"কুডালু ! কুডালু ! পাত্ৰে কুডালু [চুলি ! চুলি ! চুলিৰ সলনি বাচন !]"

বেংগালুৰুৰ মাট্টিকেৰেৰ ৰাজপথত সাকে সৰস্বতীৰ কণ্ঠৰ উচ্চধ্বনি অণুৰণন হয়। ঘৰে ঘৰে গৈ এলুমিনিয়ামৰ বাচনৰ বিনিময়ত তেওঁ মানুহৰ চুলি সংগ্ৰহ কৰে। সেই বাচনবোৰৰ ভিতৰত সৰু সৰু পানীৰ পাত্ৰ, কেৰাহী, হেতা, ডাঙৰ চালনীকে ধৰি আন বহুতো বাচন থাকে।

"মই এইটো মোৰ নবৌ শিৱাম্মাৰ পৰা শিকিছিলো। তেওঁৱেই মোক জোঁৰেৰে চিঞৰিবলৈ শিকাইছিল যাতে অধিক সংখ্যক গ্ৰাহকক আকৰ্ষিত কৰিব পাৰো," বেংগালুৰুৰ ২৩ বৰ্ষীয় ব্যৱসায়ীগৰাকীয়ে এইদৰে কয়।

পৰিয়ালটোত এই কাম কৰা তৃতীয় প্ৰজন্মৰ সৰস্বতীয়ে কয়, "মোৰ মা গংগাম্মাই তেওঁৰ ছোৱালী কালৰে পৰা এই কাম কৰি আহিছে। কিন্তু পিঠি আৰু আঁঠুত তীব্ৰ বিষে ধৰাত তেওঁ আগৰ দৰে কাম কৰিব নোৱাৰা হৈছে।"

এই পৰিয়ালটো কোৰাছা সম্প্ৰদায়ৰ যাক অন্ধ্ৰ প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি) হিচাপে তালিকাভুক্ত কৰা হৈছে। ৮০ বছৰীয়া পুলান্নাই এতিয়া শুকান খেজুৰ পাতৰ পৰা ঝাড়ু তৈয়াৰ কৰে আৰু সেইবোৰ ২০-ৰ পৰা ৫০ টকাত বিক্ৰী কৰে।

PHOTO • Ria Shah

সৰস্বতীয়ে তেওঁৰ পৰিয়ালৰ সৈতে উত্তৰ বেংগালুৰুৰ কোণ্ডাপ্পাত বাস কৰে ১৮ বছৰ বয়সৰ পৰা তেওঁ ঘৰে ঘৰে মানুহৰ চুলি সংগ্ৰহ কৰি আহিছে

সৰস্বতীৰ দেউতাকৰ উপাৰ্জন পৰ্যাপ্ত নাছিল হেতুকে পাঁচ বছৰ আগেয়েই তেওঁ ১৮ বছৰ হোৱাত কাম কৰা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁ বি.কম পঢ়ি আছিল। তেওঁৰ পৰিয়াল উত্তৰ বেংগালুৰুৰ কোণ্ডাপ্পা লেআউটত পিতৃ-মাতৃ, দুজন ডাঙৰ ভাতৃ আৰু তেওঁলোকৰ পত্নী আৰু সন্তানৰ সৈতে বাস কৰে।

সৰস্বতীয়ে সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰতিদিনে মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত থাকে। দেওবাৰে তেওঁৰ ৰুটিন ৰাতিপুৱা ৬ বজাত আৰম্ভ হয় আৰু মানুহৰ চুলি সংগ্ৰহ কৰিবলৈ তেওঁ ওলাই যায়। ঘৰৰ পৰা ওলাই যোৱাৰ আগতে তেওঁ পৰিয়ালৰ বাবে ৰাতিপুৱাৰ আহাৰ প্ৰস্তুত কৰে। তেওঁ কয়, "আমি বাহিৰত থকাৰ সময়ত ল'ৰা-ছোৱালীকেইটাৰ ভোক লাগে, সেয়েহে মই অলপ বেছিকৈ ৰান্ধো।"

সৰস্বতী আৰু তেওঁৰ বৌয়েক শিৱাম্মাই তেওঁলোকৰ প্ৰয়োজনীয় সঁজুলিবোৰ লৈ কামলৈ ৰাওনা হয়। তেওঁ কান্ধত এলুমিনিয়ামৰ পাত্ৰ আৰু গাখীৰ কঢ়িওৱা পাত্ৰৰ দৰে এটা ষ্টীলৰ পাত্ৰ এটা ধূসৰ মোনাত ওলোমাই লয়। সেই পাত্ৰটোত সংগ্ৰহ কৰা চুলিবোৰ ৰাখে।

"কামলৈ ওলাই যোৱাৰ আগতে আমি খোৱা-বোৱা কৰিবলৈ নাপাহৰোঁ," সৰস্বতীয়ে কয়। সাধাৰণতে, ৰাতিপুৱাৰ আহাৰত এক প্লেট ইডলি বাড়া, এটা অমলেট আৰু একাপ মচলা চাহ থাকে।

তেওঁলোকে প্ৰতি সপ্তাহত কিছুমান অঞ্চল সামৰিবলৈ চেষ্টা কৰে, যাৰ ভিতৰত আছে মাট্টিকেৰে, য়েলাহাংকা নিউ টাউন, কল্যাণ নগৰ, বানসৱাড়ী আৰু বিজয় নগৰ। সৰস্বতীৰ গ্ৰাহকসকলৰ অধিকাংশই নিম্ন মধ্যবিত্ত উপাৰ্জনৰ লোক।

PHOTO • Ria Shah

সংগ্ৰহ কৰা চুলিৰ বিনিময়ত সৰস্বতীয়ে মানুহক পানী থোৱা সৰু পাত্ৰ , কেৰাহী , হেতা আদিৰ দৰে পাতল এলুমিনিয়ামৰ বাচন দিয়ে তেওঁলোকে সংগ্ৰহ কৰা চুলিবোৰ উইগ বনোৱা ব্যৱসায়ীসকলক বিক্ৰী কৰে

দুয়োগৰাকীয়ে প্ৰায় ১০ ঘণ্টা কাম কৰে আৰু ইয়াৰ মাজতে তেওঁলোকে খোৱাৰ বাবে মাত্ৰ দুই ঘণ্টাৰ বিশ্ৰাম লয়।

যিবোৰ ঘৰৰ পৰা সৰস্বতীয়ে চুলিবোৰ সংগ্ৰহ কৰে, সেইবোৰ প্লাষ্টিকৰ মোনা, খাদ্যৰ পাত্ৰ, প্লাষ্টিকৰ জাৰ, টিনৰ বাকচ আৰু আনকি ফটা গাখীৰৰ পেকেটতো সংগ্ৰহ কৰে।

‘‘মই চুলিবোৰ টানি টানি পৰীক্ষা কৰো’’ সৰস্বতীয়ে এইদৰে কৈ যায়, ‘‘বিউটি পাৰ্লাৰৰ অনা চুলিবোৰৰ গুণমান সিমান ভাল নহয়৷’’ তেওঁ গুৰিতে কটা ‘ৰেমী হেয়াৰ’ সংগ্ৰহ কৰাৰ চেষ্টা কৰে যিবোৰৰ কিউটিকেল (ত্বকৰ উপৰিঅংশ) অক্ষত থাকে৷ ‘‘চুলিৰ ন্যূনতম দৈৰ্ঘ্য ছয় ইঞ্চি হ’ব লাগে’’৷

প্ৰামাণিক জোখ-মাখ সঁজুলি নথকা বাবে তেওঁলোকে হাতৰ মুঠি ব্যৱহাৰ কৰে আৰু চুলিৰ দৈৰ্ঘ্য হাতৰ মুঠিত অন্ততঃ দুবাৰকৈ মেৰিয়াই ল’ব পৰা হ’ব লাগে। তাৰ পিছত সেই চুলিবোৰ বলৰ আকৃতিত মেৰিয়াই লোৱা হয়।

চুলিৰ জোখ শেষ কৰাৰ পিছত সৰস্বতী বা তেওঁৰ বৌৱেকে মোনাটোৰ পৰা পাতল এলুমিনিয়ামৰ বাচন উলিয়াই আনে আৰু গ্ৰাহকক দুটা প্ৰস্তাৱ দিয়ে। "যদি গ্ৰাহকজনে ওজৰ-আপত্তি কৰে, তেতিয়া তেওঁলোকে আমাৰ সৈতে দৰদাম কৰে আৰু কম চুলিৰ বিনিময়ত ডাঙৰ পাত্ৰ বিচাৰে," তেওঁ এইদৰে বৰ্ণনা কৰে।

PHOTO • Ria Shah
PHOTO • Ria Shah

সৰস্বতীয়ে সংগ্ৰহ কৰা চুলিৰ দৈৰ্ঘ্য ছয় ইঞ্চি বা ততোধিক হয় যিহেতু তেওঁলোকৰ কোনো জোখা সঁজুলি নাই , তেওঁলোকে চুলিৰ দৈৰ্ঘ্য হাতৰ মুঠিত দুবাৰ মেৰিয়াই অনুমান কৰে

PHOTO • Ria Shah
PHOTO • Ria Shah

চুলিৰ দৈৰ্ঘ্যত সন্তুষ্ট হোৱাৰ পিছত , তেওঁলোকে চুলিবোৰৰ এটা বল তৈয়াৰ কৰে

যিহেতু সকলো ঘৰত বাচন-বৰ্তন ব্যৱহাৰ কৰা হয়, সেইবোৰ বিনিময়ৰ বাবে এক ভাল মাধ্যম হিচাপে বিবেচিত হয়। তেওঁ কয় যে যে বহুতো গ্ৰাহকে চুলিৰ বিনিময়ত টকা বিচাৰে। "কিন্তু আমি তেওঁলোকক টকা দিব নোৱাৰো। মাত্ৰ ১০-২০ গ্ৰাম চুলিৰ বাবে, তেওঁলোকে ১০০ টকা পৰ্যন্ত বিচাৰে!"

এদিনত তেওঁ কোনোমতে এমুঠি চুলি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কেতিয়াবা তেওঁলোকে ৩০০ গ্ৰামতকৈও কম চুলি সংগ্ৰহ কৰে। তেওঁ কয়, "এনেকুৱা দিনো গৈছে যে কেতিয়াবা মই চুলি সংগ্ৰহ কৰিবলৈ যেতিয়া ঘৰবোৰলৈ যাওঁ আৰু এই উত্তৰ পাওঁ- "চুলি শেষ হৈছে।" আন চুলি সংগ্ৰহকাৰীয়ে কেতিয়া কি ঠাইলৈ গৈ চুলি সংগ্ৰহ কৰে সেয়া আপুনি নাজানে।"

সৰস্বতীয়ে সংগ্ৰহ কৰা চুলিবোৰ পাৰ্বতী আম্মাক বিক্ৰী কৰে। পাৰ্বতী আম্মা এগৰাকী ডিলাৰ।

"চুলিৰ দাম বতৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰিয়ালৰ বাবে এই ব্যৱসায়ৰ উপাৰ্জনৰ কোনো নিশ্চয়তা নাই। সাধাৰণতে, এক কিলোগ্ৰাম ক'লা চুলি পাঁচৰ পৰা ছয় হাজাৰ দামত বিক্ৰী কৰা হয়। কিন্তু বৰষুণৰ বতৰত এই মূল্য তিনি-চাৰি হাজাৰলৈ হ্ৰাস হয়।

পাৰ্বতী আম্মাই তেওঁৰ ডিজিটেল তুলাচনীত চুলিৰ ওজন কৰে।

PHOTO • Ria Shah
PHOTO • Ria Shah

বাওঁফালে: সৰস্বতীয়ে বেংগালুৰুৰ বিভিন্ন পাইকাৰী বজাৰৰ পৰা এলুমিনিয়ামৰ বাচন ক্ৰয় কৰে। পাৰ্বতী আম্মাই তেওঁৰ ডিজিটেল তুলাচনীত চুলিৰ ওজন কৰে

কোম্পানীবোৰে পাৰ্বতী আম্মাৰ পৰা চুলি ক্ৰয় কৰে আৰু সেই চুলিৰ পৰা উইগ তৈয়াৰ কৰে। ৫০ বৰ্ষীয় পাৰ্বতীয়ে কয়, "প্ৰায় ৫,০০০ গৰাকী মহিলাই সেই চুলিবোৰ পৃথক কৰে আৰু পৰিষ্কাৰ কৰে।" "এই কামৰ বাবে তেওঁলোকে চাবোন, তেল আৰু চেম্পু ব্যৱহাৰ কৰে আৰু সেইবোৰ এটা নিশা তেনেদৰে থৈ দিয়ে যাতে সেইবোৰ ভালদৰে পৰিষ্কাৰ হয়। ইয়াৰ পিছত সেইবোৰ ভালদৰে শুকুৱাই দিয়া হয়। তাৰ পিছত, বিক্ৰী কৰাৰ পূৰ্বে পুৰুষ শ্ৰমিকসকলে চুলিৰ দৈৰ্ঘ্য পৰীক্ষা কৰে।

সৰস্বতীয়ে কয়, "যদি মই আজি বাচন-বৰ্তন কিনিব লগা হয়, তেন্তে মই পাৰ্বতী আম্মাৰ পৰা কালি বিক্ৰী কৰা চুলিৰ ধন লও।" "মই চুলি বিক্ৰী কৰিবলৈ এমাহ সময় ব্যয় নকৰো। মই চুলি পোৱাৰ লগে লগেই বিক্ৰী কৰি দিওঁ।"

চুলি সংগ্ৰহ কৰি ঘূৰি ফুৰা সৰস্বতীয়ে কয় যে তেওঁ কামৰ বাবে প্ৰতিদিনে ১২ ৰ পৰা ১৫ কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হয়, "বাছ কণ্ডাক্টৰসকলে আমাক ৰাজ্যিক পৰিবহনৰ বাছত (কে.এছ.আৰ.টি.চি.) বাছত উঠিবলৈ নিদিয়ে।"

"মোৰ শৰীৰে ইমান কষ্ট সহ্য কৰিব নোৱাৰে। দুয়োখন কান্ধৰ বোজাই কৰা টোপোলাৰ বাবে মোৰ ডিঙি আৰু পিঠিত যথেষ্ট বিষ হয়," তেওঁ কয়। কিন্তু তেওঁলোকে এই কামটো অব্যাহত ৰখাৰ বাহিৰে আন কোনো বিকল্প নাই।

"এই উপাৰ্জনৰ দ্বাৰা আমাৰ প্ৰয়োজনীয়তাবোৰৰ খুব কমেইহে পূৰণ হয়", তেওঁ কয়।

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Student Reporter : Ria Shah

Ria Shah has an undergraduate degree in Information Arts and Information Design Practices from Srishti Manipal Institute of Art, Design and Technology.

Other stories by Ria Shah
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder