খেতিপথাৰৰ মাজভাগতে পাঁচ ফুট বহল আৰু দহফুট দীঘল বেদী এটাত লিখা আছেঃ 'চেতন দাদৰাও খৌব্ৰাগড়ে। জন্মঃ ৮-৮-১৯৯৫। মৃত্যুঃ ১৩-৫-২০১৮। তেঁওৰ মাক-দেউতাকে সেই স্থানত স্মাৰক বেদীটো সাজিছে, য’ত তেঁওক বাঘে মাৰিছিল।

চেতনে (২৩) ডাঙৰজনী ভনী পায়লৰ বিয়াৰ কাৰণে ৰৈ আছিল। তাৰ পিছত তাই বিয়াত বহাৰ কথা আছিল। 'আমাৰ আশে-পাশে ক’ৰবাত বাঘ থকা বুলি জানিছিলো,’ ২৫ বৰ্ষীয় পায়লে কয়। 'কিন্তু সপোনতে ভবা নাছিলো যে সেই বাঘেই আহি আমাৰ খেতিপথাৰতে দাদাক মাৰি পেলাব।’

মে’ মাহৰ উৎকট গৰমৰ সেই সন্ধ্যাটোত ৬ বাজিছিল। চেতনে গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ আমগাঁওস্থিত নিজ খেতিপথাৰলৈ গৈছিল। সন্ধ্যা ৭ বজালৈ যেতিয়া তেঁও ঘুৰি নাহিল, তেতিয়া বিচাৰ-খোচাৰ আৰম্ভ হ’ল। তেঁওৰ সৰু ভাই চাহিল (১৭) আৰু খুড়াকৰ ল’ৰা বিজয়ে তেঁওক বিচাৰি ওলাল। চেতনৰ কাঁচিখন পথাৰতে পৰি থকা দেখিবলৈ পালে। পৰিয়ালটোৰ পাঁচ একৰ মাটিৰ পথাৰখন তেঁওলোকৰ ঘৰৰ আগৰ বাটটো পাৰ হৈ আধা কিলোমিটাৰমান গ’লেই পায়। ঠাইখন পাতলীয়া হাবিৰ কাষতেই আছে।   

দুয়োয়ে ভয়ত বিতত হৈ বাঘ বাঘ বুলি চিঞৰ-বাখৰ লগালে। অলপ দুৰত কড আলুৰ খেতিত চেতনৰ ক্ষত-বিক্ষত শৱ পৰি আছিল। চেতনক বাঘে মাৰিছিল। বাঘটো যে সেই অঞ্চলটোতে বিচৰণ কৰি আছিল, সেই কথা সকলোৱে জানিছিল।

আমি বাঘটোক হাবিত সোমাই যোৱা দেখিছিলো, ঘন হাবিৰ পিনে নিৰাশাৰে চাই বিজয়ে ক’লে। সেই প্ৰাপ্তবয়স্ক বাঘটো বোধকৰো ভোকত আছিল, বিজয়ে মনত পেলালে।

সামূহিক ভূমি সংকুচিত হোৱা 

সেই সৰু সম্প্ৰদায়টোৰ সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপক নেতৃত্ব দিয়া যুৱক এজনৰ মৃত্যুৰ ফলত আমগাঁও (স্থানীয় লোকে তাকে আমগাঁও হাবি বুলি কয়) এলেকা নিমাওমাও পৰিছে। বৰষুণ হ’লেও খেতি কৰিবলৈ কোনো নোলোৱা হ’ল, ভয়তে ঘৰতে সোমাই থকা হ’ল।   

ৱাৰ্দ্ধা জিলাৰ চেলু তালুকৰ বৰ ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ বাফাৰ মণ্ডলত গাঁওখন অৱস্থিত। বাফাৰ মণ্ডলত বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়ম অনুযায়ী সামুহিক ভূমিৰ প্ৰয়োগ, সেই স্থানত নিৰ্মাণকাৰ্য আৰু গৰু-মহ চৰোৱা নিষেধ। এই সংৰক্ষিত বনাঞ্চলক অভ্যন্তৰ (বা অক্ষত) অঞ্চল য’ত মানুহৰ প্ৰৱেশ বন বিভাগৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় আৰু ক্ষেত্ৰীয় বনাঞ্চল যাক বাফাৰ মণ্ডল বুলি কোৱা হয়, এই দুটা ভাগত ভগোৱা হয়, তাৰেই কাষতে এই গাঁওখন আছে।

বৰ সংৰক্ষিত অঞ্চল দেশৰ নৱতম আৰু আটাইতকৈ ক্ষুদ্ৰ অভয়াৰণ্য, নাগপুৰৰ পৰা ৫০ কিলোমিটাৰ দুৰত ই অৱস্থিত। ২০১৪ৰ জুলাই মাহত ১৩৮ কিলোমিটাৰ ক্ষেত্ৰ আৱৰা এই অভয়াৰণ্যখনক ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বুলি স্বীকৃতি দিয়া হয়। 

PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

বাওফালেঃ আমগাঁওস্থিত চেতন খোব্ৰাগড়েৰ স্মাৰক বেদী। সোঁফালেঃ দাদাৰাও ৱাৰ্দ্ধা জিলাত নিজ খেতিপথাৰত নিজৰ পুত্ৰ ঢুকোৱা ঠাইত থিয় দিয়া চেতনৰ পিতৃ 

 'কিন্তু অতীতত কেতিয়াও আমি এনে দুখজনক ঘটনা দেখা নাছিলো’, আমগাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া ৬৫ বৰ্ষীয় ববনৰাও য়েবলে কয়। তেঁও যাযাবৰ পশুপালক গোৱালি সম্প্ৰদায় (নিজকে নন্দ গোৱালি বুলি পৰিচয় দিয়ে)ৰ লোক। গাওলাও নামৰ স্থানীয় প্ৰজাতিৰ গৰু তেঁওলোকে পালন কৰে। হাবিৰ মাংসভোজী জন্তুৱে আমাৰ গৰুবোৰ মাৰি পেলাব বুলি জানিও বছৰ বছৰ ধৰি আমি নিজৰ গৰুবোৰ হাবিত এৰি দি আহিছো। 'বাঘৰ কাৰণে দমৰা গৰু হাবিত এৰি দিয়াটো আমাৰ প্ৰথা...’ তেঁও কয়।  

নন্দ গোৱালি বছৰত ছমাহ গ্ৰীষ্মকালৰ পৰা আৰম্ভ কৰি দিপান্বিতাৰ পিছলৈকে গৰুবোৰ চৰাবলৈ নি হাবিত এৰি দিয়ে আৰু প্ৰতিদিনে চাবলৈ যায়। শীতকালত সিহতক পুনৰাই ঘৰলৈ উভতাই লৈ অহা হয়। সেই সময়ত গাঁৱত পশুবোৰৰ কাৰণে খাদ্য আৰু পানী মজুত কৰি ৰখা হয়।   

কিন্তু ১৯৭০ত বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়া বৰ অভয়াৰণ্যক ২০১৪ৰ জুলাই মাহত দেশৰ ৪৭তম আৰু মহাৰাষ্ট্ৰৰ ৬তম ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰাৰ পিছত সেই ঠাইত মানুহৰ বসতি আৰু অহা-যোৱা নিষেধ কৰি দিয়া হয়। আমগাঁও বাফাৰ মণ্ডলত থকা হেতুকে বন বিভাগে কঢ়া নিয়ম ধৰি দিছে, তাৰে ভিতৰত মানুহৰ অহা-যোৱা আৰু পশু চৰোৱাৰ ওপৰত থকা নিষেধাজ্ঞাও অন্যতম।

'অৰণ্যৰ সৈতে আমাৰ অংগাংগী সম্পৰ্ক আছে’, য়েবলেয়ে কয়। 'বৰ অঞ্চলক ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ঘোষণা কৰাৰ পিছত এই সম্পৰ্ক ভাঙি গ’ল।’ আমাৰ মনত এই ভাৱ হয় যে অৰণ্য আৰু বন্যপ্ৰাণী আমাৰ পৰিৱেশৰ অংশ হৈ থকা নাই।’    

বাঘৰ বৰ্দ্ধিত সংখ্যা    

২০১৪ৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ব্যাঘ্ৰ সংখ্যা নিৰ্ধাৰণ সমীক্ষা (ইয়াক বাঘৰ জনসংখ্যা বুলি জনা যায়)ৰ পৰা জনা যায় যে দেশত বাঘৰ সংখ্যা লক্ষণীয় হাৰত বাঢ়িছে। ২০১০ত এই সংখ্যা ১৭০৬ আছিল। সেয়া ২০১৪ত বৃদ্ধি হৈ ২,২২৬ হয়। বাঘৰ সংখ্যা ২০০৬ত মাত্ৰ ১,৪১১ আছিল। এই তথ্যত অসংৰক্ষিত এলেকাত থকা বাঘক অন্তৰ্ভূক্ত কৰা হোৱা নাই। সেয়ে বৰ সংৰক্ষিত অঞ্চলৰ বাঘৰ সংখ্যাও ধৰা হোৱা নাছিল। ২০১৪ত তাতে বাঘৰ সংখ্যা আছিল আঠটা।

বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ দ্বাৰা ২০১১ৰ ব্যাঘ্ৰ সংখ্যা নিৰ্ধাৰণ সমীক্ষাৰ প্ৰতিবেদনতে সতৰ্ক কৰি দিয়া হৈছিল যে বাঘ আৰু মানুহৰ মাজত সংঘাত বাঢ়িব পাৰে। ইয়াৰে কাৰণ হিচাপে কোৱা হৈছিল যে ভাৰতত বাঘৰ যিমান বসতিস্থল আছে তাৰে ১০ শতাংশ অঞ্চলতহে প্ৰজননকাৰী বাঘ থূপ খাইছেগৈ। ২০১৮ৰ বাঘৰ সংখ্যা গণনা চলি আছে আৰু বিষয়াসকলে আশা কৰিছে যে বাঘৰ সংখ্যা বাঢ়িছে। ইয়ে বাঘ-মানুহৰ সংঘাত বঢ়োৱাৰ সংকেত বহন কৰিছে।       

জনবিস্ফোৰণ ঘটি বাঘ নিজৰ বসতিস্থলৰ পৰা ওলাই জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰিবলৈ ধৰিছে। ২০১৮ৰ মাৰ্চ মাহৰ পৰা জুন মাহলৈকে বাঘৰ আক্ৰমণৰ হাৰ বাঢ়িল। বিদৰ্ভত এনেকুৱা ২০ টা মান আক্ৰমণৰ ঘটনা দেখা গ’ল। এই কেউটা ঘটনাই সংৰক্ষিত বনাঞ্চলৰ বাহিৰত ঘটিছে। এই সমস্যাটো প্ৰথমে নাগপুৰৰ পৰা ১৫০ কিলোমিটাৰ দুৰৈৰ চন্দ্ৰপুৰ জিলাৰ তাড়োবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ আশে-পাশে থকা এলেকাতে সীমাবদ্ধ আছিল। কিন্তু এতিয়া সেয়া বিদৰ্ভৰ অইন অঞ্চললৈ বিয়পি পৰিছে যেন অনুমান হয়।    

তাড়োবা বনাঞ্চলৰ আশে-পাশে থকা গাঁৱৰ উপৰিও নাগপুৰ জিলাৰ উত্তৰ অংশৰ বনাঞ্চলত, য়াভাটমালৰ ঘন অৰণ্য আৰু ৱাৰ্দ্ধাৰ বৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা এলেকাৰ পৰা বাঘৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। শেষৰটো এনে খবৰ নবেম্বৰ মাহৰ মাজভাগত আহিছিল যেতিয়া ব্ৰহ্মপুৰী চহৰৰ কাষৰ এখন গাঁৱত এগৰাকী ৬০ বছৰীয়া মহিলাক বাঘে মাৰিছিল।

এই আক্ৰমণবোৰ গাঁওবিলাকৰ গাতে লাগি থকা হাবি নাইবা খেতিপথাৰত আচম্বিতে হোৱা, আশ্চৰ্যচকিত কৰা মাৰাত্মক আক্ৰমণ। 

PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

২০১৮ৰ মে মাহত বাঘিনীৰ আক্ৰমণৰ পিছত হিৱাড়া বাৰাছা গাঁৱৰ কোলাম জনজাতিৰ কৃষক দামু অত্ৰামৰ মুৰত আঠোটা আৰু গলত পাঁচটা চিলাই পৰে 

পশ্চিম বিদৰ্ভত য়াভাটমাল জিলাৰ জৰী-জামনী তালুকৰ হিৱাড়া বাৰাছা গাঁও নিবাসী কোলাম জনজাতিৰ দামু অত্ৰাম নামৰ লোকজনে ২০১৮ৰ মে’ মাহৰ এটা দিনত খেতিপথাৰত কাম কৰি আছিল। তাতেই তেঁওক বাঘে অতৰ্কিতে আক্ৰমণ কৰে। গাঁৱৰ লোক আগবাঢ়ি অহাত তেঁওৰ প্ৰাণ বাচে। মাত্ৰ ডিঙিত আৰু গলত আঘাত পায়। তেঁও উচিত সময়ত সহায় পোৱা কাৰণে বাচি গ’ল, মুৰত আঠটা আৰু গলত পাঁচটা চিলাই কৰিবলগীয়া হয়। বাঘৰ কাহিনী শুনাবলৈ তেঁও বাচি গ’ল। 'মোৰ মুৰ ঘুৰায় আৰু মুৰটো গধুৰ গধুৰ যেন লাগে,’ অত্ৰামে কয়। 'মই খেতিত কাম কৰি থকা সময়ত পিছফালৰ পৰা বাঘটো আহিছিল। বাঘটো আশে-পাশে থকা বুলি মই জনা নাছিলো। সি মোৰ ওপৰত জপিয়াই পৰিল, কিন্তু গাঁৱৰ মানুহে চিঞৰ-বাখৰ কৰাত বাঘটো হাবিত লুকাই পৰিল।’     

ইয়াৰ পৰা কিছু কিলোমিটাৰ দুৰৈত নাগপুৰ জিলাৰ ৰামটেক তালুকৰ পিণ্ডকপাৰ গাঁৱত ২৫ বৰ্ষীয় গোণ্ড জনজাতিৰ কৃষক বীৰসিংহ বিৰেলাল কণ্ডৱতে এতিয়াও বাঘৰ আক্ৰমণৰ কথা পাহৰিব পৰা নাই। মে’ৰ আৰম্ভণিৰ ভাগত এদিনাখন কোদৱতেয়ে নিজৰ তিনিবছৰীয়া ল’ৰা বিহানৰ সৈতে দুচকীয়াত উঠি তেন্দুৰ পাত চপাবলৈ দীঘলীয়া যাত্ৰাত ওলাইছিল। সেই পাত পিছত শুকাই বিড়িৰ ঠিকাদাৰৰ হাতত বিক্ৰী কৰা হয়। কোদৱতে বাঁহ আৰু চেগুনৰ ঘন হাবিয়ে আগুৰা বাৱান্থৰী বিলৰ কাষৰ খেতিপথাৰতে থাকে। তথাপিও তেঁও কেতিয়াও বাঘৰ মুখামুখি হোৱা নাছিল। সেই এলেকাটো পঞ্চ বাঘ অভয়াৰণ্যৰ গাতে লাগি আছে আৰু গোন্দিয়াৰ নবেগাঁও-নাগাঝিৰা ব্যাঘ্ৰ প্ৰকল্পৰ ক’ৰিডৰলৈ বিন্যাসিত।   

'বাঘটো হাবিৰ ৰাস্তাৰ কালভাৰ্ট এটাৰ তলত লুকাই আছিল। আমি সেই ঠাই পাৰ হ’বলৈ ধৰোতে সি আমাৰ দুচকীয়াখনৰ ওপৰত জপিয়াই হাতোৰাৰে খামুচি ধৰাৰ চেষ্টা কৰিলে। ভাগ্যৰ বলত আমি বাচি গ’লো।’ বীৰসিংহই মন পেলালে। 'মই স্তম্ভিত হৈ গৈছিলো, বাঘটো প্ৰকাণ্ড আছিল। দুয়ো মাটিত পৰি গ’লো।‘ গুৰুতৰ আঘাত পোৱাৰ পিছতো তেঁও দুচকীয়াখন উঠালে আৰু ষ্টাৰ্ট কৰি পুতেকৰ সৈতে ঘৰমুৱা হ’ল।

পিতা-পুত্ৰ দুয়োজনেই নাগপুৰৰ চৰকাৰী হস্পিতালত চিকিৎসাৰ বাবে এটা সপ্তাহ থাকিল। মই বীৰসিংহক লগ পোৱাৰ সময়ত তেঁও ঘাঁবোৰ শুকোৱা নাছিল। চকু ফুলি আছিল আৰু বাঘৰ নখে তেঁওৰ কাণখন ফালি পেলাইছিল। তেঁও মুখমণ্ডলৰ বাওফালে আৰু মুৰত গুৰুতৰ আঘাত পাইছিল। তেঁওৰ মাতৃ সুলৌচনাই ক’লে, 'মুৰত আঠটা চিলাই পৰিছে। তেঁও বাচি গ’ল।’

সংঘাত তীব্ৰতৰ হৈ পৰিছে    

চন্দ্ৰপুৰ জিলাৰ তাড়োবা বনাঞ্চলৰ আশে-পাশে চিন্দেৱাহী আৰু চিমুৰ তালুকত ২০১৮ৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰি এতিয়ালৈ বাঘৰ আক্ৰমণত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাইছে, বহুলোক আঘাতপ্ৰাপ্ত হৈছে।  

গোণ্ড আদিবাসী জনগোষ্ঠীৰ কৃষক মহাদেৱ গেড়াম (৬৫)য়ে জুন মাহত নিজৰ খেতিপথাৰত খৰি লুৰুকিবলৈ গৈছিল। তেতিয়া বাঘ এটা পিছফালৰ পৰা তেঁওৰ ওপৰত জপিয়াই পৰে। তেঁওলোকৰ খেতিডৰা হাবিৰ গাতে লগা। গাঁৱৰ মানুহে কোৱা মতে তেঁও বোধকৰো গছত উঠি প্ৰাণ বচাবলৈ চেষ্টা কৰিছিল। কিন্তু বাঘে তেঁওক তললৈ টানি নি হত্যা কৰিলে।     

চিণ্ডেহী তালুকৰ মুৰমাড়ী গাঁৱত পাঁচ মাহৰ ভিতৰতে এয়া দ্বিতীয়টো হত্যা। ২০১৮ৰ জানুৱাৰীত এনে এটা আক্ৰমণত ৬০ বৰ্ষীয় এজন গোণ্ড আদিবাসী মহিলা গীতাবাঈ পেণ্ডামৰ মৃত্যু হৈছিল, তেঁও খৰি লুৰুকিবলৈ গৈছিল

PHOTO • Jaideep Hardikar

চন্দ্ৰপূৰৰ মুৰমাড়ীত ৰমাবাঈ গেড়াম (মাজত)। তেঁওৰ স্বামী মহাদেৱৰ এইখন গাঁৱতে দুমাহ আগতে বাঘৰ হাতত অপমৃত্যু ঘটিছিল 

ঘটনাস্থলী গাঁওখনৰ পৰা খুব বেছি ৫০০-৮০০ মিটাৰমান দুৰত আছিল। ৰাস্তাৰ সিপাৰে ঘন হাবিত বাঘৰ কাৰণে সুৰসুৰীয়া বাট এটা হৈ পৰিছে।

গেড়ামৰ মৃত্যুৰ দুই সপ্তাহ আগতে চুবুৰীৰ কিনহি গাঁৱৰ হাবিত বাঘৰ দ্বাৰা ক্ষত-বিক্ষত হোৱা ২০ বৰ্ষীয় মুকুন্দ ভেণ্ডাৰেৰ শৱ উদ্ধাৰ হৈছিল। ৬ জুনৰ দিনা তাড়োবা অভয়াৰণ্যৰ উত্তৰ অংশত চিমুৰ তালুকত খেতিত কাম কৰি থকা মহিলাৰ এটা দলৰ ওপৰত বাঘে অতৰ্কিতে জপিয়াই পৰিছিল। ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে বাকী তিনিগৰাকী আঘাতপ্ৰাপ্ত হৈছিল।    

'যিটো ফৰেষ্ট বিট মোৰ ভাগত পৰে, য’ত সৰ্বাধিক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে, তাতে ২-৩ টা মান কিশোৰ বাঘ আছে। এগৰাকী যুৱ বন-ৰক্ষক স্বপ্নিল বৰৱাইকে মুৰমাড়ীৰ যাত্ৰাকালত আমাক কৈছিল। 'মই নাজানো মানুহৰ ওপৰত আক্ৰমণ চলোৱা বাঘটো সেই বাঘৰেই এটা হয় নে নহয়।’

আক্ৰমণত কিমানটা বাঘ দৰাচলতে আছিল সেয়া সত্যাপন কৰাৰ বাবে বাঘৰ লালটি (মানুহৰ দেহৰ পৰা লোৱা) আৰু অন্য নমুনা ভাৰতীয় বৈজ্ঞানিক অনুসন্ধান পৰিষদৰ এক প্ৰমুখ সংস্থা হায়দৰাবাদস্থিত কোষীয় আৰু আণৱিক জীৱবিজ্ঞান কেন্দ্ৰলৈ পঠিওৱা হৈছে। যদি বাঘে সমস্যাৰ সৃষ্টি কৰে, তেন্তে বন বিভাগে সাধাৰণতে তাক মৰাৰ সিদ্ধান্ত লয়।   

স্থানীয় লোকে কোৱা মতে এইবাৰ খৰাং বতৰৰ কাৰণে পৰিস্থিতিৰ অৱনতি ঘটিল। গ্ৰীষ্মকালত সাধাৰণতে তেন্দুৰ পাত গোটোৱাৰ কাৰণে মানুহ হাবিলৈ যায়। বাঘে চিকাৰ আৰু পানীৰ সন্ধানত ঘুৰি ফুৰাৰ সময়তো এই কাম কৰা হয়। কিয়নো দুয়োটাই সংৰক্ষিত এলেকাৰ বাহিৰত নোহোৱা হ’বলৈ ধৰিছে। ভালেসংখ্যক কিশোৰ বাঘে (তিনি বছৰৰ কম বয়সৰ) নিজা এলেকা বনোৱাৰ চেষ্টা কৰিছে। 

PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

নাগপুৰৰ পিণ্ডকপাৰ গাঁৱৰ নিজ ঘৰত বীৰসিংহ কণ্ডৱতে আৰু বিহান, বাঘে অতৰ্কিতে কৰা আক্ৰমণৰ কথা দুয়োৱে এতিয়াও পাহৰা নাই 

 তাড়োবা অভয়াৰণ্য (টিএটিআৰ) এতিয়া আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ থকা নাই। অৰণ্যত মানুহৰ বৰ্ধিত জনসংখ্যাই বন্যপ্ৰাণীৰ অস্তিত্বৰ যুঁজখন ঋতু বাগৰাৰ লগে লগে নাটকীয় আৰু হিংসাত্মক ৰূপ ধাৰণ কৰিছে।

২০১০ৰ পৰা ২০১৮ৰ জুলাইলৈ মহাৰাষ্ট্ৰত বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰায় ৩৩০ জন মানুহৰ মৃত্যু ঘটিছে। ইয়াৰে প্ৰায়ভাগৰে মৃত্যু বাঘ আৰু নাহৰফুটুকীৰ আক্ৰমণৰ ফলত হৈছে। ১২৩৪ গৰাকীয়ে গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে ২৭৭৬ গৰাকীয়ে সামান্য আঘাত পাইছে। এই তথ্য মহাৰাষ্ট্ৰৰ বন বিভাগৰ বন্যপ্ৰাণী শাখাৰ। এই তথ্য ৰাজ্যজুৰি বিস্তৃত যদিও ইয়াৰে প্ৰায়ভাগ তথ্যৰ প্ৰতিবেদন বিদৰ্ভৰ ব্যাঘ্ৰ প্ৰকল্প আৰু অভয়াৰণ্যৰ পৰা অহা।

একেখিনি সময়ৰ ভিতৰতে সংগঠিত ৰূপত মানুহে বিদৰ্ভত ৪০ টাৰো অধিক বাঘ চিকাৰ কৰা বুলি জনা যায়, ইয়াৰে চাৰিটা ‘সমস্যা’ থকা বাঘ বন বিভাগে ১০ বছৰত মাৰিছে, ভালেমান ধৰি আনি চিৰিয়াখানা নাইবা নাগপুৰ আৰু চন্দ্ৰপুৰত থকা উদ্ধাৰ কেন্দ্ৰলৈ পঠিওৱা হৈছে, বহুকেইটাক বিদ্যুতপৃষ্ঠ কৰাই মাৰি পেলোৱা হৈছে।

বিখণ্ডিত বন, বৰ্ধিত ক্ষোভ

মহাৰাষ্ট্ৰৰ বন্যপ্ৰাণী শাখাৰ মুখ্য বন সংৰক্ষক প্ৰধান অশোক কুমাৰ মিশ্ৰাৰ মতে দুটা কথাই এই সংঘাতৰ কথা বুজাত সহায় কৰে। এটা হৈছে সংগঠিত চিকাৰৰ ওপৰত নিষেধ আৰোপ কৰা সংৰক্ষণৰ চেষ্টাৰ ফলত বাঘৰ সংখ্যা বাঢ়িছে। দ্বিতীয়টো কথা হৈছে বনৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু মানুহৰ অভাৱনীয়ভাৱে বৰ্ধিত জনসংখ্যাকে ধৰি বিভিন্ন নৃতাত্বিক চাপ।

‘সংগঠিত ৰূপত মানুহে কৰা চিকাৰৰ কোনো তথ্য মই নাজানো, বিশেষকৈ ২০১৩ৰ পিছত (যেতিয়া চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছিল),’ ৱাইল্ডলাইফ প্ৰটেক্সন ছ’চাইটি অৱ ইণ্ডিয়াৰ সৈতে কাম কৰা ব্যাঘ্ৰ বিশেষজ্ঞ নীতিন দেশাইয়ে কয়। পাঁচটা বছৰত এই অঞ্চলত বৃহত হাৰত বাঘ মৰাৰ কোনো অপ্ৰাকৃতিক ঘটনা ঘটা নাই, তেঁও কয়। ইযে বাঘৰ সংখ্যা বঢ়াত সহায় কৰিছে।

তেতিয়া এটা অঞ্চলত যদি ৬০ টা বাঘ আছিল, এতিয়া একেটা অঞ্চলতে সেই সংখ্যা ১০০ হৈছে। সিহত যাবনো ক’লৈ? একেটা অঞ্চলতে বাঘৰ বৰ্ধিত আবাদীক আমি কেনেদৰে নিয়ন্ত্ৰণ কৰিম? আমাৰ কোনো পৰিকল্পনা নাই,’ দেশাই বুজাই ক’লে।   

এতিয়া বাঘ-মানুহৰ সংঘাতৰ বিষয়টো সীমাৰ দৃষ্টিৰে চোৱা হয়। বিদৰ্ভৰ বনাঞ্চলকে ধৰি ভাৰতৰ মধ্যভাগৰ বনাঞ্চল ৰাস্তা-ঘাটকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ ফলত দিনে দিনে বিখণ্ডিত হ’বলৈ ধৰিছে। 

PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

পিণ্ডকপাৰ গাঁৱত বীৰসিংহৰ শহুৰ বাবুলাল অত্ৰাম আৰু ডাঙৰজন ল’ৰা বেবিক। এই গাঁওখন নাগপুৰ জিলাৰ বাৱান্থৰী বান্ধৰ কাষতে আছে, তাৰে আশে-পাশে পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ডাঠ হাবিয়ে আৱৰি আছে 

মিশ্ৰাই কয় যে বাঘৰ আৱাসভূমি সংকুচিত হৈছে বা ভাগ ভাগ হৈ পৰিছে, জীৱ-জন্তুৰ স্বাভাৱিক বাট-পথবোৰ নাইকিয়া হৈ গৈছে। ফলত বিচৰণভূমিৰ ভাৰসাম্য হেৰাইছে। 'এনে পৰিস্থিতিত সংঘাতৰ বাদে কি আশা কৰিব পাৰি? মিশ্ৰাই প্ৰশ্ন কৰে। 'আমি সমাধানৰ বাট নুলিয়ালে পৰিস্থিতিৰ অৱনতি ঘটিব।’

পূৱ বিদৰ্ভত বাঘৰ বিচৰণভূমি ভাগ-ভাগ হোৱা বিষয়টোক লৈ দেহৰাডুনস্থিত ভাৰতীয় বন্যপ্ৰাণী সংস্থাই মিশ্ৰাৰ কাৰ্যালয়ৰ হতুৱাই কৰোৱা এক অধ্যয়নৰ ভিত্তিতে তেঁও কথাখিনি কৈছে। পূৰ্বৰ অধ্যয়নৰ এয়া এক বহল সংস্কৰণ, যিবোৰত আঙুলিয়াই দিয়া হৈছে যে বন বিখণ্ডনে বাঘ আৰু অইন বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব।     

'পূৱ বিদৰ্ভৰ ভূ-ভাগত বন বিখণ্ডনমহাৰাষ্ট্ৰ- টিগ ছ’ পাজল শীৰ্ষক ৩৭ পৃষ্ঠাৰ প্ৰতিবেদনখন ২০১৮ৰ জুলাই মাহত প্ৰকাশ কৰা হয়। পূৱ বিদৰ্ভৰ হাবিত কেৱল ছটা এনে স্থান আছে, প্ৰতিটো ঠায়ে ৫০০ বৰ্গকিলোমিটাৰমান এলেকাজুৰি আছে, যি ঠাই বাঘৰ বসতিৰ বাবে অনুকূল বুলি ক’ব পৰা যায়- প্ৰতিবেদনত এনেদৰে প্ৰকাশ পাইছে। তাৰে চাৰিটা স্থান গড়চিৰোলীত আছে, য’ত বাঘৰ বসতি নাই, যি ঠাই আগতে বাঘ-মানুহৰ সংঘাতৰ কেন্দ্ৰ আছিল।    

বনাঞ্চলৰ অধিকাংশ এলেকাৰ মাটিকালি ৫ বৰ্গকিলোমিটাৰৰো কম আৰু বাঘৰ বসতিৰ অনুকূল নহয়।   

ভাৰতীয় উপমহাদ্বীপ জৈৱ ক্ষেত্ৰত, য’ত নেপাল আৰু বাংলাদেশো অন্তৰ্ভূক্ত, তাতে পূৰ্বৰ অধ্যয়নত ৫৯ টা 'ব্যাঘ্ৰ সংৰক্ষণ একক’ (Tiger Conservation Unit, TCU)ৰ চিহ্নিত কৰা হৈছিল। সৰ্বমুঠ এলেকা আছিল ৩২৫,৫৭৫ বৰ্গ কিলোমিটাৰ, তাৰে কেৱল ৫৪,৯৪৫ বৰ্গকিলোমিটাৰ (চিহ্নিত এলেকাৰ মাত্ৰ ১৬.৮৭ শতাংশ)হে সংৰক্ষিত এলেকা, ডব্লিউ আই আই প্ৰতিবেদনত এই বুলি প্ৰকাশ। মধ্য ভাৰতীয় ভূভাগত ব্যাঘ্ৰ সংৰক্ষণৰ ইউনিটবোৰৰ ১০৭,৪৪০ বৰ্গকিলোমিটাৰ অন্তৰ্ভূক্ত, তাৰে ৫৯,৪৬৫ বৰ্গকিলোমিটাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ইউনিটত পৰে-যাক সংৰক্ষণৰ দিশৰ পৰা অগ্ৰাধিকাৰযুক্ত বসতিস্থলৰ ভিতৰত পৰাটো বুজায়।  

মধ্য ভাৰতীয় আৰু ৱেষ্টাৰ্ণ ঘাটক ব্যাঘ্ৰ সংৰক্ষণৰ দিশৰ পৰা বিশ্বজনীনভাৱে অগ্ৰাধিকাৰযুক্ত ভূ-ভাগ বুলি চিনাক্ত কৰা হৈছে, ডব্লিউআইআইৰ প্ৰতিবেদনে এই কথা কয়। এই অঞ্চলটো বাঘৰ বিশ্বজুৰী মুঠ সংখ্যাৰ প্ৰায় ১৮ শতাংশৰ বসতিস্থল। ২০১৬ৰ আন্তৰাষ্ট্ৰীয় লেখ অনুযায়ী ৩৯০০ টা বাঘ বনাঞ্চলত (আৱদ্ধ অৱস্থাত থকা সংখ্যা অজ্ঞাত) আছেগৈ। মধ্য ভাৰতত বাঘৰ সংখ্যা অত্যাধিক বিখণ্ডিত ক’ৰিডৰ আৰু কৃষিৰ কাৰণে হ্ৰাস পাইছে, প্ৰতিবেদনত এই বুলি প্ৰকাশ।    

ডব্লিউআইআই প্ৰতিবেদনত কোৱা হৈছেঃ 'পূৱ বিদৰ্ভৰ বনাঞ্চলৰ মাটিকালি ২২,৫০৮ বৰ্গকিলোমিটাৰ, যিটো মুঠ মাটিকালিৰ প্ৰায় ৩৫ শতাংশ, য’ত সংৰক্ষিত এলেকাৰ ভিতৰে-বাহিৰে বাঘৰ সংখ্যা প্ৰায় ২০০ বা তাতোকৈ অধিক।’ এই ক্ষেত্ৰখনক ৪৫৭৯০ কিলোমিটাৰৰ দীঘলীয়া পথে (২০১৬ৰ মাৰ্চলৈকে) বিভাজিত কৰিছে য’ত ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ, জিলা পৰ্যায়ৰ পথ আৰু গাঁৱৰ পথ অন্তৰ্ভূক্ত। বাট-পথৰ পৰা হোৱা বিখণ্ডনে বনাঞ্চলক ৫১৭ টা নতুন সৰু সৰু খণ্ডত ভাগ কৰি পেলাইছে যিবোৰ এক বৰ্গকিলোমিটাৰৰো কম আৰু সৰ্বমূঠ ২৪৬.৩৮ বৰ্গকিলোমিটাৰ ক্ষেত্ৰ সামৰি লয়।’      

চন্দ্ৰপূৰ জিলাত বিশেষকৈ নিৰ্মাণকাৰ্যৰ পয়োভৰ দেখা গৈছে, বিদৰ্ভৰ বাকী অঞ্চলবোৰতো একেই পৰিস্থিতি দেখা গৈছে। 

PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

চেতন খোব্ৰাগড়েৰ ভাই-ভনী, খুড়াৰ ল’ৰা আৰু মাক-দেউতাক। তেঁওৰ মৃত্যুই আমগাঁৱৰ প্ৰাণৰ সংশয়ত ডুবা মানুহৰ মাজত কাহ পৰি জীন যোৱা অৱস্থা 

ইয়াত কোনো আচৰিত হ’বলগীয়া কথা নাই যে পথ নিৰ্মাণৰ সৈতে বুনিয়াদী ভেঁটিৰ কাম তীব্ৰ গতিত চলিব ধৰিছে। মহাৰাষ্ট্ৰৰ দেবেন্দ্ৰ ফড়নভিচৰ ঘৰ নাগপুৰত, বিত্ত আৰু বন মন্ত্ৰী সুধীৰ মুনগণ্টিৱাৰৰ ঘৰ চন্দ্ৰপুৰত, শক্তি মন্ত্ৰী চন্দ্ৰশেখৰ বাৱনকুলৰ নাগপুৰ গ্ৰামীণত ঘৰ, কেন্দ্ৰীয় স্থল পৰিবহন আৰু নৌপৰিবহনৰ মন্ত্ৰী নিতিন গাডকাৰীৰো ঘৰো যে নাগপুৰতেই।  

কিন্তু এই নেতাসকলৰ কোনেও উপলব্ধি কৰা নাই যে উন্নয়নমূলক কাম-কাজৰ পৰা বন্যপ্ৰাণীৰ কিমান ক্ষতি হয়, বিশেষকৈ বাঘৰ, যিয়ে নতুন বসতিস্থল বিচাৰি সংৰক্ষিত বনাঞ্চলৰ পৰা বাহিৰলৈ ওলাই অহাৰ ফলত নিকটৱৰ্ত্তী দীঘলীবাট (ক’ৰিডৰ)ৰ প্ৰয়োজন আহি পৰিছে।    

চাৰিলেনযুক্ত চিমেণ্টৰ দুটা ৰাজপথ- ৪২ নং পূৱ-পশ্চিম চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মানে উত্তৰ-দক্ষিণ ক’ৰিডৰটো নাগপুৰৰ মাজেৰে পাৰ হৈ গৈছে। এই দুটা পথে বিদৰ্ভৰ বনাঞ্চলক বিভাজিত কৰিছে। কেৱল এয়াই নহয়, মহাৰাষ্ট্ৰ চৰকাৰে চন্দ্ৰপুৰ জিলাৰ তাড়োবা অভয়াৰণ্য ভেদি যোৱা ৰাজ্যিক ঘাইপথবোৰ ওখ কৰিবলৈ লৈছে।

ইয়াৰ উপৰিও বিগত দশকত ভাণ্ডাৰা জিলাৰ গোছেখুৰ্দৰ বৃহৎ বান্ধৰ বাওফালৰ পাৰটোত লাগি ৮০ কিলোমিটাৰ দীঘল খাল খন্দা হৈছে যিটো তাড়োবা অভয়াৰণ্যৰ পৰা ওলোৱা পূৱ-পশ্চিম ক’ৰিডৰৰ মাজেৰে পাৰ হৈ পশ্চিম দিশত থকা নৱেগাঁও-মাগঝিৰা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চললৈ বিয়পি আছে। 

'মানুহতকৈ বেছি উন্নয়নমূলক প্ৰকল্পবোৰৰ ফলত বাঘে প্ৰাকৃতিক ক’ৰিডৰ আৰু বিতৰণৰ পথবোৰ কাঢ়ি নিছে,’ চন্দ্ৰপুৰত ইক’-প্ৰ’ নামৰ এটা বেচৰকাৰী সংস্থা এটা পৰিচালনা কৰা সংৰক্ষণ কৰ্মী বান্দু ধোত্ৰেয়ে কয়।

মানুহৰ মৃত্যু, গৰু-মহৰ মৃত্যু, বাঘৰ মৃত্যু আৰু বাঘৰ সৈতে হোৱা সংঘাতৰ পৰিসংখ্যা কাগজে-পত্ৰই সুস্থিৰ যেন লাগিলেও বাস্তৱিক পৰিস্থিতি সম্পূৰ্ণ বেলেগ। জনসাধাৰণৰ মাজত ক্ষোভো বাঢ়ি আহিছে।      

উদাহৰণ স্বৰূপে বাঘৰ আশ্চৰ্যজনক আক্ৰমণত চেতন খোব্ৰাগড়েৰ মৃত্যুৰ পিছত ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ আশে-পাশে থকা ৫০ খনৰো অধিক গাঁৱত বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলিল। ৰাজপথত গঞাই তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিলে, গাঁৱে-গাঁৱে প্ৰতিবাদী ৰেলী ওলাল আৰু ৱাৰ্দ্ধা চহৰৰ জিলা সংৰক্ষকৰ কাৰ্যালয়ৰ সমুখত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হ’ল। গাঁৱৰ লোকে ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ পৰা দুৰৈত সংস্থাপনৰো দাবী তুলিলে।  

তাড়োবা আন্ধেৰী ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ আশে-পাশে বহুদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী চলি আছে। মানুহ আৰু বাঘৰ মাজত সংঘাত অব্যাহত আছে, অন্ত পৰাৰ কোনো লক্ষণ নাই।    

এই প্ৰতিবেদনৰ আন এটা সংস্কৰণ মংগবে আৰু বিবিচি মাৰাঠীত ২০১৮ৰ জুলাই মাহত প্ৰকাশিত হৈছে।

এই শৃংখলৰ আন প্ৰতিবেদনকেইটা এনেধৰণৰঃ   

টি-১ বাঘিনীৰ বিচৰণভূমিত, হত্যাৰ বৃত্তান্ত

'মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’)

বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিনবোৰ

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar