আত্মহত্যাৰ ঘটনাৰ বাবে স্পৰ্শকাতৰ অঞ্চল ৰূপে পৰিগণিত মহাৰাষ্ট্ৰৰ ৱাৰা কাৱতা গাঁৱৰ অপৰ্না মালিকাৰৰ ঘৰত বৃহস্পতিবাৰে (২০১১ৰ ২০ ছেপ্টেম্বৰ) সন্ধিয়া ৮-২৭ বজাত মানুহৰ গুণগণনি উঠিছে।

অনুজ্জল পোহৰেৰে আলোকিত কোঠাৰ মজিয়াত ৭ বছৰীয়া ৰোহিনীয়ে লক্ষ্যহীনভাবে ইফালে-সিফালে খোজ কাঢ়িছে, তিনিটা মিনিট যেন অন্তহীন সময়! ৮-৩০ বজাত মাতৃ অপৰ্নাক কৌন বনেগা ক্ৰৌড়পতিত দেখা যাব, গাঁৱৰ প্ৰায় আধাখিনি মানুহ আহি ইটা আৰু মাটিৰে নিৰ্মাণ কৰা তিনিটা কোঠাৰ ঘৰটোত ভিৰ কৰিছে। টিভি থকা ঘৰৰ ভিতৰত এইখনো এখন ঘৰ। ফলাফল তেওঁলোকে সকলোৱে জানে। অন্ততঃ ২৭ বছৰীয়া বিধবা মহিলা কৃষক তথা দুই সন্তানৰ মাতৃ আৰু কপাহ খেতিয়ক গৰাকীয়ে তেওঁলোকৰ বাবে গৌৰৱ কঢিয়াই আনিছে। সেইবাবেই মহাৰাষ্ট্ৰৰ যাভাটমাল জিলাৰ এই ক্ষুদ্ৰ গাওঁখনে অপৰ্নাৰ লগত সহযোগ কৰি এই গৌৰৱময় মূহুৰ্তটো চাবলৈ অপেক্ষা কৰিছে। কেবিচি স্পেচিয়েল, দুচৰা মৌকা (দ্বিতীয়টো সুবিধা)ত পৰিচালক অমিতাভ বচ্চনৰ সমুখত বহি থকাৰ গৌৰৱময় মূহুৰ্তটো চাবলৈ গাওঁবাসী আহিছে।

টিভিটোৱে দিগদাৰী দি থকা বাবে ককাদেউতাক অৰুণ তাথেক ৰোহিনীয়ে ক’লে, ‘ছনিলৈ যোৱা!’ তেওঁ হাঁহি এটা মাৰি তাকে কৰিলে। সেই মূহুৰ্তত গভীৰ টোপনিত লালকাল হৈ থকা চাৰি বছৰীয়া সমৃদ্ধিৰ মুখত যেন এক প্ৰশান্তিৰ প্ৰচ্ছায়া। লগতে ঘৰৰ দেৱালত আঁৰি থোৱা ফটোৰ ফ্ৰেমৰ মাজেৰে যেন নীৰৱে চাই আছে সিহঁতৰ মৃত পিতৃ সঞ্জয়ে।

অপৰ্নাক নিৰুদ্বেগ যেন দেখা গৈছে। ১০ ছেপ্তেম্বৰত ৰেকৰ্ডিং কৰাৰ পাচত, তেওঁ কয়, বিগ বি-য়ে ব্যক্তিগত উপহাৰ ৰূপে তেওঁলৈ এখন চেক্ প্ৰেৰণ কৰে। ‘তেওঁ কৈছিল যে মোক ৫০,০০০ টকা দিব। মই ১ লাখ টকাৰ চেকখন পাই আচৰিত হৈছিলো।  মোৰ আবেগবিহ্বল হৈ পৰিছিলোঁ,’ এইদৰে অপৰ্নাই কয়।

নিজৰ ব্লগত অভিনেতাজনে লিখিলে, ‘এই সুন্দৰ কাৰ্যক্ৰমণিকাত ‘আহত হৃদয়’ৰ গৰাকীসকলৰ সৈতে সময় কটোৱাৰ পিছত ব্যক্ত কৰিবলগীয়া আন একো ভাষা মই বিচাৰি পোৱা নাই।’

এই অঞ্চলৰ ১০ গৰাকী বিধবা কৃষকৰ মাজৰ পৰা কে.বি.চি.য়ে অপৰ্নাক বাচি লৈছিল। কৃষক আন্দোলনক নেতৃত্ব দিয়া বিদৰ্ভ জন আন্দোলন সমিতিৰ কিশোৰ তিৱাৰীয়ে এই ১০ গৰাকীৰ নাম কে.বি.চি.ক দিছিল।

‘তেওঁলোকৰ কেইজনমান লোকে মোৰ সাক্ষাৎকাৰ ল’বলৈ ইয়ালৈ আহিছিল, উত্তৰ দিয়াৰ বাবে মোক এখন প্ৰশ্নকাকত দিয়া হৈছিল। অপৰ্নাই সেই কথাবোৰ সুঁৱৰিলে। বিবাহৰ ৮ টা বছৰত নিজৰ জীয়ৰীক কেতিয়াও হঁহা দেখা নাছিল বুলি অপৰ্নাৰ মাতৃ লীলাবাঈয়ে ফুচফুচাই ক’লে।

বিবাহৰ অৰ্থ হৈ পৰিল কাম, ঋণ আৰু হাই-কাজিয়া। তেতিয়া সময় আছিল ২০০৮ৰ আগস্ত মাহ। সঞ্জয়ে ওচৰৰে পটনবৰীত কীটনাশক সেৱন কৰিলে। তেতিয়া ৰোহিনীৰ বয়স আছিল মাত্ৰ চাৰি বছৰ আৰু সৰুজনীৰ মাত্ৰ ৯ মাহ হৈছিল। ‘সমাজৰ পৰা মই নিজক ৰক্ষা কৰিবলৈ এতিয়াও মংগলসূত্ৰ পৰিধান কৰো’ বুলি অপৰ্নাই কয়। ’

কিন্তু এয়া আনন্দৰ সময়। এতিয়া ৮-৩০ হৈছে। গম্ভীৰ কণ্ঠেৰে বচ্চনে দৰ্শকক উদ্দেশ্যী জনালে, অপৰ্নাক নিজৰ জীৱনটো আগুৱাই নিয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে এটা সুবিধা দিব বিচাৰে।

প্ৰথমতে, বিগ বি-য়ে পূৰ্ণ প্ৰতিযোগী বিহাৰৰ সঞ্জয় কুমাৰক চাব। তেওঁ ‘খুব ভাল’ খেলিছে। অপৰ্নাৰ ঘৰত ঠাঁহ খাই থকা মানুহখিনি অধৈৰ্য হৈ পৰিছে।

নিশা ৮-৪৫ বাজিছে। বিপৰ্যয়! বিজুলীবাতি নুমাই গ’ল। ‘লোড শ্বেডিং!’ কোনোবা এটা শিশুৰ চিঞৰ ভাঁহি আহিল। ‘মনে মনে থাক, বেছি সময়ৰ বাবে নাযায়।’ এজন বয়সীয়া লোকে ক’লে। তেওঁৰ কথাই সত্য। ৮-৫০ বজাত বিজুলীবাতি জ্বলি উঠিল। কিন্তু বাণিজ্যিক বিৰতিয়ে আমনি কৰিলে। অপেক্ষাৰ যেন অন্ত নাই।

PHOTO • Jaideep Hardikar

প্ৰত্যাহ্বানবোৰ

সঞ্জয়ৰ আত্মহত্যাৰ পিচত অপৰ্নাৰ সন্মুখত প্ৰত্যাহ্বান তীব্ৰতৰ হ’ল। নাগপুৰত থকা সঞ্জয়ৰ তিনি ভ্ৰাতৃয়ে তেওঁ খেতি কৰি থকা মাটি দখল কৰাৰ লক্ষ্যৰে তেওঁক ঘৰটোৰ পৰা উলিয়াই দিবলৈ চেষ্টা কৰিলে।

আত্মহত্যাৰ দুসপ্তাহ পিচতেই সঞ্জয়ক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি সঞ্জয়ৰ এজন ভ্ৰাতৃয়ে অপৰ্নাৰ পিতৃ অৰুণ আৰু ভ্ৰাতৃ অমলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিলে। সঞ্জয়ৰ একেজন ভায়েকেই সঞ্জয়ে আত্মহত্যা কৰাৰ সময়ত লগত আছিল বুলি অপৰ্নাই কয়।

‘মোৰ ছোৱালীজনীয়ে যাতে খেতিৰ মাটিখিনি এৰি দিয়ে, সেই কাৰণে সিহঁতে আমাক হাৰাশাস্তি কৰিছিল। অপৰ্নাৰ পিতৃ অৰুণে কয়। অপৰ্নাৰ মতে, অপৰ্না আৰু তেওঁৰ স্বামীয়ে মৃত্যুৰ সময়লৈ খেতি কৰি থকা ১৬ একৰ খেতিমাটিক লৈ পাৰিবাৰিক বিবাদৰ সূত্ৰপাত হৈছিল। গোটেই গাওঁবাসী আমাৰ পক্ষত থিয় দিছিল।’

সঞ্জয়ক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা আৰু তেওঁৰ ভূমি হস্তগত কৰাৰ অভিপ্ৰায়ৰ অভিযোগত অৰুণ আৰু অমল জামিন লাভ নকৰা পৰ্যন্ত ১০ দিন কাৰাগাৰত আছিল। সঞ্জয়ে ভায়েকহঁতে হাৰাশাস্তি কৰা আৰু ভাবুকি দিয়া বুলি এৰি থৈ যোৱা এখন আত্মহত্যাৰ টোকা সঞ্জয়ৰ মৃতদেহৰ ওচৰৰ পৰা উদ্ধাৰ কৰি আৰক্ষীয়ে আদালতত দাখিল কৰিছিল যদিও প্ৰতিপক্ষৰ উকীলে এইখন নকল বুলি কয়। মহাৰাষ্ট্ৰৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ কপাহৰ বাণিজ্যকেন্দ্ৰীক চহৰ পান্ধাৰকাৱৰাৰ এখন সত্ৰ ন্যায়ালয়ত গোচৰ চলি আছে।

এন.চি.পি.ৰ পৰা কংগ্ৰেছ নেতা হোৱা নাগপুৰৰ প্ৰাক্তন মেয়ৰ সঞ্জয়ৰ জ্যেষ্ঠ ভাতৃ ৰঘূনাথ মালিকাৰৰ পত্নী এতিয়াও নাগপুৰৰ এগৰাকী কাউঞ্চিলৰ। কে.বি.চি. শ্ব’খনৰ ৰেকৰ্ডিঙৰ পিচত কে.বি.চি.ৰ প্ৰযোজকলৈ এই বুলি চিঠি লিখাৰ অভিযোগ আছে যে অপৰ্না এগৰাকী বিধবা, কিন্তু বিধবা কৃষক নহয়।

ভূমিৰ নথি (৭/১২ দলিল)ত অপৰ্নাক কৃষক বুলি কোৱা হৈছে আৰু বিবদমান ভূমি অপৰ্নাৰ দখলত আছে।

‘অপৰ্না সাংঘাতিক কষ্ট কৰিবপৰা খেতিয়ক, ১৬ একৰ ভূমিৰ খেতিপথাৰত কাম কৰা, ঋণ আদায় দিয়া আৰু সন্তানৰ লালন-পালন ইমান সহজ কাম নহয়,’ গাওঁ প্ৰধান নিৰ্মলা গোৰেয়ে কয়।

মৌমাখি আৰু ক্ৰিকেট বেট

২১ ইঞ্চিৰ টিভিটৰ পৰ্দাত দেখা গ’ল অমিতাভ বচ্চনে অপৰ্নাৰ ফালে আহি তেওঁৰ নিৰ্দিষ্ট আসনত বহিল। ‘মই প্ৰায় কিংকৰ্তব্য বিমুঢ় হৈছিলো।’ স্মৃতি ৰোমন্থন কৰি অপৰ্নাই খুকখুকাই হাঁহিলে। অপৰ্নাই আগতে য়াভাটমালৰ বাহিৰলৈ গৈ পোৱা নাছিল। ‘কিন্তু অমিতাভ ছাৰে মোক পৰিস্থিতিটোত সহজ কৰি তুলিলে। মই যেন সপোনহে দেখিছিলোঁ।’

পিতৃ অৰুণ আৰু য়াভাটমাল জিলাত ১৯৯৮ত আত্মহত্যা কৰা এজন কৃষকৰ সন্তান বৰ্তমান নাগপুৰৰ এখন প্ৰতিষ্ঠানত সাংবাদিকতাৰ ছাত্ৰী মঞ্জুলা আম্বেৰৱাৰ অপৰ্নাৰ লগত মুম্বাইলৈ গৈছিল। অপৰ্নাৰ পিতৃ অৰুণে কয় যে তেওঁলোকৰ মুম্বাই যাত্ৰা শিহৰণকাৰী আছিল। ‘মই কেতিয়াও বিমান দেখা নাছিলোঁ। আমি বিমানেৰে মুম্বাইলৈ যাত্ৰা কৰিলোঁ।’

খেল আৰম্ভ হ’ল। অপৰ্নাই ১৬ লাখ টকাৰ প্ৰথম লক্ষ্য ঠিৰাং কৰিলে। সেয়া ফাৰ্ষ্ট টাৰ্গেট বা মন চাহা পড়াও।

প্ৰশ্ন ১ (৫০০০ টকা): মৌমাখিৰ ঘৰটোক হিন্দী ভাষাত কি বুলি কয়? অপৰ্নাই দৰ্শকৰ সহায় বিচাৰিলে। উত্তৰটো হৈছে ‘চাট্টা’। অপৰ্নাই কয় তেওঁ মৌবাহৰ মাৰাঠী শব্দটো জানে- ‘মোহাৰু’।

প্ৰশ্ন ২ (১০,০০০ টকা): ইয়াৰ ভিতৰত কোনটো খেল অনায়াত ক্ষেত্ৰৰ খেল? অপৰ্না আকৌ ৰৈ গ’ল। এইবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লাগে। আমন্ত্ৰিত বিশেষজ্ঞ অৰ্থনীতিবিদ অজিত ৰানাডেয়ে অপৰ্নাক উদ্ধাৰ কৰিলে। উত্তৰ দিলে, ক্ৰিকেট।

অপৰ্নাই এবাৰ মনতে ভাবিলে, ঘৰত টিভি চাই থকা দুই কন্যাই কি ভাবিব- তাই পাইও হেৰুৱালে এই ধন। অপৰ্নাই আত্মবিশ্বাসহীনভাবে ক’লে, ‘মই দুয়োটা উত্তৰেই জানিছিলোঁ, কিন্তু ভয় লাগিছিল।’

শান্ত, নিস্তব্ধ! প্ৰশ্ন-৩ (২০০০০ টকা): এই জন্তুবোৰৰ ভিতৰত কাৰ ক’লা-বগা আঁচ আছে? অপৰ্না তিয়হৰ দৰে শীতল হৈ থাকিল। জেব্ৰা, ইয়াৰ উত্তৰ। ৰোহিনী অলপ পোনহৈ বহিল।

ইয়াৰ পিছত। এই ৰোগবোৰৰ ভিতৰত কোনটোক চোটি মা বা খাছৰা বুলি কোৱা হয়? ৪০ হাজাৰ টকাৰ কথা। তিনি বাই-ভনীৰ ভিতৰত কনিষ্ঠ অপৰ্নাই নৱমমান শ্ৰেণীৰ পৰা বিদ্যালয়লৈ যোৱা বন্ধ কৰিছিল। ঘড়ীৰ কাটাৰ শব্দ শুনা গ’ল।

বিগ বি-য়ে প্ৰশ্নটো পুনৰ ক’লে। অপৰ্নাই চিন্তা কৰি আছে। ইফালে ঘৰত আকস্মিক নীৰৱতা। ‘মিজলচ্’ অৱশেষত অপৰ্নাই উত্তৰ দিলে। শব্দটো উচ্চাৰণ কৰিবলৈ বহুত যেন কষ্ট কৰিবলগীয়া হ’ল। মুম্বাইৰ ষ্টুডিঅ’ আৰু ৱাৰা কাৱথাৰ দৰ্শকে হাততালি বজালে।

প্ৰশ্ন ৫ (৮০ হাজাৰ টকা): ২০০৯ত কোনটো ৰাজনৈতিক দলে, নীতিন গাডকাৰীক দলৰ সভাপতিৰূপে নিৰ্বাচন কৰিছিল? অপৰ্নাই তৃতীয়বাৰৰ বাবে লাইফলাইন ব্যৱহাৰ কৰিলেঃ ফোন-আ-ফ্ৰেইণ্ড।

‘কম্পিউটাৰজি’-য়ে সমিতিৰ নেতা তিৱাৰীৰ সৈতে যোগাযোগ কৰক। তেওঁৰ বাবে তেনেই সহজ- বিজেপি।

পিছৰ প্ৰশ্নটো টানঃ এইটো মন চাহা পড়াও। এইটোৰ শুদ্ধ উত্তৰ দিলে তুমি অতিকমেও ১.৬ লাখ টকা পাবা।

হিন্দুৰ উপাখ্যান মতে, তলৰ কোনটো শব্দৰ কুৰুক্ষেত্ৰৰ লগত সম্পৰ্ক আছে?

ইয়াৰ উত্তৰটো ‘C’ - মহাভাৰত।

বচ্চনে চেক্ এখন লিখিলে। বাণিজ্যিক বিৰতি।

PHOTO • Jaideep Hardikar

যোগ্যতাহীন আত্মহত্যা

এই ধনখিনিয়ে অপৰ্নাক ঋণৰ বোজাৰ পৰা ৰেহাই দিব। অপৰ্নাই চৰকাৰে দিবলগীয়া ক্ষতিপূৰণৰ এক লাখ টকা নাপালে, কাৰণ সঞ্জয়ৰ ক্ষেত্ৰত ‘আত্মহত্যা যোগ্যতাহীন’।

মহাৰাষ্ট্ৰ চৰকাৰৰ মতে তেতিয়াহে এজন কৃষকৰ আত্মহত্যা যোগ্য বুলি বিবেচনা কৰা হ’ব, যদি আত্মহত্যা কৰা পুৰুষ বা মহিলাই কৃষিৰ লগত সম্পৰ্ক থকা কাৰণত আত্মহত্যা কৰে। চৰ্তসমূহঃ অনাদায় অৱস্থাত থকা বেংকৰ ঋণ, কৃষক বা ভূমিৰ মালিকীস্বত্বৰ স্থিতি, কৃষিৰ বাবে হতাশগ্ৰস্ততা।

ব্যক্তিগত ঋণদাতাৰ ঋণ ধৰা নহয়, সঞ্জয়ে এনে ব্যক্তিগত মালিকৰ পৰা দুই লাখ টকাৰ ঋণ লৈছিল। ইউনিয়ন বেংকৰ পৰাও ৫০,০০০ টকা ঋণ লৈছিল। কিন্তু ঘৰ নিৰ্মাণৰ বাবে এই ঋণ লোৱা হৈছিল। ঋণ অনাদায়ী কৃষক হিচাপে খেতিৰ বাবে বেংকে ঋণ নিদিয়ে। অপৰ্নাই কয়।

এটাৰ পিছত এটা বছৰত খেতিৰ লোকচান হ’ব ধৰিছিল। সেইবোৰৰ হিচাপ ধৰা নহয়। সঞ্জয়ৰ ভায়েকহঁতেও এই ঘটনাক কৃষকৰ আত্মহত্যা বুলি নাভাবে। সেয়ে আনুষ্ঠানিকভাৱে সঞ্জয়ৰ আত্মহত্যাৰ কাৰণ ঘৰুৱা বুলি কোৱা হৈছিল।

‘আমি কাজিয়া কৰিছিলো, হয়, কিন্তু কোন স্বামী-স্ত্ৰীয়ে কাজিয়া নকৰে? মই দেখিছিলো, সঞ্জয়ে কেনেকৈ ক্ৰমান্বয়ে মৃত্যুমুখী হৈ পৰিছিল, পলপলকৈ প্ৰতিদিনে ঋণৰ মানসিক চাপে সহ্যৰ সীমা অতিক্ৰম কৰিছিল,’ অপৰ্নাই কয়।

‘২০০৫ পৰ্যন্ত মোৰ স্বামীয়ে সুৰাপান কৰা নাছিল’ তাই কথাখিনি কওঁতে বহুকেইজন গঞাই মুৰ দুপিয়ালে। ‘ঋণৰ কথা ভাবি সঞ্জয় সদায় উদ্বিগ্ন হৈ আছিল, মই সঞ্জয়ৰ লগত কাজিয়া কৰিছিলো, তেওঁক কৈছিলো যে সুৰাপানে আমাৰ সমস্যাবোৰক অধিক বেয়াৰ ফালে লৈ যাব।’

২০০৮ৰ পিছত হোৱা ৭০ শতাংশ আত্মহত্যাৰ ঘটনাক চৰকাৰে ক্ষতিপূৰণ লাভৰ বাবে যোগ্যতাসম্পন্ন নহয় বুলি কৈছিল। উল্লেখ্য যে সেই বছৰতে চৰকাৰে কৃষকক এককালীন ঋণ মাফিৰ সিদ্ধান্ত ঘোষণা কৰিছিল।

নিজৰ ব্লগত অমিতাভ বচ্চনে কৈছিল, ‘অপৰ্নাৰ জীৱন সংগ্ৰামে তেওঁৰ মনত যি ক্ষোভৰ উদ্গীৰণ ঘটাইছে, সেয়া প্ৰকাশৰ ভাষা নাই। কিন্তু তাতে আছিল পৰম সত্য, অতি নিৰ্মম আৰু সততাৰ সংগ্ৰাম।’

অন্তিম পৰ্ব

প্ৰশ্ন ৭ (৩.২ লাখ টকা): শ্ৰব্যাংশৰ পৰা নায়কক চিনাক্ত কৰক। অপৰ্নাই হাঁহিলে। সম্ভৱতঃ গোটেই শ্ব’টোত প্ৰথমবাৰৰ বাবে চলমান খানৰ কণ্ঠ অপৰ্নাৰ পৰিচিত। শুদ্ধ উত্তৰ। তাই এতিয়া ঋণৰ ধন একেলগে পৰিশোধ কৰিব পাৰিব আৰু এখন ‘বিউটি পাৰ্লাৰ’ স্থাপন কৰাৰ সপোন পূৰণ কৰিব পাৰিব।

কোন মুক্তিযোদ্ধাক লোকমান্য বুলিও জনা গৈছিল? বাল গংগাধৰ তিলক। অমিতাভ বচ্চনে অপৰ্নাৰ হাতত তুলি দিলে ৬.৪ লাখ টকাৰ এখন চেক্।

এতিয়া বিগ বিয়ে প্ৰশংসাৰে উপচাই অপৰ্নাৰ লগত আলাপত ব্যস্ত। তেওঁ পিছৰ প্ৰশ্নটো সুধিলেঃ প্ৰশ্ন নং ৯ (১২.৫ লাখ টকাৰ প্ৰশ্ন)। কোন ঋষিয়ে ৪০০০ আভাং লিখা বুলি বিশ্বাস কৰা হয়, যাৰ অধিকাংশ পান্ধাৰপুৰৰ ভগৱান ৱিথ’ৱাক উদ্দেশ্যী ৰচনা কৰা হৈছিল?

কাহ পৰি জীন যোৱা অৱস্থা। অপৰ্নাক চাৰিটা সুযোগ দিয়া হ’ল। তাইৰ হাতত এটা মাত্ৰ লাইফলাইন আছে। বচ্চনে অপৰ্নাৰ দোধোৰ-মোধোৰ অৱস্থাটো বুজিব পাৰি ক’লে, একেবাৰে যদি নিশ্চিত তেন্তে খেলিব পাৰা। অলপ পিচত অপৰ্নাই ইমানতে এৰিব বিচাৰে বুলি কয়।

নিশ্চিত নে? তাই পুনৰ ক’লে, তাই আৰু নেখেলে। বচ্চনে দৰ্শকক শেষবাৰৰ বাবে হাততালি বজাবলৈ ক’লে।

এতিয়া তাই যদি উত্তৰটো অনুমান কৰিব পাৰিলেহেঁতেন, তাই কোনটো শুদ্ধ বুলি ভাবিলেহেঁতেন। বচ্চনে ক’লে, সন্ত তুকাৰাম। সেইটোৱেই শুদ্ধ বুলি তাই ভাবিলেহেঁতেন। অপৰ্নাই ক’লে।

ঘৰত অপৰ্নাই গাওঁবাসীক ক’লে যে তাই নিশ্চিত নাছিল, সেয়ে তাই খেল সিমানতে সামৰিলে।

এতিয়া সময় নিশা ১০ বাজিছে। শ্ব’ শেষ হ’ল। গাওঁবাসী গ’লগৈ। সকলোৱে অপৰ্নাক প্ৰশংসা কৰিলে। অপৰ্নাই দিবাস্বপ্নৰ পৰা ওলাই আহিল। ভীতিগ্ৰস্ত হ’বলগা জীৱনৰ আৰু বহু প্ৰশ্ন এতিয়াও বাকী আছে। সেইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত সুযোগৰ সম্ভাৱনা কম থাকে, এৰি অহাটোক কেতিয়াও সুযোগ বুলি কোৱা নহয়।

দ্যা টেলিগ্ৰাফ কাকতত এই নিৱন্ধৰ মূল সংস্কৰণ প্ৰকাশ পাইছিল।

http://www.telegraphindia.com/1111003/jsp/frontpage/story_14582231.j

অনুবাদঃ পংকজ দাস

Jaideep Hardikar

Jaideep Hardikar is a Nagpur-based journalist and writer, and a PARI core team member.

Other stories by Jaideep Hardikar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das