ডাঙৰ তেঁতেলি গছেৰে আৱৰি থকা তেওঁৰ মুকলি কাৰখানাত বহি মণিৰাম মান্দাৱীয়ে এটা বাঁহী বটালীৰে মিহি কৰি আছে। ই এনে এক বাদ্যযন্ত্ৰ, যাৰ মাজেৰে বতাহে সুহুৰি মাৰিলে সংগীত হয়, কিন্তু একে সময়তেই যি জন্তুবোৰক ভয় খুৱাবলৈ এক জোৰদাৰ 'অস্ত্ৰ' হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ৪২ বছৰীয়া মণিৰামে সৰু কালৰ কথা সুঁৱৰি কৈছিল: "সেই দিনবোৰত হাবিত বাঘ, চিতা আৰু ভালুক আছিল; কিন্তু যদি আপুনি ইয়াক ঘূৰাই দিয়ে তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি থাকিব।"
তেওঁ বাঁহৰ বাদ্যযন্ত্ৰটোক 'দুলি থকা বাঁহী' বুলি কয় – অথবা ছত্তীশগড়ৰ উকুদ বাঁসুৰি। ইয়াৰ মুখ নাই, মাত্ৰ দুটা ছিদ্ৰ আছে আৰু ইয়াক বজাবলৈ হ’লে বতাহত ঘূৰাব লাগিব।
বিয়াল্লিশ বছৰীয়া মণিৰামে প্ৰস্তুত কৰা প্ৰতিটো বাঁহীয়ে, যিবোৰ তেওঁ দিনে এটাকৈ বটালীৰে মসৃণ কৰিব পাৰে, ওচৰৰ চহৰবোৰত হোৱা প্ৰদৰ্শনী বা হস্তশিল্প সংগঠনৰ পৰা প্ৰায় ৫০ টকা আনিব পাৰে। গ্ৰাহকসকলে তেতিয়া কমেও ৩০০ টকাত এটা বাঁহী ক্ৰয় কৰে।
এয়া আছিল বাঁহী নিৰ্মাণৰ এজন গুৰু মন্দৰ সিং মান্দাৱীৰ সৈতে এক সুযোগৰ সাক্ষাৎ, যি প্ৰায় তিনি দশক আগতে মণিৰামক এই বাঁসুৰি শিল্পলৈ লৈ আহিছিল। তেওঁ কয়, "মোৰ বয়স প্ৰায় ১৫ বছৰ আছিল আৰু মই অৰণ্যৰ পৰা কাঠ আনিবলৈ গৈছিলো আৰু তেওঁ মোক দেখি মাতিছিল আৰু কৈছিল 'তই স্কুললৈ যাব নালাগে৷ আহ, মই তোক কিবা এটা শিকাম'। গতিকে মণিৰামে আনন্দেৰে স্কুল এৰি প্ৰয়াত গুৰু শিল্পকাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে।




