ষাঠি বছৰীয়া কেৱলবাই ৰাথোড়ে এটা গধুৰ দমকল বৰ কষ্ট কৰি মাৰি আছে৷ তেওঁ যিমানবাৰ দমকলটো মাৰিছে, মুখেৰে গোঁহ গোঁহ কৰি শব্দ কৰিছে। প্ৰতিবাৰ দমকলটো মাৰোতে তেওঁৰ হাতৰ শিৰাবোৰ স্পষ্ট হৈ পৰাৰ লগতে মুখৰ বলিৰেখাবোৰো গভীৰ হৈ পৰা দেখা গৈছে। কিন্তু তেওঁ ইমান কষ্ট কৰাৰ পিছতো পাত্ৰটোত নিগৰি নিগৰি কেইটোপালমানহে পানী পৰে। পানী নিবলৈ গাঁৱৰ বহু মানুহ ওচৰতে ৰৈ আছে যদিও দমকলটোৰ পৰা যিকোনো মূহুৰ্ততে পানী নোলোৱা হৈ যাব পাৰে।
প্ৰায় এঘণ্টামান পিছত সন্ধিয়া ৫ মান বজালৈকে কেৱলবাইয়ে দুটা পাত্ৰত পানী ভৰাবলৈ সক্ষম হ’ল। তেওঁৰ ৬৫ বৰ্ষীয় স্বামীয়ে ওচৰতে থকা শিল এচটাত বহি আকাশ-পাতল ভাবি আছিল। কেৱলবাইয়ে তেওঁলৈ লক্ষ্য কৰি মাৰাঠীতে ক’লে, “জালা ৰে (হৈ গ’ল)।” তেওঁৰ কথাত ৰামু থিয় হ’ল যদিও লৰচৰ নকৰাকৈ ঠাইতে ৰৈ থাকিল। কেৱলবাইয়ে এটা পাত্ৰ ৰামুৰ হাতত দিলে আৰু আনটো নিজে ল’লে। তেওঁ পাত্ৰটো নপৰাকৈ কান্ধত তুলি ল’লে আৰু ৰামুৰ আনখন হাত আনি নিজৰ কান্ধত ৰাখিলে। তাৰ পিছত দুয়োটাই ঘৰলৈ বুলি খোজ ল’লে। মই অবাক হৈ চাই থকাত কেৱলবাইয়ে ক’লে-’তেওঁ অন্ধ’।







