
SANGUR, PUNJAB
|FRI, MAY 08, 2026
ভাৰতৰ বাদ্যযন্ত্ৰৰ জগতখন গঢ়ি তোলা সুনিপুণ কাৰিকৰসকল
ভাৰতৰ গ্ৰামাঞ্চলত প্ৰচলিত বাদ্যযন্ত্ৰৰ বৈচিত্ৰময় জগতখনৰ কথাকে পাতো। হিমাচল প্ৰদেশৰ ৰবাবৰ পৰা আৰম্ভ কৰি খঞ্জৰি, পশ্চিমবংগৰ গাড়গুবিৰ বনম, মহাৰাষ্ট্ৰৰ মহৰ বিশাল শিং আকৃতিৰ টাৰ্পা, চত্তীশগড়ৰ বাঁহী আৰু বাঁচ বাজা, বিভিন্ন ৰাজ্যৰ ধুমচি, ঢোল, ঢোলক, ঢাপ আৰু দল্লু আদি। এই বাদ্যযন্ত্ৰসমূহৰ প্ৰায়ভাগেই উচ্চ কৌশলসম্পন্ন শিল্পীৰ দ্বাৰা নিৰ্মিত যিয়ে পূৰ্বপুৰুষৰ পৰম্পৰাক আগবঢ়াই নিছে। এই ধৰক নৰসিংগাপেট্টাইৰ নদস্বৰম নিৰ্মাতাসকল, মাইলপ’ৰৰ মৃদংগ নিৰ্মাতাসকল, কাচাৰগড়ৰ বাঁহৰ ঢোল বনোৱাসকল আৰু পেৰুৱেম্বাৰ ঘাতবাদ্য নিৰ্মাতাসকল। বহু সংগীতৰ পৰম্পৰা এতিয়া লুপ্ত হোৱাৰ দিশত যদিও আন বহু আকৌ এতিয়াও জীৱন্ত আৰু গ্ৰামীণ ভাৰতৰ আকাশে-বতাহে তাৰ সুৰ-ছেও ভাহি ফুৰিছে – তাকে লৈ পাৰিৰ এই প্ৰতিবেদনৰ সংকলন আগবঢ়োৱা হৈছে
Author
Translator
27. সৰলা গাঁৱৰ দোতাৰাবাদকজন
আৰ্থিক অনাটনৰ মাজত অতিৰিক্ত দুপইচা উপাৰ্জন কৰিবলৈ নিজৰ চখটোকে সম্বল কৰি লৈছে ত্ৰিপুৰাৰ সৰলা গাঁও পঞ্চায়তৰ এগৰাকী লোকসংগীতশিল্পীয়ে
26. ৱা য়াহৰ প্ৰীতিভৰা সুৰ
প্ৰেমাস্পদৰ আগত নিজৰ মনৰ কথা ক’বলৈ বজোৱা ৱা য়াহ হৈছে নাগালেণ্ডৰ কন্যাক জনজাতীয় লোকৰ বাদ্যযন্ত্ৰ। বাৰ্ষিক আওলেং বসন্ত উৎসৱত এই ৱা য়াহৰ মাত শুনো আহক
25. গলিয়ে গলিয়ে ঢোলৰ মাত, পিছে দহিছৰৰ কাৰুশিল্পীহে দুশ্চিন্তাত
ইৰফান শ্বেইখ আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ মানুহখিনি মুম্বাইৰ দহিছৰৰ ব্যস্ততাৰে ভৰা গলিবোৰত থাকে। তেওঁলোকে আধুনিক কৌশল-প্ৰযুক্তিৰ পৰা পোৱা প্ৰত্যাহ্বান সত্ত্বেও ঢোল বনোৱাৰ অতীজৰে পৰা চলি অহা পৰম্পৰা অব্যাহত ৰাখিছে, তেওঁৰ এই শিল্পক লৈ এই প্ৰতিবেদন আৰু তথ্যচিত্ৰ
24. বাতহত বিয়পে টাৰ্পিৰ সুৰ
এই শিল্পীজনৰ পৰশত প্ৰাণ পাই উঠা টাৰ্পিৰ সুৰ উপভোগ কৰক, ভিডিঅ’টোও চাওক
23. বড়োসকলৰ নৃত্য-গীত, চিফুঙৰ সুৰ আৰু খামৰ ছেও
অসমৰ বড়ো সম্প্ৰদায়ৰ সুবনশ্ৰী আৰু বাগুৰুম্বা নৃত্যৰ লগতে চিফুং, চেৰজাৰ সুৰ আৰু খামৰ ছেও উপভোগ কৰোঁ আহক
22. ‘আশা কৰোঁ সিহঁতে এতিয়াও খৰতাল বনাই আছে’
অনুপৰম সুতাৰ ৰাজস্থানৰ অন্যতম প্ৰাচীন ঘাতবাদ্য খৰতালৰ অন্তিম কেইগৰাকী নিৰ্মাতাৰ মাজৰ এজন। চহৰত আচবাব বনোৱা কামত পাৰিশ্ৰামিক ভাল কাৰণে খৰতাল বনোৱা আন কাৰিকৰে ভিন্ন চহৰলৈ প্ৰব্ৰজন কৰিছে
21. দুহাতেৰে মৰ্চাং সাজি সাজি কটোৱা জীৱনটো
মোহনলাল লোহাৰে আধা শতিকাতকৈয়ো অধিক কাল ধৰি মৰ্চাং সাজি আহিছে। এই তালবাদ্যবোৰ গোটেই ৰাজস্থানৰ বালিৰ টিলাবোৰৰ মাজে মাজে শুনিবলৈ পোৱা যায়
20. মাজুলীৰ বাদ্যকৰৰ অবিশ্ৰান্ত সংগ্ৰাম
অসমৰ প্ৰায় প্ৰতিটো উৎসৱতে হাতেৰে বজোৱা বাদ্যযন্ত্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। তৎসত্ত্বেও বাদ্যযন্ত্ৰ তৈয়াৰ কৰা শিল্পীসকলে এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ নতুনকৈ প্ৰণয়ন কৰা গো-সুৰক্ষা আইনৰ বাবে ইয়াৰ সৈতে জড়িত শিল্পীসকলে দামবৃদ্ধিৰ লগতে বিভিন্ন আন সমস্যাৰ ফলত হাৰাশাস্তি ভোগা দেখা গৈছে
19. মিৰাজৰ চেতাৰ নিৰ্মাতাসকল
মহাৰাষ্ট্ৰৰ এখন বিশেষ চহৰ। দেশে-বিদেশে সুৰৰ ঝংকাৰ তুলিবলৈ এই চহৰতে চেতাৰ আৰু টানপুৰাই প্ৰাণ পাই উঠে। কিন্তু লাহে লাহে চহৰখনৰ নতুন প্ৰজন্মই বাদ্যযন্ত্ৰ তৈয়াৰৰ পৰিৱৰ্তে বাদ্যযন্ত্ৰ পৰিৱেশনৰ প্ৰতিহে অধিক আকৰ্ষিত হ’বলৈ লৈছে। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন
18. কঁঠাল কাঠত সুৰৰ ঝংকাৰ
কঁঠালৰ গছ - ভাৰতৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বীণা আদি বনোৱা এই গছেৰে তামিলনাডুখন ভৰি আছে। নিৰ্জীৱ কাঠক ঘঁহি-মাজি গান গাবপৰা কৰালৈ সি দীঘলীয়া এক প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হয়, এই কামটো পানৰুটি আৰু তাঞ্জাভুৰৰ অতি পাকৈত হস্তশিল্পীয়েহে কৰিব পাৰে
17. ‘টাৰ্পাখনেই মোৰ ইশ্বৰ’
ভিকলিয়া লাড়কিয়া ধিণ্ডা এজন ৱাৰ্লি আদিবাসী। ঊনান্নবৈ বৰ্ষীয় এই সংগীতশিল্পীজন ৱালৱাণ্ডেত থাকে আৰু টাৰ্পা বজায়। টাৰ্পা বাঁহ আৰু শুকান পানীলাওৰ খোলাৰে নিৰ্মিত এবিধ সুষিৰ বাদ্য। শিল্পীগৰাকীৰ সংগীত আৰু আস্থাৰ কাহিনী তেওঁৰ মুখেৰেই শুনো আহক
16. জোৰা-টাপলি মাৰি শ্বেহনাই বনোৱা নাৰায়ন দেশাই
হস্তনিৰ্মিত পৰম্পৰাগত শ্বেহনাইৰ চাহিদা দ্ৰুতগতিত নামি অহাৰ সময়তে কৰ্ণাটকৰ মানকাপুৰ গাঁৱত ৬৫ বছৰ বৰ্ষীয় শিল্পীগৰাকীয়ে এই শিল্পবিধক জীয়াই ৰাখিবলৈ নতুন নতুন উপায় বিচাৰি উলিয়াইছে
15. মুম্বাই ল’কেলত সাংৰগীৰ সুৰ
ৰাজস্থানৰ পৰা প্ৰব্ৰজিত হৈ কিষণ যোগীয়ে মুম্বাই ল’কেল ট্ৰেইনত সাৰংগী বজায়। দেউতাকৰ পৰা এই পৰম্পৰা তেওঁ আয়ত্ত কৰি সেয়া অব্যাহত ৰাখিছে যদিও এই পেচাৰে চলাটো টান হৈ পৰা বুলি তেওঁ কয়
14. মাদুৰাইৰ কম্বু আজি নীৰৱ, কৰ্মহীন শিল্পী
ক’ভিড-১৯ লকডাউনৰ ফলত মন্দিৰৰ প্ৰাংগণবোৰ নীৰৱ, কোনো উৎসৱ নাই, ৰাজহুৱা অনুষ্ঠানো নাই। এনেদৰে কম্বু শিল্পীসকলো কৰ্মহীন হৈ পৰিছে ঠিকেই, কিন্তু কৰ্মহীনতাতকৈ বেছি ক্ৰমশঃ লোপ পাবলৈ ধৰা কম্বু শিল্পবিধক লৈহে তেওঁলোক অতিশয় চিন্তিত
13. ‘মালাত গঁথা ফুলৰ দৰেই সেই নৃত্য’
শীতকালৰ আনন্দ-উৎসৱৰ সময়ত ছত্তীশগড়ৰ গণ্ড সম্প্ৰদায়ৰ ডেকা-ডেকেৰীয়ে দল বান্ধি হুলকি মান্দ্ৰি আৰু কলাং পৰিৱেশন কৰিবলৈ আৰু ৰেলা গীত গাবলৈ গাঁৱে গাঁৱে ভ্ৰমি ফুৰে
12. দিনকৰ আইৱালেৰ শ্ৰমৰ বাঁহীবিলাক
মহাৰাষ্ট্ৰৰ কদলিগাঁৱৰ হস্তশিল্পৰ গুৰু আৰু সংগীতজ্ঞ দীনকৰ আইৱালে নিখুঁতভাৱে বাঁহী তৈয়াৰ কৰিবলৈ জীৱনৰ ১.৫ লাখ ঘণ্টা সময় খৰছ কৰিছে - কিন্তু লকডাউন আৰু বিভিন্ন প্ৰত্যাহ্বানে তেওঁৰ হস্তশিল্প আৰু সংগীতক ম্লান পেলাইছে
11. মণিৰামৰ দুলি থকা বাঁহী আৰু সোঁৱৰণিত এখন হাবি
ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ গণ্ড আদিবাসী সম্প্ৰদায়ৰ বাঁহী নিৰ্মাণ কৰা শিল্পী মণিৰাম মান্দাৱীয়ে সেই দিনবোৰ সুঁৱৰিছে যেতিয়া হাবিখন জীৱ-জন্তু, গছ-গছনিৰে ভৰি আছিল, লগতে তেওঁ বনোৱা বিশেষ ধৰণৰ 'দুলি থকা বাঁহী'ৰ বাবে তাত বাঁহৰো অভাৱ নাছিল
10. পেৰুৱেম্বাৰত ছন্দ ঘূৰাই অনাৰ অহোপুৰুষাৰ্থ
ক’ভিড-১৯ লকডাউনৰ বাবে বিক্ৰী নাই, আনহাতে আগতীয়া বন্দৱস্ত থকা বাদ্যযন্ত্ৰসমূহৰ বাবে জন্তুৰ কেঁচা চামৰা সংগ্ৰহ কৰাৰ সমস্যাৰ বাবে কেৰালাৰ পেৰুৱেম্বা গাঁৱৰ কাড়াচি কোল্লান হস্তশিল্পীসকল উপাৰ্জনহীন হৈ পৰিল
9. বাঁহ গীতঃ ছত্তীশগড়ৰ গৰখীয়া বাঁহবাদ্যৰ সুৰ
গোৱালা সম্প্ৰদায়ৰ পঞ্চৰাম, বাবুলাল আৰু সহদেৱ যাদৱে এতিয়াও মধ্য ছত্তীশগড়ৰ বালোড় জিলাত বাঁহৰ বাদ্য-গীত পৰিৱেশন কৰে, কিন্তু এই পৰম্পৰাগত বাদ্য যন্ত্ৰ আৰু গীত এতিয়া আৰু জনপ্ৰিয় হৈ থকা নাই
8. “নাচি-বাগি আমি দিল্লী পামগৈ”
মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ১০০০ জন কৃষক,যাৰ বেছিভাগেই আদিবাসী, তেওঁলোক দিল্লীৰ প্ৰতিবাদকাৰীৰ সৈতে মিলিত হোৱাৰ বাবেচেষ্টা কৰি আছে-ভান, গাড়ী, টেম্পো,জীপত আহিছে- এয়া একপ্ৰকাৰ বৰ্ণময় আৰু দৃঢ় প্ৰতিজ্ঞ পথিক সমদল
7. বীৰভূমৰ জল, জংঘল, জমিৰ হেৰোৱা সুৰ
আদিবাসী সমাজত জনপ্ৰিয় আৰু তেওঁলোকৰ দ্বাৰা সৃষ্ট বাদ্যযন্ত্ৰবোৰ ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে। আৰু পশ্চিমবংগৰ বীৰভূম জিলাত এই জনপ্ৰিয়তা হ্ৰাসৰ কাৰণ সাংস্কৃতিক নহয়
6. দুৰ্গাপূজাত দুৰ্বল হ’লেও টঙালি বান্ধিছে ঢাকবাদকসকলে
গ্ৰাম্য বংগৰ পৰম্পৰাগত ঢাকবাদকসকলে কলকাতাৰ এইবাৰ দুৰ্গাপূজাৰ বতৰত কঠিন পৰিস্থিতিৰ মুখামুখী হৈছে
5. ৰাজমাহ আৰু মাকৈৰ লগতে ৰুবাব আৰু খঞ্জৰি
চাম্বাৰ এগৰাকী খেতিয়ক তথা সংগীতশিল্পী প্ৰেমলালে অলপতে এক উৎসৱত বাদ্যযন্ত্ৰ পৰিৱেশন কৰা শুনক
4. কাচাৰগোড়ৰ বাঁহৰ বাদ্যযন্ত্ৰী
কেৰেলাৰ পাৰাপ্পা জিলাত মাৱিলান জনজাতিৰ লোকে বিভিন্ন উত্সৱ-পাৰ্ৱণত বাঁহৰ বাদ্যযন্ত্ৰেৰ সংগীত পৰিৱেশন কৰে আৰু বছৰৰ বাকী দিনকেইটাত দিনহাজিৰা কৰি পেট পোহে
3. আচাৰ-পাপৰত বাদেও থকা ড্ৰামচ আৰু ড্ৰিমচৰ পৃথিৱীখন
গাঁৱৰ সেই কাঁইটিয়া পথ, উদ্ভাণ্ডলি কৰা গিৰীয়েক, আওপুৰণি ৰীতি-নীতিৰ মেৰ-পেচ আদিৰ পৰা ওলাই আহি বিহাৰৰ ধিব্ৰা গাঁৱৰ দলিত মহিলাই এটা বেণ্ড খুলিছে- এতিয়া বহুতেই সিহতৰ গান-বাজনাৰ তালত নাচে
2. বেংগলৰ মালিতা গোৱা বাসুদেৱ বাউল
সংগীতৰ বাউল ধাৰা জীৱন দৰ্শনৰ বিধি ভঙা এক অনন্য ধাৰা। এইখন ছবিত চিত্ৰায়িত বিৰভুম জিলাৰ বলপুৰৰ এজন সাধক আৰু শিক্ষক বাসুদেৱ দাস বাউলে জীৱন যাপনৰ দিশস্বৰূপ এই কলাৰ কথা ব্যক্ত কৰিছে
1. মীনাক্ষিয়ে যেতিয়া এটা পাত্ৰ ৩০০০ বাৰ কোবায়
তামিলনাডুৰ মানামডুৰাইত আঠ কিলোগ্ৰাম বোকামাটিয়ে সৃষ্টি কৰে সুন্দৰ সংগীতৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/tuning-into-indias-many-musical-instruments-as




























