ৱা য়াহ বাদ্যযন্ত্ৰবিধ (অসমীয়াৰ গগনা সদৃশ) বয়স্কজনৰ হাতৰ তলুৱাত বৰ সুন্দৰকৈ খাপ খায়। “প্ৰেম-পিৰিতিৰ প্ৰতীক” হিচাপে পৰিচিত এইবিধ বাদ্যযন্ত্ৰ ৱা (বাঁহ)ৰ পৰা বনোৱা হয়, দৈৰ্ঘ্য চাৰে-চাৰি ইঞ্চি - বাদ্যযন্ত্ৰবিধ ওঠলৈ অনাৰ সময়ত নাপ ল’য়ে কয়।
নাপ আগতে নাগালেণ্ডৰ মন জিলাৰ এগৰাকী খেতিয়ক আছিল। আমাৰ সৈতে কথা পাতি থাকোতে তেওঁ ব্লাউজৰ চেপাত লুকুৱাই থোৱা বাদ্যযন্ত্ৰবিধ উলিয়াই আনিলে। বাওঁহাতেৰে তেওঁ বাদ্যযন্ত্ৰবিধৰ এটা ফালে আৰু জৰীডালত ধৰিছে। সোঁহাতেৰে তেওঁ জৰীডালৰ এটা মুৰে ধৰিছে যিডালৰ শেষৰফালে ৰঙীন সুতাবোৰ ওলমি আছে। তাৰপিছত তেওঁ বাদ্যযন্ত্ৰবিধ বজাবলৈ ল’লে।
নাপৰ কাষত বহি আছে তেওঁৰ শৈশৱৰ বান্ধৱী য়িং লি আৰু নিলেই, আটাইৰে বয়স ষাঠিৰ আশে-পাশে। তিনিওগৰাকীয়ে মন গাঁৱৰ বেপ্টিষ্ট গীৰ্জাৰ বাকৰিত পতা আওলেং উৎসৱ বুলি একেলগে আহি উপস্থিত হৈছে।






