দুটা বছৰত অতিকমেও ১৩ জনৰ মৃত্যু, বোধকৰো ১৫ জনৰ। গৰু-মহো মাৰিছে আৰু খাইছে। এই সকলো ঘটনা ঘটিছে কৃষকৰ আত্মহত্যা আৰু কৃষি সংকটৰ কাৰণে বদনামী ৫০ বৰ্গকিলোমিটাৰ এলেকা জোৰা য়াভাতমাল জিলাত। যোৱা সপ্তাহলৈকে বিদৰ্ভৰ ৰালেগাঁও তহচিলত দুই পোৱালীৰ সৈতে ঘুৰি ফুৰা বাঘিনীজনীয়ে গাঁৱে-ভূঞে মানুহৰ মাজত আৰু বন বিষয়াবোৰৰ মনত আতংকৰ সৃষ্টি কৰি আহিছিল। ৫০ খনৰো অধিক গাঁৱত খেতি-বাতিৰ কাম বন্ধ হোৱাৰ উপক্ৰম হৈছিল। খেতিয়কে অকলে পথাৰলৈ ওলাবলৈ সংকোচবোধ কৰা হৈছিল, দলে-বলে গ'লেহে সাহ পাইছিল।
বাঘিনীজনীৰ কিবা বন্দোবস্ত কৰিব লাগে, কামলৈ নোযোৱাবোৰৰ এয়া সাধাৰণ অজুহাত হৈ পৰিছিল।
ক্ষোভিত মানুহে বনকৰ্মীসকলে টি-১ক ধৰিবলৈ নাইবা মাৰিবলৈ কৈ হেঁচা দি আহিছিল, ইয়ে বনকৰ্মীসকলক উপায়ন্তৰ কৰি পেলাইছিল। ক্ৰমান্বয়ে এই অভিযান জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিল। ২০০ৰো অধিক বনৰক্ষী, তীক্ষ্ণ বন্দুকবাজ, মহাৰাষ্ট্ৰ বন বিভাগৰ শীৰ্ষ বিষয়া আৰু মধ্য ভাৰতৰ কেবাজনো বিশেষজ্ঞ অভিযানত জপিয়াই পৰে। সকলোৱে ২৪ ঘণ্টাই বাঘিনীজনীৰ চালচলনত তীক্ষ্ণ নজৰ দি আহিছিল। ২ নৱেম্বৰত টি-১ক মৰাৰ পিছতহে উত্তেজনা শাম কাটে। (চাওকঃ 'টি-১ বাঘিনীৰ বিচৰণভূমিত, হত্যাৰ বৃত্তান্ত’ আৰু 'মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’)
২০১৬ৰ পৰা আৰম্ভ কৰি সিদিনালৈকে বাঘিনীয়ে কেবাজনো লোকৰ প্ৰাণ লৈছে। এই দুটা বছৰত তাইৰ পৰা অপ্ৰত্যাশিতভাৱে কষ্ট কোনে স্বীকাৰ কৰিবলগীয়া হৈছে?








