“দৌল্লু কুনিতা বজোৱাত আমি ল’ৰাবোৰতকৈ ভাল, সিহঁতে আমাৰ সমান নোৱাৰে,” ১৫ বছৰীয়া বিজয় লক্ষ্মীৰ কথাটোত আছিল অপাৰ আত্মবিশ্বাস।

সেই শীৰ্ণ শৰীৰৰ পাতল ছোৱালীহঁতৰ খীণ কঁকালত গধুৰ একো একোটা ঢোল। কিন্তু তথাপিও সিহঁতে নিখুঁতকৈ চক্ৰাকাৰে ঘূৰি নাচিছে, চকুৰ পচাৰতে ক্ৰীড়াকৌশল কৰি দেখুৱাইছে, এই সকলোবোৰ এটা উৎকৃষ্ট ছন্দোবদ্ধ ৰূপত আগবাঢ়িছে।

এওঁলোক হ’ল কিশোৰী। তেওঁলোকৰ গোটটোৰ আটাইতকৈ বয়সীয়া ছোৱালীজনীয়েই আনকি এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই। অৱশ্যে, ঢোল আৰু নৃত্যৰ শৈলীৰ বাবে শাৰীৰিক শক্তিৰ সবাতোকৈ প্ৰয়োজন, এই ছোৱালীবোৰে সম্পূৰ্ণ শক্তিৰে আৰু অতি সহজে এইদৰে নৃত্য কৰি থকাটো আচৰিত কথা। দৌল্লু কুনিতা কৰ্ণাটকৰ এটা জনপ্ৰিয় লোক নৃত্য। কানাড়াত, ঢোলক 'দৌল্লু' বুলি কোৱা হয়, আনহাতে 'কুনিতা'ৰ অৰ্থ হৈছে নৃত্য। ইয়াক 'গাণ্ডু কেলে' বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে "পুৰুষৰ দক্ষতা" বা "পুৰুষৰ কলা।" শক্তিশালী পুৰুষে কঁকালত ১০ কিলোগ্ৰাম পৰ্যন্ত ঢোল বান্ধি লয় আৰু দ্ৰুত গতিত আৰু উৎসাহেৰে নৃত্য কৰে। পৰম্পৰাগত চিন্তাধাৰা অনুসৰি এই নৃত্য পৰিৱেশন কৰিবলৈ পুৰুষসকল শক্তিশালী আৰু বলৱান হোৱাটো প্ৰয়োজন।

কিন্তু কিছুমান যুৱতীয়ে যেতিয়া এই পৰম্পৰা ভংগ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই পৰম্পৰা ধাৰাই নতুন বাট কাটিছিল। বেংগালুৰুৰ নিকটৱৰ্তী আৰু চহৰৰ মূল এলেকাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত, ধানখেতি আৰু নাৰিকল গছেৰে আৱৰি থকা এই এলেকাটো হেচৰঘাট্টাত আছে। আৰু এই বিস্তীৰ্ণ সেউজীয়াৰ মাজত এই ছোৱালীৰ গোটটোৱে সাংস্কৃতিক আদৰ্শ সলনি কৰাত নামি পৰিছে। এই ছোৱালীবোৰে এই ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে যে 'দৌল্লু কুনিতা' মহিলাসকলৰ বাবে নহয়। তেওঁলোকে পুৰণি বিশ্বাসক উপেক্ষা কৰি গধুৰ ঢোলবোৰ কঁকালত ওলোমাই লৈছে।

ভিডিঅ'টো চাওক: পদপথৰ জীৱন এৰি এক সুন্দৰ জীৱন গঢ়াৰ প্ৰয়াসেৰে সংগঠন এটাই দক্ষিণ ভাৰতৰ বিভিন্ন স্থানৰ পৰা লৈ অহা ছোৱালীহঁতে ১০ কিলোগ্ৰাম পৰ্য্যন্ত ওজনৰ ঢোল আঁৰি লৈ দৌল্লু কুনিতা প্ৰদৰ্শন কৰিছে

এই ছোৱালীবোৰ সমগ্ৰ দক্ষিণ ভাৰতৰ পৰা আহিছে। 'স্পৰ্শ' নামৰ এক জনসেৱামূলক ন্যাসে বিভিন্ন অঞ্চল আৰু ৰাজ্যৰ পথসমূহত বাস কৰা এই ছোৱালীবোৰক এটা নতুন জীৱন প্ৰদান কৰিবলৈ সহায় কৰিছে। সংগঠনটোৱে এই ছোৱালীবোৰক এটা ঘৰ প্ৰদান কৰাৰ লগতে তেওঁলোকক এটা নতুন জীৱন দিছে। এই আটাইবোৰ ছোৱালীয়ে এতিয়া শিক্ষা লাভ কৰিছে – আৰু গম্ভীৰতাৰে নৃত্য আৰু গান শিকিছে। তেওঁলোক গোটেই সপ্তাহজুৰি বিদ্যালয়ৰ কিতাপত নিমজ্জিত হৈ থাকে আৰু সপ্তাহৰ শেষৰ দিনত ঢোলৰ ছন্দত নৃত্য কৰে।

মই তেওঁলোকৰ বাবে হোষ্টেলত অপেক্ষা কৰি আছিলো য'ত তেওঁলোকে এতিয়া বাস কৰে। আৰু যেতিয়া তেওঁলোক আহিছিল, তেওঁলোকৰ মুখবোৰত হাঁহি বিয়পি পৰিছিল। আশ্চৰ্যজনকভাৱে, গোটেই দিনটো স্কুলত কটোৱা স্বত্বেও, তেওঁলোক বহুত সুখী।

কিন্তু ঢোল বজোৱাৰ পূৰ্বে মূলতঃ তামিলনাডুৰ বাসিন্দা ১৭ বছৰীয়া কনকা ভিয়ে তাইৰ স্কুল আৰু সপোনৰ বিষয়ে এইদৰে কৈছিল: "পদাৰ্থ বিজ্ঞান ইমান সহজ।" জীৱবিজ্ঞান অতি কঠিন, "কিয়নো ইয়াত বহুতো ইংৰাজী দাঁতভঙা শব্দ আছে।" তাই বিজ্ঞান পছন্দ কৰে, "বিশেষকৈ পদাৰ্থ বিজ্ঞান, কিয়নো আমি যি অধ্যয়ন কৰিছো সেয়া আমাৰ জীৱনৰ বিষয়ে।" তাই বৰ্ণনা কৰে, ‘‘তথাপিও মোৰ কোনো দীৰ্ঘম্যাদী লক্ষ্য নাই," আৰু তাৰ পিছত মিচিকিয়াই কয়, "মোক কোৱা হৈছে যে যিসকলৰ কোনো চিন্তা নাই তেওঁলোকেই আটাইতকৈ বেছি সফলতা অৰ্জন কৰে।"

১৭ বছৰীয়া নৰসাম্মা এছয়ে কয়, "মই কলা ভাল পাওঁ। পেইণ্টিং আৰু ডিজাইনিঙতো মোৰ ৰুচি আছে। মই সাধাৰণতে পৰ্বত আৰু নদী আঁকো। মোৰ মা-দেউতা নাছিল আৰু মই আৱৰ্জনা বুটলা কাম কৰিছিলো। সেয়েহে প্ৰাকৃতিক দৃশ্যৰ চিত্ৰই যথেষ্ট প্ৰশান্তি দিয়ে। ই মোক মোৰ অতীত পাহৰি যোৱাত সহায় কৰে।"

Narsamma playing the dollu kunitha
PHOTO • Vishaka George
Gautami plays the dollu kunitha
PHOTO • Vishaka George

নৰসাম্মা (বাওঁফালে) আৰু গৌতমীয়ে (সোঁফালে) গোটেই সপ্তাহটো অধ্যয়ন কৰে, কিন্তু সপ্তাহৰ শেষত তেওঁলোকে ঢোলৰ ছন্দত নৃত্য কৰে

নৰসাম্মাক অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰৰ পৰা অনা হৈছিল, য'ত তাই ন বছৰ বয়সত আৱৰ্জনা বুটলা হিচাপে কাম কৰিছিল। আপুনি তাইক তাইৰ সপোনবোৰ কি সুধিব নালাগে। তাই নিজেই ক’বলৈ আৰম্ভ কৰে - ফেশ্বন ডিজাইনিং, নাৰ্চিং, আৰু অভিনয় ইত্যাদি। তাইৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটোৰ বিষয়ে সোধাত, তাই গৌৰৱেৰে এটা দৃশ্যৰ কথা সোঁৱৰণ কৰি কয় যেতিয়া তাই এখন চুটি নাটকত এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল৷ নাটকৰ চৰিত্ৰটোত তাই বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতিছিল। তাই সুধিছিল, "পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানৰ সৈতে এনে কিয় কৰে?" এয়া যেন গছৰ পৰা ফুল এটা ছিঙি পেলোৱাৰ দৰে ঘটনা ।"

Kavya V (left) and Narsamma S (right) playing the drums
PHOTO • Vishaka George

এই নৃত্য পৰিৱেশন কৰাৰ পিছত কাব্যা (বাওঁফালে) আৰু নৰসাম্মাক (সোঁফালে) নৃত্যৰ পূৰ্বে যিমান শাৰীৰিক শক্তি আছিল সিমানেই উদ্যমী দেখা গৈছে

এই কথাবোৰ কৈ থাকোতে ছোৱালীকেইজনী নাচিবলৈও সাজু হৈছে ৷ তেওঁলোকৰ সৰু সৰু কঁকালত ডাঙৰ একোটা ঢোল বান্ধি দিয়া হয় যিবোৰ তেওঁলোকৰ আকাৰতকৈ আধা বা তাতোকৈও ডাঙৰ।

আৰু তাৰ পিছতেই সিহঁতৰ গাত ক’ৰপৰানো ইমান শকতি আহিল, একেবাৰে বিজুলীৰ লহৰৰ সৃষ্টি হ’ল। এই নৃত্যবিধ প্ৰদৰ্শন কৰিবলৈ শাৰীৰিক শক্তিৰ প্ৰয়োজন, কিন্তু এই ছোৱালীবোৰে এয়া অতি সহজে কৰি থকা দেখি উল্লসিত নহৈ নোৱাৰি। তেওঁলোকৰ শক্তি দেখি, মইও মোৰ ভৰি জোকাৰিবলৈ বাধা দিব নোৱাৰিলোঁ।

যেতিয়া তেওঁলোকে নৃত্য শেষ কৰিছিল, মোৰ মুখৰ মাত হেৰাই গৈছিল৷ তেওঁলোকক জঁপিয়াই থকা দেখি মই নিজেই ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অৱশ্যে, তেওঁলোকক একেবাৰে ভাগৰুৱা দেখা নাছিল আৰু যেন পাৰ্কত খোজ কাঢ়িবলৈ গৈ আছে  তেনেদৰে সন্ধিয়াৰ অধিৱেশনৰ বাবে সাজু হৈছিল । এই দলটোৱে দৌল্লু কুনিতাক মনোৰঞ্জন আৰু সাংস্কৃতিক পৰম্পৰা হিচাপে গ্ৰহণ কৰে। তেওঁলোকে এতিয়ালৈকে কোনো ৰাজহুৱা অনুষ্ঠানত ইয়াক প্ৰদৰ্শন কৰা নাই বা ইয়াৰ পৰা একো উপাৰ্জন কৰা নাই। অৱশ্যে তেওঁলোকে বিচাৰিলে সহজেই এনে কৰিব পাৰে।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder