, "কেন্দ্ৰীয় পুলত ঘেঁহুৰ নাটনি হোৱা হেতুকে ভাৰত চৰকাৰে ঘেঁহুৰ পৰিৱৰ্তে ৰাজ্যসমূহক টাইড অভাৰ শিতানৰ অধীনত ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহৰপৰা ২০১৭ বৰ্ষৰ মাৰ্চ মাহলৈ চাউল যোগান ধৰিব।"

Milk producers of char selling milk at Dhubri town
PHOTO • Ratna Bharali Talukdar

ৰাজ্যৰ সাহায্য অবিহনে দুগ্ধ উত্পাদকসকলে বজাৰৰ পৰা উচ্চ দৰত পশুখাদ্য ক্ৰয় কৰিবলৈ বা্ধ্য হৈ পৰিছে। 'গাখীৰৰ দাম বাঢ়িলেহে আমি বাচি থাকিব পাৰিম,' তামেজুদ্দিন মণ্ডলে কয়

তেতিয়াৰে পৰা চৰৰ দুগ্ধ উত্পাদকসকলে ২০১৭ বৰ্ষৰ আগস্ত মাহত কম পৰিমাণে বানসাহায্য হিচাপে পোৱাত বাদে কোনোধৰণৰ সাহায্যপ্ৰাপ্ত পশুখাদ্য পোৱা নাই। ফলস্বৰুপে তেওঁলোকে মুকলি বজাৰত ওপৰতে পশুখাদ্যৰ বাবে নিৰ্ভৰ কৰিবলগা হৈছে। প্ৰণিধানযোগ্য যে মুকলি বজাৰত পশুখাদ্যৰ মুল্য প্ৰতি কুইণ্টলত ২০০০ টকা।

ফলত গাখীৰৰ উত্পাদনৰ ব্যয় হোৰাহোৰে বাঢ়িল, কিন্তু গাখীৰৰ বজাৰমূল্য ৪০ টকাই হৈ থাকিল। "আজিৰ তাৰিখত পশুখাদ্যৰ ব্যয় ধৰিলে, গাখীৰৰ দাম ৫০ টকাতকৈ বেছি হ'লেহে আমি লাভৰ মুখ দেখিম," তামেজুদ্দিনে কয়।

তামেজুদ্দিন ৩৫ জনীয়া এটা যৌথ পৰিয়ালত থাকে। তেওঁৰ পাঁচজন ভাই জামিৰ আলী, ওমৰ আলী, আব্দুৰ ৰহিম, আব্দুল কাচেম আৰু নুৰ হুছেইন- এই আটাইকেইজনে দুগ্ধপামৰ কাম চম্ভালে। পৰিয়ালটোৱে একেটা চৰুতে ভাত ৰান্ধে। তেওঁলোকৰ প্ৰায় দুই একৰ খেতিৰ মাটি আছে। তাতেই ঘৰৰ গৃহিণীয়ে বিভিন্ন ধৰণৰ খেতি কৰে। পৰিয়ালটোৰ দৈনিক দুগ্ধ উত্পাদন বেছি যেন লাগিলেও ছটা পৰিয়ালৰ মাজত ভাগ হওতে হওতে সেয়া কমেই পৰে।

"দুগ্ধপাম এক শ্ৰমশক্তিপ্ৰধান কাম," তামেজুদ্দিনে কয়। "সংকৰ প্ৰজাতিৰ গাইগৰুবোৰক সকলো সময়তে খাদ্য লাগে। সেইবোৰ সহজেই বেমাৰত পৰে আৰু সকলো সময়তে চোৱা-চিতা কৰি থাকিব লাগে।" চৰকাৰী পশুচিকিত্সা কৰ্মী পৰ্যাপ্ত সংখ্যক নথকা হেতুকে এই অঞ্চলটোত সময়ত পশুচিকিত্সক পোৱাটো দুৰুহ। ৰাতিৰ ভাগত জৰুৰীকালীনভাৱে ডাক্তৰৰ প্ৰয়োজন হ'লে ফেৰী ভাড়া কৰিবলগা হয় আৰু ভাড়া ২৫০০ ৰপৰা ৩০০০ দিবলগা হয়।

PHOTO • Ratna Bharali Talukdar

মণ্ডল পৰিয়ালে দৈনিক ১০০ ৰপৰা ১২০ লিটাৰ দুগ্ধ উত্পাদন কৰে। অৱশ্যে ৩৫ জনীয়া পৰিয়ালটোত ছটা ভাগত ভগোৱাৰ পিছত মুনাফা বুলিবলৈ নাথাকেই

ব্ৰহ্মপুত্ৰৰ আটাইবোৰ চৰেই ভংগুৰ আৰু খহনীয়াপ্ৰৱণ নহয়, কিন্তু চালাকুৰাত ভূমি অৱক্ষয় (আচলতে চালাকুৰা নামটোৱে চলাচল বুজায়) সঘনে হয়। যাহওক, খহনীয়া হ'লেই ওচৰতে ক'ৰবাত নতুনকৈ বালিচৰ গঢ় লৈ উঠে আৰু স্থানচ্যুত হোৱাসকলৰ বাবে ন-বাসস্থান গঢ়াৰ সুবিধা হয়। চালাকুৰা চৰখন এতিয়া পাঁচটা ভিন্ন অংশৰ সমষ্টি। প্ৰতিটো অংশতে ১৩৫ জনৰপৰা ১৪৫২ জনলৈকে বাসিন্দা আছে। প্ৰতি তিনি-চাৰি বছৰৰ মুৰে মুৰে তাৰে বাসিন্দাসকল স্থানচ্যুত হয়। তামেজুদ্দিনেই এতিয়ালৈ ১৫ বাৰ ঠাই সলাবলগীয়া হৈছে।

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দুগ্ধ উত্পাদন চৰবাসীৰ যাযাবৰ জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছে। "এনে অনিশ্চয়তা আৰু সঘন স্থানচ্যুতিৰ মাজতে আমাৰ আজোককাহতে জীৱিকাৰ স্থিৰ অৱলম্বন হিচাপে দুগ্ধপামত মনোনিবেশ কৰিছিল," তামেজুদ্দিনে কয়। "বছৰি অহা বান আৰু খহনীয়াই খেতি নষ্ট কৰে, কিন্তু গৰু-মহ স্থায়ী সম্পত্তি আৰু সেয়া স্থানান্তৰ কৰিব পাৰি। আমি স্থানচ্যুত হ'লেই আমাৰ ঘৰৰ সা-সামগ্ৰীৰ সৈতে গৰু-মহ লৈ নতুন চৰ এখনত থিতাপি লও। এই চলাচল আমাৰ জীৱনৰ এটা অংশস্বৰুপ হৈ পৰিছে," তেওঁ কয়।

গাখীৰ বিক্ৰী কৰি পোৱা টকাৰে প্ৰায়ভাগ পৰিয়ালেই আৰ্থিকভাৱে টনকিয়াল হৈ উঠিছে। সেয়ে খেৰৰ চালিৰ ঠাইত উদ্ভাৱনীমুলক সৃষ্টিশীলতাৰে কাঠৰ ভাঁজ কৰিবপৰা বিধৰ কাঠামোৰ ওপৰত টিনৰ চালি আৰু বেৰ দিয়া ঘৰ সাজি লৈছে। প্ৰয়োজনত সেই ঘৰ এঠাইৰপৰা আন ঠাইলৈ লৈ যাব পাৰি।

ভিডিঅ চাওকঃ 'ধুবুৰীত বিক্ৰী কৰা গাখীৰৰ দৰ আমি কিনা পশুখাদ্যতকৈও কম,' দুগ্ধ উত্পাদক চুকুৰুদ্দিনে কয়

দাঁতিকাষৰীয়া ভালেমান চৰতো দুগ্ধ উত্পাদন এক ঘাই অৰ্থনৈতিক অৱলম্বন হিচাপে গঢ় লৈ উঠিছে। পুৱাৰ ভাগত প্ৰতিখন চৰৰপৰা অতিকমেও সতেজ গাখীৰেৰে ভৰা এখনকৈ ভুটভুটি ধুবুৰী চহৰলৈ আহে। অৱশ্যে এতিয়া সাহায্যপ্ৰাপ্ত পশুখাদ্যৰ অভাৱত দুগ্ধ উত্পাদকসকলে সেয়া অব্যাহত ৰখাটো কষ্টকৰ হৈ পৰিছে।

জিলা পশুচিকিত্সা বিষয়া গগৈয়ে কোৱামতে পশুপালন আৰু পশুচিকিত্সা বিভাগে বিকল্প পশুখাদ্য হিচাপে গ্ৰীণ গ্ৰাছৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে কৃষকসকলৰ বৈঠকৰ আয়োজন কৰিছে। তদুপৰি পশুধনৰ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবে স্থানীয় লোকক 'গোপাল মিত্ৰ' (গৰুৰ বন্ধু) হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। "চালাকুৰা চৰৰ পাঁচটা ভিন্ন অংশৰপৰা পাঁচজন যুৱকক এই প্ৰশিক্ষণ প্ৰদানৰ বাবে বাচনি কৰা হৈছে আৰু সোনকালেই প্ৰশিক্ষণ আৰম্ভ হ'ব," গগৈয়ে কয়।

এনে সময়তে চৰৰপৰা গাখীৰৰ নাওবোৰৰ গতি লেহেমীয়া হৈ পৰিছে, আৰু চালাকুৰাৰ দুগ্ধ উত্পাদকসকলে সুদিনৰ আশা কৰি ৰৈছে।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

Ratna Bharali Talukdar

Ratna Bharali Talukdar is a 2016-17 PARI Fellow. She is the executive editor of Nezine, an online magazine on India's North East. Also a creative writer, she travels widely in the region to cover various issues including migration, displacement, peace and conflict, environment, and gender.

Other stories by Ratna Bharali Talukdar