হিমাচল প্ৰদেশৰ ছিমলা জিলাত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰা মুকেশ ৰামে দেৱালীৰ ১০ দিন পূৰ্বে তেওঁৰ গাওঁ মহম্মদপুৰলৈ উভতি আহিছিল।

চল্লিশ বৰ্ষীয় মুকেশে প্ৰতি বছৰে বিহাৰৰ গোপালগঞ্জ জিলাত থকা নিজৰ ঘৰলৈ ছট পূজাৰ সময়ত আহে। উল্লেখ্য যে ছট উৎসৱত, দেৱালীৰ পিছৰ ষষ্ঠ দিনা সূৰ্যক উপাসনা কৰা হয়। তেওঁৰ পত্নী প্ৰভাৱতী দেৱী আৰু তেওঁলোকৰ চাৰি সন্তান তেওঁ উভতি অহাৰ বাবে আনন্দিত হৈছিল।

গাঁৱলৈ উভতি অহাৰ পিছত তেওঁ ঘৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৈত মংগলপুৰ পুৰণা বজাৰৰ এক নিৰ্মাণ স্থলীত শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ ৰাতিপুৱা ৮ বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু সন্ধিয়া ৬ বজাৰ ভিতৰত ঘৰলৈ উভতি আহিছিল।

কিন্তু ২০২১ৰ ২ নৱেম্বৰত তেওঁ ঘৰলৈ পলমকৈ উভতি আহিছিল আৰু কিছুসময়ৰ পিছতে মূৰত তীব্ৰ বিষ হোৱা বুলি অভিযোগ কৰিবলৈ আৰম্ভ কৰে।

সেই বিষ ৰাতিপুৱালৈকে আছিল আৰু বিষত তেওঁ চকুও মেলিব পৰা নাছিল। অৱশ্যে, ৰাতিপুৱা, মুকেশে এবাৰ কামলৈ যাবলৈ সাজু হৈছিল যদিও বিষৰ বাবে যাব নোৱাৰিলে।

তেওঁৰ অৱস্থা দেখি প্ৰভাৱতীয়ে এখন ব্যক্তিগত বাহন ভাড়ালৈ লৈছিল আৰু গিৰিয়েকক ৩৫ কিলোমিটাৰ দূৰৈত থকা গোপালগঞ্জ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ যো-জা কৰিছিল। " সুবেৰে লে জাত, লে জাত, ১১ বজে মওগত হো গেইল [ৰাতিপুৱা ১১ বজাত আমি চিকিৎসালয় পোৱাৰ মুহূৰ্তত তেওঁৰ মৃত্যু হয় ]।

স্বামীৰ মৃত্যুত শোকস্তব্ধ হৈ ৩৫ বৰ্ষীয় প্ৰভাৱতীয়ে  সন্ধিয়া মৃতদেহটো লৈ ঘৰলৈ উভতাই অনাৰ  সময়ত তেওঁৰ পকী ঘৰটো ছীল কৰি দিয়া হৈছিল। মহম্মদপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁৰ ঘৰত তালাচী চলাইছিল।

The police sealed Mukesh and Prabhabati's house after filing an FIR, accusing him of selling illicit liquor.
PHOTO • Umesh Kumar Ray
Prabhabati was widowed by illegal hooch and made homeless by prohibition laws
PHOTO • Umesh Kumar Ray

বাওঁফালে: মুকেশৰ মৃত্যুৰ পিছত, আৰক্ষীয়ে অবৈধ সুৰা বিক্ৰী কৰাৰ অভিযোগত তেওঁৰ ঘৰটো ছীল কৰি দিছিল। সোঁফালে: বিষাক্ত সুৰাই প্ৰভাৱতীৰ পৰা তেওঁৰ স্বামীক কাঢ়ি লৈ গৈছিল আৰু সুৰা নিষিদ্ধকৰণ আইনে তেওঁক গৃহহীন কৰি তুলিছিল

"যেতিয়া আমি ঘৰলৈ উভতি আহিছিলো, দেখিছিলো যে ঘৰটো ছীল কৰি দিয়া হৈছে। শৱদেহটো গোটেই নিশা বাহিৰত ৰাখিবলগীয়া হৈছিল আৰু মই কিছুমান পুয়াৰা [খেৰ] পাৰি সন্তানৰ সৈতে মুকলি আকাশৰ তলত নিশাটো কটাইছিলো।"

"ঘৰবো ছে গেইনি, আ মাৰ্দো ছে গেইনি? আই টা কোনো বাত নাইখে ভেইল না৷ কোনো টা আধাৰ কৰে কে চাহি [ মই গৃহহীনা হৈছিলো আৰু স্বামীকো হেৰুৱাইছিলো৷ এয়া সহজ কথা নাছিল৷ এই কথাবোৰৰ নিশ্চয় কিবা ভিত্তি আছিল],’’ তেওঁ এইদৰে কৈছিল ৷

*****

২০২৩ৰ ১৪ এপ্ৰিলত বিহাৰ আৰক্ষীয়ে জাৰি কৰা এক সংবাদ বিজ্ঞপ্তি অনুসৰি, ২০২৩ চনৰ ১৪ এপ্ৰিলত বিষাক্ত সুৰাপান কৰাৰ ফলত পূব চম্পাৰণৰ বিভিন্ন গাঁৱত ২৬ জন লোকৰ মৃত্যুৰ ঘটনা নথিভুক্ত কৰা হৈছে আৰু বহু লোক এতিয়াও অসুস্থ হৈ আছে।

বিহাৰত প্ৰযোজ্য বিহাৰ প্ৰতিৰোধ আৰু আবকাৰী আইন, ২০১৬ অনুসৰি দেশীয় আৰু বিদেশী সুৰাকে ধৰি তাড়িৰ উৎপাদন, বিক্ৰী, ক্ৰয় আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

বিষাক্ত সুৰাই প্ৰভাৱতীৰ পৰা স্বামীক কাঢ়ি লৈ গৈছিল আৰু  সুৰা নিষিদ্ধকৰণ আইনে তেওঁক গৃহহীন কৰি পেলাইছিল।

মহম্মদপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে স্থানীয় লোকসকলৰ ভাষ্যৰ ভিত্তিত পঞ্জীয়ন কৰা এজাহাৰত লিখিছিল যে মুকেশে সুৰা বিক্ৰী কৰিছিল আৰু তেওঁৰ ঘৰৰ পৰা ১.২ লিটাৰ দেশীয় সুৰা উদ্ধাৰ কৰা হৈছিল। এজাহাৰ অনুসৰি, তথ্য পোৱাৰ পিছত আৰক্ষীয়ে মুকেশ ৰামৰ ঘৰত উপস্থিত হয় আৰু ছয়টা পলিথিনৰ একোটা পেকেটৰ প্ৰতিটোত ২০০ মিলিলিটাৰকৈ সুৰা উদ্ধাৰ কৰে। ইয়াৰ উপৰিও, তিনিটা খালী পলিথিন বেগো উদ্ধাৰ কৰা হয়।

Prabhabati shows a photo of her and Mukesh.
PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

বাওঁফালে: প্ৰভাৱতীয়ে নিজৰ আৰু মুকেশৰ এখন ফটো দেখুৱাইছে। সোঁফালে: প্ৰভাৱতী দেৱী আৰু তেওঁৰ চাৰিটা সন্তানে এতিয়া মহম্মদপুৰ গাঁৱত তেওঁলোকৰ পুৰণি ঘৰৰ কাষৰ এই কুটিৰটোত বাস কৰে

পাৰিৰ সৈতে কথা পাতি প্ৰভাৱতীয়ে অভিযোগবোৰ অস্বীকাৰ কৰি এছবেছটছ ছালৰ তেওঁৰ বন্ধ পকী ঘৰটোলৈ আঙুলিয়াই কয়, "সুৰা বিক্ৰী কৰা জনৰ ঘৰলৈ যাওক। যদি আমি সুৰা বিক্ৰী কৰো, আমাৰ ঘৰটোৰ অৱস্থা এনেকুৱা হ'বনে?"

তেওঁ এজাহাৰত আৰক্ষীৰ দাবী খণ্ডন কৰি কয় যে তেওঁৰ ঘৰত সুৰাৰ ব্যৱসায় হোৱা নাছিল। তেওঁ কয়, " হামৰে মালিক চাহিব কে দাৰু বেচতে দেখি তা হাম খুদ কহতি কি হামৰা কে লে চলি [যদি মোৰ স্বামীক সুৰা বিক্ৰী কৰা দেখিলোহেঁতেন, তেন্তে মই নিজেই আৰক্ষীক আমাক লৈ যাবলৈ ক’লোহেঁতেন]।"

"গাওঁবাসীসকলক সোধক। যদিও তেওঁ মুকেশৰ সুৰাপানৰ স্বভাৱক অস্বীকাৰ নকৰে, তেওঁ কয় যে তেওঁৰ স্বামী মাতাল নাছিল। "তেওঁ কেৱল তেতিয়াহে সুৰাপান কৰিছিল যেতিয়া কোনোবাই তেওঁক খাবলৈ দিছিল। যিদিনা তেওঁৰ মুৰৰ বিষ হৈছিল, তেওঁ আমাক কোৱা নাছিল যে তেওঁ সুৰাপান কৰি আহিছিল।"

বিষাক্ত সুৰাপান কৰাৰ ফলত মুকেশৰ মৃত্যু হৈছিল নে নাই সেয়া মৰণোত্তৰ পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰিব পৰা গ'লহেঁতেন, কিন্তু তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা হোৱা নাছিল।

*****

উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী গোপালগঞ্জৰ সিধৱালিয়া ব্লকত ৭,২৭৩ জনসংখ্যা (২০১১ৰ লোকপিয়ল অনুসৰি) থকা মহম্মদপুৰ গাঁৱত ৬২৮ জন লোক অনুসূচীত জাতিৰ অন্তৰ্ভুক্ত। ইয়াত থকা অধিকাংশ লোকে জীৱকাৰ বাবে আন ৰাজ্যলৈ প্ৰব্ৰজন কৰে; তেওঁলোক গাৱঁত বাস কৰিবলৈ আৰু দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰিবলৈ অক্ষম।

গোপালগঞ্জ জিলাত বিষাক্ত সুৰাপানৰ দুৰ্ঘটনাত মুঠ ১৮ জন লোক নিহত হৈছিল ৷ এইসকলৰ ভিতৰত  মুকেশো আছিল। মৃতসকলৰ ভিতৰত মুকেশকে ধৰি ১০ জন লোক চমাৰ সম্প্ৰদায়ৰ আছিল, যি বিহাৰৰ মহাদলিত শ্ৰেণীৰ অন্তৰ্গত। তেওঁলোকে পূৰ্বপুৰুষৰ পৰম্পৰা অনুসৰি মৃত গৰুৰ শৰীৰৰ পৰা চামৰা বখলিয়ায় আৰু সেইবোৰ বিক্ৰী কৰে।

After Mukesh's death, the family is struggling to managing their expenses.
PHOTO • Umesh Kumar Ray
Prabhabati with her children, Preeti, Sanju and Anshu (from left to right)
PHOTO • Umesh Kumar Ray

মুকেশ ৰামৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ পৰিয়ালৰ বাবে ঘৰ চলোৱা কঠিন হৈ পৰিছে। প্ৰভাৱতী তেওঁৰ সন্তানৰ সৈতে - প্ৰীতি, সঞ্জু আৰু অংশু (বাওঁফালৰ পৰা সোঁফাললৈ)

বিহাৰ ৰাজ্যত, নকল সুৰা সেৱন কৰি ৭২ জন লোকৰ মৃত্যু হৈছিল আৰু ২০১৬ চনৰ পৰা, আঘাতপ্ৰাপ্তৰ সংখ্যা ২০০ জন হৈছে৷ তেওঁলোকৰ পৰিয়ালে কোনো ক্ষতিপূৰণ লাভ কৰা নাই।

প্ৰায়ে আৰক্ষী বা চৰকাৰে এই মৃত্যুৰ কাৰণ হিচাপে বিষাক্ত সুৰাপানৰ ঘটনাসমূহ নথিভুক্ত নকৰে, সেয়েহে এই পৰিসংখ্যাবোৰ বিভ্ৰান্তিকৰো হ'ব পাৰে। বেছিভাগ ক্ষেত্ৰত আৰক্ষীয়ে এই মৃত্যুৰ কাৰণ হিচাপে বিষাক্ত সুৰাপানক দায়ী কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে।

*****

প্ৰভাৱতীৰ ঘৰটো হঠাতে ছীল কৰি দিয়া হৈছিল; তেওঁ আনকি ঘৰৰ পৰা কাপোৰ, চৌকি (কাঠৰ বিচনা), খাদ্যৰ দৰে প্ৰয়োজনীয় সামগ্ৰীও নিব নোৱাৰিলে। সেই সময়ত স্থানীয় লোক আৰু তেওঁৰ ননদে তেওঁক সহায় কৰিছিল।

যেতিয়া মুকেশে ছিমলাত কাম কৰিছিল, তেওঁ প্ৰতি মাহে ৫ ৰ পৰা ১০ হাজাৰ টকা ঘৰলৈ প্ৰেৰণ কৰিছিল। মুকেশৰ মৃত্যুৰ পিছৰে পৰা প্ৰভাৱতীয়ে তেওঁৰ চাৰিটা সন্তান – ১৫ বছৰীয়া কন্যা সঞ্জু, ১১ বছৰীয়া প্ৰীতি, ৭ বছৰীয়া পুত্ৰ দীপক আৰু ৫ বছৰীয়া পুত্ৰ অংশুক খুৱাবলৈ কৃষি শ্ৰমৰ ওপৰত নিৰ্ভৰশীল হৈছিল । কিন্তু এই কাম বছৰত দুমাহৰ বাবে কোনোমতেহে উপলব্ধ হয় আৰু তেওঁ প্ৰতিমাহে বিধৱা পেঞ্চন হিচাপে পোৱা ৪০০ টকাত জীৱন নিৰ্বাহ কৰিব লাগিব।

যোৱা বছৰ, তেওঁ ১০ কঠা (প্ৰায় ০.১ একৰ) মাটি লীজত লৈ ধান খেতি কৰিছিল আৰু প্ৰায় ২৫০ কিলোগ্ৰাম ধান উৎপাদন কৰিছিল। ধানৰ বীজ খেতিৰ মালিকে দিছিল, আৰু সাৰ আৰু পানীৰ বাবে ব্যয় হোৱা ৩,০০০ টকা তেওঁৰ ভনীয়েকে বহন কৰিছিল।

প্ৰভাৱতীৰ ভনীয়েকে মুকেশ আৰু প্ৰভাৱতীৰ ডাঙৰ পুত্ৰ দীপকৰ অধ্যয়নৰ দায়িত্ব লৈছে আৰু সি বৰ্তমান তেওঁলোকৰ সৈতে বাস কৰে। প্ৰভাৱতীয়ে এতিয়ালৈকে ১০,০০০ টকাৰ ঋণ লৈছে। যিহেতু তেওঁৰ বাবে  ঋণৰ সূত পৰিশোধ কৰাটো সম্ভৱ নহয়, তেওঁ কাৰোবাৰ পৰা ৫০০ টকা আৰু কাৰোবাৰ পৰা ১,০০০ টকা লৈছে ৷ ইয়াক তেওঁ ঋণ বুলি নকয় কাৰণ তেওঁ 'হাথ উঠাই' [সুত অবিহনে সামান্য পৰিমাণৰ ধন ধাৰলৈ লোৱা] বুলি ইয়াক অভিহিত কৰিছে। "মই কাৰোবাৰ পৰা ৫০০ টকা, কাৰোবাৰ পৰা ১,০০০ টকা লওঁ আৰু কেইদিনমানৰ ভিতৰতে ঘূৰাই দিওঁ। যদি মই কাৰোবাৰ পৰা মাত্ৰ ৫০০ বা ১,০০০ টকা লওঁ, ইয়াৰ বাবে তেওঁলোকে কোনো সূত নলয়।

Prabhabati has leased 10 kattha of land to cultivate paddy.
PHOTO • Umesh Kumar Ray
She stands next to small shop she was given by the Bihar government as part of a poverty alleviation scheme
PHOTO • Umesh Kumar Ray

বাওঁফালে: প্ৰভাৱতীয়ে খেতিৰ বাবে ১০ কঠা মাটি লীজলৈ লৈছে। সোঁফালে: দৰিদ্ৰতা দূৰীকৰণ আঁচনিৰ অধীনত বিহাৰ চৰকাৰে তেওঁক দিয়া সৰু দোকানখনৰ কাষত তেওঁ থিয় হৈ আছে

মুকেশৰ মৃত্যুৰ তিনি মাহ পিছত, বিহাৰ চৰকাৰৰ দৰিদ্ৰতা দূৰীকৰণ আঁচনিৰ অধীনত প্ৰভাৱতীক এখন গুমটি (এখন সৰু কাঠৰ দোকান) আৰু ২০,০০০ টকাৰ সামগ্ৰী দিয়া হৈছিল।

"বিক্ৰী কৰিবলৈ চাৰ্ফ, কুৰকুৰে, বিস্কুট, এইবোৰ দিয়া হৈছিল। উপাৰ্জন অতি  কম  হৈছিল আৰু দিনটোৰ অন্তত মাত্ৰ ১০ টকাহে জমা কৰিবলৈ সক্ষম হৈছিলো৷ কিন্তু মোৰ সন্তানে ১০ টকাৰ খোৱা সামগ্ৰীয়েই খায়, তেন্তে মই কেনেকৈ লাভ অৰ্জন কৰিম? তাৰোপৰি মোৰ স্বাস্থ্যৰো অৱনতি ঘটিছিল। গতিকে দোকানখনৰ পৰা যি উপাৰ্জন হৈছিল সেয়া মোৰ চিকিৎসাৰ বাবে ব্যয় কৰা হৈছিল,’’ তেওঁ এইদৰে কৈছিল।

প্ৰভাৱতী এতিয়া ভৱিষ্যতক লৈ চিন্তিত। "সন্তানকেইটাক কেনেদৰে ডাঙৰ-দীঘল কৰিম? দুয়োজনী ছোৱালীৰ কেনেকৈ বিয়া দিম? এই সকলোবোৰৰ কথা ভাবি মূৰত বিষ হয়। মই কান্দি কান্দি অসুস্থ হৈ পৰোঁ। মই সকলো সময়তে চিন্তা কৰোঁ, ক'লৈ যাওঁ, মই এনে কি কাম কৰা উচিত যাতে মই দুটকা পাব পাৰো আৰু সন্তানকেইটাক খুৱাব পাৰো৷’’ এইখিনি কৈ লগতে তেওঁ কয়, ‘‘ হামৰা খানি দু আ হামৰা খানি বিপদ মুদায়ী কে না হোকে [ আমাৰ শত্ৰুৱেও যাতে এনে দুখ-কষ্ট নাপাওক]।"

মুকেশৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে দৰিদ্ৰতাৰ দিন নিয়াবলৈ বাধ্য হৈছিল: "যেতিয়া স্বামী আছিল, ঘৰত মাংস আৰু মাছ ৰন্ধা হৈছিল। তেওঁ যোৱাৰ পিছত এতিয়া শাক-পাচলিও কেতিয়াবা ভাগ্যত নিমিলে৷’’ "মহাশয়, এনেদৰে লিখিব যাতে চৰকাৰে আমাক সহায় কৰিবলৈ বাধ্য হয় আৰু কিছু ধন যাতে মোৰ হাতলৈ আহে’’, প্ৰভাৱতীয়ে এইদৰে আহ্বান জনাইছিল ৷

এই কাহিনীটো বিহাৰৰ এজন ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত ফেলোশ্বিপৰ দ্বাৰা সমৰ্থিত যিয়ে ৰাজ্যখনৰ উপান্ত লোকসকলৰ সংগ্ৰামক সমৰ্থন জনাইছিল।

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Umesh Kumar Ray

Umesh Kumar Ray is a PARI Fellow (2022). A freelance journalist, he is based in Bihar and covers marginalised communities.

Other stories by Umesh Kumar Ray
Editor : Devesh

Devesh is a poet, journalist, filmmaker and translator. He is the Translations Editor, Hindi, at the People’s Archive of Rural India.

Other stories by Devesh
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder